Sunday 1 March 2020

প্রেম, তেজস্ক্রিয়তা আৰু মেৰী কুৰী


পুনৰ নোবেল বঁটাৰ বাবে বিবেচিত হ'ল তেওঁ। কিন্তু আচৰ্যজনক ভাবে নোবেল কমিটিয়ে তেখেতক পত্ৰযোগে জনাই দিলে যে সন্মানীয় এই পুৰস্কাৰটো তেখেতে নিজে গ্ৰহন কৰিবলৈ ষ্টকহোমলৈ নহাই মঙ্গল। চিঠিৰ ভাষাত, "Please Don't Come to Stockholm…… !"

সেয়া ১৯১১ চন। ঘোষিত হৈছে নোবেল বঁটা বিজয়ী বিজ্ঞানীসকলৰ নাম। দ্বিতীয় বাৰৰ বাবে নোবেল বঁটাৰ বাবে মনোনীত হৈছে ফৰাছি বিজ্ঞানী মাৰিয়া স্ক্লডোস্কা কুৰীৰ নাম। নোবেল কমিটিৰ বৈঠক চলি আছে। কমিটিৰ কেইবাগৰাকী সদস্যৰ আপত্তি। মাত্র আঠ বছৰৰ ভিতৰত একেজন ব্যক্তিক দুবাৰ নোবেল বঁটা দিয়াৰ পক্ষপাতি নহয় তেওঁলোক। কিন্তু তেওঁলোকৰ আপত্তি নৰজিল। মেৰীৰ সপক্ষে যুক্তি অধিক মজবুত। ব্যক্তি নহয়, নোবেল বঁটা দিয়া হয় ব্যক্তি গৰাকীৰ কামক হে।

বঁটা বিতৰণৰ দিন কাষ চাপি অহাৰ লগে লগে চুইডেনৰ ষ্টকহোম চহৰত নোবেল কমিটিৰ বিষয়াবৰ্গৰ দিনে ৰাতিয়ে ব্যস্ততা বাঢ়ি আহিছে। ইতিহাসত প্ৰথম বাৰলৈ এগৰাকী বিজ্ঞানী দ্বিতীয়বাৰলৈ নোবেল বঁটাৰে সন্মানিত হৈছে। ১৯০৩ চনত ইতিমধ্যে তেজস্ক্ৰিয়তাৰ ওপৰত কৰা কামৰ বাবে তেওঁ ফিজিক্সৰ নোবেল বঁটা পাইছে। আৰু এইবাৰ মনোনীত হৈছে কেমিষ্ট্ৰিত। ৰেডিয়াম আৰু পোলোনিয়াম নামৰ দুটা তেজস্ক্ৰিয় মৌলৰ আৱিষ্কাৰৰ বাবে তেওঁক পুনৰ দ্বিতীয় বাৰলৈ নোবেল বঁটাৰে সন্মানিত কৰা হৈছে। মাত্র আঠ বছৰৰ ব্যৱধানত দুবাৰকৈ বিজ্ঞানৰ দুটা পৃথক বিষয়ত নোবেল বঁটাৰে বিভূষিত এই গৰাকী বিজ্ঞানীয়ে নোবেল কমিটিৰ মহাসমাৰোহত নোবেল বঁটাৰ লগতে ৰাজসিক অভ্যর্থনা পাব বুলি বিজ্ঞসকলে গুণাগঁঠা কৰি থাকোতেই বিজ্ঞানী মাৰিয়া স্ক্লডোস্কা কুৰীৰ হাতত পৰিলহি নোবেল কমিটিৰ সেই পত্ৰখন……"We beg you to stay in France; no one can calculate what might happen here. I hope therefore, that you will telegraph that you do not wish to accept the prize before the Langevin trial shows the accusations about you are absolutely without foundation. Please Don't Come to Stockholm !"

ফ্ৰান্সৰ মিডিয়াবোৰেও মেৰী কুৰীৰ নোবেল বঁটাৰ খৱৰটোত বিশেষ উৎসাহ দিয়া দেখা নগ'ল। কাৰণ তেওঁলোকৰ হাতত আছিল আন এটা "হট ষ্টৰী" আৰু সেয়া স্বামীহাৰা মেৰী কুৰীৰ "অবৈধ প্রেম কাহিনী"। 

১৯০৫ চনৰ কথা। মেৰীৰ স্বামী বিজ্ঞানী পিয়েৰী কুৰী অসুস্থ। হাড়ৰ বিষ। বেছি সময় ক'তোৱেই স্থিৰে থাকিব নোৱাৰে। দুয়োখন হাতত ঘাঁ। ঘাঁবোৰ নুশুকায়। পত্নী মেৰীও অসুস্থ। তেওঁৰ অসুখো প্রায় এক ধৰণৰ। আচলতে দুয়োজনেই গৱেষণাগাৰত তেজস্ক্রিয়তাৰ ওপৰত কৰি অহা পৰীক্ষা নিৰীক্ষাবোৰৰ বাবে বেয়াকৈ আক্ৰান্ত। পিয়েৰীয়ে কৈছিল যে তেওঁলোকে পৰীক্ষা কৰা ৰসায়নিক পদাৰ্থ ৰেডিয়ামৰ তেজস্ক্রিয়তা ইউৰেনিয়ামতকৈ বহু গুণ বেছি। অথচ পিয়েৰীয়ে ৰেডিয়ামৰ তেজস্ক্ৰিয়তাৰ প্ৰভাব থকা নিজৰ নোটবুকবোৰ লগতে লৈ ফুৰিছিল। এইক্ষেত্ৰত মেৰীও কম নাছিল। কোটৰ পকেটত ৰেডিয়াম যৌগৰে ভৰা টেষ্টটিউব লৈ ঘূৰি ফুৰিছিল তেওঁ। তদুপৰি নিশা শোৱাৰ আগে আগে বিছনাৰ কাষত কিছু পৰিমানৰ ৰেডিয়ামৰ যৌগ ৰাখি থয় যাতে যৌগটোৰ পৰা নিৰ্গত তেজস্ক্ৰিয় বিকিৰণে তেওঁৰ শোৱনি কোঠাটো পোহৰাই ৰাখে !

১৯০৬ চনত পিয়েৰী বেছিকৈ অসুস্থ হৈ পৰিছিল। তথাপিও নিতৌ তেওঁ আহে গৱেষণাগাৰলৈ। স্বামী-স্ত্ৰী দুয়ো নিৰবচিন্ন ভাৱে গৱেষণাত মগ্ন হয়। সিদিনা ১৯০৬ চনৰ ১৯ এপ্রিল। পিয়েৰী কুৰী  গৱেষণাগাৰৰ পৰা ঘৰলৈ যাবলৈ ওলাল। শৰীৰটোও বৰ দুৰ্বল। মেৰীক অলপ জিৰনিৰ প্ৰয়োজন বুলি কৈ পিয়েৰী ৰাষ্টালৈ ওলাই গ'লহে মাথোন……অকস্মাতে এখন ঘোৰাগাড়ীয়ে মহতিয়াই লৈ গ'ল পিয়ৰীক। থিতাতে মৃত্যুমুখত পৰে তেওঁ। গৱেষণাগাৰৰ চকীদাৰজনে দৌৰি আহি মেৰীক দুঃসংবাদটো দিলে। পাগলীৰ দৰে ৰাজপথলৈ দৌৰি গৈ পিয়েৰীৰ নিথৰ দেহটো সাৱটি লৈ কান্দিব ধৰিলে তেওঁ…।

স্বামী পিয়েৰী কুৰীৰ মৃত্যুৰ পিছত একেবাৰেই ভাঙি পৰিছিল মেৰী। অৱশ্যে কিছুদিন পিছত পদার্থ বিজ্ঞানী পল ল'জেভৰ লগত মেৰীৰ বন্ধুত্ব গঢ়ি উঠিছিল। পল ল'জেভ আছিল মেৰীৰ স্বামী পিয়েৰীৰ মৰমৰ ছাত্র। পল বিবাহিত আৰু সন্তানৰ পিতৃও। বয়সত তেওঁ মেৰীতকৈ পাঁচ বছৰমান সৰু। পল ল'জেভৰ সান্নিধ্যত যেন মেৰীয়ে পুনৰ জীৱনৰ মূল ধাৰালৈ উভতি আহিল ! সময় আগুৱাৰ লগে লগে দুই বিজ্ঞানীৰ বন্ধুত্বই প্রণয়ৰ ৰূপ ল'বলৈ আৰম্ভ কৰে।

মেৰীৰ কর্মক্ষেত্র Sorbonne Universityৰ সমীপতেই এটা ঘৰত ভাৰাতীয়া হিচাবে থাকিব লৈছিল পদাৰ্থ বিজ্ঞানী পল ল'জেভ। পৰিয়ালৰ পৰা আঁতৰত থকা নিসংগ পলৰ ভাৰা ঘৰলৈ আহি মাজে সময়ে মেৰীয়ে সময় কটাইছিলহি। মেৰীয়ে পললৈ কিছু চিঠিও লিখিছিল য'ত কিছুমান আবেগঘন অন্তৰঙ্গ বিষয়ে ঠাই পাইছিল। লাহে লাহে পলৰ স্ত্রী জেনিয়ে কথাবোৰ গম পালে।আনকি জেনিৰ হাতত মেৰীয়ে লিখা চিঠিবোৰো পৰিলহি। ক্রোধান্বিত জেনিয়ে মেৰীক যথেষ্ঠ ককৰ্থনা কৰাৰ উপৰিও হত্যা কৰাৰ ভাবুকিও প্ৰদান কৰিছিল। তাৰপিছত…… 

দুই বিজ্ঞানী পল আৰু মেৰীৰ প্ৰেম কাহিনী গোপন হৈ নাথাকিল। সকলোবোৰ তথ্য গৈ সংবাদ মাধ্যমৰ হাতত পৰিলহি। সংবাদ মাধ্যমেও ৰঙ সানি তিলটোকে তাল কৰি খবৰ কাগজত  "হট ষ্টৰী" প্ৰকাশ কৰাৰ প্ৰতিযোগিতাত নামি পৰিল। এখন সংবাদ পত্ৰই এখাপ আগুৱাই গৈ পলৰ স্ত্ৰী জেনিৰ সাক্ষাতকাৰৰ লগতে মেৰী কুৰীয়ে পললৈ লিখা এখন চিঠিও ছপা কৰিলে। ৰাজনৈতিক হাতোৰাত বন্দী খবৰ কাগজত বাতৰি ওলাল - মেৰী কুৰী ফৰাছী নাগৰিক নহয়, বৰং পোলেণ্ডৰ এগৰাকী বিদেশিনী, অহঙ্কাৰী নাৰী। আনকি মার্কিন খবৰ কাগজতো সাংবাদিক গুস্তেভো টেৰিয়ে মেৰীক আক্রমণ কৰি লিখিছিল - "আনৰ সংসাৰত জুই লগোৱা মেৰী কুৰী এগৰাকী নষ্ট নাৰী। পিয়েৰী কুৰী জীৱিত হৈ থকাৰেই পৰা মেৰী আৰু পলৰ মাজত অবৈধ সম্পৰ্ক আছিল। আৰু এই কথাবোৰ গম পাই পিয়েৰীয়ে আত্মহত্যা কৰে……!"

বাতৰি কাকতে যোগান ধৰা এই সস্তীয়া ইন্ধনবোৰে জনতাক উত্তেজিত কৰি তোলে। উত্তেজিত জনতাই মেৰী কুৰীৰ ঘৰৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰাত লাগি গ'ল। বিভিন্ন স্ল'গান আৰু অশ্রাব্য গালি গালাজেৰে মেৰী আৰু তেওঁৰ কম বয়সীয়া সন্তান কেইটিৰ জীৱন একপ্ৰকাৰ দুৰ্বিসহ কৰি তুলিলে ফ্ৰান্সৰ জনতাই।

জেনিৰ পৰা পোৱা হত্যাৰ ভাবুকি, জনতাৰ বিক্ষোভ, ভয় আৰু হতাশাই মেৰী কুৰীক বিপর্যস্ত কৰি তুলিছিল। গৱেষণা, চাকৰি সকলো এৰি ফ্ৰান্স এৰি গুছি যোৱাৰ কথাই ভাবিবলৈ আৰম্ভ কৰিছিল মেৰীয়ে। তেনেতে বিজ্ঞানী পল ল'জেভে শক্তিশালী ভূমিকা গ্ৰহন কৰি সংবাদ মাধ্যমক মুকলি প্ৰত্যাহ্বান জনালে। আনকি তেওঁ কাকতৰ সাংবাদিক টেৰিক শাৰিৰীক ভাবে যুদ্ধলৈও আহ্বান কৰিলে। মুঠতে পৰিস্থিতি অতি স্পৰ্শকাতৰ হৈ পৰিছিল। এনেবোৰ পৰিস্থিতিৰ বাবে মেৰী কুৰীয়ে দ্বিতীয়বাৰৰ বাবে নোবেল পুৰস্কাৰ লাভ কৰাৰ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰবোৰ বাতৰি কাকতত ছপাই নহ'ল। 

তেনে সময়তে ষ্টকহল্‌মৰ পৰা মেৰী কুৰীৰ হাতত পৰিলহি। চিঠিখনত লিখা আছিল যে নোবেল কমিটিয়ে মেৰী কুৰীৰ ব্যক্তিগত জীৱনৰ এই কথাবোৰ আগতে গম পালে তেওঁক দ্বিতীয়বাৰলৈ নোবেল পুৰস্কাৰ প্ৰদান নকৰিলেহেতেন। সেয়েহে ষ্টকহল্‌মৰ নোবেল বঁটা বিতৰণী অনুস্থানলৈ মেৰী কুৰীক নাহিবলৈ জনোৱা হৈছে।

হতাশাই  বিপর্যস্ত কৰি ৰখা মেৰী কুৰী এইবাৰ নোবেল কমিটিৰ ওপৰত ক্ষুব্ধ হৈ পৰিল। তেওঁ লগে লগেই চিঠিখনৰ উত্তৰত নোবেল কমিটিলৈ লিখিলে, "মহাশয়, এই নোবেল প্রাইজটো মোক দিয়া হৈছে পোলোনিয়াম আৰু ৰেডিয়াম আবিষ্কাৰৰ বাবে। আপোনালোকে নিশ্চয় এইটো জানে যে মোৰ গৱেষণা আৰু মোৰ ব্যক্তিগত জীৱনৰ মাজত কোনো সম্পর্ক নাই। মোৰ বিৰুদ্ধে কুৎসা ৰচনা কৰি মোৰ গৱেষণাৰ মূল্যায়নত প্ৰভাব পেলাবলৈ আপোনালোকে কৰা এই প্ৰচেষ্টা অতি নিন্দনীয় আৰু নীতিগত ভাবেই ষ্টকহল্‌মৰ নোবেল বঁটা বিতৰণী অনুস্থানলৈ মোক নেযাবলৈ আপোনালোকে যি আহ্বান জনাইছে তাক মই প্ৰত্যাখ্যান কৰিছোঁ আৰু যথা সময়ত মই অনুস্থানত উপস্থিত হৈ নিজ হাতেৰেই নোবেল বঁটাটো গ্ৰহন কৰিম।"

ষ্টকহল্‌মৰ নোবেল বঁটা বিতৰণী অনুস্থানলৈ মেৰী গৈছিল আৰু নিজ হাতেৰে দ্বিতীয় বাৰলৈ নোবেল বঁটাটোও গ্ৰহন কৰিছিল। তদুপৰি বঁটা হাতত লৈ তেখেতে দিয়া বক্তৃতাত স্পষ্টভাবে ব্যাখ্যা কৰিছিল  যে এই বঁটাটো জ্ঞান, সাধনা, ত্যাগ আৰু কামৰ বিনিময়ত দিয়া হৈছে। লগতে তেওঁ গৱেষণাৰ সময়ত তেওঁৰ স্বামী পিয়েৰীৰ মূল্যবান অৱদান খিনিৰ বিষয়েও উল্ল্যেখ কৰে। 

দ্বিতীয়বাৰ নোবেল বঁটা লৈ ওভটাৰ পিছত অসুস্থ হৈ চিকিৎসালয়ত ভর্তি হ'ব লগা হয় মেৰী। তেজস্ক্রিয় পদার্থৰ ওপৰত মাত্রাধিক কাম কৰাৰ ফলত তেওঁৰ দেহত বিভিন্ন উপসৰ্গই দেখা দিছিল। মেৰীৰ অসুস্থতাৰ খৱৰ সংবাদ মাধ্যমৰ পৰা গোপনে ৰখা হৈছিল। কিন্তু আহুকানে পহুকানে খৱৰ গৈ সংবাদ মাধ্যম পালেগৈ। এইবাৰ খৱৰ ওলাল যে মেৰী গর্ভৱতী। তেওঁ ল'জেভৰ অবৈধ সন্তানৰ মাতৃ হ'বলৈ ওলাইছে ! সংবাদ মাধ্যমৰ এনে বাতৰিবোৰে মেৰীক যথেষ্ঠ মনোকষ্ট দিছিল আৰু তেওঁ চূড়ান্ত ভাৱে ডিপ্রেচনত ভূগিবলৈ আৰম্ভ কৰিছিল। আনকি তেওঁ আত্মহত্যাৰ চেষ্টাও কৰিছিল। ইতিমধ্যে জেনিৰ লগত পলৰ আইনী বিচ্ছেদ হৈছিল যাৰবাবে মেৰীয়ে কিছু অপৰাধ বোধতো ভূগিছিল। অৱশ্যে পলৰ লগত তেওঁৰ বন্ধুত্ব অটুট আছিল। 

সমাজৰ বিভিন স্তৰৰ বাধা নেওচি বিশেষকৈ সেই সময়ৰ ফ্ৰান্সৰ কট্টৰ পুৰুষতান্ত্রিক সমাজৰ কুৎসা সাহসেৰে অতিক্ৰম কৰি এই গৰাকী মহিয়সী নাৰীয়ে বাধাক বুঢ়া আঙুলি দেখুৱাই অবিৰত ভাৱে আগবাঢ়ি গৈছিল নিজৰ কৰ্মক্ষেত্ৰত। ১৯৩৪ চনৰ ৪ জুলাই তাৰিখে তেজস্ক্ৰিয়তাৰ প্ৰভাৱত হোৱা aplastic anemia নামৰ জটিল ৰোগত আক্ৰান্ত মেৰী কুৰী পৰলোক গামী হয়। মেৰী কুৰী বিজ্ঞানৰ জগতখনত এগৰাকী মহান বিজ্ঞানী হিচাবে চিৰকাল অমৰ হৈ ৰ'ব।
                       ©️প্ৰণৱজ্যোতি দাস©

No comments:

Post a Comment