Tuesday 24 March 2020

অতৃপ্ত সপোনৰ মেতমৰা বোজাবোৰ


সেয়া মোৰ সোণালী শৈশৱৰ কথা। মায়ে হাতখন মোৰ মুৰত থৈ আশীর্বাদ দি কৈছিল : "ভালদৰে পঢ়া-শুনা কৰা, ভাল মানুহ হ'ব লাগিব৷ তাতোকৈয়ো ডাঙৰ কথাটো হ'ল জীৱনত সফল হ’ব লাগিব……।" দেউতাই আনি দিয়া নতুন কিতাপৰ গোন্ধটো গভীৰভাৱে বুকুলৈ টানি নি অনুভৱ কৰিবলৈ চেষ্টা কৰো যে এই পাঠ্যপুথি বোৰৰ মাজতেই ক'ৰবাত হয়তো লুকাই আছে সফল হোৱাৰ গোপন মন্ত্ৰ। 

গৰমৰ বন্ধত ককাহঁতৰ ঘৰলৈ গ'লে চোতালত বহি মোৰ নিৰক্ষৰ আইতাই প্ৰায়েই মোক শুনাইছিল নীতি বচনেৰে ভৰা সাধুকথাবোৰ। সাধুবোৰ শেষ হোৱাৰ পিছত মায়ে সুধিছিল : সাধুটোৰ পৰা কি বুজি পালা? পাকে প্ৰকান্তৰে মায়ে মোক বুজাবলৈ চেষ্টা কৰিছিল সাধুটোৰ মাজত লুকাই থকা গূঢ়াৰ্থখিনি। উদ্দেশ্য মোক সফল হোৱাৰ দিশত আগবঢ়াই নিয়া।

স্কুলত হেডচাৰে অঙ্কৰ কিতাপখন সামৰি থৈ হাতত সৌকাডাল লৈ গলগলীয়া মাতেৰে প্ৰায়েই কৈছিল : ভালদৰে পঢ়িবি। হাতৰ আখৰবোৰ ভাল কৰিবি। সেই সময়ত চেকনিৰ আগত বিদ্যা আছিল। স্বীকাৰ কৰিবই লাগিব যে আমাৰ দৰে নিম্ন বুদ্ধিৰ ছাত্ৰবোৰৰ বাবে সেই ব্যৱস্থাটো বৰ জৰুৰীও আছিল। সেই সৌকাৰ কোববোৰতেই যেন লুকাই আছিল "মানুহ হোৱা" ভৱিষ্যতৰ একাজঁলি প্ৰতিশ্ৰুতি। ভূগোলৰ চাৰ আৰু মৌখিকৰ চাৰ শ্ৰেণীলৈ আহিলৈ সৌকা দাল লগত আহিবই। আঠুকঢ়া, কাণত ধৰা, বেঞ্চৰ ওপৰত থিয় হোৱাবোৰতো আছেই।

তেতিয়া পঞ্চম শ্ৰেণীত। প্ৰথমবাৰলৈ পাঠ্যক্ৰমত ইংৰাজী বিষয়টো আহিল। ইংৰাজী বৰ্ণমালাৰ লগত চিনাকী পৰ্ব চলি আছিল। চাৰে শিকোৱাৰ দৰে ইংৰাজী বৰ্ণমালাৰ আখৰবোৰ কোনোমতেই ভাল কৰিব পৰা নাই। চেষ্টা নকৰাও নহয়। চাওঁতে চাওঁতে ছয়মাহিলী পৰীক্ষাৰ সময়েই হ'ল। এদিনাখনৰ কথা। চাৰে "হোমৱৰ্ক" দিছিল। নিয়মমাফিক কৰিও আনিছিলোঁ। বহীখন জমা দি শ্ৰেণীত বহি আছো। কিছুপৰ পিছত হঠাতেই এহাতত মোৰ বহীখন আৰু আনখন হাতত সৌকাডাল লৈ চাৰে গৰ্জন কৰি উঠিল : উঠি আহ,  এইবোৰ কাৰ মুৰ লিখিছ? ইতিমধ্যে মই বুজি উঠিছিলোঁ যে আজি নিস্তাৰ নাই…। 

ভৰিত এচাত দি বহীখনৰ পিনে সৌকাডালেৰে টোঁৱাই চাৰে ক'বলৈ ধৰিলে : এইবোৰ আখৰ নেকি? তোৰ মুৰটো লিখি আনিছ। খঙৰ ভমকত চাৰে খিৰিকীৰে মোৰ বহীখন দলিয়াই দিলে। বহীখন গৈ স্কুলৰ চৌহদৰ বাহিৰৰ ঢেকীয়াৰ মাজত পৰিলগৈ। লেইজাৰত মই জেওঁৰা পাৰ হৈ ঢেকীয়াৰ মাজৰ পৰা ইংৰাজীৰ বহীখন উঠাই আনিছিলোগৈ। চাৰৰ প্ৰতি কোনোদিনেই মোৰ শ্ৰদ্ধা কমি যোৱা নাছিল। আজি অৱশ্যে মোৰ ইংৰাজীৰ লগতে অসমীয়া হাতৰ আখৰবোৰ ভাল বুলি সকলোৱে কয়। তাৰ সমস্ত কৃতিত্ব চাৰৰ। ইয়াত মোৰ কোনো কৃতিত্ব নাই।

দিনবোৰ পাৰ হৈ গ’ল। সময়ৰ সোঁতত আইতাও এদিন এই পৃথিৱীখন এৰি গুচি গ’ল৷ পুৰণি এলবামত থকা আইতাৰ ফটোখন দেখিলে মনত পৰে তেওঁৰ সেই সাধুকথাবোৰলৈ৷ স্কুলীয়া দিনৰ হেডচাৰো স্বৰ্গগামী হ'ল। সময়ৰ কঠিন হাতে মোৰ মা আৰু দেউতাকো স্পৰ্শ কৰিছে। আজি পঞ্চাশৰ দেওঁনা অতিক্ৰম কৰি মই প্ৰায়েই অনুভৱ কৰিব চেষ্টা কৰো তাহানিতে দেউতাই দোকানৰ পৰা আনি দিয়া নতুন পাঠ্যপুথিৰ সেই আমোলমোল গোন্ধটো, মায়ে মোৰ মুৰত আঁকি দিয়া তেওঁৰ হাতৰ সেই কোমল ঐশ্বৰীক স্পৰ্শটো, হেডচাৰৰ সেই গলগলীয়া মাতটো অথবা স্কুলীয়া দিনৰ সৌকাৰ কোবকেইটা……। প্ৰতিটোৰ মাজতেইতো লুকাই আছিল মোক "মানুহ" হিচাবে গঢ় দিয়াৰ একান্ত প্ৰয়াস। 

এতিয়া আজৰি পৰত প্ৰায়েই অতীতলৈ ঘূৰি যাওঁ। আচলতে স্মৃতিয়ে আমনি কৰে। অতীতৰ মাজত হেৰাই নগৈ নিজকে প্রশ্ন কৰোঁ, - মায়ে আশাকৰাৰ দৰেই জীৱনত বাৰু সফল হ’লোঁ নে? হেডচাৰৰ কথাবোৰ মই ৰাখিব পাৰিলোঁনে? আইতাৰ সাধুবোৰ বাৰু অথলেই গ'ল নেকি? আৰু কিমান দূৰ আগুৱাই গ’লে বাৰু মানুহ সফল হয়? সফলতাৰ সংজ্ঞাই বা কি?

সাধাৰণ অৰ্থত সফল মানুহ বুলিলে টনকিয়াল আৰ্থিক অৱস্থা, ঘৰ, মাটি, গাড়ী ইত্যাদি বহুতো স্থাৱৰ-অস্থাৱৰ সম্পত্তি, সামাজিক প্ৰতিপত্তি, পিন্ধন-উৰণ, চাল-চলন আৰু সামগ্ৰিক জীৱন শৈলীত ফুটি উঠা সম্ভ্ৰম ইত্যাদিৰ অধিকাৰী হৈ উঠিব পাৰিলেই সফল মানুহ। কিন্তু হোমেন বৰগোহাঞিদেৱে লিখিছিল যে সফলতাই মানুহৰ ব্যক্তিত্বৰ পৰম মানদণ্ড হʼব নোৱাৰে। মানুহৰ গুণসমূহ যেনে সততা, কৰ্মনিষ্ঠা, সাহস, দয়া, ক্ষমা,  পৰোপকাৰিতা ইত্যাদিবোৰ যদি মানুহৰ ধনাত্মক পৰিচয় হয়, তেন্তে তেওঁ হয়তো এজন সফল ব্যক্তি। সফল মানুহ সেইজনহে, যিয়ে আনৰ জীৱনত জ্ঞাত বা অজ্ঞাতভাৱে হʼলেও ধনাত্মক প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। 

দেউতাই কৈছিল : "সফল হʼবলৈ জীৱনত এটা লক্ষ্য থকাটো অনিবাৰ্য্য। লক্ষ্য নোহোৱাকৈ সফলতাৰ কথা চিন্তা কৰাতো অবান্তৰ। আনহাতে লক্ষ্যত উপনীত হ'বলৈ লাগিব ঐকান্তিক চেষ্টা। জীৱনত যদি কোনো লক্ষ্যই নাথাকে তেন্তে সেই জীৱন এক দুখজনক অপব্যয় মাথোন……।"

এৰা, দেউতাই থিকেই কৈছিল। লক্ষ্য থিৰ কৰি লৈছিলোঁ। হয়তো চেষ্টাত কোনো ক্ৰুটি ৰৈ গ'ল। যিকোনো ক্ষেত্ৰতে লক্ষ্য সদায়েই প্ৰত্যাহ্বাণপূৰ্ণ। এই প্ৰত্যাহ্বাণে মানুহৰ আভ্যন্তৰীণ শক্তিক জাগৃত কৰি তেওঁক শক্তিমন্ত কৰি তুলিব পাৰিব লাগিব। হয়তো প্ৰত্যাহ্বাণৰ সন্মূখত মই হাৰি গ'লো। সম্ভাৱনাৰ মৰীচিকাৰ পিছত দৌৰি দৌৰি মই যেন পথভ্ৰষ্ট হ'লো। দেউতাই সাৱধানত বাণীত কোৱাৰ দৰেই জীৱনটো কিজানি দুখজনক অপব্যয়লৈ পৰ্যবেশিত হ'ল।

কেতিয়াবা নিজকে সান্তনা দিওঁ যে মই জীৱনৰ লক্ষ্য বুলি দৰাচলতে মোৰ আকাংক্ষা বোৰকেই থিৰ কৰি লৈছিলোঁ আৰু জীৱনকালত সেই আকাংক্ষা বোৰকেই পূৰ্ণ কৰিব খুজিছিলোঁ। মোৰ অপৰিপক্ক শৈশৱকালৰ সেই আকাংক্ষা সমূহকেই জীৱনৰ লক্ষ্য হিচাপে থিৰ কৰি লোৱাতোৱেই মোৰ জীৱনৰ সবাতোকৈ ডাঙৰ ভুল আছিল। 

কোনোবা এজনে কৈছিল সফলতা অথবা বিফলতা বিচাৰ কৰিবলৈ সময় নথকাটোৱেই হ’ল মানুহৰ জীৱনৰ সফলতা৷ পোৱা-নোপোৱাৰ হিচাপবোৰ কৰি নেথাকি কাম কৰি আগুৱাই যাব পৰাতোৱেই জীৱনৰ প্ৰকৃত সফলতা৷ মই জানো - দৰচলতে মই নিজকে ফাঁকি দি সান্তনা লভাৰ প্ৰয়াস কৰিছোঁ। তাৰ প্ৰধান কাৰণ হ'ল জীৱনত সফলতাৰ সলনি কেৱল বিফলতাৰ সতেহে মই মোকাবিলা কৰি আহিছোঁ অহৰহ। মই জানো যে যিকোনো কামৰ আৰম্ভণিতেই ব্যর্থতা অহাতো খুবেই স্বাভাবিক। জীৱনটো যেনেকৈ পুষ্পশয্যা নহয় তেনেকৈ জীৱনত সফলতা লাভৰো কোনো চমু পথ নাই। মোৰ জীৱনৰ দীঘলীয়া বিফলতাৰ তালিকাখনে অৱশ্যেই মোক জোকাৰি যায়। সঘনে মোক ব্যতিব্যস্ত কৰি ৰাখে। তেনে কঠিনতম সময়বোৰত মোৰ দুচকুত ভাঁহি উঠে প্ৰতিজন শুভাকাংক্ষীৰ ছৱি যিসকলে মোক "মানুহ" হিচাবে গঢ় দিবলৈ অহৰহ চেষ্টা কৰিছিল। শৈশৱৰ পৰা সদায়েই মোক সফল হিচাবে গঢ় দিবলৈ চেষ্টা কৰি অহা মোৰ শিক্ষাগুৰু সকলৰ ঐকান্তিক প্ৰচেষ্টাবোৰ, দেউতাৰ চকুৰ আশাভৰা আকুল চাঁৱনিটো, আইতাৰ সাধুকথাবোৰ অথবা মাৰ হাতৰ সেই ঐশ্বৰীক পৰশত লাগি থকা প্ৰেৰণাময় আশীষবোৰৰ ওচৰত আজি মই কিদৰে ক্ষমা খোজো বাৰু ?

No comments:

Post a Comment