Wednesday 14 September 2016

আমাৰ বিলম্বিত অনুভূতিবোৰ


থিক এই মূহুৰ্তটো, যিটো আপোনাৰ বাবে বৰ্তমানৰ এটা এৰাব নোৱাৰা অংশ, যদি কোৱা হয় যে এই "বৰ্তমান" দৰাচলতে অতীতৰ এক বিলম্বিত মূহুৰ্তহে- উচপ খোৱাৰেই কথা। টেলিভিশ্যন বা ৰেডিওৰ পোনপটীয়া সম্প্ৰচাৰণবোৰ আমি মূল সময়তকৈ কেই ছেকেণ্ডমান পিছত উপভোগ কৰিবলৈ পাওঁ। থিক একেদৰেই আমাৰ জীৱনৰ দৈনন্দিন বিভিন্ন ঘটনাৰাজিও আমি কেই মূহুৰ্তমান বিলম্ব হোৱাৰ পিছতহে অনুভৱ কৰো। এৰা, জীৱন নামৰ এই জটিল পৰিক্ৰমাটো আপুনি বিশ্বাস কৰকেই বা নকৰক, ই আমাৰ বাবে সদায়েই এক বিলম্বিত অনুষ্ঠান। এই বিলম্বৰ প্ৰধান কাৰণ হ'ল আমাৰ মগজুৰ জটিল প্ৰচেচিং আৰু এডিটিং ব্যৱস্থা। মগজুৰ এই জটিল প্ৰক্ৰিয়া শেষ হোৱাৰ পিছতহে আমাৰ বাবে অনুভূতিবোৰ সৃষ্টি হয় বা আমি পৰিঘটনাটো অনুভৱ কৰিব পাৰো।


আমি এটা উদাহৰণেৰে কথাটো বুজাবলৈ চেষ্টা কৰো। ধৰা হ'ল, আপুনি একে সময়তে এখন হাতেৰে আপোনাৰ নাকটো আৰু আনখন হাতেৰে ভৰিৰ আঙুলি এটা স্পৰ্শ কৰিছে। এই দুয়োটা স্পৰ্শৰ সংকেত বিদ্যুত ক্ষীপ্ৰ গতিৰে স্নায়ুতন্ত্ৰৰ জৰিয়তে আপোনাৰ মগজু পাবগৈ। তাতোকৈ ডাঙৰ কথা, আপুনি দুয়োটা স্পৰ্শ একে সময়তে অনুভবো কৰিব। কিন্তু আপোনাৰ নাকটো মগজুৰ কাষতেই অৱস্থিত বাবে এই সংকেত প্ৰথমেই আহি মগজু পাবহি। আনহাতে ভৰিৰ আঙুলিৰ পৰা সংকেত আহি পোৱাত সামান্য বিলম্ব হ'ব। আপোনাৰ নাকৰ পৰা সংকেতটো আগতে পোৱা বাবে ইয়াৰ প্ৰচেচিং আৰু এডিটিং ইতিমধ্যে সম্পন্ন কৰি মগজুৱে ইয়াক কিছু সময়ৰ বাবে "স্টেণ্ড বাই" বা বিলম্বিত কৰি ৰাখিব। ইয়াৰ থিক পিছ মূহুৰ্ততেই ভৰিৰ পৰা অহা সংকেতটোৰ প্ৰচেচিং আৰু এডিটিং সম্পন্ন কৰি দুয়োটা সংকেত একেলগে মগজুৰ পৰা মুকলি কৰি দিব যাতে একে সময়ত হোৱা স্পৰ্শৰ অনুভূতি দুটা একে সময়তেই আমি অনুভৱ কৰিব পাৰো। তেনেক্ষেত্ৰত আমি নাকৰ স্পৰ্শানুভূতিটো কিছু বিলম্বিত ৰূপত পোৱা নাইনে ? এনেধৰণৰ বিভিন্ন উদাহৰণেৰে আমি বিশ্লেষণ কৰি চালে দেখিম যে আমাৰ বাবে বৰ্তমান আৰু অতীতৰ মাজত থকা সীমা ৰেখাডাল যেন ধূসৰ হৈ পৰিছে ! সঁচাকৈয়ে সময় বৰ জটিল বিষয়।

No comments:

Post a Comment