Tuesday 13 September 2016

জোনবাইৰ দেশলৈ যোৱা এপলো-11ৰ আমোদজনক তথ্য


মানুহৰ প্ৰথম চন্দ্ৰ অভিযানৰ বাবে নাছাই ইতিমধ্যে নিৰ্বাচিত কৰিছে নীল আৰ্মষ্ট্ৰং, বাজ এলড্ৰিন আৰু মাইকেল কলিন্সক। তেওঁলোক চন্দ্ৰ অভিযানৰ বাবে যাৱতীয় প্ৰশিক্ষণত ব্যস্ত। কঠিন প্ৰশিক্ষণ প্ৰায় শেষ হৈ অহাৰ লগতে তেওঁলোকৰ চন্দ্ৰ অভিযানৰ দিনটোও চমু চাপি আহিবলৈ ধৰিলে। জোনবাইৰ বুকুলৈ যাবলৈ ওলোৱা আনন্দ, উত্তেজনা আৰু কিছুমান খেলিমেলি আশংকাই তিনিও জন মহাকাশচাৰীকেই জোকাৰি আছিল। যদিওবা ইতিমধ্যে নাছাই সফলতাৰে জোনবাইৰ দেশলৈ এলানি মানববিহীন যানৰ পৰীক্ষণ সম্পূৰ্ণ কৰিছে, তথাপিও নীল আৰ্মষ্ট্ৰং আছে তেওঁৰ দুই সহচাৰীৰ মনলৈ মাজে মাজে এটা চিন্তা আহিছিল যে যদি জোনবাইৰ দেশলৈ আৰম্ভ হ'ব লগীয়া এই অভিযানৰ কিবা বিজুতি ঘটে, তেন্তে তেওঁলোকৰ পৰিয়ালৰ ভৰণ পোষণৰ দায়িত্ব কোন ল'ব !!! এদিন তিনিও জন মহাকাশচাৰী ওলাল জীৱন বীমাৰ কাৰ্যালয়লৈ। পিছে জীৱন বীমাৰ কাৰ্যালয়ে বীমাৰ নীতি অনুসৰি তেওঁলোকৰ বীমা কৰাৰ ক্ষেত্ৰত অপাৰগতা প্ৰকাশ কৰিলে। তিনিও বিফল মনোৰথে উভতি আহিল। ইতিমধ্যে আৰু কেইদিনমান সময়ত পাৰ হ'ল। এইবাৰ আৰ্মষ্ট্ৰঙৰ মুৰত এটা বুদ্ধি খেলিলে। তেওঁলোকে এই বিষয়ে পৰস্পৰৰ লগত আলোচনা কৰি এটা কথা থিৰাং কৰিলে আৰু কথা মতেই কাম। তিনিওজন মহাকাশচাৰীয়ে কিছুমান কাগজত নিজৰ নিজৰ স্বাক্ষৰবোৰ প্ৰদান কৰি কাগজবোৰ তেওঁলোকৰেই এজন অতি ঘনিষ্ঠ বন্ধুৰ ঘৰত জমা দি ক'লে: যদিহে আমি এই পৃথিৱীলৈ পুনৰ ঘুৰি আহিব নোৱাৰোঁ, তেন্তে আমাৰ এই স্বাক্ষৰ সম্বলিত কাগজবোৰৰ দাম যথেষ্ট বেছি হ'ব। এই স্বাক্ষৰিত কাগজবোৰ তেতিয়া তুমি নিলাম কৰি যি ধন পোৱা, সেই সমূদায় ধন আমাৰ পৰিয়ালৰ মাজত ভগাই দিবা। সেই ধনেৰে তেওঁলোকে জীৱন নিৰ্বাহ কৰিব পাৰিব। অৱশ্যে তিনিওজন মহাকাশচাৰী সুকলমে কোনো ধৰণৰ বিপদ নোহোৱাকৈ পৃথিৱীলৈ ঘূৰি আহিবলৈ সক্ষম হৈছিল। বন্ধুজনে অৱশ্যে মহাকাশচাৰী কেইজনৰ স্বাক্ষৰ সম্বলিত কাগজবোৰ কি কৰিলে, সেইটো গম পোৱা নগ'ল।

No comments:

Post a Comment