Sunday 16 February 2020

মৰুভূমিত ঈশ্বৰৰ পদচিহ্ন


নামিবিয়াৰ মৰুভূমিৰ এক বিস্তৃৰ্ণ এলেকাত ঈশ্বৰৰ পদচিহ্ন। নামিবিয়াৰ বাসিন্দা সকলৰ বিশ্বাস, "নামিব" মৰুভূমিৰ ১৬০ বৰ্গ কিঃমিঃ জুৰি এক বিস্তৃৰ্ণ অঞ্চলত যেনিয়ে তেনিয়ে সিঁচৰিত হৈ আছে ঈশ্বৰৰ ৰহস্যময় খোজৰ চিনবোৰ !

বৃত্তাকাৰ অসংখ্য ভূমিৰূপৰ সমাহাৰ এই চিনবোৰ দৰাচলতে মৰুভূমিৰ মাজৰ আপেক্ষিক ভাবে ৰসাল আৰু উৰ্বৰ ভূমিৰ ওপৰত থকা কেতবোৰ এনে অংশ, য'ত কোনো ধৰণৰ ঘাঁহ বা গছ নাই। অথচ এই বৃত্তাকাৰ অংশবোৰৰ চৌপাশে আছে প্ৰচুৰ পৰিমানৰ তৃণ জাতীয় উদ্ভিদ। নামিবিয়াৰ থলুৱা লোকবিশ্বাস অনুসৰি এই চিনবোৰেই ৰহস্যময় ঈশ্বৰৰ পবিত্ৰ পদচিহ্ন।

প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ আটলাণ্টিক মহাসাগৰৰ উপকূলত অৱস্থিত এখন মৰুভূমিৰ দেশ। দেশখনৰ নাম ৰিপাব্লিক অৱ নামিবিয়া। পৃথিৱীৰ বিশাল আৰু পুৰণি মৰুভূমি সমূহৰ মাজৰ অন্যতম "নামিব" মৰুভূমিৰ নামেৰেই এইখন দেশক নামিবিয়া বুলিও জনা যায়।

ঈশ্বৰৰ অস্তিত্ব যেনেদৰে প্ৰমাণ কৰিব নোৱাৰি বা তেনেদৰে ঈশ্বৰ নাই বুলিও প্ৰমাণ কৰিব নোৱাৰি৷ বিশ্বাস আৰু অনুভূতিৰে সংপৃক্ত এটি সত্বাই হ'ল ঈশ্বৰ। যুগ যুগ ধৰি মানুহৰ চিন্তা চেতনাই ঢুকি নোপোৱা কেতবোৰ প্ৰাকৃতিক অথবা অতি প্ৰাকৃতিক ঘটনাই মানুহৰ মনত ঈশ্বৰৰ প্ৰতি থকা বিশ্বাসক জীয়াই ৰাখিছে। 

ঈশ্বৰৰ ধাৰণা সৃষ্টি হোৱাৰ বহু হেজাৰ বছৰ পিছত
যুক্তিবাদী তথা বিজ্ঞানমনস্ক ব্যক্তিসকলৰ প্ৰচেষ্টাত গঢ় লৈ উঠে বিজ্ঞানৰ ভেঁটি। বিজ্ঞানে বিশ্বাসতকৈ প্ৰত্যক্ষ অথবা পৰোক্ষ প্ৰমাণভিত্তিক যুক্তিক সমাজ উত্তৰণৰ আহিলা হিচাপে ব্যৱহাৰ কৰাৰ পক্ষে সদায় মাত মাতি আহিছে। বিভিন্ন সময়ত এই দুই ধাৰাৰ মাজত মতভেদৰো সৃষ্টি নোহোৱা নহয়। পিছে আমাৰ এই আলোচনাত ঈশ্বৰৰ অস্তিত্বক প্ৰত্যাহ্বান জনোৱাৰ কোনো মানসিকতা নাই। বৰং ঈশ্বৰৰ পদচিহ্নৰ আঁৰত থকা বৈজ্ঞানিক ব্যাখ্যাৰ বিষয়েহে ক'ব খুজিছো।

নামিবিয়াৰ মৰুভূমিৰ সেই বিশেষ অঞ্চলটোত মানুহৰ বসতি প্ৰায় নোহোৱাৰ দৰেই। ১৯২০ চনত প্রথম বাৰলৈ এই বৃত্তাকাৰ ভূমিৰূপবোৰ মানুহৰ দৃষ্টিগোচৰ হয় আৰু তাৰ পিছৰ পৰাই ঈশ্বৰৰ এই ৰহস্যময় পদচিহ্নবোৰৰ সত্য উদ্ঘাটনৰ বাবে বিজ্ঞানী সকলে অহৰহ চেষ্টা চলাই আহিছে। ২০১৩ চনলৈ একমাত্র নামিবিয়াৰ এই মৰুভূমিতেই এনে বিস্ময়কৰ বৃত্ত সদৃশ চিনবোৰ মানুহৰ দৃষ্টগোচৰ হ'লেওঁ ২০১৪ চনত সেই একে ধৰণৰ ভূমিৰূপ পশ্চিম অষ্ট্ৰেলিয়াৰ নিউমেন এলেকাতো দেখা পোৱা গ'ল। নামিবিয়াৰ জনবিশ্বাস অনুসৰি যি ভূমিৰূপক ঈশ্বৰৰ ভৰিৰ ছাপ বুলি কোৱা হয়, সেই একেবোৰ ছাপকেই আকৌ অষ্ট্ৰেলিয়াৰ নিউমেন অঞ্চলৰ বাসিন্দা সকলে "ড্ৰেগনৰ বিষাক্ত নিশ্বাস" বুলি কয়।

২০০৮ চনত বিজ্ঞানী এঞ্জেলিক জোবাৰ্টে  নামিবিয়াৰ মৰুভূমিৰ বিশেষ চিহ্নবোৰৰ ওপৰত গৱেষণা কৰি কয় যে, ইউফ'বিয়া ড'মাৰাণা নামৰ এক বিশেষ প্ৰজাতিৰ গাছৰ মৃত্যুৰ পিছত গছজোপাৰ দেহৰ পৰা নিঃসৃত এক বিশেষ টক্সিন মাটিত মিহলি হয় আৰু এই টক্সিনবোৰে মাটিৰ স্বাভাৱিক গুণাগুণ বিনস্ত কৰি তাত নতুন গছ জন্ম হোৱাত বাধা প্ৰদান কৰে। ফলত সেইস্থানত কেতবোৰ বৃত্তাকাৰ ৰিক্তস্থানৰ সৃষ্টি হয়। 

২০১২ চনত ন'ৰৱাৰ্ট জুৱাৰগিন্স অান এজন বিজ্ঞানীৰ মতে এই ধৰণৰ বৃত্তাকাৰ ভূমিৰূপবোৰৰ বাবে মৰুজ উঁই পোকবোৰেই জগৰীয়া। কাৰণ গৱেষণাৰ সময়ত তেওঁ লক্ষ্য কৰিছিল যে প্রতিটো এনে বৃত্তাকাৰ ভূমিৰূপ থকা মৰুভূমিৰ মাটিৰ অগভীৰ অংশত একপ্রকাৰৰ মৰুজ উঁই পোকৰ স্বাভাৱিক বাসস্থান। তেখেতৰ গৱেষণা পত্ৰত উল্ল্যেখ আছে যে বৃত্তাকাৰ ভূমিৰূপ যুক্ত মৰুভূমিৰ মাটিৰ থিক তলতেই থকা "চেমোটাৰ্মিছ এলোচেৰাছ" নামৰ এক বিশেষ প্ৰজাতিৰ মৰুজ উঁই পোকে সেই অংশৰ মাটিত মিহলি হৈ থকা সমস্ত জৈৱিক উপাদান খাদ্য হিচাবে গ্ৰহণ কৰাৰ উপৰিও নিজৰ বাসস্থান আৰ্দ্ৰ কৰি ৰখাৰ বাবে চৌপাশৰ জলীয় বাষ্প আৰু মাটিত মিহলি হৈ থকা কৈশিক পানী শোষণ কৰি লয়। ফলত সেই স্থানত কোনো ধৰণৰ গছ গজিব নোৱাৰে। অথচ সেই বৃত্তাকাৰ অঞ্চলটোৰ চৌপাশে স্বাভাৱিক ভাবেই তৃণজাতীয় উদ্ভিদবোৰ গজে। সেইবাবেই মৰুভূমিৰ মাজত কেতবোৰ আচহুৱা চিহ্নৰ সৃষ্টি হয়।

ঈশ্বৰৰ পদচিহ্নবোৰৰ ৰহস্য উদঘাটনৰ বাবে বৰ্তমানো বিভিন্ন বিজ্ঞানীসকলে সমান্তৰালভাবে গৱেষণা কাৰ্য চলাই নিছে। এনে ধৰণৰ গৱেষণাবোৰে স্থানীয় বাসিন্দা সকলৰ বিশ্বাসৰ বিপৰীতে গৈ অন্য এক ধাৰণাৰ জন্ম দিলেও, তেওঁলোকে কেতিয়াও ইয়াৰ বিৰুদ্ধাচৰণ কৰা নাই। তেওঁলোকৰ মতে সেইবোৰ ঈশ্বৰৰেই পদচিহ্ন আৰু ঈশ্বৰৰ সেই ৰহস্যময় ভৰিৰ খোজবোৰ চাবলৈ নামিবিয়াৰ মৰুভূমিত দৈনিক অগণন লোকে ভিৰ কৰেহি।

No comments:

Post a Comment