Friday 27 March 2020

দুগৰাকী বৰেণ্য ব্যক্তিৰ শৈশৱৰ ঘটনাটো


স্কটলেণ্ডৰ এখন সৰু গাওঁ লকফিল্ড। সেই গাওঁ খনতেই হিউ ফ্লেমিং নামৰ এজন দুখীয়া খেতিয়কৰ ঘৰত ১৮৮১ চনৰ ৬ আগষ্টত জন্ম হৈছিল এটি বালকৰ। পিতৃ মাতৃয়ে মৰমতে নাম দিলে "এলেক্স"। মাত্ৰ সাত বছৰ বয়সতেই এলেক্সে তেওঁৰ দেউতাকক হেৰুৱায়। দাৰিদ্রতাই জুমুৰি দি ধৰা পৰিয়ালটিৰ ল'ৰা এলেক্স প্ৰাথমিক শিক্ষাৰ বাবে কোনো ৰকমে স্কুললৈ অহাযোৱা কৰি আছিল। পিন্ধিবলৈ কাপোৰৰ অভাৱৰ বাবে মাজে সময়ে এলেক্সে স্বৰ্গগামী দেউতাকৰ চিন স্বৰূপ হাফপেণ্টটোৱেই কঁকালত ৰচীৰে বান্ধি স্কুললৈ যাবলগীয়া হয়। পিছে, এনেদৰে আৰু কিমান দিন ! চূড়ান্ত আৰ্থিক দুৰাৱস্থাৰ বাবেই এলেক্সে এদিন বিদ্যালয়লৈ যোৱা বন্ধ কৰিবলৈ বাধ্য হ'ল। তাৰ সলনি এলেক্স খুড়াকৰ লগত খেতি পথাৰলৈ যায়।

এদিনৰ কথা। খুড়াকৰ সতে পথাৰত এলেক্স ব্যস্ত হৈ আছিল। তেনেতে তেওঁলোকৰ কাণত পৰিল কোনো অচিনাকী বালকৰ এক আৰ্তস্বৰ। দুয়ো মন কৰিলে যে চিঞৰটো ওচৰৰে পুখুৰীটোৰ দিশৰ পৰাই আহিছে। "বচোৱা, বচোৱা" বুলি কাতৰ ভাৱে চিঞৰিছে বালকজনে।

পথাৰৰ পৰা ৰুদ্ধশ্বাসে দৌৰি আহিল দুয়ো। পুখুৰীৰ ওচৰলৈ গৈ তেওঁলোকে দেখা পালে যে এলেক্সৰ সমবয়সীয়া এজন ল'ৰা পুখুৰীৰ এডিঙি পানীত পৰি ককবকাই আছে। ভয়াৰ্ত বালকজনে প্ৰাণেপণে নিজকে বচাবৰ বাবে প্ৰয়াস কৰিছে। কিন্তু তেওঁ নিজকে বচাব পৰা নাই। ধীৰে ধীৰে তেওঁ পুখুৰীৰ পানীত ডুবি যাব ধৰিছে। মৃত্যুৰ পৰা বাচিবলৈ তেওঁ যুঁজ দি দি ক্ৰমে যেন অসাৰ হৈ পৰিছে। পুখুৰীৰ পাৰত চৌখিন পোচাক পৰিধান কৰা আন এজন ব্যক্তিয়েও বালকজনক বচাবলৈ কাতৰে আৰ্তনাদ কৰি আছে। 

অপৰিচিত ব্যক্তিজনে কাতৰ স্বৰে এলেক্সৰ খুড়াকক ক'বলৈ ধৰিলে : অনুগ্ৰহ কৰি তেওঁক বচাওঁক। মই সাতুৰিব নেজানো। 

যেন সম্বিত ঘূৰাই পালে এলেক্সৰ খুড়াকে। এক মূহুৰ্তও পলম নকৰি তেওঁ পুখুৰীৰ পানীত জপিয়াই  পানীত ডুবিবলৈ ধৰা বালকজনক উদ্ধাৰ কৰি পুখুৰীৰ পাৰলৈ লৈ আহিল। এলেক্সে তেওঁৰ পেটটো হেচুকি মুখেৰে পানীবোৰ উলিয়াই দিলে। এক নিশ্চিত মৃত্যুৰ পৰা হাত সাৰি অহা বালকজনৰ চকুৱে মুখে তেতিয়াও অজান ভয়ৰ ছাপ পৰিষ্কাৰ। বালকজনৰ লগত অহা চৌখিন পোচাক পৰিধান কৰা লোকজনে এলেক্স আৰু তেওঁৰ খুড়াকৰ নাম ঠিকনাবোৰ লৈ ধন্যবাদ জনাই গুছি গ'ল।

ঠিক তাৰ পিছদিনা এলেক্সহঁতৰ ঘৰৰ সন্মুখত ৰ'লহি এখন বিলাসী ঘোৰাগাড়ী। ঘোৰাগাড়ী খনৰ পৰা প্ৰথমে নামি আহিল অস্ত্ৰশস্ত্ৰৰে সজ্জিত এজন গাৰ্ড। গাৰ্ডজনে ঘোৰাগাড়ীৰ দৰ্জাখন মেলি এক বিশেষ ভঙ্গীমাৰে থিয় হোৱাৰ পিছতেই নামিল পৰিষ্কাৰ পোচাক পৰিধান কৰা এজন সম্ভ্রান্ত ভদ্রলোক। দুয়ো গাড়ীখনৰ পৰা নামি এলেক্সহঁতৰ ঘৰৰ জপনা পাৰ হৈ চোতাল পালেহি। এলেক্সহঁতৰ পৰিয়ালৰ মানুহবোৰ হতভম্ব। 

ভদ্ৰলোকজনে অত্যন্ত বিনয়েৰে সুধিলে : পুখুৰীৰ পানীৰ পৰা ল'ৰাজনক কালি আপোনালোকেই উদ্ধাৰ কৰিছিল, নহয়নে?

ভয় আৰু আশংকাৰে সন্মতিসূচক ইংগিত এটাৰে মুৰটো দুপিয়ালে এলেক্সৰ খুড়াকে।

ভদ্ৰলোকজনে ক'বলৈ ধৰিলে : সেই ল'ৰাজন মোৰেই সন্তান। আপনালোকৰ ওচৰত মই চিৰ কৃতজ্ঞ। আপোনালোকে যি উপকাৰ কৰিল, তাৰ প্রতিদান দিবলৈ মোৰ একোৱেই নাই। তথাপি মই আনন্দিত হ'ম যদি আপোনালোকক কিবা সহায় কৰিব পাৰো।

অতি আধ্যৱন্ত এনে এজন মানুহ দুখীয়া কৃষকৰ পঁজাত দেখি ভয় আৰু বিস্ময়ত বিতত হৈ পৰা এলেক্সহঁত নিশ্চুপ হৈ পৰিছিল। কোনোমতে সাহস গোটাই এলেক্সৰ খুড়াকে ক'লে : মহাশয়, আমি যি কৰিছো তাৰ কোনো প্রতিদান আমি নিবিছাৰো। ল'ৰাজনক ৰক্ষা কৰাতো মোৰ কৰ্তব্য আছিল। তাৰবাবে আমি আপোনাৰ পৰা একো নিবিছাৰো।আশাকৰো আপুনি আমাক ক্ষমা কৰিব।

এনেতে ভদ্ৰলোকজনৰ চকুত পৰিল ওচৰতে ৰৈ থকা তেওঁৰ ল'ৰাৰ সমবয়সীয়া এলেক্সৰ ওপৰত। তেখেতে সুধিলে, "এইজন আপোনাৰ ল'ৰা?"

এলেক্সৰ দেউতাকৰ মৃত্যুৰ পিছত নিসন্তান খুড়াকে এলেক্সক বৰ মৰমেৰে ডাঙৰ কৰিছিল। তেওঁ এলেক্সক নিজৰ ওচৰলৈ টানি আনি সাৱটি ধৰি ক'লে, "হয়, এলেক্স মোৰেই ল'ৰা।"

ভদ্ৰলোকজনৰ মুখত এটা হাহি বিৰিঙি উঠিল। তেওঁ ক'লে : আপুনি মোৰ এটা কথা ৰাখিব লাগিব। আপোনাৰ এই ল'ৰাটোক মই নিজৰ লগত ৰাখি পঢ়াশুনাৰ সমস্ত দায়িত্ব ল'ম। তাক চহৰৰ ভাল স্কুলত মোৰ ল'ৰাৰ লগত একেলগে পঢ়িবলৈ সুবিধা কৰি দিম। চাব, এদিন আপোনাৰ ল'ৰা খুব ভাল হব। হয়তো এদিন তাকলৈ গৌৰৱ কৰিব পাৰিব।"

ভদ্ৰলোকৰ কথা শুনি এলেক্স আৰু মাকৰ চকুত আনন্দৰ ভাৱ ফুটি উঠিছিল। এলেক্সৰ খুড়াকেও তেওঁলোকৰ চকুত ফুটি উঠা আনন্দৰ চিন ভালদৰেই বুজি পাইছিল। খুড়াকে ভদ্ৰলোকৰ কথাত মান্তি হোৱাত এলেক্স ভদ্ৰলোকজনৰ লগত গুছি গ'ল।

ভদ্ৰলোকজনেও তেওঁৰ কথা ৰাখি এলেক্সক নিজৰ ল'ৰা উইনষ্টনৰ লগত একেখন স্কুলতে নাম লিখি দিলে। কালক্ৰমত দুয়ো বৰ ভাল বন্ধুও হৈ পৰিল। বিদ্যালয়ত এলেক্সৰ ৰাপ বিজ্ঞান আৰু উইনষ্টনৰ ৰাপ কলা বিষয়ত। দুয়োজনেই পঢ়াশুনাতো ভাল। যথা সময়ত এলেক্সে বিদ্যালয়ৰ শিক্ষা সুখ্যাতিৰে সাং কৰি এজন চিকিৎসক হোৱাৰ আশাৰে লণ্ডনৰ চেইন্ট মেৰিজ হস্পিতাল মেডিকেল কলেজত আৰু উইনষ্টনে সেনাবাহিনীত যোগ দিয়াৰ আশাৰে লণ্ডনৰ হাৰাও ৰাইফেল কর্পোৰেশনত নামভৰ্তি কৰে।

পৰবর্তী সময়ত এলেক্সে সমগ্ৰ বিশ্বকে প্ৰথম এণ্টিবায়টিক "পেনিচিলিন" আৱিষ্কাৰেৰে ধন্য কৰি গ'ল। এই দুখীয়া কৃষকৰ সন্তান এলেক্সেই হ'ল নোবেল বঁটা বিজয়ী চিকিৎসা বিজ্ঞানী চাৰ আলেকজেণ্ডাৰ ফ্লেমিং। আৰু পুখুৰীৰ পানীত ডুবিবলৈ ওলোৱা অভিজাত পৰিয়ালৰ ল'ৰাজনেই হ'ল ইউনাইটেড কিংডমৰ প্ৰধান মন্ত্ৰী তথা নবেল বঁটা বিজয়ী সুলেখক চাৰ উইনষ্টন চার্চিল।

{Based on an Urban Myth}
উৎস : Internet

No comments:

Post a Comment