Monday 20 May 2024

এই সুৰটো মই সৰগত শুনিম…


সঙ্গীত জগতৰ এজন অন্যতম সুৰকাৰৰ স্মৃতিয়ে আজি আকৌ এবাৰ তেওঁৰ সুৰৰ ছন্দময়তাৰ আঁকবাকেৰে মোৰ মনটো জোকাৰি গ’ল। সমগ্ৰ বিশ্বকে সুৰৰ যাদুৰে মোহিত কৰি ৰখা সুৰকাৰ তেওঁ । শৈশৱৰ পৰাই কাণেৰে কমকৈ শুনা সুৰকাৰজনৰ হৃদস্পন্দনৰ গতিও অনিয়মিত। নিজৰ অনিয়মিত হৃদস্পন্দনৰ অনুকৰণ কৰিয়েই তেওঁ সৃষ্টি কৰি যায় মায়াময় সুৰৰ মূৰ্চনা। গৱেষক সকলৰ মতে এই কাৰণতেই হয়তো তেওঁৰ প্ৰায়বোৰ সুৰতেই ছন্দৰ অস্বাভাৱিকতা অথচ প্ৰাণময় উঠা-নমাৰ এক মায়াময় যাদুৰ পৰশ। জন্মৰ পৰাই কাণেৰে কমকৈ শুনা সুৰকাৰজন পিছলৈ সম্পূৰ্ণ বধিৰ হৈ পৰে। কাণেৰে নুশুনিলেও কিন্তু তেওঁ সৃষ্টি কৰি গৈ থাকিল এটাৰ পিছত এটাকৈ অবিশ্বাস্য মায়াময় সুৰৰ মূৰ্চনা, অসাধৰণ চিম্ফনী। হয়, আপুনি থিকেই ধৰিছে… সেই সুৰকাৰ জনেই হ’ল লাডউইগ ভান বিটোভেন।

বিটোভেনৰ সুখ্যাতি ইতিমধ্যে চৌদিশে প্ৰসাৰিত হৈছে। ১৮১৭ চনৰ কথা। লণ্ডনৰ ফিলহাৰমোনিক চ’ছাইটিৰ তৰফৰ পৰা পত্ৰ যোগে তেওঁলোকৰ বাবে এটি চিম্ফনী তৈয়াৰ কৰিবলৈ বিটোভেনক বিশেষ ভাবে অনুৰোধ কৰা হ’ল। পত্ৰখন পোৱাৰ পিছতো বিটোভেনে বিশেষ গুৰুত্ব নিদি সংগীতৰ আন কিছুমান কামতহে নিয়োজিত হৈ ৰ’ল। আচলতে বিটোভেনে ১৭৯৩ চনতেই যেতিয়া তেওঁ এজন ২৩ বছৰীয়া যুৱক, তেতিয়াৰ সুবিখ্যাত কবি Friedrich Schillerৰ “Ode to Joy” নামৰ কবিতাটো সুৰেৰে সজোৱাৰ বাবে পৰিকল্পনা যুগুত কৰিছিল। কিন্তু তেওঁৰ মনোমত এটি সুৰে যেন আহি ধৰা দিয়াহি নাই। সৃষ্টিশীল সুৰকাৰজনে সৃষ্টি কৰিব নোৱাৰাৰ এক অব্যক্ত বেদনা বুকুত বান্ধি লৈ পাৰ কৰিছে ২৩টা বছৰ। তেনে এক সময়ত অৰ্থাৎ ১৮১৭ চনত লণ্ডনৰ ফিলহাৰমোনিক চ’ছাইটিৰ তৰফৰ পৰা অহা পত্ৰখন তেওঁৰ বাবে গুৰুত্বহীন হৈ পৰিছিল। ইফালে বহুদিন পাৰ হৈ যোৱাৰ পিছতো বিটোভেনৰ কোনো সঁহাৰি নোপোৱাত ফিলহাৰমোনিক চ’ছাইটিৰ তৰফৰ পৰা পুনৰ অনুৰোধ কৰা হ’ল। দ্বিতীয়বাৰৰ বাবে অহা এই অনুৰোধত বিটোভেন যেন সচকিত হ’ল। এৰা, কিবা এটা কৰিবই লাগিব……

১৮২২ চনত বিটোভেন নিমগ্ন হ’ল ফিলহাৰমোনিক চ’ছাইটিৰ অনুৰোধ ৰক্ষা কৰাৰ লগতে ২৩ টা বছৰৰ অপূৰ্ণ আশাটিক পূৰ্ণতা দিয়াৰ বাবে। তেওঁ হৃদয়ত অনুৰণিত হৈ ৰোৱা অস্ফুট স্বৰবোৰক একোটা চিম্ফনীৰূপে সৃষ্টি কৰিবলৈ আৰম্ভ কৰিলে। ইতিমধ্যে তেওঁ চিম্ফনীটোৰ তিনিটা মুভমেন্ট সম্পূৰ্ণ কৰিছে। এতিয়া চিম্ফনীটোৰ চতুৰ্থ তথা অন্তিম মুভমেন্টটোহে বাকী। চিম্ফনীটোৰ অন্তিম মুভমেন্টটো তৈয়াৰ কৰিবলৈ গৈ বিটোভেনৰ মনত নতুন চিন্তাই বাহ ল’লে। কিবা এটা নতুনত্বৰ সন্ধানত যেন তেওঁ অস্থিৰ হৈ পৰিছে!

দুবছৰ জোৰা গভীৰ সাধনাৰ অন্তত বিটোভেনে তৈয়াৰ কৰি উলিয়ালে তেওঁৰ চিম্ফনীটো। এই চিম্ফনীটোত তেওঁ ট্ৰামপেট, ট্ৰমবোন, টিম্পানী, বাছড্ৰাম, চিম্বাল, চ’প্ৰাণো, টেনোৰ, বেৰিটোন, ভায়লিন, চেলোচ, বাঁহী আৰু পিয়ানোৰ অপূৰ্ব সমাহাৰেৰে এক মায়াময় মাদকতা প্ৰদান কৰিছে। তেখেতৰ এই চিম্ফনীটোক আজি আমি বিটোভেনৰ নৱম চিম্ফনী বুলি জানো। বিটোভেনে তেখেতৰ এই নৱম চিম্ফনীটো সৃষ্টি কৰাৰ সময়ত তেওঁ সম্পূৰ্ণ বধিৰ। কাণেৰে একোৱেই নুশুনে। ফিলহাৰমোনিক চ’ছাইটিৰ সদস্য সকলে বিটোভেনক তেওঁৰ নৱম চিম্ফনীটো ভিয়েনাতেই সৰ্বপ্ৰথম ৰাইজৰ বাবে পৰিবেশন কৰাৰ বাবে অনুৰোধ কৰে।

সেয়া ৭ মে, ১৮২৪। স্থান ভিয়েনা। ইতিমধ্যে অৰ্কেষ্ট্ৰা গৃহ মানুহেৰে ভৰি পৰিছে। মঞ্চত অৰ্কেষ্ট্ৰাৰ লগত জড়িত বিভিন্ন বাদ্যযন্ত্ৰীসকল সাজু হৈছে। বিটোভেনে মানুহেৰে ঠাহ খাই পৰা অৰ্কেষ্ট্ৰা গৃহৰ দৰ্শকৰ পিনে পিঠি দি বাদ্যযন্ত্ৰী সকলৰ চকুত চকু থৈ ইংগিতেৰে চিম্ফনীটোৰ বাবে সাজু হ’বলৈ নিৰ্দেশ দিলে। ট্ৰামপেট, ট্ৰমবোন, টিম্পানী, বাছড্ৰাম, চিম্বাল, চ’প্ৰাণো, টেনোৰ, বেৰিটোন, ভায়লিন, চেলোচ, বাঁহী আৰু পিয়ানোৰ আদিৰ বাদ্যযন্ত্ৰী সকলে ছন্দোময় ভাবে বিটোভেনৰ নিৰ্দেশ অনুসৰণ কৰি চিম্ফনীটো বজাই গ’ল। অৰ্কেষ্ট্ৰা গৃহত গিজগিজাই থকা অগনন শ্ৰোতা সুৰৰ মায়াজালত তন্দ্ৰামগ্ন। এটা দুটাকৈ চিম্ফনীটোৰ তিনিটা মুভমেন্ট শেষ হ’ল। চতুৰ্থ মুভমেন্টৰ কোৰাচ আৰু বাদ্যযন্ত্ৰী সকলৰ সমলয়ে ইতিমধ্যে অৰ্কেষ্ট্ৰা গৃহলৈ কঢ়িয়াই আনিছে এক অনন্য মাদকতা। শ্ৰোতাসকলে যেন উশাহ ল’বলৈও পাহৰি গৈছে। তেওঁলোকৰ শ্বাস প্ৰশ্বাসৰ শব্দই যেন কলুষিত কৰি তুলিব অৰ্কেষ্ট্ৰা গৃহৰ স্বৰ্গীয় অনুভূতিবোৰ……!

অগনন গুণমূগ্ধ শ্ৰোতাৰ হৃদয়ত অনাবিল আনন্দৰ বিমল অনুভূতি প্ৰদান কৰি বিটোভেনৰ নৱম চিম্ফনীটো শেষ হ’ল। অৰ্কেষ্ট্ৰা গৃহৰ সকলোবোৰ মানুহেই থিয় হৈ হাতচাপৰি বজাইছে। চৌদিশে কেবল হাতচাপৰিৰ শব্দ। দৰ্শকৰ পিনে পিঠি দি নিৰ্বিকাৰ হৈ থিয় হৈ থাকিল বিটোভেন। তেওঁ যে শ্ৰোতাৰ হাতচাপৰিৰ শব্দবোৰ একেবাৰেই নুশুনিলে ! শ্ৰবন শক্তি হেৰুৱাই পেলোৱা বিটোভেনে যে নুশুনিলে তেৱেই সৃষ্টি কৰা মায়াময় নৱম চিম্ফনীটোৰ এটাও মুভমেন্ট অথবা সুৰৰ মূৰ্চনা !!

অৰ্কেষ্ট্ৰা দলৰেই বাদ্যযন্ত্ৰী কেৰ’লিন আঙ্গাৰে কথাটো অনুধাৱন কৰিলে। তেওঁ নিজৰ আসনৰ পৰা উঠি আহি বিটোভেনৰ দুবাহুত ধৰি তেওঁক দৰ্শকৰ দিশলৈ ঘুৰাই দিলে। বিটোভেনে দেখিলে যে সমগ্ৰ অৰ্কেষ্ট্ৰা গৃহৰ সকলো শ্ৰোতাই থিয় হৈ বিটোভেনৰ লগতে চিম্ফনীটোত অংশগ্ৰহন কৰা শিল্পীসকলক অভিবাদন জনাইছে জাউৰিয়ে জাউৰিয়ে হাতচাপৰিৰে। বিটোভেনৰ মুখমণ্ডলত অলেখ ভাবৰ অব্যক্ত প্ৰকাশ। কেৰ’লিন আঙ্গাৰে বিটোভেনৰ ওচৰলৈ আহি হাতৰ অংগীভংগীৰে বুজাব চেষ্টা কৰিলে যে সুৰসম্ৰাট বিটোভেনৰ চিম্ফনীৰ মায়াময় সুৰে সকলোকে সন্মোহিত কৰি তুলিছে আৰু সকলো দৰ্শকে এই চিম্ফনীটোক অপূৰ্ব, অভুতপূৰ্ব বুলি প্ৰশংসা কৰিছে। বিটোভেনে বুজি পাইছিল কেৰ’লিন আঙ্গাৰৰ অংগীভংগীৰ ভাষা। কাৰণ তেতিয়ালৈ বিটোভেনৰ দুচকুৰ কোন দুটা আনন্দৰ দুটোপাল লোতকেৰে ভৰি উঠিছিল। বিটোভেন দৰ্শকৰ পিনে দুখোজ আগবাঢ়ি গ’ল আৰু সোঁহাতখনৰ তৰ্জনী আঙুলিটো আকাশৰ পিনে দাঙি ধৰি ক’লে : “I will hear it in heaven!”

ইতিমধ্যে সমূহ দৰ্শক তথা শ্ৰোতাৰ চকুবোৰ চলচলীয়া হৈ পৰিছিল। ভাগ্যৰ কি যে বিড়ম্বনা – যি সুৰে সমগ্ৰ বিশ্বক মোহাচন্ন কৰি ৰাখিছে, সেই মায়াময় সুৰটো সুৰৰ স্ৰষ্টাজনে কিন্তু কাহানিও শুনিবলৈ নোৱাৰিলে।

No comments:

Post a Comment