Tuesday 18 June 2024

মহাকাশৰ হাতবাউলি

 


সন্ধিয়াৰ আজৰি পৰত আদিত্য বৰুৱা তেওঁৰ ঘৰৰ বাৰান্দাত বহি আছিল। তেনেতে তেওঁৰ ভতিজা লৰা অলকে আহি বৰুৱাৰ কাষতে খালী চকী এখনত বহিল। আদিত্য বৰুৱা তেওঁলোকৰ চহৰখনতেই অৱস্থিত তাৰকাগৃহটোৰ তত্ত্বাবধায়ক। তাৰকাগৃহত আকাশৰ তৰা, গ্ৰহ আৰু অন্যান্য মহাকাশীয় বস্তুবোৰৰ প্ৰদৰ্শন আৰু অধ্যয়নৰ বাবে সুবিধা থকা এটা বিশেষ থিয়েটাৰ। তাৰকাগৃহৰ ভিতৰত আকাশৰ তৰাবোৰ কৃত্ৰিম প্ৰক্ষেপণৰ সহায়ত সাইলাখ ৰাতিৰ আকাশৰ দৰেই প্ৰদৰ্শন কৰা হয়। তদুপৰি দূৰবীন যন্ত্ৰৰ সহায়ত ইয়াত ৰাতিৰ আকাশ পৰ্যবেক্ষণ কৰাৰ সুবিধাও থাকে।
আদিত্য বৰুৱাই বাৰান্দাৰ পৰা দৃশ্যমান আকাশখনৰ দিশে বিভোৰ হৈ কিবা চাই আছিল। খুড়াকৰ পৰা মাজে সময়ে আকাশৰ বিষয়ে বিভিন্ন কথা শিকি অলকো আকাশৰ প্ৰতি আকৰ্ষিত হৈ উঠিছিল। তদুপৰি টেলিভিচনৰ পৰ্দাত দেখা পোৱা বিভিন্ন মহাকাশ সম্বন্ধীয় তথ্যচিত্ৰবোৰেও তেওঁক মহাকাশৰ প্ৰতি আগ্ৰহী কৰি তুলিছে। মৌনতা ভঙ্গ কৰি অলকে আদিত্য বৰুৱাক সুধিলে: খুড়াদেউ, মহাকাশত বায়ু, পানী, খাদ্য আদি একোৱেই নথকাৰ পিছতো মহাকাশচাৰীসকল তাত কেনেদৰে থাকে বাৰু?
আদিত্য বৰুৱাই মিচিকিয়া হাঁহি এটাৰে ক'লে: মহাকাশত বাস কৰাটো এক অনন্য আৰু আকৰ্ষণীয় অভিজ্ঞতা, অলক। মহাকাশচাৰী সকলে আন্তঃৰাষ্ট্ৰীয় মহাকাশ ষ্টেচনত দিঘলীয়া সময় ধৰি বাস কৰাৰ লগতে বিভিন্ন গৱেষণামূলক কামত নিয়োজিত হৈ থাকে। এই আন্তঃৰাষ্ট্ৰীয় মহাকাশ ষ্টেচনটো পৃথিৱীৰ পৰা প্ৰায় ৪০০ কিলোমিটাৰ ওপৰৰ এক নিৰ্দিষ্ট কক্ষপথেৰে পৃথিৱীৰ চৌদিশে ঘূৰি থাকে। তদুপৰি এই মহাকাশ ষ্টেচনত বিশ্বৰ বিভিন্ন ঠাইৰ বিজ্ঞানীসকলে গৱেষণামূলক কাম কাজবোৰ কৰি থাকে।
: তেওঁলোক বাৰু তালৈ কেনেকৈ যায় খুড়াদেউ? - কৌতুহল মিশ্ৰিত স্বৰেৰে অলকে সুধিলে।
: তেওঁলোকে স্পেচএক্সৰ ড্ৰেগন বা ৰাছিয়াৰ চয়ুজৰ দৰে মহাকাশযানেৰে পৃথিৱীৰ পৰা মহাকাশলৈ যাত্ৰা কৰে। এই যাত্ৰাত তেওঁলোকক প্ৰায় ছয় ঘণ্টামান সময় লাগে। মহাকাশচাৰী সকলৰ মহাকাশ যানখন মহাকাশ ষ্টেচন পোৱাৰ পিছত দুয়োৰে মাজত এক বিশেষ কাৰিকৰী কৌশলেৰে সংযোগ স্থাপন বা ডকিং কৰোৱা হয় আৰু তাৰপিছত মহাকাশচাৰী সকল মহাকাশ যানখনৰ পৰা ওলাই আহি মহাকাশ ষ্টেচনটোত প্ৰৱেশ কৰে।
"তেওঁলোকে মহাকাশ ষ্টেচনত প্ৰৱেশ কৰাৰ লগে লগে প্ৰথমে কেনে অনুভৱ কৰে?" - অলকে সুধিলে।
: মহাকাশ এক অতি নীৰৱ স্থান। তেওঁলোকে তাত প্ৰৱেশ কৰি নি:সন্দেহে প্ৰথম নিৰ্জনতাকেই অনুভৱ কৰে। তাৰ লগে লগে তেওঁলোকে মাধ্যাকৰ্ষণহীনতা কথাও অনুভৱ কৰে কাৰণ মহাকাশচাৰী সকলে মহাকাশযানখনৰ পৰা মহাকাশ ষ্টেচনলৈ খোজ কাঢ়ি অহাৰ সলনি শূণ্যত ওপঙি আহে।
খুড়াকৰ কথাৰ মাজতেই অলকে পুনৰ সুধিলে - "কি আচৰিত! তেওঁলোক যদি শূণ্যত ওপঙি থাকে, তেন্তে ৰাতি বাৰু শোৱে কেনেদৰে?"
: সুন্দৰ প্ৰশ্ন অলক। খুড়াকে ক'বলৈ ধৰিলে - "মহাকাশৰ দিন-ৰাতিৰ পাৰ্থক্য আমাৰ পৃথিৱীৰ দৰে নহয়। মহাকাশ ষ্টেচনখনে পৃথিৱীৰ চাৰিওফালে প্ৰায় ৯০ মিনিটত এপাক মাৰে। অৰ্থাৎ পৃথিৱীৰ সময় অনুসৰি ২৪ ঘণ্টা বা এদিনত মহাকাশ ষ্টেচনটোৱে পৃথিৱীৰ চৌদিশে ১৬টা পৰিক্ৰমা সম্পূৰ্ণ কৰে। সেই বাবে, মহাকাশচাৰী সকলে পৃথিৱীৰ এটা দিনৰ সময়খিনিত ১৬টা সূৰ্যোদয় আৰু ১৬ টা সূৰ্যাস্ত দেখা পায়। সেয়েহে মহাকাশচাৰী সকলে শোৱাৰ বাবে পূৰ্বে নিৰ্দিষ্ট কৰি ৰখা সময়সূচী অনুসৰি মহাকাশ ষ্টেচনতেই থকা কিছুমান সৰু সৰু শয়ন কক্ষত প্ৰবেশ কৰি তেওঁলোকৰ বাবে নিৰ্দিষ্ট কৰি ৰখা শয়ন বেগত নিজকে বেল্টেৰে বান্ধি লৈ টোপনি যায়।"
: বুজিছো খুড়াদেউ। কিন্তু আন এটা কথা মনলৈ আহি আছে। মহাকাশত তেওঁলোকে বাৰু কি খায়?" - অলকে কথাষাৰ সুধি আগ্ৰহেৰে অলপ খুড়াকৰ কাষলৈ চাপি গ'ল।
: মহাকাশৰ খাদ্যবোৰ আমাৰ পৃথিৱীৰ খাদ্যৰ দৰে নহয়। তেওঁলোকৰ খাদ্য তালিকাত মূলতঃ শুকান ফল-মূল, বাদাম, বিস্কুট, কেক আদিয়েই বেছি থাকে। এই খাদ্যবোৰো সুৰক্ষিত কৰি ৰাখিবলৈ ভেকুৱাম-ছীল বা ফ্ৰীজ-ড্ৰাই কৰা হয়। তদপৰি শুকান খাদ্যবোৰ ভোজনযোগ্য কৰিবলৈ তেওঁলোকে তাত পানী যোগ কৰি কিছুমান বিশেষ ধৰণৰ বাচনত লৈ খায় যাতে খোৱাৰ সময়ত খাদ্যবোৰ ভৰহীন অৱস্থাৰ বাবে ওপঙি নুঠে।
: বুজিলো খুড়াদেউ। মহাকাশচাৰী সকলে মহাকাশত বাৰু কেনে ধৰণৰ গৱেষণা কৰে?
"মহাকাশ ষ্টেচনত মহাকাশকাৰী সকলে বিভিন্ন ধৰণৰ গৱেষণা কৰে,"- খুড়াকে ক'ব ধৰিলে। "তেওঁলোকে মানৱ শৰীৰত মাইক্ৰ’গ্ৰেভিটি বা সূক্ষ্ম মাধ্যাকৰ্ষণে কিদৰে প্ৰভাব পেলাই সেই বিষয়ে অধ্যয়ন কৰে। তদুপৰি তেওঁলোকে মহাকাশৰ পৰিবেশত উদ্ভিদ ৰোপন কৰি উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ সম্বন্ধে অধ্যয়ন কৰে। উদ্ভিদৰ জৰিয়তে মহাকাশত খাদ্য উৎপাদন কৰাৰ কৌশলে মানুহৰ দূৰণিবটীয়া মহাকাশ ভ্ৰমণবোৰ যেনে মংগল গ্ৰহলৈ যাত্ৰাৰ পথ সুচল কৰি তুলিব।"
মংগল গ্ৰহৰ কথা শুনি অলকৰ চকুৱে মুখে উৎসাহৰ চিন অধিক স্পষ্ট হৈ পৰিল। তেওঁ খুড়াকক সুধিলে, "এই যে আপুনি মংগল গ্ৰহলৈ যোৱাৰ কথা ক'লে, মানুহে কি সঁচাকৈয়ে মংগল গ্ৰহত জীয়াই থাকিব পাৰিব?
: চোৱা অলক, বিজ্ঞানীসকলৰ মূল লক্ষ্যই সেইটো। - খুড়াকে ক'বলৈ ধৰিলে। "নাছা আৰু স্পেছএক্স নামৰ প্ৰতিস্থানবোৰে ইতিমধ্যে মংগল গ্ৰহলৈ মানুহৰ যাত্ৰাক বাস্তৱ ৰূপ দিবলৈ কঠোৰ পৰিশ্ৰম কৰি আছে। মংগল গ্ৰহত মানুহৰ বসবাসৰ বাবে বহুতো সমস্যা সমাধান কৰিব লগীয়া আছে। উদাহৰণস্বৰূপ, জীৱনৰ বাবে অত্যন্ত প্ৰয়োজনীয় বায়ু, পানী আৰু খাদ্যৰ ব্যৱস্থা কৰাৰ লগতে মংগলৰ বুকুত মহাকাশচাৰী সকলক অতিশয় ক্ষতিকাৰক মহাজাগতিক বিকিৰণৰ পৰা সুৰক্ষিত কৰি ৰাখিবলৈও উন্নত প্ৰযুক্তিৰ প্ৰয়োজন আছে। এনে ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিব পাৰিলে, মানুহে মংগল গ্ৰহতো বসতি কৰিব পাৰিব। বিজ্ঞানীসকলৰ মতে মংগল গ্ৰহৰ মাটিৰ তলত বহুতো পৰিমানৰ বৰফ আছে। তেওঁলোকে এই বৰফৰ পৰা মংগল গ্ৰহত পানীৰ ব্যৱস্থা কৰাৰ পৰিকল্পনা যুগুত কৰিছে। লগতে বৈদ্যুতিক শক্তিৰে পানীক হাইড্ৰজেন আৰু অক্সিজেনলৈ ভাঙি মংগলৰ বুকুত বায়ুৰ যোগান ধৰাৰ আঁচনি তৈয়াৰ কৰিছে।"
: আৰু খাদ্যৰ সমস্যাটো কিদৰে সমাধান কৰিব খুড়াদেউ? -অলকে তপৰাই সুধিলে।
: মংগল গ্ৰহত খাদ্যৰ যোগান ধৰাটো এটা কঠিন বিষয় যদিও অসম্ভৱ নহয়। মহাচাৰী সকলে বৰ্তমান চলাই থকা গৱেষণাবোৰৰ ভিতৰত এই বিষয়টোও অন্যতম। বিজ্ঞানী সকলৰ মতে মাটিৰ সলনি খনিজ লৱন সমৃদ্ধ পানীতেই খেতি কৰিব পৰাকৈ জলাকৰ্ষণ নামৰ এটা পদ্ধতিৰ সহায়ত মংগল গ্ৰহত উদ্ভিদ ৰোপন কৰিব পৰা যাব। আৰু তাৰ জৰিয়তে প্ৰয়োজনীয় খাদ্য উৎপাদন কৰাতো সম্ভৱ হৈ উঠিব।
"খুড়াদেউ, মহাকাশৰ জীৱন বৰ জটিল আৰু কষ্টকৰ! তথাপিও মানুহ কিয় মহাকাশলৈ যায়? - অলকে সুধিলে।
"এৰা, তোমাৰ দৰে বহুতৰেই মনলৈ এই প্ৰশ্নটো আহে।" - খুড়াকে ক'বলৈ ধৰিলে। মহাকাশৰ অনুসন্ধানে আমাৰ নিজৰ গ্ৰহ পৃথিৱীৰ লগতে মহাবিশ্বৰ বিষয়ে বেছিকৈ জানিবলৈ সহায় কৰে। তদুপৰি মহাকাশ অধ্যয়নে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সীমাক অধিক বহল পৰিসৰলৈ ঠেলি নিছে, যাৰ জৰিয়তে বিভিন্ন নতুন আৱিষ্কাৰ আৰু উদ্ভাৱনৰ দিশ মুকলি হৈছে। মহাকাশে সমগ্ৰ মানৱজাতিক অসম্ভৱক সম্ভৱ কৰি তোলাৰ বাবে অনুপ্ৰাণিত কৰে। সেয়ে মহাকাশলৈ ইমান আকৰ্ষণ।"
চকু দুটা দূৰ আকাশৰ কোনোবাখিনিত থাপি থৈ অনুচ্চ কণ্ঠেৰে অলক ক'লে, "ময়ো এজন মহাকাশ বিজ্ঞানী হ'ব খোজো।"
খুড়াক আদিত্য বৰুৱাৰ মুখমণ্ডল যেন সতেজ হৈ পৰিল। ঈষৎ হাঁহি এটা ওঠত বিৰিঙাই তেওঁ ক'লে : "নিশ্চয় পাৰিবা। এই মহাকাশ বিশালতা আৰু ৰহস্যৰ এটা আৰম্ভণি মাথোন। তোমাৰ একাগ্ৰতা আৰু অনুসন্ধিৎসু স্বভাৱে তোমাক মহাকাশৰ মেটমৰা ৰহস্যবোৰৰ মাজলৈ এদিন নিশ্চয় লৈ যাব।"
অলকে একান্ত মনে আকাশখনলৈ চাই ৰ'ল। তেওঁৰ কল্পনাই যেন পাখি মেলি উৰি গ'ল দূৰ আকাশৰ মাজৰ অগণন ৰহস্যৰ মাজলৈ। "খুড়াদেউ, আপোনাৰ পৰা আজি বহুতো আশ্চৰ্যজনক কথা জানিব পাৰিলোঁ। এদিন ময়ো মহাকাশ অধ্যয়ন কৰিম আৰু হয়তো কোনোবা এদিন মইয়ো মহাকাশৰ শূণ্য মাধ্যাকৰ্ষণত উটি ভাঁহি ফুৰিম আৰু জনকল্যাণৰ হকে নতুন গৱেষণতা জড়িত হৈ পৰিম।"
আদিত্য বৰুৱাই অলকক আঁকোৱালি ধৰিলে। "তোমাৰ এই উদ্যম আৰু কৌতূহলে তোমাক মহাকাশৰ পথ প্ৰদৰ্শন কৰাব আৰু তোমাৰ একাগ্ৰতাই এদিন তোমাকো তৰাৰ দেশলৈ নিব। সদায় মনত ৰাখিবা, এই মহাবিশ্ব আমি কল্পনা কৰাতকৈও বহুত ডাঙৰ আৰু সম্ভাৱনাৰে ভৰপূৰ।"
: ধন্যবাদ খুড়াদেউ! এতিয়া পঢ়িবলৈ যাওঁ, সন্ধিয়া ৭ বাজিল। মই পুনৰ আপোনাৰ ওচৰলৈ আহিম নজনা বহুতো কথা শিকিবলৈ।
ধীৰ খোজেৰে অলক গ'লগৈ। আদিত্য বৰুৱাই অলক যোৱা দিশে কিছু পৰ চাই ৰ'ল। তেওঁৰ এনে লাগিল যে বাৰাণ্ডাখনৰ আনটো মুৰৰ এন্ধাৰখিনি যেন কল্পনাতীত ভাবে ৰহস্যময় মহাকাশ আৰু তাৰ মাজৰ কোনোবাখিনিত ধীৰে ধীৰে বিলিন হৈ গ'ল তেওঁৰ অতি মৰমৰ ভতিজা অলক।

No comments:

Post a Comment