Wednesday 1 January 2020

গগনযান আৰু ভাৰতীয় মহাকাশচাৰী


আকাশে হাত বাউলি মাতে। মানুহে কাহানিও আকাশৰ নিমন্ত্ৰণ প্ৰত্যাখ্যান কৰা নাই। এই ক্ষেত্ৰত ভাৰতৰ বিজ্ঞানীসকলো আগৰণুৱা। আমাৰ মহাকাশ যাত্ৰা নতুন নহয়। ১৯৭৫ চনৰ প্ৰথম ভাৰতীয় কৃত্ৰিম উপগ্ৰহ "আৰ্যভট্ট"ৰ পৰা আৰম্ভ কৰি আজিৰ "চন্দ্ৰযান-২" লৈকে এক দীঘলীয়া পথ অতিক্ৰম কৰিছে ইছৰোয়ে। আৰু এতিয়া…

বিক্রম লেণ্ডাৰৰ ব্যর্থতা পাহৰি, গগনযান মিছনৰ কথা ইতিপূৰ্বেই ঘোষণা কৰি থৈছিল ভাৰতীয় মহাকাশ গবেষণা সংস্থা বা ইছৰোৱে। এই মিছনৰ জৰিয়তে এইবাৰ ভাৰতে মহাকাশলৈ মানুহ পঠিয়াব। ইয়াৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতিৰ লগতে চাৰিজন ভাৰতীয়ক গগনযানৰ মহাকাশচাৰী হিচাবে নিৰ্বাচিত কৰি পেলোৱা হৈছে। তেওঁলোক আটাইকেইজন "ইণ্ডিয়ান এয়াৰফোৰ্চ" বা ভাৰতীয় বায়ুসেনাৰ পাইলট। অহা ২০২০ চনৰ ৪ জানুৱাৰীৰ পৰা ৰাছিয়াত তেওঁলোকৰ প্ৰশিক্ষণ আৰম্ভ হ'ব। গগনযানৰ লগতে ইছৰোৰ বিজ্ঞানীসকলে চন্দ্রযান-৩ৰ বাবেও একেলগে কাম কৰি আছে। অতি ভাল খৱৰ যে ভাৰত চৰকাৰেও এই দুয়োটা মিছনলৈ সেউজ সংকেত প্ৰেৰণ কৰাৰ লগতে বাজেটৰ ধনো মোকলাই দিছে।

আজি ২০২০ চনৰ পহিলা জানুৱাৰীৰ দিনটোতেই ইছৰোৰ পৰা লাভ কৰা এই খৱৰে দেশৰ প্ৰতিজন নাগৰিকৰ লহতে আমাকো উৎসাহিত কৰিছে। ইছৰোৰ সঞ্চালক ড° কে. শিৱানে আজি ঘোষণা কৰে যে ২০২০ চনটো ইছৰোৰ বিজ্ঞানীসকলে মূলতঃ উচৰ্গা কৰিছে ভাৰতৰ প্ৰথম মানৱ পৰিবাহী মহাকাশযান "গগনযান" আৰু আগন্তুক চন্দ্ৰযান-৩ প্ৰকল্পৰ নামত। ইছৰোৰ গগনযান প্রকল্পৰ উদ্দেশ্য হ'ল মহাকাশলৈ তিনি সদস্যৰ এটি দল মহাকাশচাৰী হিচাবে প্ৰেৰণ কৰা। তেওঁলোকে সাত দিন মহাকাশত কটাই বিভিন্ন গৱেষণা সম্পন্ন কৰিব। বিগত ২০১৯ চনৰ সময়চোৱাত ভাৰতীয় মহাকাশ গবেষণা সংস্থা বা ইছৰোৰ বিজ্ঞানীসকল এই বিষয়ত অনেক দূৰ আগুৱাই গৈছে।

মহাকাশলৈ মানুহ প্ৰেৰণ কৰাৰ প্রকল্প ইছৰোৰ অন্যান্য সফল প্রকল্পবোৰতকৈ অনেক কঠিন। জোনবাই বা মংগললৈ মহাকাশযান পঠোৱাতকৈ এই প্রকল্প অনেক গুণে কঠিন। মহাকাশলৈ মানুহ পঠিয়াবলৈ এনে এক পদ্ধতি অবলম্বন কৰিব লাগিব, যাতে পৃথিবীৰ কক্ষপথ এৰি মহাকাশযানখন মহাশূণ্যলৈ গতি কৰাৰ পিছত সেই যানখন পুনৰ পৃথিৱীলৈ ঘূৰাই আনিব পৰা যায়। তদুপৰি মহাকাশযানখন এনেদৰে সাজিব লাগিব যাতে মহকাশচাৰী সকলে মহাশূণ্যৰ মাজতো পৃথিবীৰ দৰেই এটা পৰিবেশত থাকিব পাৰে। বিগত ২০১৪ চনৰ পৰাই ইছৰোৰ বিজ্ঞানীসকলে এনে কিছুমান জটিল কামত ব্যস্ত হৈ আছে।

এই মিছনৰ আন এক গুৰুত্বপূর্ণ কাম হ'ল এনে এখন মহাকাশযান তৈয়াৰ কৰা, যিয়ে মহাশূণ্যত যথেষ্ঠ ওজন বহন কৰিব পৰাকৈ সক্ষম। মানব বহনকাৰী মহাকাশযান এখনে অতি কমেও ৬ টন ওজন বহন কৰিব পৰা হ'ব লাগে। ইছৰোৰ প্রধান উৎক্ষেপণযান পি.এছ.এল.ভি, যিখন ইতিপূৰ্বে চন্দ্রযান আৰু মংগলযান মিছনত ব্যবহৃত হৈছিল, সেইখনৰ বহন ক্ষমতা মাত্ৰ ২ টন। সেয়াও পৃথিবীৰ পৰা ৬০০ কিলোমিটাৰ দূৰত্বৰ নিৰ্দিষ্ট কক্ষপথ এটালৈহে। সেইবাবে ইছৰোত সম্প্ৰতি প্রস্তুতি চলিছে GSLV MK-IIIৰ দৰে অধিক শক্তিশালী মহাকাশযান তৈয়াৰ কৰাৰ। এই GSLV MK-III উৎক্ষেপণযান মহাকাশৰ অতি গভীৰ অংশলৈ অধিক ওজন কঢ়িওৱাৰ বাবে সক্ষম।ক্রায়োজেনিক প্রযুক্তি ব্যৱহাৰ কৰি GSLV MK-III মহাকাশযান তৈয়াৰ কৰা কামত ইতিমধ্যে ইছৰোৰ বিজ্ঞানীসকল সফল হৈছে।

কিছু বছৰ আগলৈকে ভাৰতবৰ্ষৰ যুৱচামক মহাকাশ বিজ্ঞান অথবা ISROৰ বিভিন্ন পৰিকল্পনা সমূহৰ বিষয়ে বিশেষ আগ্ৰহী যেন দেখা নগৈছিল।  কিন্তু "মংগলযান-১"ৰ সফলতাৰ পিছত মহাকাশ তথা ইছৰোৰ প্ৰতি যুৱচাম আকৰ্ষিত হৈছে আৰু প্ৰতিটো মহাকাশ অভিযানৰ খা-খবৰ ল'বলৈ আৰম্ভ কৰিছে। "চন্দ্ৰযান-২" অভিযানত শিশুৰ পৰা আৰম্ভ কৰি জেষ্ঠজনলৈ সকলো স্তৰৰ লোকে যেনেদৰে দিন-ৰাতি একাকাৰ কৰি প্ৰতিটো মূহূৰ্তৰ খবৰ পাবলৈ ব্যাকুল হৈ আছিল, এই উৎসাহ সঁচাকৈয়ে সন্তোষজনক আৰু ভাৰতৰ মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰখনলৈ নিসন্দেহে এক সুখৱৰ। নতুন বছৰৰ প্ৰথম দিনটোতেই ইছৰোৰ পৰিকল্পনা সদৰি কৰাত আমি গৌৰৱান্নিত। ইছৰোৰ প্ৰতিজন বিজ্ঞানীলৈ আমাৰ শুভকামনা যাচিছোঁ।

No comments:

Post a Comment