Tuesday, 23 December 2025

The Crow Autopsy


যেতিয়া এটা কাউৰী মৰে, তেতিয়া আন কাউৰীবোৰে মৃত কাউৰীটো ঘেৰি ধৰে। সিহঁতে শোক নকৰে; বৰং কাউৰীটো কিয় মৰিল বা কেনেকৈ মৰিল সেই বিষয়ে অনুসন্ধান কৰে। এয়া এক প্ৰকাৰৰ ঘটনাৰ তদন্ত। দূৰ-দূৰণিৰ পৰা কাউৰীবোৰ অতি দ্ৰুতগতিত আহি উপস্থিত হয়হি। সিহঁতে মৃত কাউৰীটোক ঘেৰি ধৰি অনুসন্ধান আৰম্ভ কৰে আৰু প্ৰতিটো খুঁটিনাটি মনত ৰাখে। স্থান, সময় আৰু পৰিৱেশ সিহঁতে অতি সূক্ষ্মভাৱে অধ্যয়ন কৰে। সম্ভাৱ্য বিপদসমূহ চিনাক্ত কৰিবলৈ চেষ্টা কৰে আৰু কেনেকৈ মৃত্যুৰ পৰা বাচি থাকিব পাৰি সেইটোও শিকে। এই তথ্যবোৰ সিহঁতে সমগ্ৰ কাউৰীবোৰৰ মাজত প্ৰচাৰ কৰে। বিপদসমূহ সিহঁতে বছৰ বছৰ ধৰি মনত ৰাখে, আনকি নিজৰ পোৱালীবোৰকো সতৰ্ক কৰি দিয়ে। যদি কোনো মানুহে কাউৰীটো মাৰিছে, তেন্তে সিহঁতে সেই মানুহজনৰ মুখখন মনত ৰাখে। সিহঁতে প্ৰতিশোধ ইচ্ছা ধৰি ৰাখে আৰু পুনঃপুনঃ সেই ব্যক্তিজনক আক্ৰমণ কৰাৰ চেষ্টা কৰে।

When a crow dies, other crows gather around it. They don't mourn but investigate what might have killed It. It's a crime scene investigation. Crows arrive from everywhere very fast. They circle the dead crow and remember every detail of their investigation carefully. They study the location, time and surroundings meticulously. They try to identify the threats and learn how to avoid death. They spread the information through the entire crow community. They remember the dangers for years. They even warn their offspring. If a human has killed the crow, they remember the face. They hold grudges and make attempts to attack that person again and again.

 

No comments:

Post a Comment