Sunday 11 September 2016

আশুতোষৰ সেই বিশেষ চকীখন



বিৰলা ইনষ্টিটিউট অফ টেকনোলজী এণ্ড ছায়েন্স বা চমুকৈ বিটছ পিলানী। ইয়াৰেই এজন ছাত্ৰ আশুতোষ প্ৰকাশে বেটাৰী চালিত এখন বিশেষ হুইলচেয়াৰ নিৰ্মাণ কৰি লাভ কৰিছে এক বিৰল কৃতিত্ব। এই হুইল চেয়াৰখনত আছে ভইচ কমাণ্ডৰ বা ধ্বনি নিৰ্দেশৰ ব্যৱস্থা। আশুতোষৰ ককাকৰ স্বনিৰ্ভৰশীল হৈ থকাৰ ইচ্ছাই আছিল এই হুইলচেয়াৰখনৰ আঁৰৰ অনুপ্ৰেৰণা। বিটচ পিলানীৰ ইঞ্জিনীয়াৰিঙৰ ছাত্ৰ আশুতোষৰ ককাক বাৰ্ধক্যজনিতঅসুস্থতাৰ বাবে শাৰীৰিক ভাবে অক্ষম হৈ পৰে আৰু নিজাকৈ চলা-ফুৰা কৰাত বাধাৰ সৃষ্টি হয়। পিছে তেওঁৰ ককাকক যেতিয়া কোনোবাই সহায় কৰিবলৈ বিচাৰে তেতিয়া তেওঁৰ খং উঠে, বিৰক্তি অনুভৱ কৰে। এক কথাত ক'বলৈ হ'লে আশুতোষৰ ককাক শাৰীৰিক বাধা অতিক্ৰম কৰি স্বাধীন ভাবে চলা-ফুৰা কৰাৰ বাবে বৰ আগ্ৰহী। আশুতোষ নিশ্চিত হৈছিল যে তেওঁৰ ককাকৰ দৰে আন বহু লোক আছে, যিসকলে একে ধৰণৰ সমস্যাত ভূগি আছে। সেয়ে আশুতোষে তেওঁলোকৰ বাবে কিবা এটা কৰিবলৈ বিচাৰিছিল আৰু পৰিকল্পনা কৰিলে এনে এখন হুইল চেয়াৰ যিখন চেয়াৰ বা চকীয়ে ইয়াত বহা মানুহজনৰ ধ্বনি নিৰ্দেশনা মানি আগলৈ বা পিছলৈ, বাওঁফাল বা সোঁফাললৈ আপোনা আপুনি চলাচল কৰিব পাৰিব। আইআইটি পাটনাত ইন্টাৰ্ণশ্বিপ কৰি থাকোঁতে ড: অতুল থাকুৰৰ তত্বাৱধানত আশুতোষে এই হুইল চেয়াৰখনৰ পৰিকল্পনা সম্পূৰ্ণ কৰি পেলালে আৰু কেইদিনমানৰ ভিতৰতে এই বিশেষ হুইল চেয়াৰখন নিৰ্মাণ কৰি উলিয়ালে। এই হুইল চেয়াৰখন বনাওতে তেওঁৰ খৰছ হৈছিল মাত্ৰ বিশ হেজাৰ টকা। ইয়াত এটা ভইচ প্ৰচেছৰ সংলগ্ন কৰি ৰখা হৈছে আৰু এই প্ৰচেছৰটোৰ বাবে ধ্বনি নিৰ্দেশণাৰে হুইল চেয়াৰখন নিয়ন্ত্ৰণ কৰিব পাৰি। ৮০ কিলো ওজনৰ এজন ব্যক্তিৰ ভৰ সহিব পৰা এই হুইল চেয়াৰখন ব্যক্তিজনৰ ওজনৰ সৈতে মিলাই সালসলনি ঘটাই ল'ব পাৰি। ষ্টিফেন হকিঙৰ বিশেষ হুইল চেয়াৰখনৰ সৈতে তুলনা হোৱা এই হুইল চেয়াৰখন ব্যৱহাৰ কৰিবলৈ তেনেই উজু । ইয়াক অতি সাধাৰণ কেইটামান ভইচ কমাণ্ডেৰে পৰিচালনা কৰিব পাৰি। ই আনকি ওখোৰা-মোখোৰা তল আৰু চিৰিৰ ওচৰ পোৱাৰ লগে লগে ৰৈ যায়। বিহাৰৰ আশুতোষে তৈয়াৰ কৰা এই বিশেষ চকীখনে ভাৰতৰ লগতে বৰ্তমান সমগ্র বিশ্বতেই চৰ্চা লাভ কৰিছে। 

No comments:

Post a Comment