Wednesday 28 August 2024

স্পিন-লঞ্চ টেকন'লজী : এক নতুন অধ্যায়

 


পৰম্পৰাগত ভাবে মহাকাশলৈ ৰকেট-ভিত্তিক উপগ্ৰহ উৎক্ষেপণ ব্যৱস্থাৰ পৰা সম্পূৰ্ণ পৃথক এক নতুন উদ্ভাৱনী পদ্ধতি হ'ল SpinLaunch টেকন’ল’জী। এই টেকন’ল’জী মূলতঃ গতি শক্তি বা কাইনেটিক এনৰ্জি ভিত্তিক লঞ্চিং ব্যৱস্থা। এই ব্যৱস্থাত এটা বিশালাকাৰ চেণ্ট্ৰিফিউজ ব্যৱহাৰ কৰি, উৎক্ষেপণ কৰিব লগা কৃত্ৰিম উপগ্ৰহটোক অতি উচ্চ গতিৰে ঘূৰাই চেণ্ট্ৰিফিউজৰ ভিতৰত স্থাপন কৰা এটা ঘূৰণীয়া বাহুত পৰ্যাপ্ত পৰিমানৰ গতি শক্তি বা কাইনেটিক শক্তি সঞ্চয় কৰা হয় আৰু তাৰপিছত এই বাহুটোত উৎক্ষেপণ কৰিবলগীয়া উপগ্ৰহটো সংলগ্ন কৰি প্রায়  ৮,০০০ কিমি/ঘণ্টা গতিৰে ঘূৰাই থকা হয়। 

SpinLaunchৰ সমগ্ৰ ব্যৱস্থাটো এটা ডাঙৰ ভেকুৱাম চেম্বাৰৰ ভিতৰত থাকে, যাতে সমগ্ৰ প্ৰক্ৰিয়াটো বায়ুৰ ঘর্ষণৰ প্ৰভাৱৰ পৰা মুক্ত হৈ থাকে। ভেকুৱাম চেম্বাৰৰ ভিতৰত থকা চেণ্ট্ৰিফিউজত উপগ্ৰহটোৱে প্ৰয়োজনীয় গতি লাভ কৰাৰ পাছত, ঘূৰণীয়া বাহুৰ লগত সংলগ্ন উপগ্ৰহটো এটা বিশেষ ভাবে সজ্জিত "লঞ্চ টিউব"ৰ জৰিয়তে মহাকাশলৈ প্ৰেৰণ কৰা হয়। পৰীক্ষাৰ সময়ত দেখা গৈছে যে এনেদৰে উৎক্ষেপন কৰা উপগ্ৰহবোৰ পৃথিৱীৰ মাধ্যাকৰ্ষণৰ বিপৰীতে প্ৰায় ৬০ পৰা ১০০ কিমি উচ্চতালৈ অনায়াসে উঠিব পাৰে। 

SpinLaunch টেকন'লজীৰ মূল সুবিধা সমূহৰ ভিতৰত এটা হৈছে এই পদ্ধতিত খৰচৰ মাত্ৰা অতি কম। পৰম্পৰাগত ৰকেটে বৃহৎ পৰিমাণৰ ইন্ধন দহন কৰে। কিন্তু SpinLaunch পদ্ধতিত চেণ্ট্ৰিফিউজ ব্যৱহাৰ কৰি কাইনেটিক এনৰ্জি ব্যৱহাৰ কৰাৰ বাবে ইন্ধনৰ প্ৰয়োজনীয়তা অতি মাত্ৰা কমি গৈছে। তদুপৰি ইন্ধন দহনৰ প্ৰয়োজনীয়তা কমি যোৱাৰ ফলত SpinLaunch পদ্ধতিটো  পৰিৱেশৰ অনুকুল হৈ পৰিছে।

স্পিন-লঞ্চ পদ্ধতিটোৰ সীমাবদ্ধতা নথকা নহয়। উৎক্ষপনৰ সময়ত উপগ্ৰহটোৱে উচ্চ-গতিৰ ঘূৰণৰ বাবে তীব্ৰ G-ফৰ্চৰ সন্মুখীন হয় (১০,০০০ G পৰ্যন্ত), যিয়ে উপগ্ৰহ আৰু ইয়াৰ উপাদানবোৰক ক্ষতিগ্ৰস্ত কৰাৰ আশংকা থাকে। তদুপৰি SpinLaunch পদ্ধতিৰে সাম্প্ৰতিক সময়ৰ টেকন'লজীৰে উপগ্ৰহ এটাক অধিক উচ্চ উচ্চতাৰ কক্ষপথলৈ প্ৰেৰণ কৰিব নোৱাৰি। 

স্পিন-লঞ্চ কোম্পানীয়ে তেওঁলোকৰ টেকন’ল’জীৰ ওপৰত বিভিন্ন প্ৰ’ট’টাইপ পৰীক্ষাবোৰ কৰি আহিছে। বিগত ২০২১ চনত, কোম্পানীটোৱে নিজৰ "চাবঅৰ্বিটাল এক্সিলেৰেট"ৰ ব্যৱস্থাৰ সহায়ত ইতিমধ্যে এটা পৰীক্ষামূলক উৎক্ষেপনৰ সফল পৰীক্ষা সম্পন্ন কৰিছে আৰু এই পৰীক্ষাৰ সময়ত তেওঁলোকে উপগ্ৰহ এটাক পৃথিৱীৰ পৰা দহ হাজাৰ ফুট উচ্চতালৈ প্ৰক্ষেপ কৰিব পাৰিছিল। এই পৰীক্ষাবোৰে স্পিন-লঞ্চৰ ধাৰণাটোৰ কাৰ্যক্ষমতা প্ৰমাণ কৰিছে আৰু সেইবাবে স্পিন-লঞ্চে তেওঁলোকৰ টেকন’ল’জীটো অধিক উন্নত কৰিবলৈ অহৰহ গৱেষণা কৰি আছে।

অধিক তথ্যৰ বাবে স্পিন-লঞ্চৰ ৱেবচাইট চাব পাৰে: 👇

https://www.spinlaunch.com/#p4

No comments:

Post a Comment