Sunday 25 September 2016

মংগলৰ কক্ষত মংগলযানৰ দুবছৰ



প্ৰথম প্ৰয়াসতেই আৰু তাতোকৈ উল্লেখযোগ্য যে সম্পূৰ্ণ ঘৰুৱা কাৰিকৰীৰে পৃথিৱীৰ সকলোবোৰ মংগল অভিযানতকৈ কম খৰছত ভাৰতে মংগল গ্ৰহলৈ প্ৰেৰণ কৰা মংগলযানৰ সফল অভিযানে আজি দুবছৰ সম্পূৰ্ণ কৰিলে। বিগত দুটা বছৰত বহুতো তথ্যৰে পৃথিৱীৰ বিজ্ঞান সমাজক সমৃদ্ধ কৰাৰ লগতে আমাৰ দৰে সাধাৰণ মানুহৰ অন্তৰতো দোলা দি যোৱা মংগলযানৰ সফলতাৰ দুবছৰে ভাৰতীয় মহাকাশ বিজ্ঞানী সকলক উৎসাহিত কৰি তুলিছে। বৰ্তমানলৈ সম্পূৰ্ণ কাৰ্যক্ষম হৈ থকা মংগলযানৰ বেটাৰীৰ চাৰ্জ এতিয়াও অটুট আছে। ইছৰোৰ চেয়াৰমেন ডঃ কিৰণ কুমাৰৰ মতে অহা জানুৱাৰী মাহত মংগলযানৰ সৌৰপেনেলবোৰ পৃথিৱীৰ পৰাই নিয়ন্ত্ৰণ কৰি নতুন দিশত স্থাপন কৰাৰ পৰিকল্পনা কৰা হৈছে কাৰণ জানুৱাৰী মাহৰ পৰাই মংগলৰ বুকুত সূৰ্যৰ পোহৰ পৰাৰ কোণ সলনি হ'ব। তেনে ক্ষেত্ৰত সৌৰপেনেলবোৰে দিনটোৰ মাত্ৰ 7 বা 8 ঘণ্টাহে সূৰ্য পোহৰ পাব। এই সমস্যা দুৰ কৰাৰ বাবে বৰ্তমান ইছৰো প্ৰস্তুত হৈ উঠিছে। বিগত সময়চোৱাত মংগলযানে কেইবাটাও চমকপ্ৰদ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। এইবোৰৰ ভিতৰত মংগলযানৰ তথ্যৰ ভিত্তিত বিশদ ভাবে Taytay Craterৰ অধ্যয়ন সম্ভৱ হৈছে। ইয়াৰ উপৰিও মংগলযানৰ তথ্যৰ ভিত্তিত ইছৰোৱে প্ৰস্তুত কৰি উলিয়াইছে মংগল গ্ৰহৰ সম্পূৰ্ণ মানচিত্ৰ। আন এটা উল্লেখযোগ্য বিষয় হ'ল মংগলযানে আৱিষ্কাৰ কৰা আপেক্ষিক ভাবে মংগল পৃষ্ঠৰ ওখ অঞ্চল 'Arabia Terra'. মংগলৰ বুকুৰ এই অঞ্চলটো উচ্চ ভূমি আৰু অসংখ্য উল্কাপিণ্ডৰ আঘাতত জৰ্জৰিত এক বিস্তৃৰ্ণ অঞ্চল। মংগলযানে মংগল গ্ৰহৰ পৰা তোলা Siding Spring ধুমকেতুৰ ফটোবোৰ বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা বিশেষ ভাবে উল্লেখযোগ্য। 2014 চনৰ অক্টোবৰ মাহত এই ধুমকেতুটোৰ ফটো ল'বলৈ মংগলযানে নিজৰ কক্ষপথ সলনি কৰি লৈছিল, যেনেদৰে এজন পাকৈত ফটোগ্ৰাফাৰে সুন্দৰ ছবি এখনৰ তাগিদাত পোহৰ, দূৰত্ব, কোণ আদিৰ বাবে নিজৰ অৱস্থান সলনি কৰি লয়।

No comments:

Post a Comment