Sunday 9 February 2020

জয়তু দৰং মহাবিদ্যালয়


সেয়া আশীৰ দশকৰ আৰম্ভণি। ঐতিহ্যমণ্ডিত দৰং কলেজৰ গেটৰ সন্মূখৰে মহাভৈৰৱ মন্দিৰৰ দিশে দেউতাৰ সতে ৰিক্সাৰে হৈ গৈ থাকোতে কলেজৰ দিশলৈ আঙুলিয়াই দেউতাই কৈছিল : এইখন মোৰ কলেজ। ইয়াতেই মই প্ৰি-ইউনিভাৰ্ছিটিৰ দুটা বছৰ পঢ়িছিলোঁ। তেতিয়াই মনতে ভাবি থৈছিলোঁ যে হাইস্কুলৰ শিক্ষা সমাপ্ত কৰি ময়ো এই মহিমামণ্ডিত দৰং কলেজতেই পঢ়িম। আৰু সঁচাকৈয়ে মোৰ সেই সপোন সাৰ্থক হৈছিল। 

"দৰং কলেজ" - এই শব্দদুটাই যেন প্ৰতিগৰাকী দৰঙীয়ানৰ মনৰ এটা কোণত সৃষ্টি কৰে এক মৃদু ঝংকাৰৰ। ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰৰ নালন্দা ৰূপে খ্যাত তথা অসমৰ শিক্ষাজগতৰ এক উজ্জ্বল জ্যোতিষ্ক "দৰং মহাবিদ্যালয়" সমগ্ৰ অসমবাসীৰ বাবেই এক গৌৰৱৰ স্থল। ইতিহাসে গঢ়কা সপোনপুৰী তেজপুৰৰ মাজমজিয়াত ১৯৪৫ চনৰ ২৬ জুলাইত প্ৰতিষ্ঠা হোৱা এই মহাবিদ্যালয় খনৰ ৭৫ বছৰীয়া ইতিহাস অতি ৰোমাঞ্চকৰ।

সেয়া ১৯৪১ চনৰ কথা। তেজপুৰৰ কেইগৰাকীমান আলোকসন্ধানী, দূৰদৰ্শী ব্যক্তিয়ে তেজপুৰ চহৰৰ মজিয়াত এখন কলেজ প্ৰতিষ্ঠা কৰাৰ মানসেৰে কাম কাজ আৰম্ভ কৰিছিল। কিন্তু দ্বিতীয় বিশ্বযুদ্ধৰ দাৱানল আৰু ভাৰতৰ স্বাধীনতা আন্দোলনৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ সপোনবোৰ বাস্তৱ কৰাত বিভিন্ন অসুবিধা আহি পৰিছিল। কিন্তু যুদ্ধৰ বিভীষিকা আঁতৰি যোৱাৰ লগে লগে স্বৰ্গীয় কামাখ্যা প্ৰসাদ ত্ৰিপাঠী চাৰৰ অধ্যক্ষতাত ১১২ জন ছাত্ৰ-ছাত্ৰী আৰু ৮ গৰাকী শিক্ষাগুৰুৰে তেজপুৰত প্ৰতিষ্ঠা লাভ কৰে অসমৰ নালন্দা খ্যাত দৰং কলেজখনে। তেজপুৰত বাস কৰি অহা ইটালীৰ ভদ্ৰলোক Mr. Ducciৰ বাংলোটো কিনি লৈ পাঠদানৰ বাবে সজাই পৰাই তোলা হ'ল। ছাত্ৰ-ছাত্ৰীক মানৱ সমাজত উজ্জ্বল ৰত্ন হিচাপে গঢ়ি তোলাৰ প্ৰতিজ্ঞা লৈ জন্ম হ'ল এটা যুগৰ, এটা জীৱন্ত প্ৰতিশ্ৰুতিৰ… “Be a Jewel among men” 

পিছলৈ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বাঢ়ি অহাত তেজপুৰৰ মিছন ছাৰিআলিৰ ওচৰৰ আমেৰিকান বেচ হস্পিতাল চৌহদলৈ আৰু তাৰ দুবছৰ পিছত পুনৰ তেজপুৰ চহৰৰ মাজ মজিয়াৰ ডাক বাংলোলৈ স্থানান্তৰিত কৰা হয়। ১৯৫১ চনৰ অক্টোৱৰ মাহত দৰং মহাবিদ্যালয় বৰ্তমানৰ স্থানলৈ স্থায়ী ভাবে স্থানান্তৰিত হয়। দৰং মহাবিদ্যালয়ৰ গৰিমা চৌদিশে বিয়পি পৰিবলৈ বেচি পৰ নেলাাগিল। ১৯৫৯ চনত তিব্বতৰ ধৰ্মগুৰু দালাই লামা আৰু ১৯৬৩ চনত পূৰ্বৰ প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়ে দৰং মহাবিদ্যালয়ত পদাৰ্পণ কৰাৰ কথাই এই কথাকেই প্ৰতিপন্ন কৰে। প্ৰতিষ্ঠাৰ দিন ধৰি দৰং কলেজে শিক্ষাৰ ক্ষেত্ৰখনত যথেষ্ঠ প্ৰভাৱ বিস্তাৰ কৰাৰ লগতে সেই ধাৰাক আজিও অক্ষুণ্ণ ৰাখিব পাৰিছে।

জ্ঞানৰ বন্তি জ্বলাই ভৱিষ্যত প্ৰজন্মক আলোকৰ পথৰ মাৰ্গ দৰ্শন কৰোৱাৰ প্ৰতিশ্ৰুতিৰে প্ৰতিষ্ঠা লাভ কৰা দৰং মহাবিদ্যালয়ে বিগত ৭৫ বছৰীয়া বৰ্ণিল যাত্ৰাত বহুতো ঘাত প্ৰতিঘাত পাৰ কৰি আজি অসমৰ বৌদ্ধিক আৰু বিদ্যায়তনিক জগতখনত এক জ্ঞানৰ তীৰ্থলৈ পৰিণত হৈছে। কালি অৰ্থাৎ ৯ ফেব্ৰুৱাৰী, ২০২০ (ৰবিবাৰ)ৰ পৰা অনুস্থিত হ'ব দৰং মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী। আপোন মহাবিদ্যালয়খনৰ সমূহ শিক্ষাগুৰুলৈ এই চেগতে আমাৰ সেৱা আৰু ছাত্ৰ-ছাত্ৰী সকললৈ শুভেচ্ছা যাচিছোঁ। এজন দৰঙীয়ান হিচাবে মই সদায় দৰং মহাবিদ্যালয়কলৈ গৰ্ব অনুভৱ কৰো। জয়তু দৰং কলেজ।

No comments:

Post a Comment