Sunday 28 August 2016

অনুভূতি


বিগত ২৪টা বছৰত শিক্ষক হিচাবে বহুতো ছাত্ৰ-ছাত্ৰী লগ পালো। তাৰে বহুজনক এতিয়া বাটে পথে দেখিলে চিনি পোৱা কঠিন হয় কাৰণ তেওঁলোক কৈশোৰৰ দেওনা অতিক্ৰম কৰি বৰ্তমান একোজন প্ৰতিষ্ঠিত নাগৰিক। লগতে তেওঁলোকৰ চেহেৰা পাতিবোৰো সেই তাহানিৰ দৰে হৈ থকা নাই। তেনে ছাত্ৰ ছাত্ৰীবোৰে বাটে পথে লগ পালে মাতষাৰ লগাই খবৰ সোধে। বজাৰে সমাৰে, বিয়াই সবাহে, বিহুতলী, থিয়েটাৰ সকলোতে ন-পুৰণি ছাত্ৰ-ছাত্ৰীৰ লগত সাক্ষাত হয় সদায়েই। এইয়া প্ৰতিজন শিক্ষকৰ দৈনন্দিন জীৱনৰ একোটা নৈমিত্তিক ঘটনা।

কেইদিনমান আগৰ কথা….। সিদিনা দেওবাৰ। চুলি কটাম বুলি চেলুনলৈ ওলালোঁ। চেলুনবোৰত মানুহৰ ভিৰ। নাই, ইয়াত নহ’ব। আন এখনলৈ যাওঁ। মটৰ চাইকেলখন ষ্টাৰ্ট কৰি আগবাঢ়িলো। কিছুদুৰ আগবাঢ়ি আন এখন চেলুনৰ সম্মুখত উপস্থিত হ’লো। সচৰাচৰ মই নিৰ্দিষ্ট এখন চেলুনতেই চুলি কটাও। আজি সেই চেলুনখন বন্ধ। চেলুনৰ নাপিত “চুটকা” বিহাৰৰ নিজা ঘৰলৈ গৈছে। জীয়েকৰ বিয়া হেনো। মটৰ চাইকেলখন ৰখাই মই চেলুনখনৰ ভিতৰলৈ সোমাই আহিলো। দুজন নাপিতে গ্ৰাহকৰ চুলি কাটি আছে। কিছুপৰ অপেক্ষাৰ অন্তত মোৰ পাল পৰিল। কম বয়সীয়া নাপিত এজনে মোক তেওঁৰ ওচৰলৈ মাতিলে।

চকীখনত বহাৰ মাত্ৰকে নাপিতজনে মাত লগালে : চাৰ ভালনে আপোনাৰ?
মই সন্মতি সূচক দৃষ্টিৰে এটা হাঁহি মাৰি তেওঁৰ মুখলৈ চাই ভাবিবলৈ ধৰিলোঁ- এই মুখখনতো মোৰ চিনাকি। কিন্তু মই সঠিক মনত পেলাব পৰা নাই……।


হয়তো কম বয়সীয়া নাপিতজনে মোৰ মনৰ ভিতৰত দুলি থকা ভাবৰ বুৰবুৰণিবোৰৰ উমান পাইছিল। তেওঁ ক’লে – মোক চিনি পাইছেনে চাৰ? 2005 চনত হায়াৰ চেকেণ্ডাৰী পৰীক্ষা পাছ কৰিছিলো। মই “——-” চাৰ। (নামটো ইচ্ছাকৃত ভাবে প্ৰকাশ নকৰিলো)।

মূহুৰ্ত এটিৰ বাবে হ’লেও মই কিছু অপ্ৰস্তুত হৈ পৰিলো। এৰা, এৰা মনত পৰিছে। তেওঁ মোৰ ছাত্ৰ আছিল। মই কিবা এটা কোৱাৰ আগতেই তেওঁ মোৰ গাত এখন কাপোৰ মেৰিয়াই দি কেঁচি ফনিবোৰ উলিয়াই লৈ মোৰ চুলি কাটিবলৈ ধৰিলে। তেওঁ চুলি কাটি কাটি সংক্ষেপে কৈ গ’ল তেওঁলোকৰ ঘৰুৱা অৱস্থাৰ কথা, ৰুগ্ন দেউতাক আৰু ভায়েকহঁঁতৰ বাবে ল’ব লগীয়া দায়ীত্বৰ কথা। মই মাথোন শুনি গৈছো নীৰবে।

মনত পৰিছিল সেই ছাত্ৰ-ছাত্ৰী সকলৰ মুখবোৰ, যিসকলে JEE, CEE আদি পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ খবৰ দি ভৰি চুই সেৱা কৰি যায়, যিসকল বেংক বা অন্যান্য প্ৰতিষ্ঠানত চাকৰিত নিয়োগ হয়, উচ্চ শিক্ষাৰ বাবে দিল্লী বা বাংগালোৰলৈ পঢ়িবলৈ গুচি যায় অথবা ব্যৱসায়ত উন্নতি কৰি ক্ৰমে শিখৰলৈ গতি কৰে। চকুৰ আগত ভাঁহি উঠিল চিলমিলকৈ দুই এখন মুখ, যিবোৰ মুখৰ অধিকাৰী ছাত্ৰই চকুৰ সন্মুখেৰে পাৰহৈ গ’লেও মাত এষাৰ দিবলৈ টান পায়। সঁচাকৈয়ে বিচিত্ৰ এই জগত। 

চুলি কটাৰ সুবিধাৰ্থে মোৰ মুৰটো সামান্য আগলৈ থেলি দি তেওঁ ক’লে : চাৰ মই সুখী। পিতৃৰ পদাংক অনুসৰণ কৰি এই ব্যৱসায়ত নামিছো আৰু ঘৰৰ দায়িত্বও ল’ব পাৰিছোঁ। দুখ এটাই ৰৈ গ’ল চাৰ….!

মই সুধিলো “কি” ?

তেওঁ কলে – ময়ো এজন শিক্ষক হোৱাৰ আশা এটি পুহি ৰাখিছিলো…..! পিছে সেয়া সম্ভৱ নহ’ল।……

কি ক’ম কি নক’ম ভাবি থাকোতেই তেওঁৰ চুলি কটা শেষ হ’ল। মই লাহেকৈ চকীখনৰ পৰা উঠি পকেটৰ পৰা উৰ্মালখন উলিয়াই মুখখন মচি লৈ ৱালেটটোলৈ বুলি হাতখন আগবঢ়ালোঁ। তেওঁ মূহুৰ্ততে প্ৰতিবাদ কৰি উঠিল আৰু ক’লে : নহয় চাৰ, নহয় ! পইচাৰ বিনিময়ত মই কেতিয়াও আপোনাৰ চুলি কাটিব নোৱাৰিম। মোৰ সৌভাগ্য যে মই মোৰ শিক্ষাগুৰুৰ চুলি কাটিবলৈ পালোঁ। আপুনি আকৌ আহিব চাৰ। এইবুলি তেওঁ হাউলি মোৰ ভৰি দুখন চুই আশীৰ্বাদ বিচাৰিলে। এবুকু আশীৰ্বাদ দি মই ঘৰলৈ উভটি আহিলো কিন্তু মনৰ মাজত অযুত খেলিমেলি ভাবে দোলা দি থাকিল ওৰেটো দিন।

No comments:

Post a Comment