Friday, 2 January 2026

মহাবিশ্বৰ শেষ পৰিণতি


মহাবিশ্বৰ শেষ পৰিণতি কেনেকুৱা হ’ব? মহাবিশ্ব কি চিৰকাল ধৰি প্ৰসাৰিত হৈ থাকিব নে এদিন সকলো ধ্বংস হৈ যাব? মহাবিশ্বৰ অন্তিম পৰিণতি কেনেকুৱা হ’ব পাৰে, এই বিষয়ে বিজ্ঞানীসকলে শেহতীয়াকৈ এক ভিন্ন ধৰণৰ তথ্য আগবঢ়াইছে। তেওঁলোকৰ মতে, ৰহস্যময় ডাৰ্ক এনার্জি বা "অন্ধকাৰ শক্তি"ৰ প্ৰভাৱত মহাবিশ্বৰ সমাপ্তি এটা মহাপ্ৰলয়ৰ জৰিয়তে হ’ব। জ্যোতিৰ্বিজ্ঞানীসকলে এই সম্ভাৱ্য পৰিণতিক “বিগ ক্ৰাঞ্চ” বা “মহা সংকোচন” বুলি আখ্যা দিছে।

যোৱা কেইবাটাও দশক ধৰি এটা ধাৰণা প্ৰচলিত আছিল যে বিগ বেং বা মহাবিস্ফোৰণৰ জৰিয়তে আৰম্ভ হোৱা মহাবিশ্বৰ প্ৰসাৰণ ডাৰ্ক এনার্জিৰ প্ৰভাৱত চিৰকাল ত্বৰান্বিত হৈ থাকিব। কিন্তু দক্ষিণ কোৰিয়াৰ ছিউলস্থিত ইয়নছেই বিশ্ববিদ্যালয়ৰ অধ্যাপক ইয়াং উক্লি আৰু তেওঁৰ সহকৰ্মী সকলে কৰা নতুন বিশ্লেষণে এই ধাৰণাক প্ৰত্যাহ্বান জনাইছে। ১৯৯৮ চনৰ বিখ্যাত ছুপাৰনোভাৰ তথ্য পুনৰ বিশ্লেষণ কৰি দেখা গৈছে যে ডাৰ্ক এনার্জি সময়ৰ লগে লগে দুৰ্বল হৈ পৰিছে। যদি ডাৰ্ক এনার্জি সঁচাকৈয়ে দুৰ্বল হৈ পৰে, তেন্তে এসময়ত মহাকৰ্ষণ বল অধিক শক্তিশালী হৈ উঠিব। তেতিয়া মহাবিশ্বৰ প্ৰসাৰণ থমকি ৰ’ব আৰু ওলোটা প্ৰক্ৰিয়া আৰম্ভ হ’ব। সেই সময়ত গ্যালাক্সিসমূহ এটা আনটোৰ পৰা আঁতৰি যোৱাৰ সলনি পুনৰ ওচৰলৈ আহিবলৈ আৰম্ভ কৰিব। এই সন্দৰ্ভত অধ্যাপক উক্লিয়ে কয় যে ডাৰ্ক এনার্জিৰ এই পৰিবৰ্তনে মহাবিশ্বৰ ভাগ্য সম্পূৰ্ণৰূপে সলনি কৰি দিব।

এৰিজোনা মৰুভূমিত স্থাপন কৰা এটা টেলিস্কোপত সংযোজিত ডাৰ্ক এনার্জি স্পেকট্ৰোস্কোপিক ইনষ্ট্ৰুমেণ্টৰ পৰা কিছুমান ইতিমধ্যে কিছু আচৰিত তথ্য সংগ্ৰহ কৰা হৈছে। যুক্তৰাজ্যৰ ইউনিভাৰ্চিটি কলেজ অধ্যাপক অফাৰ লাহাফে এই তথ্যসমূহৰ বিশ্লেষণ কৰি জনাইছে যে গ্যালাক্সিসমূহৰ গতিবৃদ্ধিৰ হাৰ সময়ৰ লগে লগে সলনি হৈছে। তেওঁৰ মতে, ডাৰ্ক এনার্জিৰ এই হ্ৰাস-বৃদ্ধিয়ে পদাৰ্থবিজ্ঞানৰ সম্পূৰ্ণ কাঠামোকেই কঁপাই তুলিব পাৰে।

যদি বিগ ক্ৰাঞ্চ সঁচাকৈয়ে ঘটে, তেন্তে পৃথিৱীত থকা মানুহৰ বাবে প্ৰথম সংকেতটো আহিব ৰাতিৰ আকাশৰ পৰা। ৰাতিৰ আকাশত দেখা যাব যে দূৰৱৰ্তী গ্যালাক্সিসমূহ আমাৰ দিশে দৌৰি আহিছে। মহাকাশত গ্যালাক্সিসমূহৰ ঘনত্ব বৃদ্ধি হৈ পৰিব আৰু বিভিন্ন নক্ষত্ৰবোৰে এটাই আনটোৰ সৈতে সংঘৰ্ষত লিপ্ত হ’ব। সেই সময়ত আটাইতকৈ ভয়ংকৰ পৰিৱর্তন হ’ব তাপমাত্রাৰ ক্ষেত্ৰত। বৰ্তমান মহাকাশৰ গড় তাপমাত্রা পৰম শূন্যৰ অতি ওচৰত। কিন্তু সংকোচনৰ ফলত কসমিক মাইক্র’ৱেভ বেকগ্ৰাউণ্ড বা মহাজাগতিক বিকিৰণবোৰ উত্তপ্ত হ’বলৈ আৰম্ভ কৰিব। ইউৰোপীয় মহাকাশ সংস্থা আৰু নাছাৰ তথ্য অনুসাৰে, এই তাপমাত্রা কেইহাজাৰ ডিগ্ৰী চেলছিয়াছলৈকে বৃদ্ধি পাব পাৰে।

যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ বিশেষজ্ঞসকলৰ মতে, অতি উচ্চ তাপমাত্রাত মহাবিশ্বৰ হাইড্ৰ’জেন পৰমাণুবোৰ প্ৰ’টন আৰু ইলেক্ট্ৰনত বিভক্ত হৈ পৰিব। ইয়াৰ ফলত মহাবিশ্বৰ সকলোবোৰ আন্তঃগ্যালাক্টিক পদাৰ্থ মিলি এক জ্বলন্ত পিণ্ডত পৰিণত হ’ব আৰু সৰ্বশেষত সমগ্ৰ মহাবিশ্ব এক বিশাল অগ্নিকুণ্ডলৈ ৰূপান্তৰিত হ’ব। সেই সময়ত সময় আৰু স্থানকে আদি কৰি সকলো বস্তুৰ অস্তিত্ব সম্পূৰ্ণৰূপে লুপ্ত হৈ যাব।

No comments:

Post a Comment