Saturday, 3 January 2026

মঙল গ্ৰহত ঘড়ীৰ কাটা দ্ৰুত গতিৰ হয়


আমি সাধাৰণতে সময়ক সৰ্বত্ৰ একে গতিৰে প্ৰবাহমান বুলি ভাবোঁ, কিন্তু আধুনিক পদাৰ্থবিজ্ঞানে দেখুৱাইছে যে সময়ৰ গতি সকলো ঠাইতে একে নহয়। এলবাৰ্ট আইনষ্টাইনৰ আপেক্ষিকতাৰ তত্ত্ব অনুসৰি সময়ৰ প্ৰবাহ মাধ্যাকর্ষণ আৰু পদাৰ্থৰ গতিৰ ওপৰত নিৰ্ভৰশীল। এই তত্ত্বৰ আধাৰত বিজ্ঞানীসকলে এটা আমোদজনক সত্যৰ সন্ধান উলিয়াইছে — মংগল গ্ৰহত ঘড়ীৰ কাটা পৃথিৱীৰ তুলনাত অলপ বেছি দ্ৰুত গতিৰে প্ৰবাহিত হয়।

ঘড়ীৰ কাটাৰ এই দ্ৰুততাৰ কাৰণবোৰৰ ভিতৰত মাধ্যাকর্ষণৰ ভূমিকা গুৰুত্বপূৰ্ণ। সাধাৰণ আপেক্ষিকতাৰ মতে শক্তিশালী মাধ্যাকর্ষণে সময়ক অলপ ধীৰ কৰি তোলে। যিমানেই মাধ্যাকর্ষণ বেছি হয়, সময় সিমানেই ধীৰে প্ৰবাহিত হয়। আমাৰ পৃথিৱীখন মংগল গ্ৰহতকৈ ডাঙৰ আৰু অধিক ভৰ বিশিষ্ট। পৃথিৱীৰ ভৰ প্ৰায় 5.97 × 10²⁴  কিলোগ্ৰাম, আৰু মংগল গ্ৰহৰ ভৰ প্ৰায় 6.42 × 10²³  কিলোগ্ৰাম। অৰ্থাৎ মংগল গ্ৰহৰ ভৰ পৃথিৱীৰ প্ৰায় এক-দশমাংশ। পৃথিৱীত মাধ্যাকর্ষণ শক্তি প্ৰায় 9.8 m/s², কিন্ত  মংগল গ্ৰহত এই মান মাত্ৰ 3.7 m/s²। মংগল গ্ৰহত মাধ্যাকর্ষণ কম হোৱাৰ বাবে তাত সময় ধীৰ হয়, ফলত মঙলত থকা ঘড়ী পৃথিৱীৰ ঘড়ীতকৈ অলপ বেছি দ্ৰুত গতিৰে চলে।

বিশেষ আপেক্ষিকতাৰ মতে পদাৰ্থৰ গতিৰ বাবেও সময় ধীৰ হয়। কোনো বস্তু যিমানেই বেছি বেগেৰে গতি কৰে, সেই বস্তুটোৰ সময় সিমানেই ধীৰে হয়। পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে প্ৰায় 29.8 km/s বেগেৰে পৰিভ্ৰমণ কৰে, আনহাতে মংগল গ্ৰহৰ কক্ষীয় বেগ প্ৰায় 24.1 km/s। পৃথিৱীৰ গতি বেছি হোৱাৰ বাবে তাত সময় অলপ বেছি ধীৰ হয়। মংগল গ্ৰহ তুলনামূলকভাৱে ধীৰে চলাৰ বাবে তাত এই প্ৰভাৱ কম, যাৰ ফলত মঙলত ঘড়ীৰ কাটা অলপ বেছি দ্ৰুত গতিৰে আগবাঢ়ে।

মাধ্যাকর্ষণ আৰু গতি — এই দুয়োটা প্ৰভাৱ একেলগে বিবেচনা কৰিলে দেখা যায় যে মংগল গ্ৰহত মাধ্যাকর্ষণ কম আৰু কক্ষীয় গতি ধীৰ হোৱাৰ বাবে, পৃথিৱীৰ তুলনাত তাত সময় অলপ বেছি দ্ৰুত গতিৰে বয়। বিজ্ঞানীসকলৰ গণনাৰ মতে এই পাৰ্থক্য এদিনত মাথোঁ কেইটামান মাইক্র'ছেকেণ্ড। যদিও সাধাৰণ জীৱনত এই সময়ৰ পাৰ্থক্য প্ৰায় নগণ্য, মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তিত ইয়াৰ গুৰুত্ব যথেষ্ট বেছি। মহাকাশযানৰ পথ-নির্দেশনা, উপগ্ৰহ যোগাযোগ আদিৰ ক্ষেত্ৰত এই পাৰ্থক্য অতি গুৰুত্বপৰ হৈ পৰে। সেয়েহে মঙল গ্ৰহলৈ অভিযান চলাওঁতে বিজ্ঞানীসকলে সময়ৰ এই আপেক্ষিকতাৰ প্ৰভাৱবোৰ সঠিকভাৱে ধৰি চলে। এই তথ্যই পুনৰ বাৰ প্ৰমান কৰে যে সময় স্থিৰ বা সৰ্বজনীন নহয়; বৰং সময় মাধ্যাকর্ষণ আৰু গতিৰ দ্বাৰা প্ৰভাৱিত হয়।

✍️  প্ৰণৱজ্যোতি দাস, টংলা।

 

Friday, 2 January 2026

মহাবিশ্বৰ শেষ পৰিণতি


মহাবিশ্বৰ শেষ পৰিণতি কেনেকুৱা হ’ব? মহাবিশ্ব কি চিৰকাল ধৰি প্ৰসাৰিত হৈ থাকিব নে এদিন সকলো ধ্বংস হৈ যাব? মহাবিশ্বৰ অন্তিম পৰিণতি কেনেকুৱা হ’ব পাৰে, এই বিষয়ে বিজ্ঞানীসকলে শেহতীয়াকৈ এক ভিন্ন ধৰণৰ তথ্য আগবঢ়াইছে। তেওঁলোকৰ মতে, ৰহস্যময় ডাৰ্ক এনার্জি বা "অন্ধকাৰ শক্তি"ৰ প্ৰভাৱত মহাবিশ্বৰ সমাপ্তি এটা মহাপ্ৰলয়ৰ জৰিয়তে হ’ব। জ্যোতিৰ্বিজ্ঞানীসকলে এই সম্ভাৱ্য পৰিণতিক “বিগ ক্ৰাঞ্চ” বা “মহা সংকোচন” বুলি আখ্যা দিছে।

যোৱা কেইবাটাও দশক ধৰি এটা ধাৰণা প্ৰচলিত আছিল যে বিগ বেং বা মহাবিস্ফোৰণৰ জৰিয়তে আৰম্ভ হোৱা মহাবিশ্বৰ প্ৰসাৰণ ডাৰ্ক এনার্জিৰ প্ৰভাৱত চিৰকাল ত্বৰান্বিত হৈ থাকিব। কিন্তু দক্ষিণ কোৰিয়াৰ ছিউলস্থিত ইয়নছেই বিশ্ববিদ্যালয়ৰ অধ্যাপক ইয়াং উক্লি আৰু তেওঁৰ সহকৰ্মী সকলে কৰা নতুন বিশ্লেষণে এই ধাৰণাক প্ৰত্যাহ্বান জনাইছে। ১৯৯৮ চনৰ বিখ্যাত ছুপাৰনোভাৰ তথ্য পুনৰ বিশ্লেষণ কৰি দেখা গৈছে যে ডাৰ্ক এনার্জি সময়ৰ লগে লগে দুৰ্বল হৈ পৰিছে। যদি ডাৰ্ক এনার্জি সঁচাকৈয়ে দুৰ্বল হৈ পৰে, তেন্তে এসময়ত মহাকৰ্ষণ বল অধিক শক্তিশালী হৈ উঠিব। তেতিয়া মহাবিশ্বৰ প্ৰসাৰণ থমকি ৰ’ব আৰু ওলোটা প্ৰক্ৰিয়া আৰম্ভ হ’ব। সেই সময়ত গ্যালাক্সিসমূহ এটা আনটোৰ পৰা আঁতৰি যোৱাৰ সলনি পুনৰ ওচৰলৈ আহিবলৈ আৰম্ভ কৰিব। এই সন্দৰ্ভত অধ্যাপক উক্লিয়ে কয় যে ডাৰ্ক এনার্জিৰ এই পৰিবৰ্তনে মহাবিশ্বৰ ভাগ্য সম্পূৰ্ণৰূপে সলনি কৰি দিব।

এৰিজোনা মৰুভূমিত স্থাপন কৰা এটা টেলিস্কোপত সংযোজিত ডাৰ্ক এনার্জি স্পেকট্ৰোস্কোপিক ইনষ্ট্ৰুমেণ্টৰ পৰা কিছুমান ইতিমধ্যে কিছু আচৰিত তথ্য সংগ্ৰহ কৰা হৈছে। যুক্তৰাজ্যৰ ইউনিভাৰ্চিটি কলেজ অধ্যাপক অফাৰ লাহাফে এই তথ্যসমূহৰ বিশ্লেষণ কৰি জনাইছে যে গ্যালাক্সিসমূহৰ গতিবৃদ্ধিৰ হাৰ সময়ৰ লগে লগে সলনি হৈছে। তেওঁৰ মতে, ডাৰ্ক এনার্জিৰ এই হ্ৰাস-বৃদ্ধিয়ে পদাৰ্থবিজ্ঞানৰ সম্পূৰ্ণ কাঠামোকেই কঁপাই তুলিব পাৰে।

যদি বিগ ক্ৰাঞ্চ সঁচাকৈয়ে ঘটে, তেন্তে পৃথিৱীত থকা মানুহৰ বাবে প্ৰথম সংকেতটো আহিব ৰাতিৰ আকাশৰ পৰা। ৰাতিৰ আকাশত দেখা যাব যে দূৰৱৰ্তী গ্যালাক্সিসমূহ আমাৰ দিশে দৌৰি আহিছে। মহাকাশত গ্যালাক্সিসমূহৰ ঘনত্ব বৃদ্ধি হৈ পৰিব আৰু বিভিন্ন নক্ষত্ৰবোৰে এটাই আনটোৰ সৈতে সংঘৰ্ষত লিপ্ত হ’ব। সেই সময়ত আটাইতকৈ ভয়ংকৰ পৰিৱর্তন হ’ব তাপমাত্রাৰ ক্ষেত্ৰত। বৰ্তমান মহাকাশৰ গড় তাপমাত্রা পৰম শূন্যৰ অতি ওচৰত। কিন্তু সংকোচনৰ ফলত কসমিক মাইক্র’ৱেভ বেকগ্ৰাউণ্ড বা মহাজাগতিক বিকিৰণবোৰ উত্তপ্ত হ’বলৈ আৰম্ভ কৰিব। ইউৰোপীয় মহাকাশ সংস্থা আৰু নাছাৰ তথ্য অনুসাৰে, এই তাপমাত্রা কেইহাজাৰ ডিগ্ৰী চেলছিয়াছলৈকে বৃদ্ধি পাব পাৰে।

যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ বিশেষজ্ঞসকলৰ মতে, অতি উচ্চ তাপমাত্রাত মহাবিশ্বৰ হাইড্ৰ’জেন পৰমাণুবোৰ প্ৰ’টন আৰু ইলেক্ট্ৰনত বিভক্ত হৈ পৰিব। ইয়াৰ ফলত মহাবিশ্বৰ সকলোবোৰ আন্তঃগ্যালাক্টিক পদাৰ্থ মিলি এক জ্বলন্ত পিণ্ডত পৰিণত হ’ব আৰু সৰ্বশেষত সমগ্ৰ মহাবিশ্ব এক বিশাল অগ্নিকুণ্ডলৈ ৰূপান্তৰিত হ’ব। সেই সময়ত সময় আৰু স্থানকে আদি কৰি সকলো বস্তুৰ অস্তিত্ব সম্পূৰ্ণৰূপে লুপ্ত হৈ যাব।