Thursday 20 February 2020

৩৫২ দিনীয়া বছৰ আৰু ২৬ ঘণ্টাৰ দিনবোৰ


কেলিফর্নিয়াৰ ব'ডেগা মেৰিন গৱেষণাগাৰত প্ৰাচীন সামুদ্ৰিক প্রাণীৰ বিষয়ে গৱেষণা কৰি আছিল ৰিচার্ড বাৰকাৰ নামৰ বিজ্ঞানীজনে। তেখেতে "পলিপ" নামৰ এক শ্রেণীৰ জলজ প্ৰাণীৰ দেহৰ খোলাবোৰৰ কেলচিয়ামৰ তৰপত কেতবোৰ অতি সূক্ষ্ম বৃত্তাকাৰ গঠন দেখা পালে। প্ৰথমতে তেখেতে বিষয়টোত বেচি গুৰুত্ব দিয়া নাছিল যদিও বৃত্তাকাৰ গঠনবোৰে তেওঁক আকৰ্ষণ কৰিছিল। গৱেষণাৰ ফাঁকে ফাঁকে কিছু আজৰি সময় ওলালে তেওঁ পলিপবোৰৰ খোলাত থকা বৃত্তাকাৰ গঠনবোৰ অনুবীক্ষণ যন্ত্ৰেৰে লিৰিকি বিদাৰি চায়। এনেদৰে চাই থাকোতে তেওঁ লক্ষ্য কৰিছিল যে বয়স বঢ়াৰ লগে লগে খোলাৰ ওপৰত থকা বৃত্তাকাৰ ছাপবোৰৰ সংখ্যাও বাঢ়ি আহে। কথাটোৱে তেওঁক আচৰিত আৰু অনুসন্ধিৎসু কৰি তুলিলে। তেওঁ দেখিলে যে পলিপৰ খোলাবোৰত প্রতিদিনে একোটিকৈ নতুন বৃত্তাকাৰ ৰেখা সৃষ্টি হয়। অৰ্থাৎ এবছৰত পলিপবোৰৰ কেলচিয়ামযুক্ত খোলাবোৰত ৩৬৫ টা নতুন বৃত্তাকাৰ ৰেখা সৃষ্টি হয়।

কথাটোৱে বাৰকাৰক ইমানেই উৎসাহিত কৰি তুলিলে যে তেওঁ সমুদ্রৰ গভীৰ অংশৰ পৰা অধিক পৰিমাণৰ প্রাচীন পলিপ সংগ্ৰহ কৰি আনিলে। গৱেষণাগাৰত পৰীক্ষা কৰি তেওঁ পালে যে সংগ্ৰিহিত পলিপবোৰ  প্রায় ৮ কৌটি বছৰ আগৰ। তেওঁ এই পলিপবোৰৰ দেহৰ খোলাত থকা ৰেখাবোৰৰ গণনা কৰি দেখিলে যে এই খোলা বোৰত থকা ৰেখাৰ সংখ্যা গড়ে ৩৭৬ টাকৈ ! অর্থাৎ ৮ কৌটি বছৰ আগতে আজিৰ সময়ৰ পৰিমাপ অনুসৰি এবছৰত ১১ দিন বেছি আছিল অৰ্থাৎ এবছৰত ৩৭৬ দিন আছিল। যদি সেয়ে হয়, তেন্তে ৮ কৌটি বছৰ আগেয়ে ২০ ঘন্টাত পৃথিৱীৰ এটা দিন হৈছিল ! বিজ্ঞানী বাৰকাৰ ইমানেই কৌতুহলী হৈ পৰিল যে সমূদ্ৰৰ আৰু অধিক গভীৰতাৰ পৰা তাতোকৈ প্ৰাচীন পলিপ সংগ্ৰহ কৰা আৰম্ভ কৰিলে। এই পলিপবোৰৰ দেহৰ কেলচিয়ামৰ  তৰপটোত এনে ৰেখাৰ সংখ্যা ৩৯৯, অর্থাৎ সেই সময়ত পৃথিৱীৰ এবছৰত ৩৯৯ দিন আছিল আৰু পৃথিৱীৰ এটা দিনৰ দৈৰ্ঘ আছিল প্রায় ২১ ঘণ্টা। 

এই পৰ্যবেক্ষণৰ অন্তত বিজ্ঞানী বাৰকাৰে ঘোষণা কৰে যে পৃথিৱীৰ দিনবোৰ ক্রমশ দীঘল হৈ গৈছে। যদিহে এইটো সঁচা তেন্তে অনাগত দিনবোৰত পৃথিৱীৰ এবছৰত দিনৰ সংখ্যা ৩৬৫ দিনৰ পৰা কমি গৈ ৩৫২ দিন আৰু পৃথিৱীৰ প্ৰতিটো দিনৰ মুঠ সময় হ'বগৈ ২৫ ৰ পৰা ২৬ ঘণ্টা ! 

সম্প্ৰতি কলোম্বিয়া ইউনিভাৰ্চিটিৰ গৱেষক বিজ্ঞানী ড° এলবাৰ্টো ছিলিনভেৰ্নো আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিজ্ঞানী ড° ষ্টিফেন মায়াৰ্চেও এই বিষয়ত সহমত প্ৰদৰ্শন কৰিছে। গৱেষকদ্বয়ে ইয়াৰ বাবে পৃথিৱীৰ বিভিন্ন স্থানত ভূগৰ্ভৰ খনন কৰি প্ৰায় ১৪০ কৌটি বছৰ পুৰণি শিলাখণ্ড সংগ্ৰহ কৰিছে আৰু সেই নমুনাবোৰৰ সূক্ষ্ম পৰ্যবেক্ষণো কৰিছে। ইয়াৰ ফলত তেওঁলোকে ১৪০ কৌটি বছৰ আগৰ পৃথিৱীখনৰ ভৌগলিক সময়সীমা সম্পৰ্কে তথ্য লাভ কৰিছে। তদুপৰি তেওঁলোকে ইতিহাসত লিপিবদ্ধ হোৱা বিভিন্ন পুৰণি মহাজাগতিক পৰিঘটনা সমূহৰো বিশ্লেষণ কৰিছে। এই দুয়ো গৰাকী বিজ্ঞানীয়ে পৃথিৱী আৰু জোনবাইৰ মাজৰ সম্পৰ্কক লৈ এলানি গৱেষণাও সম্পন্ন কৰিছে। এই দীঘলীয়া গৱেষণাৰ অন্তত তেওঁলোকে প্ৰকাশ কৰে যে পৃথিৱীৰ আহ্নিক গতিৰ পৰিবৰ্তনৰ ফলস্বৰূপে পৃথিৱীৰ বছৰবোৰ ছুটি হৈ অহাৰ লগে লগে দিনবোৰ ক্ৰমে দীঘল হৈ আহিছে। ইয়াৰ প্ৰধান কাৰণ হিচাবে তেওঁলোকে জগৰীয়া কৰিছে আমাৰ মৰমৰ জোনবাইটোক। ক্ৰমে পৃথিৱীৰ পৰা আঁতৰি গৈ আছে আমাৰ জোনবাইটো !

জ্যোতির্বিজ্ঞানী সকলে গণনা কৰি পাইছে যে আজিৰ পৰা প্ৰায় ৪৫০ বিলিয়ন বছৰৰ আগত পৃথিবী সৃষ্টি হৈছিল। আনহাতে পৃথিৱীৰ উপগ্রহ জোনবাইৰ সৃষ্টি হৈছিল তাৰ ৫০ বিলিয়ন বছৰ পিছত। আচৰিত কথাটো হ'ল এই যে আজিৰ পৰা ৪০০ বিলিয়ন বছৰ আগত আমাৰ পৃথিৱী আৰু শিশু জোনবাইৰ মাজৰ দূৰত্ব আছিল মাত্ৰ ২৫ হাজাৰ কিলোমিটাৰ ! তাৰপিছত ক্ৰমান্বয়ে জোনবাইটো পৃথিৱীৰ পৰা আঁতৰি গৈ থাকিল আৰু এই প্ৰক্ৰিয়াটো আজিও চলিয়েই আছে। 

পৃথিবীৰ কেন্দ্রৰ পৰা জোনবাইৰ কেন্দ্ৰলৈ গড় দূৰত্ব ৩৮৪,৩৯৯ কিলোমিটাৰ। জোনবাইৰ ব্যাস প্ৰায় ৩,৪৭৪ কিলোমিটাৰ আৰু ই পৃথিবীৰ ব্যাসৰ এক-চতুর্থাংশ। ব্যাসৰ এই অনুপাতিক পৰিমাপৰ সহায়ত সহজেই নিৰ্ধাৰণ কৰিব পাৰি যে জোনবাইৰ আয়তন পৃথিবীৰ আয়তনৰ ৫০ ভাগৰ ১ ভাগ মাত্ৰ। জোনবাইৰ আয়তন আৰু ভৰ দুয়োটাই পৃথিৱীৰ তুলনাত যথেষ্ঠ কম হোৱা বাবে ইয়াৰ মাধ্যাকর্ষণ বল পৃথিবীৰ মাধ্যাকৰ্ষণ বলতকৈ ছয় গুণ কম। জোনবায়ে প্রতি ২৭.৩২১ দিনত পৃথিবীৰ চৌদিশে এটা আবর্তন সম্পূৰ্ণ কৰে যদিও প্রতি ২৯.৫ দিনৰ মূৰতহে এটা চন্দ্র কলা সম্পূৰ্ণ হয়। সৌৰজগতত পৃথিবী, জোনবাই আৰু সূর্যৰ পাৰস্পৰিক জ্যামিতিক অৱস্থানৰ পর্যায়ক্রমিক পৰিবর্তনৰ কাৰণেই চন্দ্র কলাৰ এই পর্যানুক্রমিক আৱর্তন ঘটি থাকে। 

বেৰিকেন্দ্র নামৰ এক সাধাৰণ অক্ষ সাপেক্ষে পৃথিবী আৰু জোনবাইৰ ঘূর্ণনৰ ফলত যি মহাকৰ্ষণীয় আকর্ষণ বলৰ তথা অপকেন্দ্রিক বল সৃষ্টি হয় তাৰ পৰিনাম স্বৰূপে পৃথিবীত জোৱাৰ-ভাটা সৃষ্টি হয়। যেতিয়া দুটা মহাজাগতিক পদাৰ্থৰ এটাই আনটোক পৰিক্ৰমা কৰে, যেনে জোনবাই  যেতিয়া পৃথিৱীৰ চৌদিশে ঘূৰে তেতিয়া কেবল যে জোনবায়েহে পৃথিৱীৰ চৌদিশে ঘূৰে, তেনে নহয়। বৰং পৃথিৱী আৰু জোনবাই - দুয়ো এটাই আনটোৰ চৌদিশে এক নিৰ্দিষ্ট বিন্দুক কেন্দ্ৰ কৰি ঘূৰে। এই বিশেষ বিন্দুটোকেই মহাজাগতিক পদাৰ্থ দুটা যেনে পৃথিৱী আৰু জোনবাইৰ বেৰিকেন্দ্ৰ বা উমৈহতীয়া কেন্দ্ৰ বোলে। এই বেৰিকেন্দ্ৰ সাপেক্ষে পৃথিৱী আৰু জোনবাই দুয়ো পৰস্পৰে পৰস্পৰৰ চৌদিশে ঘূৰা বাবে পৃথিৱীৰ মহাসাগৰীয় জলৰাশিৰ ওপৰত জোনবাইৰ আকৰ্ষণ বল আৰু পৃথিৱীৰ অপকেন্দ্ৰিক বলে উমৈহতীয়া ভাবে কাম কৰে আৰু সমূদ্ৰত জোৱাৰ ভাটাৰ সৃষ্টি হয়। এই জোৱাৰ ভাটাই মহাকৰ্ষণীয় বলৰ কিছু শক্তি শোষণ কৰে আৰু তাৰ ফলশ্ৰুতিত পৃথিৱীৰ ঘূৰ্ণন গতিও কিছু পৰিমানে ধীৰ হৈ পৰে। 

সমূদ্ৰত সৃষ্টি হোৱা জোৱাৰ ভাটা আৰু বেৰিকেন্দ্ৰ সাপেক্ষে হোৱা পৃথিৱী আৰু জোনবাইৰ ঘূৰ্ণনে শোষিত কৰা শক্তিৰ পৰিনাম স্বৰূপে পৃথিবী আৰু জোনবাইৰ কক্ষপথৰ মাজত বিভব শক্তি হ্ৰাস পোৱাৰ উপৰিও ই পৃথিৱী আৰু জোনবাইৰ মাজৰ মহাকৰ্ষণ বলকো প্ৰভাৱিত কৰিছে। তদুপৰি ক্ৰমে স্তিমিত হৈ অহা পৃথিৱীৰ ঘূৰ্ণনৰ ফলত জোনবায়ে নিজৰ কক্ষপথত তুলনামূলক ভাবে বেছি দূৰ আগবাঢ়ি যাবলৈ আৰম্ভ কৰিছে। ইয়াৰ ফলত প্ৰতি বছৰে জোনবাই আমাৰ পৃথিৱীৰ পৰা প্ৰায় চাৰি ছেণ্টিমিটাৰ কৈ আঁতৰি যাব ধৰিছে। যেতিয়ালৈ পৃথিবীত জোৱাৰ-ভাটা থাকিব, তেতিয়ালৈ এই প্ৰক্ৰিয়া অব্যাহত হৈ থাকিব। আৰু এদিন আমাৰ জোনবায়টো পৃথিৱীৰ মহাকৰ্ষণ বলৰ পৰা সম্পূৰ্ণ মুক্ত হৈ এক নতুন কক্ষপথেৰে পৃথিৱীৰ সলনি সূৰ্যক প্ৰদক্ষিণ কৰিবলৈ আৰম্ভ কৰিব।

আচৰিত হ'লেও সত্য যে ইয়াৰ ফলত পৃথিৱীত এটা সম্পূৰ্ণ দিনৰ পৰিমাপ লাহে লাহে ২৪ ঘণ্টাতকৈ বেছি হৈ আহিছে। বৈজ্ঞানিক সকলে হিচাব কৰি উলিয়াইছে যে বিগত এশ বছৰত পৃথিৱীৰ এটা সম্পূৰ্ণ দিনৰ দৈৰ্ঘ ১.৪ মিলি ছেকেণ্ডকৈ বাঢ়ি গৈছে। বিজ্ঞানী সকলৰ মতে ৮ কৌটি বছৰ আগতে পৃথিৱীত এটা সম্পূৰ্ণ দিনৰ পৰিমাপ আছিল মাত্ৰ ২২ৰ ঘন্টা। কিন্তু জোৱাৰ ভাটা আৰু বেৰিকেন্দ্ৰ সাপেক্ষ উমৈহতীয়া ঘূৰ্ণনৰ বাবে অহা ৪ বা ৫ কৌটি বছৰৰ পিছত পৃথিৱীৰ একোটা সম্পূৰ্ণ দিন ২৬ ঘন্টীয়া হ'ব। এই হাৰত সৌৰদিনৰ দৈৰ্ঘ বাঢ়ি থাকিলে আগন্তুক ১০০ কৌটি বছৰ পিছত পৃথিৱীৰ এটা সৌৰদিন ৪০ ঘণ্টাৰ হ'বগৈ। অৰ্থাৎ ২০ ঘণ্টা দিন আৰু ২০ ঘণ্টা ৰাতি !

No comments:

Post a Comment