Sunday 28 August 2016

বৃহস্পতি আৰু শুক্ৰ গ্ৰহৰ সংযোগ


27 আগষ্টৰ সন্ধিয়া সূৰ্যাাস্তৰ প্ৰায় 40 মিনিট পিছত পশ্চিম আকাশত দেখা পোৱা গ'ল আন এক বিৰল মহাজাগতিক দৃশ্য, যিটো দৃশ্য পৃথিৱীৰ পৰা পুনৰ দেখা পোৱা যাব 2065 চনৰ নৱেম্বৰ মাহত। হয়, পশ্চিম আকাশত হেঙুলীয়া ৰহণ সানি বেলি বুৰ যোৱাৰ প্ৰায় 40 মিনিট পিছত শুক্ৰ আৰু বৃহস্পতি গ্ৰহৰ সংযোগে এক বিৰল মহাজাগতিক দৃশ্যৰ অৱতাৰণা কৰি দুয়ো একেলগ পশ্চিম আকাশত মাৰ যোৱাৰ দৃশ্যৰ কথাকেই ক'বলৈ ওলাইছো। শুক্ৰ আৰু বৃহস্পতি গ্ৰহ এনেদৰে যুগ্ম ভাবে দেখা পোৱা পৰিঘটনাটোক বিজ্ঞানীসকলে Conjunction বা Appulse বুলি কয়। পৃথিৱীৰ প্ৰায় সকলো স্থানৰ পৰা দৃশ্যমান এই পৰিঘটনাটো খালী চকুৰে দেখা পোৱা যায়। পৰিস্কাৰ আৰু ফৰকাল বতৰৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ আকাশতো আজি সন্ধিয়া এই বিশেষ মহাজাগতিক দৃশ্যটো সুন্দৰকৈ দৃশ্যমান হৈছিল। শুক্ৰ আৰু বৃহস্পতিৰ এই সংযোগৰ কাৰণ বুজিবলৈ পোষ্টটোৰ লগত সন্নিবিষ্ট ছবিখন চালে দেখা যায় যে 2016 চনৰ 27 আগষ্টৰ দিনা সূৰ্যই পৃথিৱী আৰু শুক্ৰ গ্ৰহৰ সোঁমাজত অৱস্থান গ্ৰহণ কৰিছে। আনহাতে পৃথিৱী, শুক্ৰ আৰু বৃহস্পতি গ্ৰহই সূৰ্যৰ চাৰিওফালে আৱৰ্তন কৰা সময়ত একেডাল সৰলৰেখাত অৱস্থান গ্ৰহণ কৰিছে। সেয়ে, সূৰ্যাস্তৰ পিছত পৃথিৱীৰ পৰা পশ্চিম আকাশলৈ চালে একে সৰলৰেখাত অৱস্থিত শুক্ৰ আৰু বৃহস্পতি গ্ৰহক প্ৰায় একেলগে ওচৰা ওচৰিকৈ দেখা গৈছিল। আজি সন্ধিয়া গুৱাহাটীৰ পৰা ঘৰলৈ বুলি উভতি অহাৰ পথত শৰাইঘাট দলঙৰ পৰা আমিও এই মনোৰম মহাজাগতিক দৃশ্যটো উপভোগ কৰিবলৈ পাইছিলো।

No comments:

Post a Comment