Saturday 1 February 2020

কৰোনা ভাইৰাছ : এক অশনি সংকেত


২০১৯ চনৰ ৩১ ডিচেম্বৰ। সমগ্ৰ দেশ তেতিয়া ইংৰাজী নতুন বছৰক আদৰাৰ বাবে প্ৰস্তুত। আনন্দ উচাহৰ মাজতেই চীন দেশৰ উহান চহৰৰ এখন চিকিৎসালয়ত ধৰা পৰে এজন লোকৰ দেহত কৰোনা ভাইৰাছৰ এটি বিশেষ প্রজাতিৰ সংক্রামণ। প্ৰথমে কথাটোত চীন দেশে বিশেষ গুৰুত্ব দিয়া নাছিল যদিও অতি কম সময়ৰ ভিতৰত চীনত অধিক লোক কৰোনা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাত হৈ ছৈ লাগিল। ভয়াবহ কৰোনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ খৱৰটো চীন কৰ্তৃপক্ষই বিশ্ব স্বাস্থ্য সংস্থাক অৱগত কৰে। বিশ্বৰ চৌদিশে হুৱাদুৱা লাগিল। বিশ্ব স্বাস্থ্য সংস্থাই এই  ভাইৰাছ বিধক ‘'২০১৯-এনচিওভি'' বা novel coronavirus (2019-nCoV) নামেৰে নামকৰণ কৰে। ইতিমধ্যে ১১ জানুৱাৰীৰ দিনা কৰোনা ভাইৰাছত আক্ৰান্ত প্ৰথমজন ৰোগীৰ মৃত্যুৱে পৰিস্থিতিৰ ভয়াবহতা আৰু অধিক বৃদ্ধি কৰে। ২০২০ চনৰ ৩১ জানুৱাৰী পর্যন্ত এমাহৰ ভিতৰত চীন দেশৰ ১৫৯ জন লোকে কৰোনা ভাইৰাছৰ সংক্ৰমনত মৃত্যুবৰণ কৰিছে। বৰ্তমান চীনৰ পৰা এই ভাইৰাছ অন্যান্য দেশলৈও সম্প্ৰসাৰিত হোৱাত বিশ্ব স্বাস্থ্য সংস্থাই সমগ্ৰ বিশ্ব জুৰি সাবধানবাণী প্ৰেৰণ কৰিছে। 

কৰোনা ভাইৰাছবোৰ নিদু ভাইৰাছ শ্রেণীৰ অন্তৰ্ভুক্ত এবিধ সংক্রমণশীল ভাইৰাছ প্রজাতি। এই ভাইৰাছবোৰৰ "জিনোম" নিজস্ব আৰ.এন.এ ৰে গঠিত। ইহঁতৰ জিনোমত সাধাৰণতে ২৬,০০০ৰ পৰা ৩২,০০০ নাইট্ৰজেন ক্ষাৰকযুগ্ম বা base-pair থাকে। ১৯৬০ৰ দশকত প্রথমবাৰলৈ কৰোনা ভাইৰাছ আবিষ্কৃত হৈছিল। প্রথমে মুৰ্গীৰ দেহত এক "সংক্রামক ব্রঙ্কাইটিচ" ভাইৰাছ হিচাবে এই ভাইৰাছবোৰ আৱিষ্কৃত হৈছিল যদিও পিছলৈ সাধাৰণ চৰ্দি ৰোগত আক্রন্ত মানুহৰ দেহতো কৰোনা ভাইৰাছৰ দুটা প্ৰজাতি আৱিষ্কৃত হয়। এই দুই প্ৰজাতি হ'ল "মনুষ্য কৰোনা ভাইৰাছ ই- ২২৯’' আৰু ‘'মনুষ্য কৰোনা ভাইৰাছ ওচি-৪৩’'। পিছলৈ এই ভাইৰাছৰ অন্যান্য কিছুমান প্রজাতিও আৱিষ্কাৰ হয়।

"কৰোনা ভাইৰাছ" শব্দটো মূল লেটিন শব্দ "কৰোনা"ৰ পৰা লোৱা হৈছে যাৰ অর্থ "মুকুট"। ইলেকট্রন অণুবীক্ষণ যন্ত্রেৰে চালে এই ভাইৰাছটো দেখাত এটি ৰাজমুকুটৰ দৰে লাগে। এই ভাইৰাছবোৰৰ উপৰিভাগত এটি প্রোটিন সমৃদ্ধ আৱৰণ থাকে যিয়ে "ভাইৰেল স্পাইক পেপলোমাৰ" প্ৰক্ৰিয়াৰে অঙ্গসংস্থান গঠন কৰে। এই প্রোটিন আৱৰণে ৰোগীৰ দেহৰ সংক্রমিত হোৱা টিচুবোৰ ধ্বংস কৰি পেলায়। প্ৰোটিন আৱৰণৰ তলত ভাইৰাছটোৰ জিনোমবোৰ থাকে।

চিকিৎসা বিজ্ঞানীৰ মতে সাম্প্ৰতিক সময়চোৱাত বিভীষিকা সৃষ্টি কৰা কৰোনা ভাইৰাছৰ প্ৰজাতিটোৱে হয়তো মানুহৰ দেহকোষৰ ভিতৰত ইতোমধ্যে ‘'মিউটেচন" কৰিছে, অর্থাৎ ভাইৰাছটোৱে নিজৰ দেহৰ তথা জিনোমৰ গঠন পৰিবর্তন কৰি নতুন ৰূপ ধাৰণ কৰি সংখ্যা বৃদ্ধি কৰিছে। ফলস্বৰূপে এই ভাইৰাছটো আৰু বেছি বিপদজ্জনক হৈ পৰিছে। পুৰণি তথ্য অনুসৰি এই ভাইৰাছবোৰ সাপ আৰু বাদুলীৰ মাধ্যমেৰে বিস্তাৰিত হয়। কিন্তু যোৱা ২৭ জানুৱাৰী, সোমবাৰে বিশেষজ্ঞ সকলে নিশ্চিত কৰিছে যে এই ভাইৰাছবোৰ এজন মানুহৰ দেহৰ পৰা আন এজনৰ দেহলৈ প্ৰত্যক্ষভাৱে সংক্ৰমিত হ'ব পাৰে। এই তথ্যই সমগ্ৰ মানৱজাতিৰ বাবে আন এক অশনি সংকেত কঢ়িয়াই আনিছে।

চীন দেশলৈ কৰোনা ভাইৰাছ কেনেকৈ আহিল - এইটো এটা চিন্তনীয় বিষয়। বিশেষজ্ঞ সকলৰ মতে চীনৰ উহান প্ৰদেশৰ মানুহবোৰৰ বেছিভাগেই সামুদ্রিক জীৱ যেনে শামুক, কেঁকোৰা, তিমিমাছৰ চিকাৰ কৰি তাৰ ব্যৱসায় কৰে। চহৰৰ বজাৰত এইবোৰ প্ৰাণীৰ মাংস বিক্ৰী কৰা হয়। সংক্ৰমিত হোৱা ৰোগী সকলৰ মাজৰ বেছিভাগেই এই চহৰৰ সামুদ্ৰিক জীৱৰ মাংস ব্যৱসায়ী আৰু ক্ৰেতা। সেয়ে বিশেষজ্ঞ সকলে ধাৰণা কৰিছে যে কৰোনা ভাইৰাছ সামুদ্ৰিক জীৱৰ পৰাই মানুহৰ দেহলৈ সংক্ৰমিত হৈছে। বিশেষজ্ঞ সকলে কিছুমান সামুদ্রিক প্রাণী যেনে তিমি, সামুদ্ৰিক কেঁকোৰা আৰু শামুক আদিয়ে কৰোনা ভাইৰাছ বহন কৰাৰ সম্ভাৱনা প্ৰকাশ কৰিছে । তদুপৰি উহান চহৰৰ বজাৰত খাদ্যৰ বাবে বিক্ৰী হোৱা মুৰ্গী আৰু সাপৰ মাধ্যমেৰে এই ভয়াবহ ভাইৰাছবোৰ মানুহৰ দেহকৈ বিয়পাৰ আশংকা কৰা হৈছে। আন কিছুমান অসমৰ্থিত সূত্ৰৰ বাতৰি মতে চীনে গোপনে জৈৱিক যুদ্ধৰ প্ৰয়োজনীয় ভয়াবহ যুদ্ধৰ আহিলা তৈয়াৰ কৰা জেনেটিক ইঞ্জিনিয়াৰীঙৰ গৱেষণাগাৰৰ পৰা ভয়াবহ কৰোনা ভাইৰাছ বিজ্ঞানী সকলৰ অসাৱধানতাৰ ফলত পৰিবেশলৈ বিয়পি পৰিছে।

এই ভাইৰাছে মানুহৰ হাওফাওৰ সংক্রমণ ঘটায় আৰু শ্বাসতন্ত্রৰ জটিল ৰোগ সৃষ্টি কৰে। শ্বাসতন্ত্ৰৰ মাধ্যমেৰেই এই ভাইৰাছ এজন ৰোগীৰ দেহৰ পৰা আন মানুহৰ দেহলৈ সংক্ৰমিত হয়। সাধাৰণ ফ্লু বা চৰ্দি লগাৰ দৰেই এই ভাইৰাছে আক্ৰান্ত কৰা ৰোগীৰ হাচি বা কাহৰ মাধ্যমেৰে বিস্তাৰিত হয়। পৰবৰ্তী সময়ত ৰোগে মাৰাত্মক ৰূপ ধাৰণ কৰে আৰু পৰিনাম স্বৰূপে বিভিন্ন শ্বাসতন্ৰৰ ৰোগৰ লগতে "অৰ্গেন ফেইলিওৰ" বা দেহৰ অঙ্গ বিকল হোৱা, নিউমোনিয়া আদি ৰোগৰ জটিল সংমিশ্ৰণত ৰোগীৰ মৃত্যু ঘটে। এতিয়ালৈ এই ৰোগত আক্রান্ত সকলৰ মাজৰ দহ শতাংশৰ মৃত্যু ঘটিছে। হয়তো এই হাৰ আৰু বৃদ্ধি হ'ব। 

কৰোনা ভাইৰাছৰ বিষয়টো আপেক্ষিকভাবে এটি নতুন বিষয়। তদুপৰি ভাইৰাছৰ দ্বাৰা হোৱা ৰোগৰ কোনো বিশেষ চিকিৎসা ব্যৱস্থাও নাই। তেনেস্থলত স্বাভাৱিকতেই  এই ৰোগত আক্ৰান্ত হোৱা ৰোগীৰ কাৰণে কোন টিকা বা প্রতিষেধক আবিষ্কাৰ হোৱা নাই। আনকি এনে কোনো চিকিৎসাও নাই যাৰ সহায়ত ৰোগৰ পৰা উপশম পাব পাৰি। বিশ্ব স্বাস্থ্য সংস্থাই সেয়েহে পৰিস্কাৰ পৰিছন্নতা মানি চলাৰ পৰামৰ্শ দিছে। আহাৰ গ্ৰহণৰ আগত নিয়মিতভাৱে  হাত ধোৱা নিশ্চিত কৰাৰ পৰামর্শ দিছে। হাঁচিয়ালে বা কাহিলে নাক-মুখ কাপোৰেৰে ঢাকি ৰখা আৰু "ফ্লু"ত আক্রান্ত ৰোগীৰ পৰা দূৰত থকাৰ বাবে পৰামর্শ দিয়া হৈছে। ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিলৈ মুখত "চাৰ্জিকেল মাক্স" পিন্ধিলে ভাইৰাছৰ সংক্ৰমণৰ পৰা কিছু পৰিমানে বাচি থকাৰ সম্ভাৱনা থাকে। আমি মনত ৰখা প্ৰয়োজন যে কেৱল সাৱধানতাই হে হয়তো আমাক কিছু পৰিমানে সকাহ দিব পাৰিব।

No comments:

Post a Comment