Friday 5 July 2024

টাইটানিকৰ অকথিত কথা

 


টাইটানিকৰ যাত্ৰা আৰম্ভ হোৱাৰ আগতে, বৃটিছ হোৱাইট ষ্টাৰ লাইন কোম্পানীয়ে টাইটানিকৰ ঐতিহাসিক প্ৰথমটো সাগৰীয় যাত্ৰাৰ বাবে টিকটৰ বিক্ৰী আৰম্ভ কৰিছিল। সেয়া আছিল ১৯১২ চন। ৬ এপ্ৰিল তাৰিখে, উইলিয়াম ক্লাৰ্ক নামৰ এজন স্কটিছ কৃষকে নিজৰ পৰিয়ালটোৰ বাবে টাইটানিকৰ সাতটা টিকট বুকিং কৰিলে। 

ক্লাৰ্কৰ এটা সপোন আছিল আৰু সেই সপোনৰ পম খেদিয়েই তেওঁ নিজৰ সন্তান আৰু পত্নীৰ সৈতে যুক্তৰাষ্ট্ৰ ভ্ৰমণৰ পৰিকল্পনা কৰিছিল। তাৰ বাবে ক্লাৰ্ক আৰু তেওঁৰ পত্নীয়ে কঠোৰ পৰিশ্ৰম কৰি ধন সাঁচি ৰাখিছিল। আৰু অৱশেষত ১৯১২ চনৰ ৬ এপ্ৰিল তাৰিখে ক্লাৰ্কে তেওঁৰ পৰিয়ালৰ সকলো সদস্যৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যোৱাৰ বাবে প্ৰয়োজনীয় পাছপ'ৰ্ট আৰু আৰ.এম. এছ. টাইটানিকৰ টিকটৰ সংৰক্ষণ লাভ কৰিলে। 

ক্লাৰ্কৰ পৰিয়ালৰ সকলো সদস্যৰে মনবোৰ উদ্দীপনাৰে ভৰা। মনত অযুত সপোন। আমেৰিকাত যদিহে নতুন সংস্থাপন এটা বিচাৰি পোৱা যায়, তেন্তে তেওঁলোক দাৰিদ্ৰতাৰ কৰাল গ্ৰাসৰ পৰা মুক্ত হ'ব পাৰিব! কিন্তু, কথাতেই কয় নহয় - ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি। 

যাত্ৰাৰ দুদিন পূৰ্বে ক্লাৰ্কৰ সৰু সন্তানটোক কুকুৰে কামুৰিলে। ডাক্তৰে সন্তানটিৰ ঘাঁডোখৰ ডাঙৰ হোৱা বাবে চিলাই কৰি ৰেবিচৰ দ্বাৰা আক্ৰান্ত নহ'বলৈ প্ৰয়োজনীয় বেজী দি ক্লাৰ্কক উপদেশ দিলে যে ৰেবিছ ভাইৰাছৰ সংক্ৰমনৰ সম্ভাৱনা থকা বাবে তেওঁলোকৰ সৰু ল'ৰাটো চৌধ্য দিনৰ বাবে অকলশৰীয়াকৈ (quarantine) থাকিব লাগিব। তদুপৰি ডাক্তৰৰ পৰামৰ্শ অনুসৰি বিভাগীয় লোক আহি ক্লাৰ্কৰ ঘৰৰ দুৱাৰমুখত এখন ডাঙৰ হালধীয়া কাগজত "quarantined" বুলি লিখি ওলোমাই দিলে।

ক্লাৰ্ক আৰু তেওঁৰ পৰিয়ালৰ সপোনবোৰ যেন ভাঙি পৰিল। কাৰণ, তেওঁলোকে পৰিকল্পনা অনুসাৰে এতিয়া আমেৰিকালৈ যাত্ৰা কৰিব নোৱাৰিব। "Quarantine"ত থকা সৰু শিশুটি এৰি থৈ আমেৰিকালৈ যোৱাৰ প্ৰশ্নই নাহে। ক্লাৰ্কৰ পত্নীয়ে ক্লাৰ্কক বাকী সন্তান কেইটাৰ সৈতে যাবলৈ কৈছিল যদিও ক্লাৰ্কে কুকুৰে কামোৰা সন্তানটিক মাকৰ সৈতে এৰি থৈ যাবলৈ সাহস গোটাব পৰা নাছিল। হতাশাই জুমুৰি দি ধৰিছিল ক্লাৰ্কক। তেওঁ আৰু তেওঁৰ পত্নীয়ে কঠোৰ পৰিশ্ৰম কৰি ধন সাঁচি ৰখা ধনেৰে কিনি অনা টাইটানিকৰ টিকটবোৰো অপ্ৰত্যাৰ্পনীয় (nonrefundable)। 

দুখ আৰু হতাশাৰে ভাৰাক্ৰান্ত পিতৃয়ে ১০ এপ্ৰিলৰ দিনা সেমেকা দুচকুৰে বন্দৰলৈ গৈছিল টাইটানিকৰ যাত্ৰা চাবলৈ। নীলাভ সাগৰৰ বিশালতাৰ মাজত টাইটানিক জাহাজখন অদৃশ্য হৈ নপৰালৈ তেওঁ মাথোন চাই ৰৈছিল পৰিয়ালটোৰ সপোনবোৰ চুৰমাৰ কৰি ৰাজকীয় ভংগীমাৰে আটলাণ্টিকৰ বিশালতাত ধীৰে ধীৰে অদৃশ্য হৈ পৰা টাইটানিকলৈ। হতাশাৰ চকুপানী টুকি টুকি তেওঁ যেন ভগবানক কৈফিয়ত বিচাৰিছিল!

পাঁচ দিনৰ পাছত, অৰ্থাৎ ১৫ এপ্ৰিলৰ দিনা দুৰ্ভাগ্যজনক খবৰটো সমগ্ৰ বিশ্বলৈ বিয়পি পৰিল। কেতিয়াব ডুবিব নোৱাৰা বুলি ভবা টাইটানিক জাহাজখন আটলাণ্টিকৰ বুকুত ডুব গ’ল আৰু শতাধিক মানুহৰ প্ৰাণ গ'ল। স্কটলেণ্ডত ৰৈ যোৱা ক্লাৰ্কেও খৱৰটো পালে। কেইটামান মূহুৰ্ত ক্লাৰ্ক যেন অপ্ৰস্তুত হৈ পৰিল - তেওঁ দুখ কৰিব নে আনন্দত আত্মহাৰা হ'ব! তেওঁ যেন উপলব্ধি কৰিলে যে তেওঁৰ পৰিয়ালটো এৰি বিগত ১০ এপ্ৰিলৰ দিনা গভীৰ সমুদ্ৰৰ মাজত অদৃশ্য হৈ যোৱা টাইটানিকে তেওঁলৈ দুৰ্ভাগ্য নহয়, বৰং একাজলি আশীৰ্বাদ ছটিয়াই থৈ হেৰাই গ'ল আটলাণ্টিকৰ গভীৰতাত। 

(Ashu Gupta ৰ "The Untold Story of The Titanic"ৰ ছাঁ লৈ)

No comments:

Post a Comment