Sunday 7 July 2024

ৰহস্যময় কৈলাশ পৰ্বত


কৈলাশ পৰ্বতৰ এক অপৰিসীম ৰহস্য হ'ল এই যে কৈলাশ পৰ্বত আৰু পৃথিৱীৰ আন আন বহুতো প্ৰাচীন স্মাৰকৰ সৈতে ইয়াৰ আচৰ্যকৰ ভৌগোলিক অৱস্থান। কৈলাশ পৰ্বত, পৃথিৱীৰ সকলো প্ৰধান স্মাৰকৰ সৈতে এক সমন্বিত অৱস্থাত অৱস্থিত। উদাহৰণ স্বৰূপে কৈলাশৰ পৰা ষ্টোনহেঞ্জলৈ দূৰত্বটো ৬৬৬৬ কি.মি.। একেদৰে কৈলাশৰ পৰা উত্তৰ মেৰুলৈ দূৰত্বটোও ৬৬৬৬ কিলোমিটাৰ। তাতোকৈ আচৰিত এই যে কৈলাশ পৰ্বতৰ পৰা দক্ষিণ মেৰুৰ দূৰত্ব উত্তৰ মেৰুৰ দূৰত্বৰ ঠিক দ্বিগুণ, অৰ্থাৎ ১৩৩৩২ কিলোমিটাৰ। 

পৃথিৱীৰ কেইটামান উল্ল্যেখযোগ্য স্মাৰকবোৰৰ মাজৰ দূৰত্ব হৈছে :

▪️কৈলাশ -- উত্তৰ মেৰু : ৬৬৬৬ কি.মি.

▪️কৈলাশ -- ষ্টোনহেঞ্জ : ৬৬৬৬ কি.মি.

▪️পিৰামিড -- উত্তৰ মেৰু : ৬৬৬৬ কি.মি.

▪️ষ্টোনহেঞ্জ -- ডেভিল’চ টাৱাৰ : ৬৬৬৬ কি.মি.

▪️ষ্টোনহেঞ্জ -- বাৰ্মুডা ত্ৰিভূজ : ৬৬৬৬ কি.মি.

▪️বাৰ্মুডা ত্ৰিভূজ -- ইষ্টাৰ আইলেণ্ড : ৬৬৬৬ কি.মি.

▪️ইষ্টাৰ আইলেণ্ড -- তাজুমাল – ৬৬৬৬ কি.মি.

কৈলাশ পৰ্বত বা মাউন্ট মেৰু নামেৰে জনাজাত এই পৰ্বত হিমালয় সকলো পৰিসৰৰ ভিতৰত আটাইতকৈ আকৰ্ষণীয় পৰ্বত শৃংগসমূহৰ ভিতৰত এটা। বহুতো কাৰণে এই শৃংগক পৃথিৱীৰ আটাইতকৈ ৰহস্যময় ঠাইবোৰৰ ভিতৰত এটা কৰি তোলে। ৰাছিয়া আৰু আমেৰিকাৰ বিজ্ঞানীসকলে এঈ পৱিত্ৰ শৃংগটো পৃথিৱীৰ ভৌগলিক কেন্দ্ৰত অৱস্থিত বুলি ক'ব খোজে আৰু সেইবাবেই কৈলাশ পৰ্বতক "এক্সিছ মুণ্ডি" (Axis Mundi) নামেৰে নামাকৰণ কৰিছে। হিন্দু দৰ্শনত কৈলাশ পৰ্বতক আন কিছুমান নামেৰেও জনা যায়, যেনে মেৰু পৰ্বত, সুমেৰু পৰ্বত, সুষুম্না পৰ্বত, হিমাদ্ৰী, দেৱ পৰ্বত, গণ পৰ্বত আদি। 

বেদত কৈলাশ পৰ্বতক বিশ্ব-বৃক্ষ হিচাপে বৰ্ণনা কৰা হৈছে। মহাভাৰতত বৰ্ণিত পাণ্ডৱ  আৰু দ্ৰৌপদীয়ে এই পৰ্বত আৰোহণ কৰিয়েই স্বৰ্গলৈ গৈছিল। বেদত বৰ্ণনা কৰা মতে কৈলাশ পৰ্বতেই স্বৰ্গ আৰু পৃথিৱীৰ দুৱাৰমুখ।

অধিক তথ্যৰ বাবে :

https://www.triptotemples.com/blogs/kailash-mansarovar/mysterious-mount-kailash

No comments:

Post a Comment