Friday, 9 January 2026

মহাকাশত অসমৰ গৌৰৱ লাচিত-১ উপগ্ৰহ


অসম আৰু সমগ্ৰ উত্তৰ–পূৰ্বাঞ্চলৰ বাবে ই এক গৌৰৱময় মুহূৰ্ত যে অহা ১২ জানুৱাৰী, ২০২৬ তাৰিখে অসমৰ ড'নবস্কো ইউনিভাৰছিটিৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলে নিৰ্মাণ কৰি উলিওৱা লাচিত-১ নামৰ কৃত্ৰিম উপগ্ৰহটো মহাকাশৰ বুকুলৈ উৎক্ষেপণ কৰা হ’ব। এই উপগ্ৰহটো ISROৰ PSLV-C62 ৰকেটযোগে উৎক্ষেপণ কৰা হ’ব, যাৰ বাবে ইতিমধ্যে সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ লঞ্চপেড সাজু কৰি তোলা হৈছে। ১২ জানুৱাৰীৰ দিনা পুৱা ১০ বাজি ১৭ মিনিটত লাচিত-১ উপগ্ৰহটো মহাকাশলৈ বুলি উৰা মাৰিব। এই উৎক্ষেপণটো হ'ব ২০২৬ চনৰ প্ৰথমটো ভাৰতীয় মহাকাশ অভিযান। অসমৰ ইতিহাসৰ বীৰ সেনাপতি লাচিত বৰফুকনৰ নামত নামাকৰণ কৰা এই উপগ্ৰহটো সাহস, কৌশল আৰু অসমীয়াৰ স্বাভিমানৰ প্ৰতীক। অসম ডনবস্কো বিশ্ববিদ্যালয়ৰ নেতৃত্বত নিৰ্মিত এই কৃত্ৰিম উপগ্ৰহটোৰ জৰিয়তে অসমে ভাৰতৰ মহাকাশ মানচিত্ৰত নিজৰ স্থান দৃঢ় কৰিব।

লাচিত–১ কেৱল এটা উপগ্ৰহই নহয়; বৰং ই উত্তৰ–পূৰ্বাঞ্চলৰ পৰা উদ্ভৱ হোৱা বৈজ্ঞানিক মেধা, প্ৰযুক্তিগত সক্ষমতা আৰু উদ্ভাৱনী চিন্তাৰ এক শক্তিশালী প্ৰতীক। অসমৰ শিক্ষানুষ্ঠানৰ যুৱ বিজ্ঞানীসকলৰ পৰিশ্ৰম আৰু শিক্ষকসকলৰ মাৰ্গ দৰ্শনৰ সমন্বয়ত গঢ় লৈ উঠা এই অভিযানটোৱে উত্তৰ পূৰ্বাঞ্চলৰ অগণন ছাত্ৰ–ছাত্ৰী, শিক্ষক আৰু উদীয়মান বিজ্ঞানীসকলক নিশ্চয়কৈ অনুপ্ৰেৰণা যোগাব। লাচিত-১ উপগ্ৰহই এইটো প্ৰতীয়মান কৰে  যে অসমৰ মাটিত জন্ম লোৱা সপোনেও মহাকাশ স্পৰ্শ কৰিব পাৰে। 

লাচিত–১ৰ এটা মুখ্য কাম হ’ব মহাকাশত উপগ্ৰহ যোগাযোগ প্ৰযুক্তিৰ পৰীক্ষা নিৰীক্ষা। এই উপগ্ৰহটোৰ জৰিয়তে মহাকাশৰ পৰা পৃথিৱীৰ সৈতে সংকেত প্ৰেৰণ আৰু গ্ৰহণ ব্যৱস্থাৰ উন্নতিকৰণ সম্পৰ্কে পৰীক্ষা কৰা হ’ব, যাৰ সহায়ত ভৱিষ্যতে অধিক উন্নত যোগাযোগ উপগ্ৰহ নিৰ্মাণত সহায় হ'ব। ইয়াৰ উপৰিও লাচিত–১ উপগ্ৰহৰ সহায়ত Low Earth Orbit ত চলাচল কৰা উপগ্ৰহ প্ৰণালী, এইবোৰৰ স্থায়িত্ব, উপগ্ৰহৰ শক্তি ব্যৱস্থাপনা, সৌৰশক্তি সংগ্ৰহ আৰু তাপ নিয়ন্ত্ৰণ প্ৰণালীৰ ওপৰতো এলানি পৰীক্ষা কৰা হ’ব। 

লাচিত–১ নামৰ এই উপগ্ৰহটোৱে অসমৰ গৌৰৱ আৰু বিজ্ঞান শিক্ষাৰ মেধাৰে জিলিকি উঠা ভৱিষ্যতৰ একাজলি প্ৰতিশ্ৰুতি বুকুত বান্ধি মহাকাশলৈ উৰা মাৰিব। এজন অসমীয়া হিচাবে লাচিত–১ উপগ্ৰহক লৈ আমি সকলোৱে গৌৰৱ কৰিব পাৰো। কাৰণ ই কেৱল এক বৈজ্ঞানিক সাফল্য নহয়, বৰঞ্চ অসমৰ ইতিহাস, আত্মসম্মান আৰু আধুনিক বিজ্ঞানৰ এক শক্তিশালী প্ৰদৰ্শন। লাচিত বৰফুকনৰ দৰে বীৰ সেনাপতিৰ নাম বহন কৰা এই উপগ্ৰহই মহাকাশৰ পৰাই সমগ্ৰ বিশ্বক জনাই দিব যে অসমৰ বীৰত্ব কেৱল যুদ্ধক্ষেত্ৰতেই সীমাবদ্ধ নহয়, বৰং আজি সেই বীৰত্ব জ্ঞান, প্ৰযুক্তি আৰু মহাকাশ অভিযানৰ মাজেৰেও প্ৰদৰ্শিত হৈছে। অসম আৰু উত্তৰ–পূৰ্বাঞ্চলৰ মেধা কোনো দিশত কম নহয়। অসমৰ মাটিটো যে বিশ্বমানৰ বিজ্ঞানী, উদ্ভাৱক আৰু স্বপ্নদ্ৰষ্টা আছে - এই সত্যকেই লাচিত–১ নামৰ উপগ্ৰহটোৱে প্ৰতিষ্ঠা কৰক। 🚀 

✍️ প্ৰণৱজ্যোতি দাস, টংলা।

No comments:

Post a Comment