Wednesday 21 September 2016

ৰাজপথৰ ওপৰেৰে যোৱা পৃথিৱীৰ বিষুবৰেখা ডাল


ওপৰৰ ফটোখনত নাইৰোবিৰ পৰা কেনিয়াৰ নানয়ুকি নামৰ সৰু চহৰখনলৈ সোমাই যোৱা মূল পথটো দেখা গৈছে। মূল পথটোৰ দাঁতিত থকা পদপথৰ সোঁমাজতে থকা চাইনব'ৰ্ডখন পৃথিৱীৰ বিষুবৰেখা ডালৰ থিক ওপৰতে থিয় হৈ আছে। কল্পনা কৰকচোন - আপুনি থিক এই চাইনব'ৰ্ড খনৰ তলত থিয় হৈ আপোনাৰ হাত দুখন মেলি দিছে। এতিয়া আপোনাৰ এখন হাত পৃথিৱীৰ উত্তৰ গোলাৰ্ধত আৰু আনখন হাত দক্ষিণ গোলাৰ্ধত আছে ! এয়া সঁচাকৈয়ে এক বিৰল অনুভূতিয়েই হ'ব। এনে এক অনুভূতিৰ আমেজ ল'বলৈ পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰ্যটকে কেনিয়াত ভিৰ কৰেহি। আপোনাৰ এই অনুভৱক অধিক জীবন্ত কৰি তুলিবলৈ কেনিয়াৰ স্থানীয় বাসিন্দা সকলৰ মাজৰেই কোনোবা এজন আপোনাৰ ওচৰলৈ দৌৰি আহি প্লাষ্টিকৰ জগ, এটা সৰু পাত্ৰ, কেইটামান জুইশলাৰ কাঠি আৰু অলপ পানীৰ সহায়ত আপোনাৰ বাবে প্ৰস্তুত কৰি পেলাব এটা বিশেষ পৰীক্ষা। বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰী সকলে কৰিওলিচ প্ৰভাৱ বা Coriolis Effect বুলি কোৱা বিশেষ পৰিঘটনাটো আমি এই চাইনব'ৰ্ড খনত তলতেই দেখা পাম। পৃথিৱী পৃষ্ঠৰ ওপৰত মুক্ত ভাবে গতি কৰি থকা বস্তুৰ ওপৰত পৃথিৱীৰ আৱৰ্তনে এক বিশেষ ধৰণৰ প্ৰভাৱ পেলায়, যাৰ ফলত উত্তৰ গোলাৰ্ধৰ মুক্ত ভাবে গতিশীল বস্তুবোৰ ঘড়ীৰ কাটাৰ দিশত আৰু দক্ষিণ গোলাৰ্ধৰ বস্তুবোৰ ঘড়ীৰ কাটাৰ বিপৰীত দিশত ঘূৰিবলৈ ধৰে। এই কৰিওলিচ প্ৰভাৱৰ বাবেই উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধত বতাহৰ গতিৰ দিশ বিপৰীতমুখী হয়। এতিয়া আহিছো পৰীক্ষাটোলৈ। পৰীক্ষাৰ বাবে প্ৰয়োজনীয় প্লাষ্টিকৰ জগটোৰ একাষে (তলৰ পিনে) এটা সৰু ফুটা থাকে। বিষুবৰেখাৰ পৰা প্ৰায় 10 ফুট আঁতৰৰ উত্তৰ গোলাৰ্ধৰ দিশত এই জগটো লৈ জগৰ ফুটাটো এটা আঙুলিৰে হেঁচা মাৰি ধৰি জগটোত পানী ভৰাই লোৱা হয়। জগটোৰ পানীৰ ওপৰত এতিয়া সাবধানে জুইশলাৰ কাঠি এটা ওপঙাই দি আঙুলিৰে বন্ধ কৰি ৰখা ফুটাতো মুক্ত কৰি দিয়া হ'ল। মুক্ত হোৱা ফুটাটোৰে সৰকি অহা পানীখিনি সংগ্ৰহ কৰিবলৈ সৰু পাত্ৰটো পাতি দিয়া হ'ল। যেতিয়াই জগটোৰ পানী ফুটাটোৰে বাহিৰলৈ ওলাই আহিব, তেতিয়াই জগৰ পানীৰ ওপৰত ওপঙি থকা জুইশলাৰ কাঠিটো পানীৰ ওপৰত ঘড়ীৰ কাটাৰ দিশত অৰ্থাৎ সোঁহাতে ঘূৰিবলৈ ধৰিব। এই পৰীক্ষাটো এইবাৰ বিষুবৰেখাৰ পৰা দক্ষিণ গোলাৰ্ধৰ দিশে 10 ফুট আঁতৰত ৰাখি সম্পন্ন কৰিলে জুইশলাৰ কাঠিটো পানীৰ ওপৰত ঘড়ীৰ কাটাৰ বিপৰীত দিশে অৰ্থাৎ বাওঁফালে ঘূৰিবলৈ ধৰিব। আনহাতে পৰীক্ষাটো যদি থিক বিষুবৰেখাৰ ওপৰত অৰ্থাৎ চাইনব'ৰ্ডৰ তলত ৰাখি সম্পন্ন কৰা হয়, তেন্তে জুইশলাৰ কাঠিটো কোনো দিশত নুঘূৰি একে ঠাইতেই স্থিৰ হৈ ৰ'ব। এই পৰীক্ষাটোৰ পৰাই উত্তৰ আৰু দক্ষিণ গোলাৰ্ধৰ বতাহৰ দিশ বা সাগৰীয় সোঁত দিশবোৰ বিশ্লেষণ কৰিব পাৰি।

No comments:

Post a Comment