Sunday 28 August 2016

একে কক্ষপথেৰে আৱৰ্তন কৰা শনিৰ বিস্ময়কৰ উপগ্ৰহ দুটা


সৌৰজগতৰ এটি অনন্য সুন্দৰ গ্ৰহ হ'ল শনি। 0.687 gm/cm3 ঘণত্বৰ পানীতকৈও পাতল এই গ্ৰহটোৰ বুকুত নাই কোনো কঠিন পদাৰ্থ। ই মূলতঃ এক বিশাল গেছীয় গ্ৰহ যাৰ মূল উপাদানবোৰ হ'ল হাইড্ৰজেন, মিথেন, এমোনিয়া, হিলিয়াম আদি গেছ সমূহ আৰু এই গেছবোৰৰ তৰল ৰূপসমূহ। শনিগ্ৰহৰ 62টা উপগ্ৰহৰ উপৰিও আন বহুতো ক্ষুদ্ৰ উপগ্ৰহিকা বা moonlets আছে। এই উপগ্ৰহবোৰৰ ভিতৰত দুটা বিস্ময়কৰ উপগ্ৰহ হ'ল Saturn-X (Janus) আৰু Saturn-XI (Epimetheus). এই দুয়োটাই শনিৰ আভ্যন্তৰীণ উপগ্ৰহ আৰু এই দুই উপগ্ৰহ শনিগ্ৰহৰ পৃষ্ঠৰ পৰা প্ৰায় ৮০,০০০ কিমি আঁতৰত থাকি শনিৰ চৌদিশে আৱৰ্তন কৰি আছে। আচৰ্যকৰ কথা এইটোৱেই যে এই দুয়োটা গ্ৰহই একেটা কক্ষপথেৰে শনিগ্ৰহৰ চৌদিশে আৱৰ্তন কৰি আছে। বিজ্ঞানীসকলৰ মতে আদিতে এই দুয়োটা উপগ্ৰহ এটাই আছিল। কেইবা মিলিয়ন বছৰ আগেয়ে হোৱা কোনো মহাজাগতিক সংঘৰ্ষৰ ফলত সেই আদিম উপগ্ৰহটো ভাঙি দ্বিখণ্ডিত হৈছিল আৰু তেতিয়াৰ পৰাই এই খণ্ড দুটাই একেটা কক্ষপথেৰে শনিগ্ৰহৰ চাৰিওফালে একে আৱৰ্তন বেগেৰে আৱৰ্তন কৰি আহিছে। স্বাভাৱিকতে আমাৰ মনলৈ এটি প্ৰশ্ন আহিব যে একেটা বেগত একে কক্ষপথেৰে আৱৰ্তন কৰা এই দুই উপগ্ৰহই সংঘৰ্ষত পতিত নহয় নেকি? কেনেকৈ সম্ভৱ হৈছে এই অবিশ্বাস্য পৰিঘটনা? বিজ্ঞানীসকলৰ মতে এই দুই উপগ্ৰহ যেতিয়া কক্ষপথত প্ৰায় ওচৰা ওচৰি অৱস্থান প্ৰাপ্ত হয়, তেতিয়াই উপগ্ৰহ দুটাই সাময়িক ভাবে কিছুু পৰিমাণৰ ভৰবেগৰ আদান প্ৰদান কৰি কক্ষপথত সামান্য পৰিমাণে বিচ্যুত হৈ এটাই আনটোক বাট এৰি দি সংঘৰ্ষৰ পৰা আঁতৰি থাকে। এনেদৰে ভৰবেগৰ আদান প্ৰদান কৰাৰ ফলত Epimetheusএ Janusৰ বেগক অতিক্ৰম কৰি কক্ষপথত আগবাঢ়ি যায় আৰু Janusএ নিজ কক্ষপথৰ পৰা প্ৰায় 50 কিমি আঁতৰি Epimetheusক আগবাঢ়ি যোৱাত সহায় কৰে, যেন ব্যস্ত ৰাজপথত দ্ৰুতবেগী বাহন এখনক আগবাঢ়ি যাবলৈ দিয়াৰ বাব আপুনি আপোনাৰ বাহনখন পথৰ দাঁতিলৈ লৈ গৈছে !! Epimetheus আগবাঢ়ি যোৱাৰ পিছত আচৰিত ভাবে Janus পুনৰ আগৰ কক্ষপথলৈ ঘুৰি আহে। প্ৰতি চাৰি বছৰৰ মুৰত এনেদৰে উপগ্ৰহ দুটাই ভৰবেগৰ আদান প্ৰদান কৰি আহিছে আৰু ভৱিষ্যতেও এনেদৰেই শনিগ্ৰহৰ চৌদিশে আৱৰ্তন কৰি যাব। সমগ্ৰ সৌৰজগতত এইটো এটি বিস্ময়কৰ মহাজাগতিক ঘটনা। এইখিনিতে এটা প্ৰশ্ন আহে : নিউটনৰ সূত্ৰ অনুসৰি গতিশীল বস্তুৰ ভৰবেগ, দিশ অথবা বেগৰ পৰিবৰ্তনৰ বাবে বাহ্যিক বলৰ প্ৰয়োজন। পিছে উপগ্ৰহ দুটাই কক্ষপথত বৰ্তি থাকিবলৈ প্ৰয়োজন হোৱা এই বিশেষ কৌশল প্ৰয়োগ কৰিবলৈ আৱশ্যকীয় বল ক'ত পায়- সেই লৈ বিজ্ঞানীসকলে অব্যাহত ৰাখিছে তেখেতসকলৰ গৱেষণা। সঁচাকৈয়ে আচৰিত আমাৰ সৌৰজগত আৰু সৌৰজগত পৰিচালিত হোৱা নিয়মবোৰ !!!

No comments:

Post a Comment