Saturday 3 September 2016

You Can And You Will


বিদ্বান লোকসকল অথবা বিজ্ঞানীসকল আমাৰ দৰেই মানুহ। ছাত্ৰাৱস্থাৰ পৰাই তেওঁলোক বিচক্ষণ আছিল নে ? অথবা তেওঁলোক শ্ৰেণীত সদায় প্ৰথম হৈছিল নে ? মহান বিজ্ঞানীসকলৰ বিষয়ে পঢ়িলে পোৱা যায় যে কথাটো তেনে নহয়। বৰং তেওঁলোকৰ বহুজনেই একোজন সাধাৰণ ছাত্ৰ বা ছাত্ৰীয়েই আছিল। কিন্তু তেখেতসকলৰ আছিল একোটাকৈ অনুসন্ধিৎসু মন আৰু একাগ্ৰতা। প্ৰকৃতাৰ্থত মানুহৰ অনুসন্ধিৎসুু মনোভাৱেই মানুহক আন প্ৰাণী সমূহৰ পৰা পৃথক কৰি শ্ৰেষ্ঠতা প্ৰদান কৰিছে। উদাহৰণ স্বৰূপে জুই দেখিলে সকলো প্ৰাণীয়েই ভয় কৰি তাৰ পৰা আঁতৰি থকাৰ চেষ্টা কৰে। কিন্তু দূৰ অতীতৰ কোনোবা মূহুৰ্তত এটি অনুসন্ধিৎসু মন লৈ মানুহে জুইৰ কাষলৈ গৈ জুইকুৰাক বুজিবলৈ চেষ্টা কৰিছিল। কেৱল সেয়াই নহয়, জুইকুৰাৰ উৎস, প্ৰকৃতি আৰু নিয়ন্ত্ৰণ সম্বন্ধে একাগ্ৰতাৰে বুজিবলৈ চেষ্টা কৰিছিল। অনুসন্ধিৎসু আদিম পূৰ্বপুৰুষ সকলৰ এনে প্ৰচেষ্টাই আমাক সভ্যতাৰ জখলাত বগাই আজিৰ অৱস্থাত উপনীত কৰোৱাইছে। বৈদ্যুতিক বাল্বৰ আৱিষ্কাৰক টমাচ আলভা এডিচনক “ঘোলা কণী” বিশেষণেৰে তিৰষ্কাৰ কৰি বিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰা হৈছিল। বিদ্যুত চুম্বকীয় আৱেশৰ আৱিষ্কাৰক মাইকেল ফেৰাডৰ আনুষ্ঠানিক কোনো শিক্ষাই নাছিল। বংশগতি বিজ্ঞানৰ পিতৃ গ্ৰেগৰ জোহান্স মেণ্ডেলে আকৌ শিক্ষক হোৱাৰ বাবে যোগ্যতা নিৰূপক পৰীক্ষাতেই অনুত্তীৰ্ণ হৈ গীৰ্জাৰ যাজক হিচাবে সংসাৰ চলাব লগা হৈছিল। পিছে, এই সকলৰ প্ৰত্যেকজনেই পৰবৰ্তী সময়ত একোজন মহান বিজ্ঞানী হিচাবে সমগ্ৰ বিশ্বক এঢাপ আগুৱাই যোৱাত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে। সংগীতজ্ঞ হোৱাৰ বাসনাৰে প্ৰচেষ্টা অব্যাহত ৰখা গেলিলিও পৰবৰ্তী সময়ত চিকিৎসা বিজ্ঞানৰ ছাত্ৰহে হৈছিল। আধাতেই চিকিৎসা বিজ্ঞান এৰি অহা গলিলিও এজন মহান বিজ্ঞানী হ’ব বুলি তেতিয়া কোনেও ভবা নাছিল। কলেজৰ পাঠ্যক্ৰমৰ প্ৰায়বোৰ বিষয়তেই অকৃতকাৰ্য হৈ ছাত্ৰ জলপানী বা স্কলাৰশ্বিপ হেৰুওৱা ৰামানুজনৰ গণিতত বুৎপত্তিৰ কথা নক’লোৱেই বা !! আচলতে বিদ্বান বা মনীষী হ’বলৈ শ্ৰেণীত প্ৰথম হোৱাৰ প্ৰয়োজন নাই, প্ৰয়োজন আত্মবিশ্বাস, একাগ্ৰতা, আগ্ৰহ আৰু এটি অনুসন্ধিৎসু মনৰ। প্ৰসংগক্ৰমে মহান পুৰুষ আব্দুল কালাম চাৰে কোৱা এষাৰ কথা প্ৰণিধান যোগ্য : The best brains of the nation may be found on the last benches of the classroom. 
(মৰমৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে)

No comments:

Post a Comment