Tuesday 22 January 2019

কাচাবিয়াংকা : জ্বলন্ত জাহাজৰ সাহসী শিশুটি



"War does not determine who is right,
 only who is left"

যুদ্ধৰ বিভীষিকাময় নেপোলিয়ন যুগৰ এটা সঁচা কাহিনী। সেয়া ১৭৯৮ চন। ফ্ৰান্সে সাম্ৰাজ্যবাদী মানসিকতাৰে বিভিন্ন দেশৰ লগত যুঁজ বাগৰ কৰি নিজৰ সম্ৰাজ্যৰ পৰিষৰ বৃদ্ধি কৰি আহিছে। প্ৰতিখন যুদ্ধত জয় লাভ কৰি আত্মবিশ্বাসৰ তুংগত থকা ফ্ৰান্সে এইবাৰ আক্ৰমণ কৰে বৃটেইন। নীল নদীৰ পাৰত এখন তয়াময়া ৰণ। ইতিহাসৰ আন যুদ্ধবোৰৰ দৰেই এই যুঁজতো অজস্ৰ সৈনিকৰ মৃত্যু হৈছিল। পিছে, নীল নদীৰ পাৰৰ এইখন যুদ্ধৰ আন এটি হৃদয়স্পৰ্শী ঘটনাইহে বিশ্বত আলোড়ন সৃষ্টি কৰিছিল।

ফ্ৰান্সৰ নৌসেনাৰ এজন দক্ষ কামাণ্ডাৰ লুইচ ডি কাচাবিয়াংকা। বিশেষ পৰিস্থিতিৰ তাড়নাত পৰি তেওঁ নিজৰ ১০ বছৰীয়া একমাত্ৰ পুত্ৰ জিয়োকাণ্ট কাচাবিয়াংকাক যুদ্ধৰ সময়ত নিজৰ লগত যুদ্ধৰ জাহাজত লৈ যাব লগীয়া হৈছিল। 

সমুদ্ৰৰ মাজত দুয়ো পক্ষৰ নৌসেনাৰ মাজত থৈয়া-নথৈয়া ৰণ। ফ্ৰান্সৰ নৌসেনাৰ আক্ৰমণত তিস্তিব নোৱাৰি বৃটেইনৰ নৌসেনা ক্ৰমে পিছ হুহুকিবলৈ আৰম্ভ কৰিছিল। উৎসাহিত হৈ ফ্ৰান্সৰ নৌসেনাই বৃটেইনক খেদি লৈ গ'ল। কিন্তু সেই সময়তেই বৃটেইনে যুঁজলৈ আৰু এটি নৌসেনাৰ দল প্ৰেৰণ কৰিলে। নতুনকৈ অহা বৃটেইনৰ নৌসেনাৰ দলটোৰ উপস্থিতিত মূহুৰ্তৰ ভিতৰতেই যুদ্ধৰ গতি আনফালে ঢাল খালে। অতি পৰিকল্পিত ভাবে চৌদিশৰ পৰা বৃটেইনৰ সেনাই সমুদ্ৰৰ মাজতেই ফ্ৰান্সৰ যুদ্ধ জাহাজবোৰ ঘেৰি ধৰিলে। পৰিস্থিতিৰ ভয়াবহতা অনুমান কৰি ফ্ৰান্সৰ নৌসেনাৰ কামাণ্ডাৰ লুইচ ডি কাচাবিয়াংকাই তেওঁৰ পুত্ৰ জিয়োকাণ্ট কাচাবিয়াংকাক জাহাজৰ এক সুৰক্ষিত স্থানলৈ নি ক'লে : "জিয়োকাণ্ট, বৃটেইনৰ সেনাৰ লগত যুঁজিবলৈ আমি জাহাজত ব্যস্ত হৈ থাকিম। মোৰ পৰবৰ্তী নিৰ্দেশ নোপোৱালৈ তুমি এই স্থানতেই থাকিবা।"

কিশোৰ কাচাবিয়াংকা বৰ নিৰ্জু আৰু অমায়িক হোৱাৰ উপৰিও তেওঁ দেউতাকৰ একান্ত বাধ্য আছিল। দেউতাকৰ নিৰ্দেশ মৰ্মে তেওঁ জাহাজখনৰ সেই নিৰাপদ স্থানতেই ৰৈ থাকিল। ইফালে ফ্ৰান্সৰ যুদ্ধ জাহাজলৈ বুলি বৃটেইনৰ সেনাই চৌদিশৰ পৰা ধাৰাসাৰে গুলীবৰ্ষণ কৰি আছিল। কিশোৰ কাচাবিয়াংকাৰ চকুৰ সন্মুখতেই ইজনৰ পিছত সিজনকৈ ফ্ৰান্সৰ সৈনিকসকল গুলীবিদ্ধ হৈ বাগৰি পৰিছে। ধাৰাসাৰ গুলীৰ আঘাতত কাচাবিয়াংকা থকা জাহাজখন থকাসৰকা হৈ পৰিল। ঠায়ে ঠায়ে জাহাজৰ ডেকত জুঁই জ্বলি উঠিছে। এক তীব্ৰ আতংকময় পৰিবেশৰ মাজতো কিশোৰ কাচাবিয়াংকা ৰৈ থাকিল দেউতাকলৈ।

ক্ৰমে যুদ্ধৰ প্ৰকোপ বৃদ্ধি পাবলৈ ধৰিলে। সাগৰৰ প্ৰচণ্ড ঢৌৰ লগত যুদ্ধ বিধস্ত জাহাজখন টুলুং ভুটুংকৈ আগবাঢ়ি আছিল। বৃটেইনৰ তিনিখন যুদ্ধ জাহাজে ঘেৰি ধৰি অনৰ্গল গোলাবৰ্ষণ কৰি গ'ল ফ্ৰান্সৰ যুদ্ধ জাহাজখনলৈ। ফ্ৰান্সৰ বিধস্তপ্ৰায় যুদ্ধ জাহাজৰ অধিকাংশ সৈনিকেই মৃত্যুমুখত পৰা বাবে বৃটেইনক বাধা দিয়াটো অসম্ভৱ হৈ পৰিছে। এনে এটি সুযোগৰেই অপেক্ষাতেই ৰৈ আছিল বৃটেইন। অসহায় হৈ পৰা ফ্ৰান্সৰ জাহাজখন সম্পূৰ্ণৰূপে ধ্বংস কৰি নৌযুদ্ধত জয়লাভ কৰাৰ উদ্দেশ্যে বৃটেইনে গুলীবৰ্ষণ তীব্ৰতৰ কৰি তুলিলে। বিভিন্ন দিশৰ পৰা গুলীবোৰে জাহাজখন বিদীৰ্ণ কৰি তুলিছে। কাচাবিয়াংকাৰ সোঁৱে-বাঁৱে চৌদিশে কেৱল গুলীৰ আঘাত। তেতিয়ালৈ ফ্ৰান্সৰ জাহাজখনৰ পৰা প্ৰত্তুত্তৰ দিবলৈ হয়তো জাহাজখনত এজনো সৈনিক জীৱিত নাছিল।

ইতিমধ্যে জাহাজৰ ডেকৰ জুইকুৰাও দাউ দাউকৈ জ্বলি উঠিছে। কাচাবিয়াংকাই সন্ধানী দৃষ্টিৰে জাহাজৰ কেউফালে চকু ফুৰালে - জানোচা দেউতাকক দেখা পায়েই ! নাই, কাকোৱেই চোন দেখা পোৱা নাই। জুইৰ  উত্তাপে কাচাবিয়াংকাক খেদি ফুৰিবলৈ আৰম্ভ কৰিলে। চৌপাশে গুলীৰ শব্দ। কাচাবিয়াংকাই চিঞৰি মাতিলে : দেউতা তুমি ক'ত আছা ? জাহাজত জুই লাগিছে।……

কোনো প্ৰত্তুত্তৰ নাহিল। বৃটেইনৰ সেনাৰ গুলীত ইতিমধ্যে কাচাবিয়াংকাৰ দেউতাকৰো মৃত্যু হৈছে।  সাগৰৰ ঢৌত জাহাজখন ক্ৰমে অস্থিৰ হৈ যেনিতেনি আগবাঢ়ি গৈছে। জ্বলন্ত জুইৰ লেলিহান শিখাৰ পৰা বাচিবলৈ কাচাবিয়াংকা ইফালৰ পৰা সিফাললৈ দৌৰি ফুৰিছে। এইবাৰ কম্পিত ওঁঠেৰে কাচাবিয়াংকাই আকৌ এবাৰ চিঞৰি উঠিল : দেউতা তুমি শুনিছানে ? 

নিষ্পাপ কাচাবিয়াংকাই যুদ্ধৰ ভাষা বুজি নেপায়। তেওঁ কেতিয়াও ভাবিব নোৱাৰে যে যুদ্ধত দেউতাকৰ মৃত্যুও হ'ব পাৰে…। 

"No matter how necessary a war is, it is always an evil. 
We will not learn how to live together in peace by killing each other"

বিচলিত কাচাবিয়াংকাই দেহৰ সমস্ত শক্তি প্ৰয়োগ কৰি পুনৰ চিঞৰি উঠিল : "দেউতা, এতিয়া মই যাব পাৰোনে……?" গুলীৰ কান তাল মৰা শব্দবোৰে কাচাবিয়াংকাৰ কাতৰ কণ্ঠস্বৰক যেন গচকি মোহাৰি নিলে। মূহুৰ্তৰ ভিতৰতে এটা ভয়ংকৰ বিষ্ফোৰণ কৰি জাহাজখন চূৰ্ণবিচূৰ্ণ হৈ সমূদ্ৰৰ অটল গহ্বৰত জাহ গ'ল। চৌদিশে গুলীৰ শব্দ আৰু যুদ্ধ বিজয়ৰ আনন্দত আত্মহাৰা বৃটেইনৰ সৈনিকবোৰৰ হৰ্ষোল্লাসৰ মাজত যেন হেৰাই গ'ল কাচাবিয়াংকা আৰু তেওঁৰ চিঞৰটো - দেউতা, এতিয়া মই যাব পাৰোনে……

No comments:

Post a Comment