Saturday 31 August 2024

অৱচেতন মনৰ ঋণাত্মক প্ৰগ্ৰেমিং

অৱচেতন মনৰ ঋণাত্মক প্ৰগ্ৰেমিং (Subconscious negative programming) মানে কেতবোৰ প্ৰচলিত বিশ্বাস, চিন্তা বা মনোভাৱক বুজায় যিবোৰ মানুহৰ অৱচেতন মনৰ মাজত লুকাই থাকি মানুহৰ আচৰণ আৰু দৃষ্টিভংগীক ঋণাত্মক দিশত প্ৰভাৱিত কৰে। এই ধাৰণাবোৰ সাধাৰণতে পূৰ্বৰ কিছুমান অভিজ্ঞতা, আনৰ পৰা শুনা কিছুমান ঘটনাৰ বৰ্ণনা অথবা নিজৰ জীৱনৰ বিফলতাৰ পৰাই গঢ় লৈ উঠে।

উদাহৰণস্বৰূপে, যদি কোনোৱে বাৰে বাৰে আনৰ মুখত যেনে পিতৃ-মাতৃ, আত্মীয়-স্বজন বা গুৰুৰ পৰা শুনে যে "তুমি ভাল নহয়" বা "তুমি কেতিয়াও সফল হ'ব নোৱাৰিবা", - তেন্তে এই কথাবোৰ ব্যক্তিজনৰ অৱচেতন মনত ছাপ বহুৱাই ৰৈ যায়। ফলত, তেওঁলোকে অজানিতে নিজৰ প্ৰচেষ্টাবোৰকেই ব্যৰ্থ কৰিবলৈ আৰম্ভ কৰে। তেওঁলোকলৈ অহা সুযোগবোৰৰ সৎব্যৱহাৰ নকৰি সেইবোৰ অনায়াসে এৰি দিয়ে। 

আমাৰ মনক প্ৰফুল্লিত কৰি ৰখাৰ বাবে পুনৰায় প্ৰগ্ৰেমিং কৰাটো অত্যন্ত জৰুৰী। আমাৰ কেতিয়াবা এনে লাগে যেন আমি নিজেই নিজৰ বাবে এখন বাধাৰ প্ৰাচীৰ। মনোবিজ্ঞানী সকলৰ মতে এয়া অৱচেতন মনৰ নেগেটিভ প্ৰগ্ৰেমিঙৰ ফল। সেই সময়ত আমাৰ ঋণাত্মক বিশ্বাসবোৰ বেছি গভীৰ হয়, যিবোৰে আমাক কানে কানে কৈ যায়হি যে - "তুমি ভাল নহয়" বা "তুমি কেতিয়াও সফল হ'ব নোৱাৰিবা"। যিসকল মানুহে এই সময়খিনিতেই নিজৰ মনক পুনৰায় প্ৰোগ্ৰামিং কৰাই ল'ব, তেওঁলোকৰ মনৰ পৰা নেগেটিভ চিন্তাবোৰ লাহে লাহে নোহোৱা হয়। নিজৰ মনক পুনৰায় প্ৰগ্ৰেমিং কৰিবলৈ আমি প্ৰথমে আমাৰ নেগেটিভ চিন্তাবোৰ চিহ্নিত কৰি, তাৰ পৰিবৰ্তে ধনাত্মক চিন্তাধাৰাৰে আগুৱাব পাৰিব লাগিব। আমি যদি ধ্যানৰ অভ্যাসৰ লগতে নিজকে উৎসাহজনক বাৰ্তাৰ মাজত আৱৰি ৰাখিবলৈ শিকো বা চেষ্টা কৰো, তেন্তে আমাৰ মনোভাৱৰ ধনাত্মক পৰিবর্তন আৰম্ভ হয়। আমাৰ মনোজগতৰ ভিতৰখনত এটা উৎসাহজনক পৰিবেশ সৃষ্টি কৰি সুন্দৰ জীৱন যাপন কৰিব পৰা ক্ষমতা আমাৰ হাততেই থাকে। আমাক মাথোন প্ৰয়োজন হয় ইচ্ছা শক্তিৰ।

No comments:

Post a Comment