Saturday 4 January 2020

দ্য আর্ট অফ টিচিং ছায়েন্স



এটা জাতিক বা দেশ এখনক প্ৰগতিৰ দিশত আগুৱাই নিয়াৰ ক্ষেত্ৰত বিজ্ঞান আৰু প্রযুক্তি বিদ্যাৰ ভূমিকা অপৰিসীম। পৃথিবীখনক বসবাসৰ উপযুক্ত কৰি গঢ়ি তোলাৰ তাড়নাত বা জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ তাগিদাত আমাৰ চৌপাশৰ সমস্যাৰাজিৰ পৰিত্ৰাণকাৰী হিচাবে জন্ম হৈছে প্রযুক্তি বিদ্যাৰ। যদিওবা ইতিহাসৰ পাত লুটিয়ালে আমি পাওঁ যে এতিয়ালৈ আৱিষ্কৃত সকলোবোৰ প্রযুক্তিয়েই মানৱ সভ্যতাৰ বাবে ইতিবাচক বা কল্যানকামী নহয়, তথাপিও প্ৰযুক্তিক বাদ দি আমি আজি জীয়াই থাকিব নোৱাৰো। আজিৰ দিনত এটা জাতিক বৈজ্ঞানিকভাবে সাক্ষৰ কৰি তুলি ভৱিষ্যতৰ প্রতিযোগিতামূলক বিশ্বত টিকি থকাৰ বাবেই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা এক অপৰিহাৰ্য বিষয়।

যিখন দেশে বিজ্ঞান শিক্ষাক গুৰুত্বসহকাৰে  বিবেচনা কৰে অথবা বিজ্ঞানৰ হকে নিজৰ মানুহকবোৰক উদ্বুদ্ধ কৰে সেইখন দেশে ভবিষ্যতৰ দিগদৰ্শনৰ ক্ষেত্ৰত অগ্রণী ভূমিকা ৰাখে। বিজ্ঞানে দেশ এখনৰ সামগ্ৰিক উন্নয়নৰ পৰিকাঠামো তৈয়াৰ কৰে। তেনেক্ষেত্ৰত দেশ এখনৰ ভৱিষ্যত প্ৰজন্মক সুপৰিকল্পিত ভাৱে বিজ্ঞান শিক্ষাৰে শিক্ষিত কৰি তোলাতো অতি গুৰুত্বপূৰ্ণ বিষয়। 

কিন্তু বিজ্ঞানৰ শিক্ষাদান সহজ কাম নহয়। তাৰ বাবে প্ৰয়োজন একোজন সার্থক বিজ্ঞান শিক্ষকৰ। সাৰ্থক বিজ্ঞান শিক্ষকৰ শিক্ষাদান কৌশলত দুটা বিশেষ গুণ থাকে। ইয়াৰ প্ৰথমটো হ'ল ছাত্ৰ-ছাত্ৰীক বিজ্ঞান শিক্ষাৰ বাবে অনুপ্ৰেৰিত কৰি বিষয়টোৰ বাবে আগ্ৰহী কৰি তোলা আৰু দ্বিতীয়তে বিজ্ঞানৰ জটিল বিষয়বোৰ ছাত্ৰ-ছাত্ৰীৰ সন্মুখত অতি সহজভাবে উপস্থাপন কৰা। এই দুয়োটা বিষয় এটা আনটোৰ লগত ওতঃপ্ৰোত ভাবে জড়িত। শিক্ষকজনে বিজ্ঞানৰ জটিল বিষয়বোৰ সহজভাবে উপস্থাপন কৰাত ব্যৰ্থ হ'লে শিক্ষার্থীসকলে বিজ্ঞান শিক্ষণৰ বাবে অনুপ্রেৰিত নহয়। আনহাতে শিক্ষাৰ্থীসকল বিজ্ঞান শিক্ষণৰ বাবে অনুপ্রেৰিত নহ'লে বিজ্ঞান শিক্ষা ফলপ্ৰসু হ'ব নোৱাৰে। এনে সমস্যাৰাজিৰ পৰা হাত সৰাৰ একমাত্ৰ সমাধান হ'ল বিজ্ঞান শিক্ষণৰ কৌশল অথবা "দ্য আর্ট অফ টিচিং ছায়েন্স"। 

এজন ছাত্ৰই দেখি, শুনি, অনুভৱ কৰি আৰু কল্পনা কৰিয়েই শিকে। অৰ্থাৎ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাগ্ৰহণৰ বেলিকা "ছেঞ্চ অর্গেন" বা ইন্দ্ৰিয়সমূহ ব্যবহাৰ কৰে। কোনটো ছেঞ্চ অৰ্গেন কাৰ ক্ষেত্ৰত বেছি কার্যকৰী সেইটো নির্ভৰ কৰে ব্যক্তি বিশেষৰ ওপৰত। যদি এনে হয় যে শিক্ষাগ্ৰহনৰ বিষয়টোত থকা কোনো এটা বস্তু ইমানেই ক্ষুদ্র যে ইয়াক চকুৰে দেখা নেযায় (যেনে: ইলেক্ট্ৰণ বা প্ৰটন) বা বিষয়বস্তুৰ অন্তৰ্গত শব্দটো ইমানেই সৰু যে এই শব্দ কানেৰে শুনা নেযায় (যেনে: অৱশব্দ বা অতিশব্দ) অথবা বিষয়বস্তু ইমান দূৰত্বৰ যে আমি তাক কল্পনাও কৰিব নোৱাৰো; তেনেক্ষেত্রত ছাত্ৰজনে বা শিক্ষকজনে কি কৰা উচিত ? বিজ্ঞ সকলৰ মতে এইক্ষেত্রত শিক্ষকজনৰ প্ৰধান কৰ্তব্য হ'ল ছাত্ৰজনৰ কল্পনাশক্তিক জাগ্রত কৰা। যিজন শিক্ষকে এই কামটো সুচাৰুৰূপে কৰিব পাৰে তেওঁ প্ৰকৃততে এজন আদৰ্শ বিজ্ঞান শিক্ষক।

এজন শিক্ষকে যেতিয়া এটি জটিল বিষয় ছাত্ৰ ছাত্ৰীৰ সম্মুখত উপস্থাপন কৰে, তেতিয়া ছাত্ৰ ছাত্ৰীসকলে বিষয়টো সম্বন্ধে নিজস্ব কল্পনাৰে বিষয়টোৰ এটি মডেল তৈয়াৰ কৰি লয়। এই মডেলটো ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে কিমান সার্থকভাবে তৈয়াৰ কৰিব পাৰিছে সেইটো নিৰ্ভৰ কৰিব শিক্ষকজনৰ শিক্ষণ পদ্ধতি তথা ছাত্ৰজনৰ কল্পনাশক্তিৰ ওপৰত। 

বিজ্ঞান শিক্ষাদান এটা মেজিকৰ দৰে কৌশলযুক্ত। মেজিকটো (বিষয়বস্তু) ভালদৰে উপস্থাপন কৰিব পাৰিলে ছাত্ৰ-ছাত্ৰী সকল বিজ্ঞানৰ প্ৰতি আকৰ্ষণ হয় আৰু বিষয়বস্তু সম্বন্ধে ধাৰণা সৃষ্টি কৰাৰ আনন্দেৰে তেওঁলোক ৰোমাঞ্চিত হয় আৰু তেতিয়াই শিক্ষার্থীজনৰ মনত বিভিন্ন প্রশ্নৰ অৱতাৰণা হয় যেনে: কিয়, কি বা কেনেকৈ? ছাত্ৰ ছাত্ৰীৰ মনত এনে কৌতুহল সৃষ্টি কৰাব পৰাটোৱেই একজন সাৰ্থক শিক্ষকৰ লক্ষণ। কোনো এটা বিশেষ ঘটনা সম্পর্কে কৌতুহলী কৰি তোলা অথবা এটা অজানা বিষয় সম্বন্ধে মনত সৃষ্টি হোৱা প্রশ্নৰ উত্তৰ বিচৰাৰ সঠিক পদ্ধতি অনুসন্ধান কৰিবলৈ যি শিক্ষকে তেওঁৰ ছাত্ৰ-ছাত্ৰীক শিকাব পাৰিছে, তেখেতই প্ৰকৃততে সফল শিক্ষক।

এজন শিক্ষকৰ আৰু এটা গুৰু দায়িত্ব হ'ল তেওঁৰ ছাত্ৰ বা ছাত্ৰীগৰাকীক বিজ্ঞান মানসিকতাৰে গঢ় দিয়া। বিজ্ঞান মানসিকতাৰে গঢ় লোৱা এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে তেওঁৰ চৌপাশৰ প্রকৃতি আৰু পৰিবেশৰ পৰা জ্ঞান আহৰণ কৰিবলৈ আগ্ৰহী হয়। তেওঁলোকে বিজ্ঞান সম্পর্কীয় বিভিন্ন বিষয়ৰ আলোচনাত অংশগ্ৰহন কৰিবলৈ সক্ষম বা আগ্ৰহী হয়। তেওঁলোকে কোনো এটা সমস্যা চিনাক্ত কৰি অনুসন্ধান আৰু প্রমাণৰ ভিত্তিত সিদ্ধান্ত ল'ব পৰাকৈ পাৰ্গত হৈ উঠে।

বিজ্ঞানৰ বিষয়বস্তু উপস্থাপনৰ ক্ষেত্ৰত শিক্ষক এজনে বাস্তৱতাৰ ওপৰত গুৰুত্ব আৰোপ কৰাতো বাঞ্চনীয়। ইয়াৰ ফলত শিক্ষার্থীজনে দুটা সুবিধা পাব :- প্ৰথমতে, পাঠ্যপুথিৰ লগত বাস্তৱ জীৱনৰ সম্পৃক্ততা আৰু দ্বিতীয়তে বিজ্ঞান মানসিকতাৰে গঢ় লোৱা হেতুকে কোনো পৰিঘটনা এটি বিশ্লেষণ কৰাৰ যোগ্যতা।

ভৱিষ্যত প্ৰজন্মক সঠিক পথেৰে পৰিচালিত কৰি তেওঁলোকৰ মনত বিজ্ঞান মানসিকতা সৃষ্টি কৰা তথা দেশৰ আৰু জাতিৰ স্বাৰ্থত একোজন ভৱিষ্যতৰ বৈজ্ঞানিক সৃষ্টি কৰাৰ গুৰু দায়িত্ব লৈ শ্ৰেণীকোঠাত মনোনিবেশ কৰাটো প্ৰতিজন বিজ্ঞান শিক্ষকৰেই নৈতিক দায়িত্ব। এই চেগতে দেশ তথা জাতিৰ ভৱিষ্যত প্ৰজন্মক দিকদৰ্শন দি অহা সকলো শিক্ষকলৈ প্ৰণাম যাচিছোঁ।

No comments:

Post a Comment