Saturday 17 September 2016

বিশ্বব্ৰহ্মাণ্ডৰ ৰহস্য কৃষ্ণগহ্বৰৰ যৎকিঞ্চিত




বিশ্বব্ৰহ্মাণ্ডৰ ৰহস্যবোৰৰ ভিতৰত ব্লেকহোল বা কৃষ্ণগহ্বৰ অন্যতম। বিজ্ঞানীসকলৰ মতে কৃষ্ণগহ্বৰবোৰ অতি বেছি ভৰ আৰু ঘনত্ব বিশিষ্ট ইন্ধনৰ অভাৱ ঘটা একোটা তাৰকা। হয়, থিক আমাৰ সূৰ্যৰ দৰেই একোটা তৰা। পাৰ্থক্য এইটোৱেই যে ব্লেকহোল তাৰকাবোৰ সূৰ্যতকৈ বহু গুণে ডাঙৰ আৰু অধিক ভৰ বিশিষ্ট। অতি বৃহৎ তাৰকাবোৰৰ ভিতৰত সংঘটিত হৈ থকা নিউক্লিয় সংযোজন বিক্ৰিয়াত পৰ্যায় ক্ৰমে তৰাটোৰ কেন্দ্রভাগত হাইড্ৰজেনৰ পৰা হিলিয়াম আৰু পিছলৈ গধুৰ মৌল সমুহ সৃষ্টি হ'বলৈ ধৰে। এনেদৰে ক্ৰমান্বয়ে গধুৰ মৌলবোৰ উৎপন্ন হোৱাৰ ফলত তৰাটোৰ কেন্দ্রত সংঘটিত হৈ থকা নিউক্লিয় সংযোজন বিক্ৰিয়া স্থবিৰ অথবা বন্ধ হৈ পৰে। ফলস্বৰূপে তৰাটো ইন্ধনৰ অভাৱত ভূগিবলৈ আৰম্ভ কৰে। এনেদৰে ইন্ধনৰ অভাৱ ঘটা তৰাটোৰ উষ্ণতাও ক্ৰমে হ্ৰাস পায় আৰু ইয়াৰ লগে-লগে তৰাটো সংকুচিত হ'বলৈ আৰম্ভ কৰে। তৰাটোৰ এই সংকোচন প্ৰক্ৰিয়া নিৰবচিন্ন ভাবে চলি থাকে। ফলত তৰাটোৰ ভৰ একে থকাৰ পিছতো আয়তন দ্ৰুত হাৰত কমি যোৱা বাবে ইয়াৰ ঘনত্ব অকল্পনীয় ভাবে বাঢ়ি থাকে। সংকুচিত এনে তৰাবোৰৰ শেষ পৰিনতি ভাবিলে আচৰিত হোৱাৰে কথা কিয়নো আমাৰ সূৰ্যৰ সমান ভৰ বিশিষ্ট তৰা এটা এই সংকোচনৰ ফলত এখন ফুটবল খেলপথাৰৰ সমান আয়তনৰ হৈ পৰিব ! বেছি ভাগ এনে সংকোচনশীল তৰা এটি চুপাৰনোভা হিচাবে বিষ্ফোৰিত হয় আৰু তৰাটোৰ অৱশিষ্ট অংশ এটি কৃষ্ণগহ্বৰলৈ ৰূপান্তৰিত হয়। এই কৃষ্ণগহ্বৰ বোৰৰ ঘনত্ব আৰু ভৰ ইমানেই বেছি যে ইয়াৰ মহাকৰ্ষণ বলো অকল্পনীয় হৈ পৰে। এই প্ৰচণ্ড মহাকৰ্ষণ বল অতিক্ৰম কৰি আনকি পোহৰো পাৰ হৈ আহিব নোৱাৰে আৰু সেইবাবেই কৃষ্ণগহ্বৰ বোৰ মহাকাশৰ একোটা অন্ধকাৰ গহ্বৰ সদৃশ। এইখিনিতেই এটি প্ৰশ্ন মনলৈ আহে - কৃষ্ণগহ্বৰৰ পৰা যিহেতু পোহৰ নিৰ্গত নহয়, বিজ্ঞানীসকলে ইয়াৰ অস্তিত্ব কেনেদৰে ধৰা পেলাইছে ? বিজ্ঞানীসকলে মহাকাশৰ বিভিন্ন স্থানত বিক্ষিপ্ত ভাবে কিছুমান তৰাই কোনো এটা বিশেষ বিন্দুক কেন্দ্ৰ কৰি ঘূৰ্ণীয়মান অৱস্থাত থকাটো ধৰা পেলাইছে। আন কিছুমান বিজ্ঞানীয়ে আকৌ কেতবোৰ মহাজাগতিক গেছীয় পদাৰ্থ সৰ্পিলাকাৰে দূৰ মহাকাশত কোনো এক বিন্দুৰ চৌদিশে ঘূৰ্ণীয়মান অৱস্থাত প্ৰত্যক্ষ কৰিছে। তেখেতসকলৰ মতে সেই অদৃশ্য কেন্দ্ৰবিন্দুবোৰেই একোটা কৃষ্ণগহ্বৰ, যাৰ প্ৰচণ্ড মহাকৰ্ষণীয় বলৰ প্ৰভাৱত চৌকাষৰ বিভিন্ন মহাজাগতিক পদাৰ্থ সমূহ আকৰ্ষিত হৈ কৃষ্ণগহ্বৰৰ বুকুত জাহ গৈ আছে অহৰহ। বিজ্ঞানীসকলে আমাৰ হাতীপটী তাৰকাৰাজ্যৰ কেন্দ্ৰটো এটা অতি শক্তিশালী কৃষ্ণগহ্বৰ থকা বুলি সদৰি কৰিছে। তেখেতসকলে এই কৃষ্ণগহ্বৰটোৰ নাম ৰাখিছে Sagittarius A.

No comments:

Post a Comment