Sunday 26 January 2020

ব্যোমমিত্ৰা : ইছৰোৰ মানস কন্যা


এগৰাকী অৰ্ধ মানৱী। থিক মানুহৰ দৰেই সলসলীয়াকৈ অনৰ্গল ইংৰাজী আৰু হিন্দী ভাষাত কথা বতৰা ক'ব পাৰে। পূৰ্বে লগ পোৱা সকলো মানুহকেই চিনি পোৱাৰ লগতে তেওঁলোকক সঠিক ভাবে সম্বোধনো কৰিব পাৰে। তদুপৰি আপুনি সোধা প্ৰশ্নবোৰৰ উত্তৰো দিব পাৰে তেওঁ। আচাৰ ব্যৱহাৰতো নাই তেনে কোনো বৈসাদৃশ্য।

যোৱা ২২ জানুৱাৰী ২০২০, বুধবাৰে বাংগালোৰত এই গৰাকী অৰ্ধ মানৱীক এখন সংবাদমেলত চিনাকী কৰি দিয়ে ইছৰোৰ বিজ্ঞানীসকলে। তেওঁৰ নাম "ব্যোমমিত্ৰা"। ব্যোমমিত্ৰা হ'ল ইছৰোৱে সম্পূৰ্ণ নিজা প্ৰযুক্তিৰে তৈয়াৰী এক যন্ত্ৰমানৱী। মূল সংস্কৃত শব্দ "ব্যোম" মানে আকাশ। অৰ্থাৎ "ব্যোমমিত্ৰা" হ'ল মহাকাশৰ বন্ধু।

২০২০ চনৰ পহিলা জানুৱাৰীৰ দিনটোতেই ইছৰোৰ সঞ্চালক ড° কে. শিৱানে ঘোষণা কৰা ভাৰতৰ প্ৰথম মানৱ পৰিবাহী মহাকাশযান "গগনযান" অভিযানৰ আগে আগে অৰ্থাৎ ২০২০ চনৰ ডিচেম্বৰ মাহত সম্পন্ন হ'ব লগীয়া পৰীক্ষামূলক মহাকাশ অভিযানত ব্যোমমিত্ৰাই অগণন ভাৰতীয়ৰ সপোনবোৰ বুকুত বান্ধি মহাকাশলৈ উৰা মাৰিব। ব্যোমমিত্ৰাৰ মাধ্যমেৰে ইছৰোৰ বিজ্ঞানীসকলে খটিয়ান ল'ব গগণযান অভিযানৰ সময়ত ভাৰতীয় মহাকাশচাৰী সকলে মুখামুখি হ'ব পৰা সাম্ভাব্য সমস্যাবোৰৰ।

যোৱা বুধবাৰে সাংবাদিক সম্মিলনত সাংবাদিক সকলৰ লগত ব্যোমমিত্রাই মত বিনিময়ো কৰে : 

সাংবাদিক : হাই…!
ব্যোমমিত্রা : হাই ! মই ব্যোমমিত্রা, এটি অর্ধ যন্ত্র মানৱীৰ প্রথম প্রোটোটাইপ। ধন্যবাদ।

সাংবাদিক : গগণযান মহাকাশ অভিযানত আপুনি কেনেধৰণে ভূমিকা গ্ৰহণ কৰিব?

ব্যোমমিত্রা : মূলতঃ গগণযান অভিযানৰ মহাকাশচাৰী সকলৰ ক্রিয়াকলাপ সমূহৰ পৰীক্ষামূলক 'নকল' কৰি ইছৰোৰ বৈজ্ঞানিক সকলক তথ্য যোগান ধৰাৰ বাবে মোক দায়ীত্ব দিয়া হৈছে।……

ইছৰোৰ বিজ্ঞানী ড° শ্যাম দয়ালৰ মতে মানুহৰ দৰেই কথা বতৰা ক'ব পৰা ব্যোমমিত্রাক অর্ধ-যন্ত্রমানৱী বোলাৰ কাৰণ হৈছে যে ব্যোমমিত্রাৰ দেহত ভৰি দুখন নাই। ব্যোমমিত্ৰাই কেৱল আগলৈ পিছলৈ তথা সোঁ আৰু বাওঁফাললৈ হালিব পাৰে। অৱশ্যে ব্যোমমিত্ৰাই হাতৰ সঞ্চালন সুন্দৰকৈ কৰিব পাৰে।

এতিয়ালৈ ভাৰতৰ এজন মহাকাশচাৰীয়েহে মহাকাশলৈ উৰা মাৰিছে। তেওঁ হ'ল ভাৰতীয় বায়ুসেনাৰ উইং কমাণ্ডাৰ ৰাকেশ শর্মা। তেওঁ মহাকাশলৈ গৈছিল ৰাছিয়াৰ মহাকাশযানৰ জৰিয়তে। এইবাৰ ভাৰতে নিজস্ব মহাকাশযানত মহাকাশলৈ মানুহ পঠিওৱাৰ পৰিকল্পনা কৰি ইতিমধ্যে তাৰ প্ৰস্তুতি আৰম্ভ কৰিছে। ভাৰতৰ মানৱ পৰিবাহী মূল প্ৰকল্প গগণযানৰ আগে আগে পৰীক্ষামূলক ভাৱে ব্যোমমিত্রাই  দুবাৰ মহাকাশলৈ যাব আৰু গগণযান মহাকাশচাৰী সককৰ বাবে মহাকাশৰ পথ প্ৰশস্ত কৰি তুলিব। ইছৰোৰ বিজ্ঞানী সকললৈ এই চেগতে শুভকামনা যাচিলোঁ।
জয় হিন্দ !

No comments:

Post a Comment