Wednesday 10 August 2016

সৌৰজগতৰ সুন্দৰ গ্ৰহ শনি


সৌৰজগতৰ পৰিসীমাৰ ভিতৰত পৃথিৱীৰ পৰা খালী চকুৰে দেখা আটাইতকৈ দূৰৰ গ্ৰহটোৱেই হ'ল শনি গ্ৰহ। খালী চকুৰে দেখিবলৈ সাধাৰণ যেন লগা এই গ্ৰহটো পিছে দূৰবীন যন্ত্ৰৰ সহায়ত চালে অনুভৱ কৰিব পৰা যায়- কিহৰ বাবে বিজ্ঞানী সকলে এই গ্ৰহটোক (পৃথিৱীৰ বাদে) সৌৰজগতৰ আটাইতকৈ সুন্দৰ গ্ৰহ বুলি কয়। বৃহস্পতি গ্ৰহৰ পিছতেই সৌৰজগতৰ দ্বিতীয় বৃহৎ এই গ্ৰহটো আয়তনত প্ৰায় 760 খন পৃথিৱীৰ সমান। অৱশ্যে আয়তনত ইমান বৃহৎ হোৱাৰ পিছতো ভৰৰ ক্ষেত্ৰত ই পৃথিৱীত কৈ মাত্ৰ 95 গুণ বেছি। ইয়াৰ কাৰণ হ'ল গ্ৰহটোৰ ঘনত্ব। ঘনত্বৰ দিশৰ পৰা শনি গ্ৰহ সৌৰজগতৰ আটাইতকৈ পাতল গ্ৰহ আৰু অবিশ্বাস্য হ'লেও এইটো সত্য যে শনি গ্ৰহ পানীত ওপঙি থাকিব। শনি গ্ৰহই নিজ অক্ষৰ ওপৰত অতি বেছি বেগেৰে আৱৰ্তন কৰে বাবেই গ্ৰহটো ইয়াৰ বিষুবীয় অঞ্চলত উখহি উঠা। শনিৰ বায়ুমণ্ডল প্ৰধানকৈ হাইড্ৰজেন গেছেৰে গঠিত। হাইড্ৰজেনৰ বাহিৰে ইয়াৰ বায়ুমণ্ডলত হিলিয়াম, এমোনিয়া আৰু মিথেন গেছ সামান্য মাত্ৰাত পোৱা যায়। শনি গ্ৰহৰ উপগ্ৰহৰ সংখ্যা 62 টা। এইবোৰৰ ভিতৰত টাইটান হ'ল সৰ্ববৃহৎ আৰু বৰ্তমান এই উপগ্ৰহটো অগণন সাধাৰণ মানুহৰ লগতে বিজ্ঞানী সকলৰো চৰ্চাৰ কেন্দ্ৰবিন্দু কাৰণ টাইটানৰ গঠন, বায়ুমণ্ডল, খনিজ আৰু জুলীয়া মিথেন জীৱনৰ উপস্থিতিৰ বাবে অতি সম্ভাৱনাময়। হয়তো টাইটানৰ বুকুতেেই লুকাই আছে আমি বিচাৰি ফুৰা বহিৰ্বিশ্বৰ কোনো সুহৃদ !!!

No comments:

Post a Comment