Saturday 28 March 2020

ক'ৰোনা ৰুধিবলৈ ভেকচিন আৱিষ্কাৰ


চীনৰ য়ুহান চহৰৰ পৰা উৎপত্তি হোৱা মাৰাত্মক ক'ৰোনাভাইৰাছৰ সংক্ৰমণৰ ফলত বৰ্তমানলৈকে সমগ্ৰ বিশ্বত প্ৰায় ৫,৮০,০০০ জন লোক আক্ৰান্ত হোৱাৰ লগতে প্ৰায় ২৭,০০০ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে৷ চীনৰ পৰা অহা পৰ্যটকৰ যোগেদি বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰলৈ বিয়পা কৰোনাভাইৰাছৰ সন্ত্ৰাস বৰ্তমান আমাৰ দেশ ভাৰতবৰ্ষতো৷ ক'ৰোনা ভাইৰাছৰ সন্দৰ্ভত ইজৰাইলৰ চোৰাংচোৱা সংস্থাই দাবী কৰিছে যে চীনৰ সামৰিক গৱেষণাগাৰত জৈৱ ৰাসায়নিক অস্ত্ৰৰূপে ক'ৰোনাভাইৰাছ উৎপাদন কৰিছিল৷ ৰঙা চীনে শত্ৰুৰ বাবে প্ৰস্তুত কৰা এই যুদ্ধাস্ত্ৰৰূপী ভাইৰাছে পৃথিৱীখনক বিপদৰ মাজলৈ থেলি দিছে৷ লক্ষ্যণীয়ভাৱে ৱাশ্বিংটন প’ষ্টেও সমৰ্থন কৰিছে ইজৰাইলৰ চোৰাংচোৱা সংস্থাই কৰা এই দাবীক৷

মহামাৰী হিচাবে চিহ্নিত হোৱা এই ক'ৰোনা ভাইৰাছৰ লগত মোকাবিলা কৰিবলৈ গৈ বিশ্বৰ আগশাৰীৰ দেশ আমেৰিকা যুক্তৰাষ্ট্র, ইটালী, স্পেইন আৰু জার্মানীৰ দৰে দেশেও ত্ৰাহি ত্ৰাহি সুঁৱৰিব লগা হৈছে। কাৰণ, ৰহস্যময় এই ক'ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ এতিয়ালৈ কোনো প্ৰতিষেধক বা ভেকচিন আৱিষ্কাৰ হোৱা নাই। ফলস্বৰূপে ক'ৰোনাত আক্রান্ত আৰু ক'ৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা প্রতিনিয়ত ভাবে বৃদ্ধি হৈ আহিছে। সম্প্ৰতি চিকিৎসক সকলে ক'ৰোনাত আক্ৰান্ত ৰোগীৰ অন্যান্য উপসর্গবোৰ বিবেচনা কৰি তাৰ ওপৰতহে চিকিৎসা প্ৰদান কৰি আহিছে।

বৰ্তমান সময়ত চিকিৎসকসকলে বিশেষ কেইবিধ মান ঔষধ ক'ৰোনা ৰোগীৰ ক্ষেত্ৰত প্ৰয়োগ কৰি আহিছে। সেইবোৰৰ ভিতৰত WHOৰ পৰামৰ্শ অনুযায়ী চিকিৎসক সকলে এবিধ বিশেষ ভাইৰাছ প্ৰতিৰোধী যৌগ "Remdesivir" ব্যৱহাৰ কৰিছে। তদুপৰি মেলেৰীয়া ৰোগত ব্যৱহাৰ কৰা দৰৱ ক্লৰ'কুইন আৰু হাইড্ৰক্সিক্লৰ'কুইনৰ লগতে HIV Drugs যেনে Lopinavir আৰু Ritonavir ৰ এক মিশ্ৰন ব্যৱহাৰ কৰি আহিছে। থিক তেনেদৰে Interferon Alfa 2b নামৰ এক প্ৰকাৰৰ সংশ্লেষিত প্ৰটিনো ক'ৰোনা ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ ব্যৱহাৰ কৰাৰ বিষয়ে জানিব পৰা গৈছে।

কিন্তু সম্প্ৰতি এটা সুখৱৰ আহিছে। বিশেষজ্ঞ সকলে ক'ৰোনাভাইৰাছত আক্রান্ত হোৱা মানুহৰ বাবে জীৱনদায়ী এক ধৰণৰ চিকিৎসা পদ্ধতিৰ কথা প্রকাশ কৰিছে। নেদাৰলেণ্ডৰ ইৰাছমাছ মেডিকেল চেণ্টাৰ আৰু ৰোটাৰডাম ইউনিভাৰ্চিটিৰ গৱেষকসকলে "দ্য ইৰাছমাছ মেগাজিন" নামৰ জাৰ্নেলখনত প্ৰকাশ কৰা গৱেষণা গ্ৰন্থখনত ক'ৰোনা ভাইৰাছ বা কভিড-১৯ৰ এণ্টিবডি বা প্ৰতিদেহ আবিষ্কাৰৰ কথা ঘোষণা কৰে। বিজ্ঞানী সকলৰ মতে অতি সোনকালেই মানুহে ক'ৰোনাৰ বিৰুদ্ধে আৰম্ভ হোৱা  যুঁজখনত জয় লাভ কৰিব। কিন্তু কেনেকৈ…?

তাৰবাবে চমুকৈ বুজি লোৱা হওঁক - এণ্টিবডি মানে নো কি ? যেতিয়া আমাৰ দেহত কোনো বহিৰাগত পদার্থ বা অনুজীৱ প্রবেশ কৰে, তেতিয়া আমাৰ দেহে সেই পদার্থটো বা অনুজীৱটো চিনাক্ত কৰিব পাৰে। ইয়াৰ কাৰণ হ'ল অনুজীৱ বা বহিৰাগত পদাৰ্থটোৰ দেহৰ অণু-পৰমাণুবোৰ আমাৰ দেহৰ অনুবোৰতকৈ ভিন্ন ৰসায়নিক গুণসম্পন্ন হয়। এই বহিৰাগত অনুবোৰে আমাৰ দেহত এক ধৰণৰ প্রতিৰক্ষী উদ্দীপকৰ ভূমিকা পালন কৰে। এই সময়ত আমাৰ দেহৰ এই অবৈধ অনুপ্রবেশকাৰী অনুবোৰ ধ্বংস কৰাৰ বাবে আমাৰ তেজত থকা "বি লিম্ফোচাইট" কোষবোৰে এক ধৰণৰ প্ৰতিৰক্ষা মূলক পদাৰ্থ নিঃসৰণ কৰিবলৈ আৰম্ভ কৰে। এই প্ৰতিৰক্ষা মূলক পদাৰ্থবোৰকেই প্ৰতিদেহ বা "এণ্টিবডি" বোলা হয়। 

এণ্টিবডিবোৰ যদি এবাৰ উৎপাদন হোৱা আৰম্ভ হয়, তেন্তে এই প্রক্রিয়া অব্যাহত থাকে আৰু আমাৰ দেহৰ তেজত এণ্টিবডিবোৰ প্রবাহমান হৈ থাকে। ইয়াৰ ফলত আমাৰ দেহে সেই বিশেষ অনুজীৱটো বা বহিৰাগত পদাৰ্থবোৰৰ বিৰুদ্ধে যুঁজিবলৈ এক দীর্ঘস্থায়ী অসংক্রম্যতা বা প্ৰতিৰোধ ক্ষমতা লাভ কৰে। জীৱবিজ্ঞানৰ ভাষাত যিকোনো বেক্টেৰীয়া বা ভাইৰাছৰ সংক্ৰমণৰ পিছত আমি যদি সুস্থ হৈ উঠো, তেন্তে আমাৰ দেহত সেই ভাইৰাছ বা বেক্টেৰীয়াটোৰ বিৰুদ্ধে স্বাভাৱিকতেই এটা এণ্টিবডি সৃষ্টি হয় আৰু এই এণ্টিবডিটোৱে পৰৱৰ্তী সময়ত আমাক আজীৱন সেই বেক্টেৰীয়া বা ভাইৰাছৰ আক্ৰমণৰ পৰা সুৰক্ষা প্ৰদান কৰে। 

এতিয়া পুনৰ আহিছো ক'ৰোনা ভাইৰাছৰ প্ৰসংগলৈ। আমি সকলোৱেই জানো যে ক'ৰোনাত আক্ৰান্ত বহুকেইজন ৰোগীয়েই ইতিমধ্যে সুস্থ হৈ উঠিছে আৰু তেওঁলোকে স্বাভাৱিক জীৱনো আৰম্ভ কৰিছে। বিজ্ঞানী সকলৰ মতে তেওঁলোক ভৱিষ্যতে পুনৰ ক'ৰোনাৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা প্ৰায় শূণ্য। কাৰণ ইতিমধ্যে তেওঁলোকৰ দেহত ক'ৰোনা প্ৰতিৰোধী এক বিশেষ এণ্টিবডি সৃষ্টি হৈছে। নেদাৰলেণ্ডৰ ইৰাছমাছ মেডিকেল চেণ্টাৰ আৰু ৰোটাৰডাম ইউনিভাৰ্চিটিৰ গৱেষক সকলে ক'ৰোনাৰ আক্ৰমণৰ পৰা সুস্থ হৈ উঠা মানুহৰ তেজৰ নমুনাত সেই বিশেষ এণ্টিবডিৰ চিনাক্তকৰণ আৰু নিষ্কাষণৰ ওপৰতেই গৱেষণা চলাই আহিছিল। 

গৱেষক দলটিৰ মূখ্য গৱেষক তথা ৰোটাৰডাম ইউনিভাৰ্চিটিৰ "চেল বায়োলজি"ৰ অধ্যাপক ফ্রাঙ্ক গ্রোজভেল্ডে বিগত ২৫ মাৰ্চ, ২০২০ তাৰিখে কয় যে ক'ৰোনাৰ আক্ৰমণৰ পৰা সুস্থ হৈ উঠা ১৮০ জন লোকৰ তেজৰ নমুনা তন্ন তন্নকৈ বিশ্লেষণ কৰি ইতিমধ্যে তেওঁলোকে সেই বিশেষ এণ্টিবডিটো ধৰা পেলোৱাৰ লগতে সফল ভাৱে তেজৰ নমুনাৰ পৰা ইয়াক পৃথকো কৰিছে। অৱশ্যে এই নমুনাৰ বিশুদ্ধিকৰণ হ'বলৈ এতিয়াও বাকী আছে। 

প্রাণঘাতী ক'ৰোনাক জয় কৰি অহা এই ব্যক্তি সকলৰ তেজৰ প্লাজমাত থকা এণ্টবডি বৰ্তমানৰ আক্রান্ত ৰোগীসকলৰ দেহত প্ৰয়োগ কৰিলে সুফল পোৱা যাব। তদুপৰি এই "প্লাজমা এণ্টিবডি"ৰ ইনজেকচন নিৰোগী লোকৰ দেহত প্ৰতিষেধক হিচাবে ব্যৱহাৰ কৰি তেওঁলোকৰ "ইমিউন চিষ্টম" বা প্ৰতিৰোধ ক্ষমতা অধিক শক্তিশালী কৰি তেওঁলোকক অসংক্ৰম্যতা প্ৰদান কৰিব পৰা যাব। অৱশ্যে এই ভেকচিন বজাৰত উপলব্ধ হ'বলৈ কিছু সময়ৰ প্ৰয়োজন হ'ব। কাৰণ নতুন ঔষধ বা ভেকচিন এটা বজাৰত উপলব্ধ হোৱাৰ আগত কেইবালানিও Clinical Trialsৰ দেওনা অতিক্ৰম কৰাৰ পিছতহে  এই  ঔষধ বিধক মানুহৰ দেহত প্ৰয়োগ কৰা আৰু বজাৰত বিক্ৰী কৰাৰ বাবে Approval বা লাইচেন্স দিয়া হয়। সকলো থিকে থাকিলে, ক'ৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰয়োজনীয় এই জীৱনদায়ী ঔষধ বা ভেকচিন ২০২০ চনৰ জুন বা জুলাই মাহৰ পিছতহে বজাৰত উপলব্ধ হ'ব।


Link: https://nltimes.nl/2020/03/14/dutch-researchers-first-find-covid-19-antibodies-report

2 comments:

  1. Sir, apunar pora pua gyane ei muhurttot jothesto hohai korise

    ReplyDelete
  2. Sir, apunar pora pua gyane ei muhurttot jothesto hohai korise

    ReplyDelete