Sunday 11 September 2016

ৰিও দ্যা জেনিৰ' অলিম্পিকত খেলুৱৈ সুলভ মনোভাৱ



ব্ৰাজিলৰ ৰিও দ্যা জেনিৰ'। অলিম্পিকত মহিলাৰ 5000 মিটাৰ দৌৰৰ ছেমি ফাইনেল। প্ৰতিযোগী সকল সাজু। নিউজিলেণ্ডৰ খেলুৱৈ নিকি হাম্বলিনৰ পিছতেই আমেৰিকাৰ আবি দি আগষ্টিনো। সংকেত বাজি উঠাৰ লগে লগে দৌৰ আৰম্ভ হ'ল। ষ্টেডিয়ামত দৰ্শকৰ উল্লাস। দৌৰ থকা খেলুৱৈ সকলক উৎসাহিত কৰাৰ বাবে দৰ্শকে হাত চাপৰি বজাইছে। ইতিমধ্যে দৌৰৰ প্ৰায় খিৰিকীৰ দূৰত্ব অতিক্ৰম কৰা হৈ গৈছে। আমেৰিকাৰ খেলুৱৈ আগষ্টিনোই নিউজিলেণ্ডৰ নিকি হাম্বলিনক অতিক্ৰম কৰি কিছু আগবাঢ়ি গৈছে। কিন্তু এইয়া কি ? ট্ৰেকত দৌৰি থকা নিকি হাম্বলিন হঠাতেই ট্ৰেকৰ ওপৰত বাগৰি পৰিল। তেওঁৰ থিক পিছতেই থকা আমেৰিকাৰ আগষ্টিনো নিকি হাম্বলিনৰ গাত খুন্দা খাই বাগৰি পৰিল। তেওঁলোকৰ পিছে পিছে দৌৰি অহা এগৰাকী খেলুৱৈ দুয়োজনৰ ওপৰেৰে জাপ মাৰি আগবাঢ়ি গ'ল। মূহুৰ্ততে আগষ্টিনো বাগৰি পৰাৰ পৰা উঠিল। কিন্তু তেতিয়াও যে নিকি মাটিতেই পৰি আছে ! উঠিবলৈ চেষ্টা কৰিও অসমৰ্থ হৈ নিকি হতাশ হৈ পৰে। অলিম্পিকৰ দৰে এখন প্ৰতিযোগিতাৰ মঞ্চত এয়া সঁচাকৈয়ে এক মৰ্মান্তিক ঘটনা। ভূলুণ্ঠিত নিকিৰ ওচৰলৈ আগবাঢ়ি আহিল আগষ্টিনো । নিকিক উঠিবলৈ সহায় কৰাৰ উদ্দেশ্যে আগষ্টিনোই নিজৰ হাতখন তেওঁলৈ আগবঢ়াই দিলে। তেওঁৰ হাতত ধৰি নিকিয়ে থিয় হ'বলৈ চেষ্টা কৰিলে। সমগ্ৰ ষ্টেডিয়াম তেতিয়া স্তব্ধ। মেডেল লাভ কৰাৰ বাসনা লৈ অলিম্পিকলৈ অহা আগষ্টিনোই মেডেলৰ কথা যেন পাহৰি গ'ল। তেওঁ নিকি হাম্বলিনক সাহস দি ক'লে: Come on, get up ! We have to finish this. 


হাম্বলিনৰ হাতত ধৰি নিকি থিয় হ'ল আৰু দুয়োজনেই দৌৰিবলৈ আৰম্ভ কৰিলে। কিন্তু সেয়া বেছি দূৰ সম্ভৱ নহ'ল। নিকিৰ লগত খুন্দা খাওঁতে আগষ্টিনো আঘাত প্ৰাপ্ত হৈছিল। প্ৰচণ্ড বিষত চিৎকাৰ কৰি এইবাৰ আগষ্টিনো ট্ৰেকৰ ওপৰত বাগৰি পৰিল। দৌৰিবলৈ এৰি এইবাৰ ৰৈ গ'ল নিকি হাম্বলিন। হাউলি আগষ্টিনোৰ কান্ধত হাতখন ৰাখি তেওঁক সান্তনা দিলে। ইতিমধ্যে দৌৰত অংশ লোৱা আনবোৰ প্ৰতিযোগী বহু দূৰত আগবাঢ়ি গৈছে। হতাশাত ভাঙি পৰা আগষ্টিনোই ক'লে: I can't put weight on my knee.' It is buckling. Go on, go on. I don't know if I can run, keep going, keep going ! 



অসহায় দৃষ্টিৰে নিকি হাম্বলিনে কেউদিশে চকু ফুৰালে। তেওঁ পুনৰ আগষ্টিনোলৈ হাতখন আগবঢ়াই দি তেওঁক উঠিবলৈ অনুপ্ৰাণিত কৰিলে: Come on ! You can do this. 




প্ৰচণ্ড বিষকো আওকাণ কৰি আগষ্টিনো পুনৰ থিয় হ'ল। লেকেচিয়াই লেকেচিয়াই তেওঁ নিকি হাম্বলিনৰ লগত পুনৰ দৌৰিবলৈ ল'লে। ষ্টেডিয়ামৰ মানুহবোৰে পুনৰ হাত চাপৰিৰে তেওঁলোকক উৎসাহিত কৰিলে। ইতিমধ্যে অলিম্পিক কমিটিৰ বিষয়ববীয়া সকলে আগষ্টিনোৰ বাবে হুইল চেয়াৰ আনি Finish lineত সাজু কৰি ৰাখিছে। ইতিমধ্যে 4½পাক দৌৰ সম্পন্ন কৰা আগষ্টিনো আৰু নিকিয়ে সকলোৰে শেষত দৌৰ সমাপ্ত কৰিলে। নিকি হাম্বলিনে 16 মি 43.61 ছেকেণ্ড আৰু আগষ্টিনোই 17 মি 10.02 ছেকেণ্ডত দৌৰ সমাপ্ত কৰি অন্তিম স্থান দুটা পালে। 


যি সময়ত প্ৰতিযোগিতাত জিকি মেডেল লাভ কৰাটোৱেই প্ৰতিজন খেলুৱৈৰ সপোন, সেই একে সময়তেই খেলপথাৰত খেলুৱৈ সুলভ মনোভাৱ আৰু মানৱতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰা নিউজিলেণ্ডৰ নিকি হাম্বলিন আৰু আমেৰিকাৰ দি আগষ্টিনো নিসন্দেহে প্ৰশংসাৰ যোগ্য। প্ৰতিযোগিতাৰ মঞ্চত প্ৰতিযোগী মনোভাৱৰ লগতে আদৰ্শনীয় খেলুৱৈ সুলভ মনোভাৱৰ চিনাকী দি অলিম্পিকৰ মূৰত উদ্দেশ্য সাধন হোৱাত যথাৰ্থতে মহৎ নিদৰ্শন দাঙি ধৰা এই দুই খেলুৱৈক ৰিও অলিম্পিকত সোন, ৰূপ বা ব্ৰঞ্জৰ মেডেল নিদিলেও আন এক সন্মানীয় পদক The Pierre de Coubertin medal ৰে সন্মানিত কৰা হয়। ধন্য নিকি হাম্বলিন আৰু দি আগষ্টিনো।

তলৰ লিংকটোত সেই দৌৰৰ নিৰ্বাচিত অংশ পাব....

https://www.youtube.com/watch?v=dCVlRFWOjgE&app=desktop

No comments:

Post a Comment