Friday 13 March 2020

ভিন্নগ্ৰহৰ প্ৰাণী, বৰিস্কা ইত্যাদি


২৩ বছৰীয়া এজন ৰাচিয়ান জাতিস্মৰ বালক। নাম ব'ৰিস্কা কিপ্রিয়ানোভিচ। তেওঁ দাবী কৰিছে যে তেওঁ প্ৰকৃততে মঙ্গল গ্রহৰ বাসিন্দা। ২০০৮ চনত মুক্তি লাভ কৰা ''বৰিস্কা : দ্যা ইণ্ডিগো বয় ফ্রম মাৰ্চ'' নামৰ এখন তথ্যচিত্ৰৰ মাধ্যমত বৰিস্কাৰ ঘটনাটো প্রথমবাৰলৈ বিশ্ববাসীৰ সন্মুখত উপস্থাপন হয়। চৌদিশে হৈ চৈ লাগিল। তাৰমানে বৰিস্কা কি সঁচাকৈয়ে এজন ভিন্নগ্ৰহৰ প্ৰাণী, এজন এলিয়েন? 

এলিয়েন (Aliens) বুলিলে আমি ভিন্ন এখন মহাজগতৰ বা অন্য কোনো গ্ৰহৰ প্রাণী বুলিয়েই বুজো। অনেকেই ভিনগ্রহৰ প্রাণী বুলিলে কিন্তু মানুহৰ আকৃতিৰ প্রাণী বুলিয়েই ধাৰণা কৰিলেও এইবোৰ যিকোনো আকৃতিৰ প্রাণী বা উদ্ভিদ হ'ব পাৰে। ভিন্ন জগতৰ প্ৰাণীবোৰ একোটা সূক্ষ্ম অনুজীৱও হ'ব পাৰে অথবা সেইবোৰ আমাৰ দৰে কাৰ্বনযুক্ত জৈৱযৌগৰে গঠিত নহৈ ছিলিকন জাতীয় পদাৰ্থৰে তৈয়াৰী জীৱও হ'ব পাৰে। তাতোকৈ ডাঙৰ কথাটো হ'ল এই প্ৰাণীবোৰক জীৱন ধাৰণৰ বাবে অক্সিজেন বা পানীৰ প্ৰয়োজন নহ'বও পাৰে। 

যিশুখ্রীষ্টৰ জন্মৰ প্ৰায় ছয়শ বছৰ আগতে দাৰ্শনিক তথা গণিতজ্ঞ থেলচে (Thales) সর্বপ্রথমে বহিঃবিশ্বৰ গ্রহৰ বুকুত প্রাণৰ ধাৰণাৰটো পোষণ কৰিছিল। তেওঁৰ মতে দৃশ্যমান গ্রহ সমূহৰ উপৰিও অন্য কোনো জীৱন বহুল জগত এখন নিশ্চয় আছে। দাৰ্শনিক পুটার্চৰ মতে জোনবাইৰ দেশ স্বর্গৰ দেৱতা সকলৰ আবাস ভূমি! অনুৰূপভাবে মধ্যযুগৰ জ্যোতির্বিদ সকলেও পৃথিৱীৰ উপৰিও অন্যান্য গ্রহত জীৱনৰ কল্পনা কৰি সেই কল্পিত জগতৰ লগত যোগাযোগ স্থাপনৰ নিৰন্তৰ প্রয়াস কৰিছিল।

বিখ্যাত গণিতজ্ঞ গাউচে চাইবেৰীয়াৰ ঘন অৰণ্যত বৃক্ষৰ সহায়ত এটি অতিকায় ত্রিকোণীয় আকৃতি তৈয়াৰ কৰি অন্য গ্রহৰ অধিবাসী সকলক আকৃষ্ট কৰাৰ বাবে আঁচনি প্ৰস্তুত কৰিছিল। জে. জে. ভন লিট্রোৱে আকৌ চাহাৰা মৰুভূমিত জ্যামিতীয় পদ্ধতি অনুসৰণ কৰি সুবৃহৎ আকৃতিৰ নলা তৈয়াৰ কৰি তাত নিশা ডাঙৰ জুই জ্বলাই আন গ্ৰহৰ প্ৰাণীলৈ সংকেত প্ৰেৰণ কৰাৰ প্ৰস্তাৱ দাঙি ধৰিছিল। একেদৰে দিনৰ বেলিকা অতিকায় অৱতল দাপোন ব্যৱহাৰ কৰি সূৰ্যৰ ৰশ্মি চৌদিশে প্ৰতিফলিত কৰি বহিঃগ্ৰহৰ প্ৰাণীৰ লগত সংযোগ স্থাপন কৰাৰ প্ৰচেষ্টাও চলিছিল প্ৰায় পাঁচশ বছৰ আগলৈকে। এনেদৰেই প্রাচীন আৰু মধ্যযুগীয় দার্শনিক সকলে বহিঃজগতৰ লগত সংযোগ স্থাপনৰ একানপতীয়া প্রচেষ্টা কৰিছিল।

ইয়াৰ পিছতেই আধুনিক যুগত ভিনগ্রহৰ প্রাণীৰ সন্ধানত নামি পৰে আধুনিক বিজ্ঞানৰ মনীষী সকল। পৃথিৱীৰ পৰা মহাকাশলৈ আৰম্ভ কৰা হয় বিভিন্ন অভিযান। এইবোৰৰ ভিতৰত উল্লেখযোগ্য হ'ল 1960 চনত স্থাপন হোৱা SETI বা Search for Extraterrestrial Intelligence নামৰ প্ৰতিষ্ঠানটো। SETIৰ প্রতিষ্ঠাপক হ'ল প্ৰখ্যাত জ্যোতির্বিজ্ঞানী ফ্রাঙ্ক ড্রেক। এই প্ৰতিষ্ঠানৰ বিজ্ঞানী সকলে বেতাঁৰ তৰঙ্গ ব্যবহাৰ কৰি পৃথিৱীৰ পৰাই ভিনগ্রহৰ প্রাণীৰ সন্ধান কৰে। বর্তমান পৃথিৱীৰ কেইবাখনো দেশত SETIৰ কার্যক্রমনিকা পৰিচালিত হৈ আছে। ভিনগ্রহৰ প্রাণী সম্পর্কে গাণিতিক, যুক্তিগত অথবা বিশ্বাসগত- কাৰণ যিয়েই নহওক কিয়, গৱেষক সকল সদায়েই আকৰ্ষিত হৈ আহিছে বহিঃজগতত প্রাণৰ অস্তিত্ব সম্বন্ধে।

NASAৰ বিজ্ঞানী সকলেও বহিঃবিশ্বত প্ৰাণৰ সন্ধান অব্যাহত ৰাখি জোনবাইৰ উপৰিও মংগল, বৃহস্পতি, শনি গ্ৰহৰ লগতে বৃহস্পতি আৰু শনিৰ উপগ্ৰহবোৰতো বিভিন্ন অভিযান চলাইছে। কিন্তু দুখৰ বিষয় এই যে এতিয়ালৈকে এই অভিযান সমূহে আমালৈ কঢ়িয়াই আনিব পৰা নাই বহিঃবিশ্বৰ প্ৰাণৰ বতৰা। তথাপিও যেন ক্লান্ত নহয় আমাৰ বিজ্ঞানী সকল! বিজ্ঞানী সকলে বিশ্বব্ৰহ্মাণ্ডৰ বিভিন্ন গ্ৰহ- উপগ্ৰহ সমূহত ইতিমধ্যে জীৱনৰ বাবে প্ৰয়োজনীয় বাতাবৰণৰ সম্ভেদ পাইছে আৰু ইয়াৰ ওপৰত ভিত্তি কৰি তেখেতসকলে বহিঃবিশ্বত জীৱনৰ সম্ভাৱনাৰ কথা অস্বীকাৰ কৰা নাই। ব্ৰহ্মাণ্ডৰ বিশালতাৰ মাজত জীৱন বিচাৰিহে পোৱা নাই। এইটো সত্য যে বিচাৰি নোপোৱা মানেই জীৱনৰ অনুপস্থিতি নুবুজায়। বিজ্ঞানী স্টিফেন হকিঙেও বহিঃবিশ্বত জীৱন আছে বুলিয়েই বিশ্বাস কৰি আহিছে।

সৌৰজগতৰ বাহিৰত কোনো তাৰকাৰ চৌদিশে পৰিভ্ৰমণ কৰি ফুৰা অগণন বাসোপযোগী গ্ৰহৰ সন্ধান কৰি বৰ্তমান বিজ্ঞানীসকল ব্যস্ত এই গ্ৰহবোৰত প্ৰাণৰ স্পন্দন বিচাৰি। বিজ্ঞানী সকল উৎসাহী। তেওঁলোকৰ মতে এই বিশাল বিশ্বব্ৰহ্মাণ্ডৰ বুকুত ক'ৰবাত নহয় ক'ৰবাত লুকাই আছে জীৱনৰ অস্তিত্ব। 

পুনৰ উভটি আহিছো ২৩ বছৰীয়া ৰাছিয়ান যুৱক বৰিস্কাৰ কাহিনীটোলৈ। ২০০৮ চনত মুক্তি লাভ কৰা ''বৰিস্কা : দ্যা ইণ্ডিগো বয় ফ্রম মাৰ্চ'' নামৰ এখন তথ্যচিত্ৰখনে সমগ্ৰ বিশ্বতেই তোলপাৰ সৃষ্টি কৰাৰ সময়তে সংবাদ মাধ্যম, টেলিভিছন, বিভিন্ন পত্ৰিকাবোৰৰ লগতে বিজ্ঞান সমাজো বৰিস্কাক লৈ ব্যস্ত হৈ পৰিল। পিছে, কোন এই বৰিস্কা? 

১৯৯৬ চনত ৰাচিয়াৰ ভ'লগ্র'গ্রাড অঞ্চলৰ ভ্লযাই চহৰত বৰিস্কাৰ জন্ম। পৰিয়ালটোৰ পাঁচ গৰাকী ভাই ভনীৰ মাজত বৰিস্কা যেন কিছু ব্যতিক্রম। বৰিস্কাৰ মাতৃ পেশাত এগৰাকী় চিকিৎসক। তেওঁ বৰিস্কাৰ জন্ম মূহুৰ্তৰ ঘটনা সম্পর্কে বৰ্ণনা কৰি কৈছে, "বৰিস্কাৰ জন্ম ইমানেই এক দ্রুত প্ৰক্ৰিয়া আছিল যে মই কোনো প্রসৱ বেদনাই অনুভৱ নকৰিলোঁ। নাৰ্চে যেতিয়া শিশুটি মোৰ আগত দাঙি ধৰিছিল, তেতিয়া দেখিছিলোঁ যে বৰিস্কাই মোৰ পিনে এক পৰিপূর্ণ দৃষ্টিৰে চাই আছিল। এজন শিশুৰোগ বিশেষজ্ঞ হিচাবে মই ভালদৰেই জানো যে নবজাতক এজনে কেতিয়াও কোনো বস্তুৰ দিশে একে দৃষ্টিৰে এনেদৰে চাই থাকিব নোৱাৰে।"

হস্পিতালৰ পৰা ঘৰলৈ অহাৰ পিছত নৱজাতক বৰিস্কাৰ ধৰন-কৰণত অস্বাভাৱিকতা বৃদ্ধি হ'বলৈ ধৰিলে। মাত্র ১৫ দিন পাৰ হোৱাৰ পিছতেই বৰিস্কাই মাকৰ হাত বা আঙুলিত দৃঢ় ভাবে ধৰিব পৰা হৈছিল। সাধাৰণতে বৰিস্কাই নেকান্দিছিল, আনকি তাৰ দেহত কোনো ৰোগেও আক্ৰমণ কৰা নাছিল। মাত্র ৮ মাহ বয়সতেই বৰিস্কাই স্বাভাবিক মানুহৰ দৰেই কথা ক'ব পৰা হৈছিল। ২ বছৰীয়া জন্মদিনৰ থিক পিছতেই বৰিস্কাই ৰঙচুৱা, নীলা আৰু বেগুনীয়া ৰঙৰ সংমিশ্রণত এনে কিছুমান অদ্ভুত ছবি আঁকিবলৈ আৰম্ভ কৰে যে সেইবোৰ দেখিলে এনে লাগে যেন কোনো পৰিপক্ক চিত্ৰশিল্পীয়ে হে ছবিবোৰ আঁকি থৈ গ'লহি চিত্ৰপটত। পিতৃ মাতৃ কিছু আচৰিত হ'ল। এইবাৰ  তেওঁলোকে বৰিস্কাক লৈ গ'ল  চাইক'লজিষ্টৰ ওচৰলৈ। চাইক'লজিষ্টৰ মতে এয়া অস্বাভাৱিক নহয়। শিশুটিয়ে খুব সম্ভব তাৰ আশে পাশে যাক দেখিছে তেওঁ তাকেই আঁকিছে।

সময় বাগৰি আৰু এবছৰ পাৰ হ'ল। বৰিস্কাৰ বয়স ৩ বছৰ হোৱাৰ লগে লগে এইবাৰ বৰিস্কাই পিতৃ-মাতৃৰ আগত বিশ্বব্ৰহ্মাণ্ডৰ কাহিনী ক'বলৈ আৰম্ভ কৰে। আচৰিত ভাবে বৰিস্কাই ক'ব পাৰিছিল আকাশত দেখা পোৱা অগণন গ্রহ নক্ষত্ৰৰ লগতে সৌৰজগতৰ গ্ৰহবোৰৰ প্ৰায় কেইটা উপগ্রহৰ নাম, গেলাক্সীৰ নাম আৰু অন্যান্য। ''বৰিস্কা : দ্যা ইণ্ডিগো বয় ফ্রম মাৰ্চ" নামৰ তথ্যচিত্ৰখনত বৰিস্কাৰ পিতৃ মাতৃয়ে উল্ল্যেখ কৰিছে যে : "আমি প্রথমে খাইছিলোঁ। বৰিস্কাই কোৱা গ্ৰহ নক্ষত্ৰ আদিৰ কথাবোৰৰ সত্যতা নিৰ্ণয় কৰিবলৈ আমি নিজে জোতির্বিজ্ঞানৰ কিতাপ সংগ্ৰহ কৰি সেইবোৰ অধ্যয়ণ কৰি পালো যে বৰিস্কাই দিয়া তথ্যবোৰ ১০০ শতাংশই শুদ্ধ।" 

২০০৪ চনত বৰিস্কাৰ কথা প্রথমবাৰলৈ ৰাচিয়াৰ বিজ্ঞানীসকলৰ কাণত পৰে। "ৰাচিয়ান একাডেমী অফ চায়েন্স"ৰ অধীনস্থ "ইনষ্টিটিউট অফ আর্থচ মেগেনটিসম এণ্ড ৰেডিঅ ৱেভচ"ৰ বিশেষজ্ঞ বিজ্ঞানীসকলৰ এটি দলে বৰিস্কাক সাক্ষাৎ কৰি তেওঁৰ পেৰানৰ্মেল ধৰন-কৰণ সমূহ তন্ন তন্নকৈ অধ্যয়ন কৰি ৰায় দিয়ে যে বৰিস্কা দৰাচলতে অসম্ভৱ বুদ্ধিমত্তাৰ অধিকাৰী এজন শিশু। এই সম্পর্কত বিজ্ঞানীৰ দলটোৰ এজন সদস্য প্ৰফেচাৰ ভ্লাডিনাভ লিউগোভেনকোৱে কয় যে, "এটা থিয়ৰী আছে যাৰ মতে মানুহৰ দুই ধৰণৰ মেমৰী বা স্মৃতি আছে। সেয়া হ'ল ৱৰ্কিং মেমৰী আৰু ৰিমোট মেমৰী। মানুহৰ মগজুৰ সবাতোকৈ উল্লেখযোগ্য ক্ষমতা হ'ল অভ্যন্তৰীণ ভাবে অথবা বাহ্যিক ভাবে আর্জিত কোনো অভিজ্ঞতা, আবেগ বা চিন্তা ভাবনাবোৰক এক তথ্য কেন্দ্রত জমা কৰি ৰাখিব পাৰে। বেছিভাগ মানুহৰ ক্ষেত্ৰত এই তথ্যবোৰ মগজুৰ কৌটি কৌটি নিউৰণৰ মাজত হেৰাই যায়। কেতিয়াবাহে এনে দুই এজন লোক পোৱাটো সম্ভৱ হয়, যিসকলে এই পুৰণি তথ্য সমূহ মগজুৰ পৰা পুনৰোদ্ধাৰ কৰিব পাৰে। বৰিস্কা তেওঁলোকৰ মাজৰেই এজন"।

বৰিস্কা এতিয়া এজন ২৩ বছৰীয়া যুৱক। জ্যোতিৰ্বিজ্ঞান বিষয়ত তেওঁৰ জ্ঞানো অপৰিসীম। বিগত ২০১৫ চনত বৰিস্কাই সমগ্ৰ বিশ্বৰে মনোযোগ আকৰ্ষণ কৰিছে। কাৰণ তেওঁ কৈছে যে প্ৰকৃততে তেওঁ হেনো মংগল গ্ৰহৰ বাসিন্দা। তেওঁৰ মতে মংগল গ্ৰহৰ বুকুত এতিয়াও উন্নত মানৰ জীৱন আছে। ভয়ানক ৰসায়নিক যুদ্ধৰ কবলত পৰি মংগল গ্ৰহৰ পৰিবেশ বিনস্ত হোৱাত মংগলৰ শতকৰা ৯০ ভাগ জীৱনৰ বিলুপ্তি ঘটিলেও বৰ্তমানেও মংগল গ্ৰহৰ মাটিৰ তলত জীয়াই আছে বিজ্ঞান আৰু প্ৰযুক্তিৰ দিশত পাৰ্গত জীৱকুল। তেওঁৰ মতে মংগল গ্ৰহৰ জীৱই বায়ুমণ্ডলৰ কাৰ্বন ডাইঅক্সাইদৰ সহায়তেই শ্বাস কাৰ্য সম্পাদন কৰে। এই জীৱবোৰ পৃথিৱীৰ মানুহতকৈ আকাৰত ওখ আৰু শক্তিশালী। মংগলৰ জীৱবোৰৰ বৃদ্ধি আৰু বিকাশ জীৱটোৰ ৩৫ বছৰলৈ হয় আৰু তাৰপিছত তেওঁলোকৰ কোনো পৰিবৰ্তন নহয়। তেওঁলোক প্ৰযুক্তিৰ দিশত ইমানেই আগবঢ়া যে পৃথিৱীবাসীৰ অজ্ঞাতে ইতিপূৰ্বে একাধিকবাৰ তেওঁলোক পৃথিৱীলৈ আহিছে আৰু পৃথিৱীৰ মানুহৰ মাজত এতিয়াও বহুকেইজন মংগল গ্ৰহৰ বাসিন্দা আছে !!

বৰিস্কাই জনাইছে যে পূর্বে তেওঁ নিজেও মংগল গ্ৰহৰ এজন মহাকাশচাৰী পাইলট আছিল। সেই সময়ত তেওঁ নিজেও পৃথিবীলৈ আহি যাৱতীয় কাম কাজবোৰ সম্পন্ন কৰি সুকলমে ঘূৰি গৈছিল। কিন্তু বিগত ১৯৯৬ চনত তেওঁ অন্তিম বাৰলৈ যেতিয়া পৃথিৱীলৈ আহিছিল, তেতিয়া তেওঁ এক দুৰ্ঘটনাত  পতিত হৈ মৃত্যুমুখত পৰে। আৰু তাৰপিছত তেওঁ ৰাচিয়াত বৰিস্কা হিচাবে জন্মগ্ৰহন কৰে।

জীৱিত কালত চাৰ ষ্টিফেন হকিঙেও বৰিস্কাৰ প্রতিভাৰ বিষয়ে অৱগত হৈছিল। বিশ্বব্ৰহ্মাণ্ড সম্বন্ধে বৰিস্কাৰ জ্ঞানৰ প্রশংসাও কৰি গৈছে হকিঙে। তেখেতে কৈছিল, "বৰিস্কা মংগল গ্রহৰ বাসিন্দা নে পৃথিবীৰ বাসিন্দা, সেইটো ডাঙৰ কথা নহয়। কিন্তু বিশ্বব্ৰহ্মাণ্ড সম্পৰ্কে তেওঁৰ যি জ্ঞান সেইটোহে গুৰুত্বপূৰ্ণ বিষয়। সাম্প্ৰতিক সময়চোৱাত বৰিস্কা নাছাকে আদি কৰি বিশ্বৰ বিভিন্ন বিজ্ঞান মহলত এক বহুল ভাবে চৰ্চিত নাম। বিজ্ঞানীসকলেও বৰিস্কাক লৈ বিভিন্ন গৱেষণা চলাই আছে। বৰিস্কাৰ তথ্যসমূহ বা মংগল গ্ৰহৰ বাসিন্দা বুলি তেওঁ দাবী কৰা ধৰণেই কথাটোৰ যুক্তিযুক্ততাৰ সন্দৰ্ভত এতিয়ালৈ বিজ্ঞানীসকলে কোনো মত পোষণ কৰা নাই। সমগ্ৰ বিশ্বৰ অগণন জনতাই এতিয়া অপেক্ষা কৰি আছে বিজ্ঞানী সকলৰ মুখলৈ চাই। হয়তো অচিৰেই আমি গ'ম পাম যে বৰিস্কা সঁচাকৈয়ে এলিয়েন নেকি? নে বৰিস্কা নিজেই এজন মানুহক বিভ্ৰান্ত কৰিব পৰা এক মনে সজা কাহিনীৰ এক কাল্পনিক চৰিত্ৰ !!!

বহিঃবিশ্বত প্ৰাণৰ অস্তিত্ব সম্বন্ধ আমিও অতি উৎসাহী। মোৰ দৰেই আপোনাৰ মনলৈও এই প্ৰশ্নটো নাহেনে বাৰু - আমি এই বিশ্বব্ৰহ্মাণ্ডত সঁচাকৈয়ে অকলশৰীয়া নে ? হয়তো এদিন সময়ে প্ৰকৃত সত্যৰ সম্ভেদ নিশ্চয় দিব।

(৩য় বৰপেটা গ্ৰন্থ উৎসৱ, ২০২০ৰ স্মৃতিগ্ৰন্থ "হাৰিজান"ত প্ৰকাশিত। -প্ৰণৱজ্যোতি দাস, টংলা)

https://youtu.be/gBrBArneAuA

No comments:

Post a Comment