Thursday 20 April 2017

পৃথিৱীৰ দ্বিতীয় জোনবাইটো


সেয়া ২৭ এপ্রিল, ২০১৬ চন। হাৱাই দ্বীপপুঞ্জৰ হেলিয়াকালাত অৱস্থিত "পেন-স্টার্স-এক" নামৰ সুবিশাল টেলিস্কোপটোৰে নাছাৰ দ্বাৰা পৰিচালিত তথা হাৱাই বিশ্ববিদ্যালয়ৰ অন্তৰ্গত Institute for Astronomyৰ বিজ্ঞানীসকলে আনদিনাৰ দৰেই আকাশত পিটপিটাই ফুৰিছে। সিদিনা অধ্যয়নৰ বিষয়বস্তু আছিল - "নিয়েৰ আর্থ কম্পেনিয়ন" অৰ্থাৎ পৃথিৱীৰ নিকটবৰ্তী সংগী। হঠাতেই টেলিস্কোপত ধৰা পৰে পৃথিৱীৰ নিকট দূৰত্বত অৱস্থিত প্ৰায় ৬০ৰ পৰা ১০০ মিটাৰ ব্যাসাৰ্ধৰ অৰ্থাৎ প্ৰায় ফুটবল খেলা খেলপথাৰৰ সমান আয়তনৰ এক মহাজাগতিক পিণ্ড। প্ৰথমে তেওঁলোকে এই মহাজাগতিক পিণ্ডটোক লৈ বেছি আগ্ৰহ দেখুওৱা নাছিল। কিন্তু প্ৰতিদিনেই বিজ্ঞানীসকলে এই মহাজাগতিক পিণ্ডটোৰ চালচলন অৰ্থাৎ গতিপথৰ ওপৰত তীক্ষ্ণ দৃষ্টি নিবদ্ধ কৰি ৰাখিছিল।

তেখেতসকলে লক্ষ্য কৰিছিল যে তেনেই সাধাৰণ যেন লগা এই মহাজাগতিক পিণ্ডটো দৰাচলতে এটি গ্ৰহানু আৰু তাতকৈ আচৰিত কথাটো হ'ল যে এই গ্ৰহানুটোৱে এক নিৰ্দিষ্ট কক্ষপথেৰে পৃথিৱীক প্ৰদক্ষিণ কৰি আছে। লগে লগে বিজ্ঞানী সকলৰ মাজত উথপথপ লাগিল। তেওঁলোক ব্যস্ত হৈ পৰিল গ্ৰহানুটোৰ বিষয়ে বিশদ অধ্যয়নত। অৱশেষত দীৰ্ঘদিনীয়া পৰ্যবেক্ষণ আৰু জটিল গাণিতিক পদ্ধতি অৱলম্বন কৰি এই গ্ৰহানুটো পৃথিৱীৰ দ্বিতীয়টো উপগ্ৰহ বুলি নিশ্চিত হয়। অৱশ্যে তেওঁলোকৰ এই আৱিষ্কাৰে আন্তৰ্জাতিক স্বীকৃতি লাভ কৰে যোৱা ২০১৭ চনৰ জানুৱাৰী মাহৰ ১৪ তাৰিখে আমেৰিকাৰ চানদিয়েগোত অনুস্থিত হোৱা আমেৰিকান এষ্ট্ৰোনোমিকেল চ'চাইটিৰ বৈঠকত। সিদিনাৰ পৰাই, অৰ্থাৎ আজিৰ পৰা প্ৰায় তিনি মাহ পূৰ্বে পৃথিৱীৰ উপগ্ৰহ দুটা বুলি আনুস্থানিক ভাবে মানি লোৱা হয় আৰু এই গ্ৰহানু বা পৃথিৱীৰ নতুন উপগ্ৰহটোৰ নাম ৰখা হয় - "২০১৬ এইচ-ও-৩"। ইয়াক পৃথিৱীৰ ক্ষুদ্ৰ উপগ্ৰহ বা "কোৱাচি চেটেলাইট" বুলিও কোৱা হয়। এইখিনিতেই এটা প্ৰশ্নই আমাক আমনি কৰে যে যদিহে পৃথিৱীৰ উপগ্ৰহ দুটা থকাটোৱেই সত্য, তেন্তে এই দ্বিতীয় উপগ্ৰহটো ইমান দিনে আৱিষ্কাৰ হোৱা নাছিল কিয় ?

এই প্ৰশ্নৰ উত্তৰত বিজ্ঞানীসকলে যুক্তি দাঙি ধৰি কৈছে যে নতুনকৈ আৱিষ্কাৰ হোৱা এই উপগ্ৰহটো পৃথিৱীৰ নতুন সংগী আৰু ই বিগত মাত্ৰ দুশ বছৰ ধৰি পৃথিৱীৰ চৌপাশে নিৰ্দিষ্ট কক্ষপথেৰে পৰিভ্ৰমণ কৰি আহিছে। তদুপৰি আকাৰত তেনেই সৰু হোৱা বাবেও ই আমাৰ দৃষ্টিৰ অগোচৰে ৰৈ আছিল।

"২০১৬ এইচ-ও-৩" বা পৃথিৱীৰ নতুন উপগ্ৰহটোৰ গৱেষণাৰ লগত জড়িত ভাৰতীয় বিজ্ঞানী তথা কোলকাতাৰ ইণ্ডিয়ান চেণ্টাৰ ফৰ স্পেচ ফিজিক্সৰ অধিকর্তা বিশিষ্ট জ্যোতির্বিজ্ঞানী সন্দীপ চক্রবর্তীৰ মতে মঙ্গল আৰু বৃহস্পতি গ্ৰহৰ মাজত যি গ্রহাণুপুঞ্জ বা এষ্টেৰয়ড বেল্ট আছে, তাৰপৰাই এই গ্রহাণুটিৰ জন্ম হৈছে। পৃথিবীৰ জন্মৰ প্রায় দহ কোটি বছৰ বা তাতকৈও পিছত কোনো অজ্ঞাত কাৰণত এই গ্ৰহানুটোৱে কৌণিক ভৰবেগ হেৰুৱাই পেলাই আৰু তাৰ ফলত ই গ্রহাণুপুঞ্জৰ পটিৰ পৰা বিচ্যুত হৈ ক্রমে সূর্যৰ মহাকৰ্ষণৰ প্ৰভাৱত মঙ্গল গ্রহ অভিমুখে ধাৱমান হয়। যিহেতু মঙ্গল গ্ৰহৰ অভিকর্ষণ বল কম, সেয়ে ধাৱমান গ্ৰহানুটোক মঙ্গল গ্ৰহই ধৰি ৰাখিব নোৱাৰিলে। কিন্তু মঙ্গল গ্ৰহৰ অভিকৰ্ষণ বলে গ্রহাণুটোৰ কৌণিক ভৰবেগৰ মান আৰু বেছিকৈ হ্ৰাস হোৱাত সহায় কৰে। তাৰফলত মঙ্গল গ্ৰহৰ মাধ্যাকৰ্ষণ অতিক্ৰম কৰি গ্ৰহাণুটো পৃথিবীৰ মাধ্যাকৰ্ষণ ক্ষেত্ৰত সোমাই পৰে। যিহেতু পৃথিৱীৰ মাধ্যাকৰ্ষণ বল মঙ্গল গ্ৰহতকৈ বেছি, পৃথিৱীয়ে এই গ্ৰহাণুটোক এক নিৰ্দিষ্ট কক্ষপথেৰে নিজৰ চাৰিওদিশে ঘূৰাই লৈ ফুৰিছে। সম্ভৱতঃ বিগত দুশ বছৰ ধৰি এনেদৰে এই গ্ৰহাণুটোৱে পৃথিবীৰ চৌপাশে নির্দিষ্ট কক্ষপথেৰে অবিৰাম ঘুৰি আছে। আৰু এনেদৰেই পৰবৰ্তী পাঁচ বা ছয়শ বছৰলৈ ই পৃথিবীৰ উপগ্ৰহ হিচাবে কক্ষপথত থাকিব। তাৰপিছত পুনৰ পৃথিৱীৰ মাধ্যাকৰ্ষণৰ কবলত পৰি গ্ৰহাণুটোৱে নিজৰ কৌণিক ভৰবেগ হেৰুৱাই পেলাব আৰু পৃথিৱীৰ মাধ্যাকৰ্ষণৰ পৰা মুক্ত হৈ গতি কৰিব শুক্ৰ বা বুধ গ্ৰহ অভিমুখে। কিন্তু শুক্ৰ বা বুধ - দুয়োটা গ্ৰহই আকাৰ, আয়তন আৰু ভৰৰ ক্ষেত্ৰত পৃথিৱীতকৈ যথেষ্ঠ সৰু হোৱা বাবে গ্ৰহাণুটোৱে বুধ বা শুক্ৰ গ্ৰহৰ উপগ্ৰহ হিচাবে নেথাকি ধাৱমান হ'ব সূৰ্যৰ দিশে আৰু এদিন সুৰুযৰ বুকুত বিলীণ হৈ যাব।

No comments:

Post a Comment