Saturday 31 August 2024

অৱচেতন মনৰ ঋণাত্মক প্ৰগ্ৰেমিং

অৱচেতন মনৰ ঋণাত্মক প্ৰগ্ৰেমিং (Subconscious negative programming) মানে কেতবোৰ প্ৰচলিত বিশ্বাস, চিন্তা বা মনোভাৱক বুজায় যিবোৰ মানুহৰ অৱচেতন মনৰ মাজত লুকাই থাকি মানুহৰ আচৰণ আৰু দৃষ্টিভংগীক ঋণাত্মক দিশত প্ৰভাৱিত কৰে। এই ধাৰণাবোৰ সাধাৰণতে পূৰ্বৰ কিছুমান অভিজ্ঞতা, আনৰ পৰা শুনা কিছুমান ঘটনাৰ বৰ্ণনা অথবা নিজৰ জীৱনৰ বিফলতাৰ পৰাই গঢ় লৈ উঠে।

উদাহৰণস্বৰূপে, যদি কোনোৱে বাৰে বাৰে আনৰ মুখত যেনে পিতৃ-মাতৃ, আত্মীয়-স্বজন বা গুৰুৰ পৰা শুনে যে "তুমি ভাল নহয়" বা "তুমি কেতিয়াও সফল হ'ব নোৱাৰিবা", - তেন্তে এই কথাবোৰ ব্যক্তিজনৰ অৱচেতন মনত ছাপ বহুৱাই ৰৈ যায়। ফলত, তেওঁলোকে অজানিতে নিজৰ প্ৰচেষ্টাবোৰকেই ব্যৰ্থ কৰিবলৈ আৰম্ভ কৰে। তেওঁলোকলৈ অহা সুযোগবোৰৰ সৎব্যৱহাৰ নকৰি সেইবোৰ অনায়াসে এৰি দিয়ে। 

আমাৰ মনক প্ৰফুল্লিত কৰি ৰখাৰ বাবে পুনৰায় প্ৰগ্ৰেমিং কৰাটো অত্যন্ত জৰুৰী। আমাৰ কেতিয়াবা এনে লাগে যেন আমি নিজেই নিজৰ বাবে এখন বাধাৰ প্ৰাচীৰ। মনোবিজ্ঞানী সকলৰ মতে এয়া অৱচেতন মনৰ নেগেটিভ প্ৰগ্ৰেমিঙৰ ফল। সেই সময়ত আমাৰ ঋণাত্মক বিশ্বাসবোৰ বেছি গভীৰ হয়, যিবোৰে আমাক কানে কানে কৈ যায়হি যে - "তুমি ভাল নহয়" বা "তুমি কেতিয়াও সফল হ'ব নোৱাৰিবা"। যিসকল মানুহে এই সময়খিনিতেই নিজৰ মনক পুনৰায় প্ৰোগ্ৰামিং কৰাই ল'ব, তেওঁলোকৰ মনৰ পৰা নেগেটিভ চিন্তাবোৰ লাহে লাহে নোহোৱা হয়। নিজৰ মনক পুনৰায় প্ৰগ্ৰেমিং কৰিবলৈ আমি প্ৰথমে আমাৰ নেগেটিভ চিন্তাবোৰ চিহ্নিত কৰি, তাৰ পৰিবৰ্তে ধনাত্মক চিন্তাধাৰাৰে আগুৱাব পাৰিব লাগিব। আমি যদি ধ্যানৰ অভ্যাসৰ লগতে নিজকে উৎসাহজনক বাৰ্তাৰ মাজত আৱৰি ৰাখিবলৈ শিকো বা চেষ্টা কৰো, তেন্তে আমাৰ মনোভাৱৰ ধনাত্মক পৰিবর্তন আৰম্ভ হয়। আমাৰ মনোজগতৰ ভিতৰখনত এটা উৎসাহজনক পৰিবেশ সৃষ্টি কৰি সুন্দৰ জীৱন যাপন কৰিব পৰা ক্ষমতা আমাৰ হাততেই থাকে। আমাক মাথোন প্ৰয়োজন হয় ইচ্ছা শক্তিৰ।

Friday 30 August 2024

আফ্ৰিকা দ্বিখণ্ডিত হোৱাৰ সম্ভাবনা


আফ্ৰিকাৰ ভূতত্ত্বৰ এক বৃহৎ পৰিবৰ্তন পোহৰলৈ আহিছে। বিজ্ঞানীসকলৰ মতে আফ্ৰিকাৰ পূৱ অংশটো মূল ভূখণ্ডৰ পৰা বেলেগ হোৱাৰ পথত। ইয়াৰ কাৰণ হ'ল পূৱ আফ্ৰিকাৰ ভূখণ্ড ধীৰ গতিৰে বেলেগ হোৱাৰ দিশে আগবাঢ়িছে, যাৰ ফলত এখন নতুন মহাসাগৰ সৃষ্টি হোৱাৰ আশঙ্কা কৰা হৈছে। 

এই পৃথকীকৰণৰ বাবে যি প্রধান কাৰক বুলি অভিহিত কৰা হৈছে, সেয়া হ'ল ইষ্ট এফ্ৰিকান ৰিফ্ট (East African Rift) নামৰ এক ডাঙৰ ফাট। ইয়াৰ ফলত ইথিঅ'পিয়া, কেনিয়া, আৰু টাঞ্জানিয়া আদি দেশবোৰ দ্বিখণ্ডিত হোৱাৰ আশংকা কৰা হৈছে।

এই প্ৰক্ৰিয়া মহাদেশীয় পৰিবৰ্তন আৰু ভূত্বকীয় আন্দোলনৰ এক অনন্য উদাহৰণ হিচাপে গণ্য হৈছে।এই পৰিবর্তনে আমাৰ পৃথিৱীৰ ইতিহাসত কিমান গভীৰ প্ৰভাৱ পেলাব সেয়া সময়েই ক'ব। তথাপি, ইয়াৰ বিজ্ঞানসন্মত ভিত্তি আৰু সম্ভাৱনীয়তাৰ কথা চিন্তা কৰি, আমাৰ প্ৰাকৃতিক বিশ্বৰ ওপৰত হোৱা এই পৰিবর্তনবোৰৰ বিষয়ে আমি সজাগ হৈ থকাটো অত্যন্ত গুৰুত্বপূর্ণ।

Wednesday 28 August 2024

স্পিন-লঞ্চ টেকন'লজী : এক নতুন অধ্যায়

 


পৰম্পৰাগত ভাবে মহাকাশলৈ ৰকেট-ভিত্তিক উপগ্ৰহ উৎক্ষেপণ ব্যৱস্থাৰ পৰা সম্পূৰ্ণ পৃথক এক নতুন উদ্ভাৱনী পদ্ধতি হ'ল SpinLaunch টেকন’ল’জী। এই টেকন’ল’জী মূলতঃ গতি শক্তি বা কাইনেটিক এনৰ্জি ভিত্তিক লঞ্চিং ব্যৱস্থা। এই ব্যৱস্থাত এটা বিশালাকাৰ চেণ্ট্ৰিফিউজ ব্যৱহাৰ কৰি, উৎক্ষেপণ কৰিব লগা কৃত্ৰিম উপগ্ৰহটোক অতি উচ্চ গতিৰে ঘূৰাই চেণ্ট্ৰিফিউজৰ ভিতৰত স্থাপন কৰা এটা ঘূৰণীয়া বাহুত পৰ্যাপ্ত পৰিমানৰ গতি শক্তি বা কাইনেটিক শক্তি সঞ্চয় কৰা হয় আৰু তাৰপিছত এই বাহুটোত উৎক্ষেপণ কৰিবলগীয়া উপগ্ৰহটো সংলগ্ন কৰি প্রায়  ৮,০০০ কিমি/ঘণ্টা গতিৰে ঘূৰাই থকা হয়। 

SpinLaunchৰ সমগ্ৰ ব্যৱস্থাটো এটা ডাঙৰ ভেকুৱাম চেম্বাৰৰ ভিতৰত থাকে, যাতে সমগ্ৰ প্ৰক্ৰিয়াটো বায়ুৰ ঘর্ষণৰ প্ৰভাৱৰ পৰা মুক্ত হৈ থাকে। ভেকুৱাম চেম্বাৰৰ ভিতৰত থকা চেণ্ট্ৰিফিউজত উপগ্ৰহটোৱে প্ৰয়োজনীয় গতি লাভ কৰাৰ পাছত, ঘূৰণীয়া বাহুৰ লগত সংলগ্ন উপগ্ৰহটো এটা বিশেষ ভাবে সজ্জিত "লঞ্চ টিউব"ৰ জৰিয়তে মহাকাশলৈ প্ৰেৰণ কৰা হয়। পৰীক্ষাৰ সময়ত দেখা গৈছে যে এনেদৰে উৎক্ষেপন কৰা উপগ্ৰহবোৰ পৃথিৱীৰ মাধ্যাকৰ্ষণৰ বিপৰীতে প্ৰায় ৬০ পৰা ১০০ কিমি উচ্চতালৈ অনায়াসে উঠিব পাৰে। 

SpinLaunch টেকন'লজীৰ মূল সুবিধা সমূহৰ ভিতৰত এটা হৈছে এই পদ্ধতিত খৰচৰ মাত্ৰা অতি কম। পৰম্পৰাগত ৰকেটে বৃহৎ পৰিমাণৰ ইন্ধন দহন কৰে। কিন্তু SpinLaunch পদ্ধতিত চেণ্ট্ৰিফিউজ ব্যৱহাৰ কৰি কাইনেটিক এনৰ্জি ব্যৱহাৰ কৰাৰ বাবে ইন্ধনৰ প্ৰয়োজনীয়তা অতি মাত্ৰা কমি গৈছে। তদুপৰি ইন্ধন দহনৰ প্ৰয়োজনীয়তা কমি যোৱাৰ ফলত SpinLaunch পদ্ধতিটো  পৰিৱেশৰ অনুকুল হৈ পৰিছে।

স্পিন-লঞ্চ পদ্ধতিটোৰ সীমাবদ্ধতা নথকা নহয়। উৎক্ষপনৰ সময়ত উপগ্ৰহটোৱে উচ্চ-গতিৰ ঘূৰণৰ বাবে তীব্ৰ G-ফৰ্চৰ সন্মুখীন হয় (১০,০০০ G পৰ্যন্ত), যিয়ে উপগ্ৰহ আৰু ইয়াৰ উপাদানবোৰক ক্ষতিগ্ৰস্ত কৰাৰ আশংকা থাকে। তদুপৰি SpinLaunch পদ্ধতিৰে সাম্প্ৰতিক সময়ৰ টেকন'লজীৰে উপগ্ৰহ এটাক অধিক উচ্চ উচ্চতাৰ কক্ষপথলৈ প্ৰেৰণ কৰিব নোৱাৰি। 

স্পিন-লঞ্চ কোম্পানীয়ে তেওঁলোকৰ টেকন’ল’জীৰ ওপৰত বিভিন্ন প্ৰ’ট’টাইপ পৰীক্ষাবোৰ কৰি আহিছে। বিগত ২০২১ চনত, কোম্পানীটোৱে নিজৰ "চাবঅৰ্বিটাল এক্সিলেৰেট"ৰ ব্যৱস্থাৰ সহায়ত ইতিমধ্যে এটা পৰীক্ষামূলক উৎক্ষেপনৰ সফল পৰীক্ষা সম্পন্ন কৰিছে আৰু এই পৰীক্ষাৰ সময়ত তেওঁলোকে উপগ্ৰহ এটাক পৃথিৱীৰ পৰা দহ হাজাৰ ফুট উচ্চতালৈ প্ৰক্ষেপ কৰিব পাৰিছিল। এই পৰীক্ষাবোৰে স্পিন-লঞ্চৰ ধাৰণাটোৰ কাৰ্যক্ষমতা প্ৰমাণ কৰিছে আৰু সেইবাবে স্পিন-লঞ্চে তেওঁলোকৰ টেকন’ল’জীটো অধিক উন্নত কৰিবলৈ অহৰহ গৱেষণা কৰি আছে।

অধিক তথ্যৰ বাবে স্পিন-লঞ্চৰ ৱেবচাইট চাব পাৰে: 👇

https://www.spinlaunch.com/#p4