Sunday 25 September 2016

গছে আকোঁৱালি লোৱা সেই চাইকেলখন


ৱাশ্বিংটন চহৰৰ নিকটবৰ্তী ভাছনৰ এখন হাবিৰ মাজত মাটিৰ পৰা প্ৰায় 10 ফুট উচ্চতাত এখন ৰঙা ৰঙৰ চাইকেল গছ এজোপাই সাবটি ধৰিছে। এক আচৰ্যকৰ অথচ সঁচা দৃশ্য ! স্থানীয় মানুহৰ মতে সেয়া 1914 চনৰ কথা। এজন ডেকা ল'ৰাই যুদ্ধলৈ যোৱাৰ সময়ত ঘৰৰ পৰা চাইকেলেৰে আহি এই হাবিখনৰ মাজৰ গছজোপাত চাইকেলখন শিকলিৰে বান্ধি থৈ যুদ্ধক্ষেত্ৰলৈ গুচি গৈছিল। পিছে সেই তজবজীয়া ডেকাজন চাইকেলখন নিবলৈ যুদ্ধক্ষেত্ৰৰ পৰা আজিও ঘুৰি নাহিল। সময়ৰ সোঁতত চাইকেলখন গছডালে আকোঁৱালি লৈ ক্ৰমে দীঘল হৈ গৈ থাকিল। পিছে স্থানীয় মানুহৰ এই ভাষ্যৰ বিপৰীতে আনবোৰ লোকৰ মতে চাইকেলখনৰ 102 বছৰীয়া এই কাহিনীটো সঁচা নহয়। তেওঁলোকৰ মতে 1954 চনত ডন পাজ নামৰ এজন লোকেহে তেওঁৰ পৰিতক্ত ৰঙা চাইকেলখন এই হাবিখনৰ গছজোপাৰ তলত এৰি থৈ গৈছিল। যুবক ডন পাজে তেওঁৰ শৈশৱৰ চাইকেলখন চলাব নোৱাৰা হোৱা বাবেই এনেদৰে হাবিৰ মাজত থৈ অহা বুলি ধাৰণা কৰা হৈছে। প্ৰকৃত ঘটনাটো কি আছিল জনা নেযায় যদিও গছে গ্ৰাস কৰা চাইকেলখন চাবলৈ আজিও হাবিখনলৈ পৰ্যটকৰ সমাগম হয়। 

ইচ্ছুক সকলে তলৰ লিংকটো খুলি গছে গ্ৰাস কৰা চাইকেলখনৰ এটা ভিডিঅ চাব পাৰে।
https://youtu.be/Oja-ZgLsbF8

No comments:

Post a Comment