Thursday 5 March 2020

বিৱর্ণ বিন্দুসদৃশ নীলা ৰঙৰ গ্ৰহটো


নাছাই উক্ষেপণ কৰা ভয়েজাৰ-১ মহাকাশযানখন ১৯৯০ চনৰ ১৪ ফেব্ৰুৱাৰীৰ দিনা যেতিয়া ঘণ্টাত ৬২,১৪০ কিঃমিঃ বেগত সৌৰজগতৰ সীমনা এৰি আন্তঃনাক্ষত্রিক শূণ্যতাৰ মাজত প্রৱেশ কৰিবলৈ ওলাল, ঠিক সেই সময়তেই প্ৰসিদ্ধ জ্যোতির্বিজ্ঞানী কার্ল সেগানে নাছাৰ বিজ্ঞানীসকলক উদ্দেশ্যি ভয়েজাৰ-১ক মাত্ৰ শেষ এবাৰৰ বাবে পৃথিবীৰ দিশলৈ ঘূৰাই পৃথিৱীক অন্তিম দৰ্শণ কৰোৱাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছিল। নাছাই তেওঁৰ অনুৰোধ ৰক্ষা কৰি ভয়েজাৰ-১ক মাত্র এবাৰৰ বাবে পৃথিৱীৰ দিশলৈ উভতি চোৱাৰ ব্যৱস্থা কৰি দিয়াত ভয়েজাৰে ৬০০ কৌটি কিঃমিঃ দূৰৰ সৌৰজগতৰ শেষ সীমনাৰ পৰা পৃথিৱীৰ এখন ছৱি তোলে আৰু তাৰপিছতেই সৌৰজগতৰ সীমাৰেখা অতিক্ৰম কৰি মানুহৰ দ্বাৰা নিৰ্মিত সৰ্বপ্ৰথম কোনো বস্তু হিচাবে আন্তঃনাক্ষত্রিক শূণ্যতাৰ মাজলৈ গুছি যায়। সৌৰজগতৰ শেষ সীমনাৰ সেই ৬০০ কৌটি কিমি দূৰৰ পৰা পৃথিৱীখন এটা বিৱর্ণ বিন্দু সদৃশ নীলা ৰঙৰ গ্ৰহ যেন লগা হৈছিল। কাৰ্ল সেগানৰ ভাষাত সেই বিখ্যাত ছৱিখনৰ নাম (Pale Blue Dot) "পেল ব্লু ডট" বা বিৱৰ্ণ নীলা বিন্দু।

"পেল ব্লু ডট" ছবিখন যিজনে দেখিছে তেওঁ জানে সুবিশাল গাঢ় অন্ধকাৰৰ মাজত কেইটিমান অনুজ্জ্বল পোহৰৰ ৰেখা আৰু তাৰ মাজত অস্পষ্ট, মলিন এটা ঈষৎ নীলা ৰঙৰ "বিন্দু"। সেই বিৱৰ্ণ বিন্দুটোৱেই ৭৫৩ কৌটি মানুহ আৰু অন্যান্য জীৱকুলে বসবাস কৰা আমাৰ এই মৰমৰ পৃথিবীখন। এই ছবিখনে মানৱ সভ্যতাক পৰিষ্কাৰকৈ বুজাই  দিছে যে সুবিশাল এই মহাজাগতিক পৰিমণ্ডলত মানুহৰ অৱস্থান অতি নগণ্য, তেনেই তুচ্ছ। তথাপিও, মৃত নক্ষত্রৰ অস্থিভষ্মৰ পৰা জন্ম হোৱা মানুহে জানিবলৈ আগ্ৰহ কৰে কিদৰেনো জন্ম হ'ল এই মহাবিশ্বৰ, কেনেকৈনো সংঘটিত হ'ল "বিগ বেং" নামৰ সেই  মহাবিষ্ফোৰণটো অথবা আছেনে কোনোবা অজানতিমুলুকৰ গ্ৰহ গ্ৰহান্তৰত মানুহ বা মানুহৰ দৰে আন কোনো জীৱিত প্ৰাণীৰ অৱস্থিতি ! পেল ব্লু ডট ছৱিখনে আনি দিয়া এনেবোৰ চিন্তাধাৰণাৰ আধাৰতেই মহাবিশ্বত মানবজাতিৰ ভৱিষ্যতক লৈ জ্যোতির্বিজ্ঞানী কার্ল সেগানে লিখি উলিয়াইছিল তেওঁৰ এখন প্ৰসিদ্ধ গ্ৰন্থ "Pale Blue Dot: A Vision of the Human Future in Space"

১৯৯০ চনত ভয়েজাৰে সৌৰজগতৰ শেষ সীমাত উপনীত হৈ আন্তঃনাক্ষত্রিক শূণ্যতাৰ দিশে পাখি মেলি দিয়াৰ পিছত ২০০৪ চনৰ ১৭ ডিচেম্বৰত ভয়েজাৰ-১ পৃথিৱীৰ পৰা ১৪৬০,০০,০০,০০০ কিমি দূৰৰ "হেলিওপজ" নামৰ এটা অঞ্চলত প্রৱেশ কৰে। ইয়াৰ পিছত ২০১২ চনৰ ২৫ আগষ্টত ভয়েজাৰে হেলিওপজ অতিক্রম কৰি অন্ধকাৰ আন্তঃনাক্ষত্রিক মহাশূণ্যতাৰ এখন অজান জগতত প্রৱেশ কৰে। উৎক্ষেপনৰ ৪২ বছৰ ৫ মাহ ২৩ দিন পিছত, অৰ্থাৎ ২০২০ চনৰ ২৯ ফেব্ৰুৱাৰীত ভয়েজাৰ-১ নামৰ মহাকাশ যানখনে পৃথিৱীৰ পৰা ২২২০,০০,০০,০০০ কিমি দুৰৰ মহাশূণ্যত অৱস্থান কৰিছে। নাছাৰ বিজ্ঞানীসকলৰ মতে ভয়েজাৰ-১ত সংলগ্ন বিদ্যুৎ উৎপাদক ৰেডিও আইছোটোপ জেনেৰটৰটো যদি সক্রিয় হৈ থাকে ভয়েজাৰৰ এই যাত্রা ২০২৫ চন পর্যন্ত অব্যাহত থাকিব। ভয়েজাৰে মানৱজাতিৰ মহাজাগতিক দৃষ্টিক সম্প্রসাৰিত কৰি আগুৱাই গৈ আছে।

১৯৭৭ চনৰ ৫ ছেপ্টেম্বৰত ভয়েজাৰ-১ উৎক্ষেপণ কৰা হৈছিল। ৭২২ কিলোগ্রাম ভৰৰ এই ৰোবটিক মহাকাশযানখনে সৌৰজগতৰ বাহিৰৰ অঞ্চল সমূহৰ ওপৰত বিভিন্ন গৱেষণা চলাই আহিছে।  ১৯৭৯ চনত বৃহস্পতি গ্রহ আৰু ১৯৮০ চনত শণি গ্রহৰ কাষেৰে পাৰ হৈ যাওঁতে এই মহাকাশ যানখনে বিভিন্ন তথ্যৰ যোগান ধৰিছে। ২০১৫ চনত ভয়েজাৰ-১ মহাকাশ যানখন সৌরজগতৰ শেষত নতুন এক স্তৰৰ সন্ধান পায়। পৃথিবীৰ পৰা প্রায় ১৭০০ কৌটি কিমি দূৰৰ এই স্তৰটোক নাছাৰ বিজ্ঞানী সকলে "চৌম্বকীয় বাট" নামেৰে নামাকৰণ কৰিছে। ২০১৬ চনৰ নভেম্বৰ মাহলৈ ভয়েজাৰ-১এ প্রায় ৩৯ বছৰ দুই মাহ ১৭ দিন ধৰি কেৱল আগবাঢ়ি গৈ আছে অজান এক প্ৰহেলিকাময় গভীৰ মহাশূণ্যৰ দিশে। তদুপৰি ভয়েজাৰে পৃথিবীৰ লগত নিৰৱচিন্ন ভাবে যোগাযোগ ৰক্ষা কৰি আহিছে। ভয়েজাৰ-১ৰ পৰা বর্তমান পৃথিবীলৈ খৱৰ আহি পাবলৈ সময় লাগে প্রায় ১৮ ঘণ্টা।

কার্ল সেগানে ১৯৯৪ চনত প্রকাশিত তেখেতৰ   "পেল ব্লু ডট প্লানেট: এ ভিছন অফ দ্য হিউমেন ফিউচাৰ ইন স্পেচ" শীৰ্ষক কিতাপখনত ৬০০ কৌটি কিলোমিটাৰ দূৰৰ পৰা তোলা বিন্দু সদৃশ পৃথিৱীৰ ছবিখন সম্পর্কে নানা ধৰণৰ ভাৱধাৰাক পৰিষ্কাৰ ৰূপত তুলি ধৰিছে। তেখেতৰ ভাষাত - "বিশাল দূৰত্বৰ পৰা পৃথিবীখনক এটা ক্ষূদ্ৰ বিন্দুতকৈ বেছি একো যেনেই নেলাগে। কিন্তু আমাৰ বাবে এই পৃথিৱীখন অনন্য। পৃথিৱীৰ লগতেই আমাৰ অস্তিত্বৰ প্ৰশ্নটোও জড়িত হৈ আছে। এইখন পৃথিবীকেই আমি ভাল পাইছো, আপোন কৰি লৈছোঁ অথবা মাতৃ বুলি শ্ৰদ্ধা কৰিছোঁ। এইখন পৃথিৱীৰ বুকুতেই আমি শইছৰ বীজ ৰোপন কৰি ভোক নিবাৰণ কৰিছোঁ আৰু জীৱন অতিবাহিত কৰিছোঁ। জীৱনৰ দুখ-কষ্ট, ধর্ম, আদর্শ, অর্থনীতি, ৰাজনীতিৰ পৰা আৰম্ভ কৰি সকলোবোৰেই চৰ্চা কৰিছোঁ এই পৃথিৱীৰ বুকুতেই। এইখন পৃথিৱীতেই আমি কোনোবাজনে লুণ্ঠনকাৰী আৰু আন কোনোবাজনে ধ্বংসকাৰী হৈ ভাওনাৰ বচন আওৰাইছোঁ, য'ত অহৰহ ৰজা আৰু প্রজা, ধনী আৰু দুখীয়াই নিজৰ নিজৰ জীৱন নাটৰ অভিনয় কৰি গৈছে অহৰহ। প্রেমিক-প্রেমিকা, পিতৃ-মাতৃ, ৰোগী-নিৰোগী আদি সকলো মানুহৰ জীয়া সপোনবোৰে বাস্তৱতাৰ বাট বিচাৰি এইখন পৃথিৱীতেই পথভ্ৰষ্ট হয় প্ৰতিদিনে। নিষ্পাপ শিশুৰ পৰা আৰম্ভ কৰি পৰিব্রাজক, নীতিবান শিক্ষক, দুর্নীতিৰ বোকাত পোঁত যোৱা ৰাজনীতিবিদ, শিল্পী, বিজ্ঞানী সকলোৱে মিলি জীৱন অতিবাহিত কৰা এই সুন্দৰ পৃথিৱীখন কিন্তু মহাবিশ্বৰ বুকুত ধূসৰ ধূলিকণা সদৃশ এটা সামান্য বিন্দু মাত্ৰ। ভাবিলে আচৰিত লাগে যে ক্ষুদ্র এই নীলা ৰঙৰ বিন্দু সদৃশ পৃথিৱীখনৰ ক্ষুদ্র একোটি অংশ জয় কৰি মহান সম্ৰাট হোৱাৰ আশাৰে কিমান যে সম্ৰাট আৰু সেনাপতিয়ে তেজৰ নৈত হাত ধুইছে ……!"

No comments:

Post a Comment