Saturday 29 February 2020

মঙ্গলৰ বুকুত হেৰাই যাব ওলোৱা ছোৱালীজনী


সকলো থিকে থাকিলে ১৯ বছৰীয়া তৰুণী এলিজা কাৰ্ছন ২০৩৩ চনত মঙ্গল গ্ৰহৰ বুকুত ভৰি দিয়া প্ৰথম গৰাকী মানুহ হ'ব। এই গৰাকী তৰুণী এলিজা কাৰ্ছন বৰ্তমান সময়ত নাছাৰ কনিষ্ঠতম সদস্যা। পৃথিৱীৰ পৰা মঙ্গল গ্ৰহলৈ সম্প্ৰতি কেৱল একমুখী টিকেটৰ ব্যৱস্থাহে কৰা আছে। মঙ্গল গ্ৰহৰ পৰা পৃথিৱীলৈ ঘূৰি অহাৰ কোনো বন্দোবস্ত নাই। সেয়েহে নাছাই এলিজা কাৰ্ছনৰ পৰা তেওঁৰ সন্মতিক্ৰমে চুক্তিপত্ৰত স্বাক্ষৰ কৰাই লৈছে যে আগন্তুক ১৩ বছৰত, অৰ্থাৎ ২০৩৩ চন পৰ্যন্ত এলিজাই বিবাহ পাশত আৱদ্ধ হোৱা, সন্তান ধাৰণ কৰা অথবা সন্তান তুলি লোৱা ইত্যাদি কামবোৰ কৰিব নোৱাৰিব।

২০০১ চনৰ ১০ মাৰ্চত আমেৰিকাৰ লুইচিয়ানাত জন্মগ্ৰহন কৰা এলিজাই নেজানে তেওঁৰ জন্মদাতা মাক কোন। ছিংগ'ল পেৰেণ্ট হিচাবে পিতৃ বাৰ্ট কাৰ্ছনৰ তত্বাৱধানত একলা দুকলাকৈ বাঢ়ি অহা এলিজাই তিনি বছৰ বয়সতেই শিশু সকলৰ মনোৰঞ্জনধৰ্মী টেলিভিছনৰ অনুস্থান "দ্য বেকয়াৰ্ডিগানছ"ৰ "মিছন টু মাৰ্চ" শীৰ্ষক খণ্ডটো চায়েই প্ৰথম আকৰ্ষিত হৈছিল ৰঙচুৱা গ্ৰহ মঙ্গলৰ প্ৰতি। সেয়াই আৰম্ভণি। ৭ বছৰ বয়সত বাৰ্ট কাৰ্ছনে কন্যা এলিজাক লৈ গৈছিল আমেৰিকাৰ আলবামাত অৱস্থিত এটি স্পেচ কেম্পলৈ। সেই কেম্পৰ অভিজ্ঞতাই ৭ বছৰীয়া এলিজাক ইমানেই প্ৰভাৱিত কৰে যে তেওঁৰ মনোজগতত মহাকাশচাৰী হিচাবে মঙ্গল গ্ৰহলৈ উৰা মৰাৰ এক সপোনে হাহাকাৰ কৰিবলৈ আৰম্ভ কৰিলে। 

পিতৃ বাৰ্ট কাৰ্ছনে বুজিছিল যে এলিজাৰ সপোন বাস্তৱত পৰিণত কৰিবলৈ হ'লে তেওঁক মহাকাশ সম্বন্ধীয় বিভিন্ন জ্ঞান অর্জনৰ ব্যৱস্থা কৰোৱাৰ লগতে বিভিন্ন মহাকাশ মিচনবোৰ কিদৰে পৰিচালিত হয়, মাধ্যাকৰ্ষণহীন স্থানত জীৱন ধাৰণৰ পদ্ধতি আদি বিভিন্ন বিষয়ত প্ৰশিক্ষণৰ প্ৰয়োজন হ'ব। সেয়ে দেউতাকে এলিজাক ২০০৮ চনত নাছাৰ তিনিটা ৰকেট উৎক্ষেপন কাৰ্যসূচী নিজ চকুৰে চাব পৰাৰ ব্যৱস্থা কৰি দিয়াৰ উপৰিও তুৰ্কী আৰু কানাডাৰ স্পেচ কেম্পত প্ৰাথমিক প্ৰশিক্ষণ লাভৰ বাবে নামভৰ্তিও কৰাই দিয়ে।

২০১৩ চনলৈ ১২ বছৰীয়া এলিজাই নাছাৰ দ্বাৰা পৰিচালিত প্ৰায় আটাইকেইটা স্পেচ কেম্পত অংশগ্ৰহন কৰি নিজৰ বিচক্ষণতাৰ পৰিচয় দিয়ে। তদুপৰি সেই সময়তেই তেওঁ ৰ'বটিক্সৰ কৰ্মশালাতো অংশগ্ৰহন কৰি সফলতাৰে ৰৱট এটি সাজি উলিয়ায়। ইতিমধ্যে নাছাৰ কৰ্মকৰ্তা সকলে বুজি উঠিছিল এলিজা কাৰ্ছন সাধাৰণ শিশু নহয়। তেওঁলোকে এলিজাক মৰমতে এটি নামেৰে মাতিবলৈ ল'লে - "Blueberry"

নাছাৰ কৰ্মকৰ্তাসকলে মঙ্গল গ্ৰহৰ প্ৰতি এলিজাৰ স্বভাৱজাত আকৰ্ষণ দেখি মানুহৰ সাম্ভাব্য মঙ্গল অভিযানৰ মহাকাশচাৰী হিচাবে তেওঁক প্ৰশিক্ষণ দিয়াৰ বিষয়ে থিৰাং কৰিলে। বৰ্তমান এলিজাই নাছাৰ প্ৰশিক্ষণ কেন্দ্ৰত মহাকাশ সম্বন্ধীয় বিভিন্ন কঠিন প্ৰশিক্ষণৰ পাঠ লৈ আছে। তাৰমাজতেই তেওঁ মহাকাশচাৰী হ'বলৈ প্ৰয়োজনীয় আন এক অৰ্হতা হিচাবে পাইলটৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰি সফল পাইলটৰ লাইচেঞ্চো লাভ কৰিছে। ২০৩৩ চনত যেতিয়া প্রথমবাৰলৈ মানুহ মঙ্গল অভিমুখে যাব, সকলো থিকে থাকিলে সেই  সময়ত ৩২ বছৰীয়া এলিজা কাৰ্ছন নাছাৰ কেনেডী স্পেচ চেণ্টাৰৰ উৎক্ষেপণ স্থলীৰ পৰা মঙ্গল অভিমুখে উৰা মাৰিব। 

এলিজাই ভালদৰেই জানে যে, যদিহে তেওঁ মঙ্গল অভিমুখে উৰা মাৰে, তেওঁ আৰু কেতিয়াও পৃথিৱীলৈ ঘূৰি নাহে। বৰং মঙ্গলৰ বুকুত তেওঁ কৰি যাব লাগিব নাছাৰ দ্বাৰা তেওঁৰ ওপৰত ন্যস্ত কৰা বিভিন্ন পৰীক্ষা নিৰীক্ষাবোৰ। এনে পৰীক্ষা নিৰীক্ষা আৰু গৱেষণালব্ধ তথ্যবোৰৰ শুদ্ধতা আৰু সফল বিশ্লেষণেই হয়তো এদিন মঙ্গল গ্ৰহক মানুহৰ বাবে বাসোপযোগী কৰি তোলাত সহায় কৰিব। অনাগত দিনবোৰত বিজ্ঞানীসকলে এলিজাক পৃথিৱীলৈ ওভতাই অনাৰ পৰিকল্পনাৰে কিবা উদ্যোগ লোৱাৰ সম্ভাৱনা নথকা নহয়। আমিও আশা কৰো যেন মানৱ সভ্যতাৰ হকে নিজকে উৎসৰ্গা কৰিবলৈ ওলোৱা এই গৰাকী তৰুণী পুনৰ সুকলমে উভতি আহক ধৰাৰ বুকুলৈ। অন্যথা…

হয়তো আৰু মাত্র ১৩টা বছৰ পিছতেই পৃথিৱীৰ পৰা ৭,৮৩,৪০,০০০ কিমি দুৰত, নিষ্প্ৰাণ মঙ্গল গ্ৰহৰ ৰঙচুৱা বালিৰে আৱৰি ৰখা প্ৰচণ্ড শীতল এখন মৰিচীকাময় মৰুভূমিত মানৱ সভ্যতাৰ ভৱিষ্যতৰ ঠিকনা বিচাৰি হেৰাই যাব এগৰাকী নিসংগ তৰুণী - যাৰ নাম এলিজা কাৰ্ছন…!

No comments:

Post a Comment