Monday 24 April 2017

বিশ্বব্ৰহ্মাণ্ডৰ সীমনা খেদি মহাকৰ্ষণীয় লেন্সিং


দূৰবীণৰ কথা আমি সকলোৱে জানো। বিজ্ঞানৰ চমু এই সংস্কৰণটোত ইতিমধ্যে দূৰবীণ যন্ৰৰ যথেষ্ঠ বিকাশ হৈছে। অতি শক্তিশালী দূৰবীণ যন্ৰৰ সহায়ত বিজ্ঞানীসকলে নিতৌ মহাকাশৰ নতুন নতুন তথ্যৰ যোগান ধৰিছে। পিছে, পাৰাপাৰহীন এই বিশ্বব্ৰহ্মাণ্ডৰ বিশালতাৰ তুলনাত বিজ্ঞানীসকলৰ বাবে এতিয়ালৈ আৱিষ্কৃত হোৱা দূৰবীণ যন্ৰবোৰ বিশ্বব্ৰহ্মাণ্ডখন অধ্যয়ন কৰাৰ বাবে তেনেই সাধাৰণ একোটি পুতলা দূৰবীণ যেন হৈ পৰিছে। বৰ্তমান আমাৰ বিজ্ঞানীসকলে ব্যৱহাৰ কৰা এই টেলিস্কোপ বা দূৰবীণবোৰৰ লেন্সৰ যি ক্ষমতা (যাৰ এককক আমি পিক্সেল বুলি জানো) প্ৰয়োজনতকৈ বহুত কম। সেয়েহে বিজ্ঞানীসকলে অতি উচ্চ ক্ষমতা সম্পন্ন দূৰবীনৰ অভাৱ সদায়েই অনুভৱ কৰি আহিছে। এই অসুবিধাখিনি দূৰ কৰাৰ বাবে বৰ্তমান মহাকাশ বিজ্ঞানীসকলে আইনষ্টাইনৰ বিখ্যাত সাধাৰণ আপেক্ষিকতাবাদৰ আলম লৈ সাজি উলিয়াব বিচাৰিছে সাম্প্ৰতিক সময়ৰ দূৰবীণতকৈ প্ৰায় ১০ কৌটি গুণ অধিক প্ৰিক্সেলৰ এটি দূৰবীণ। এই বিশেষ দূৰবীণটোৰ আঁৰৰ বৈজ্ঞানিক নীতিটোৱেই হ'ল মহাকৰ্ষণীয় লেন্সিং বা Gravitational Lensing.

কিন্তু কি এই মহাকৰ্ষণীয় লেন্সিং ? এই বিষয়ে বুজিবলৈ আমি এটা উদাহৰণ ল'ব লাগিব। ধৰা হ'ল এখন বিচনাৰ চাদৰ চৌদিশৰ পৰা সমান বলেৰে টানি সমতল পৃষ্ঠ এখন তৈয়াৰ কৰি লৈ চাদৰখনৰ ওপৰেৰে এটি সৰু মাৰ্বল থেলি দিয়া হ'ল। আমি দেখিম যে চাদৰখনৰ ওপৰেৰে মাৰ্বলটো অতি মসৃন ভাবে এটি পোন বাটেৰে আগবাঢ়ি গৈছে। এইবাৰ চাদৰখনৰ সোঁমাজত এটা গধুৰ বস্তু, যেনে মজলীয়া আকাৰৰ শিলগুটি ৰখা হ'ল। ফলত বিচনাৰ চাদৰখনৰ থিক সোঁমাজত এটি খাদৰ সৃষ্টি হ'ব। এতিয়া আকৌ এবাৰ মাৰ্বলটো থেলি পঠিয়ালে মাৰ্বলটোৱে পোন বাট এৰি খাদটোৰ দিশে অগ্ৰসৰ হ'ব।

এতিয়া চাদৰত সৃষ্টি হোৱা এই খাদটোক সূর্য বুলি ধৰি লোৱা যাওক। সূর্যই যি বলৰ দ্বাৰা নিজৰ গ্রহকেইটাক ধৰি ৰখাৰ লগতে নিজৰ চৌপাশে ঘূৰিবলৈ বাধ্য কৰে, সেয়াই মহাকৰ্ষণ আৰু যিমান দূৰলৈ সূৰ্যৰ এই বলৰ প্ৰভাৱ থাকে, সেইখনেই সূৰ্যৰ মহাকর্ষণ ক্ষেত্র। বিচনাৰ চাদৰখনত শিলগুটিটোৰ উপস্থিতিয়ে যেনেদৰে এটা খাদৰ সৃষ্টি কৰিছিল, সূর্যৰ মহাকর্ষণেও ঠিক সেইদৰে সূৰ্যৰ চৌপাশে থকা সৌৰজগতৰ স্পেচ-টাইম বা স্থান-কালক বক্ৰ কৰি তোলে। শিলটোৰ ভৰ বৃদ্ধি হ'লে যেনেদৰে বিচনা চাদৰখনৰ খাদটো অধিক গভীৰ হ'ব, একেদৰে অধিক ভৰৰ মহাজাগতিক পদাৰ্থ, যেনে কোনো দানবাকৃতিৰ তৰা, কোৱাচাৰ বা তাৰকাৰাজ্যৰ উপস্থিতিয়ে বিশ্বব্ৰহ্মাণ্ডৰ স্থান-কাল বক্ৰ কৰি তোলে।

আগৰ উদাহৰণটোত উল্ল্যেখ কৰা মাৰ্বলটোক এতিয়া যদি পোহৰ বুলি ধৰি লোৱা হয়, তেন্তে স্থান-কালৰ বক্ৰতাৰ বাবে পোহৰে পোন বাট এৰি বক্ৰভাবে গতি কৰি সূৰ্য বা অতিশয় ভৰযুক্ত আন কোনোবা তৰা অথবা আন মহাজাগতিক পদাৰ্থৰ পিনে গতি কৰিব। ভৰৰ মান যিমানেই বেছি হ'ব, মহাকর্ষণৰ মানো সিমানেই বেছি হ'ব। এই মহাকর্ষণ বলে মহাকাশত ভৰযুক্ত পদাৰ্থটোৰ আশপাশে স্পেস-টাইম বা স্থান-কালক বক্ৰ কৰি তোলে। তাৰফলত, ব্রহ্মাণ্ডৰ সুদূৰতম প্রান্তৰ কোনো তাৰকা বা তাৰকাৰাজ্যৰ পৰা অহা পোহৰ সেই বক্ৰ স্পেস-টাইমৰ মাজেৰেই পাৰ হৈ আহিবলগীয়া হয়। ফলস্বৰূপে যিটো উৎসৰ পৰা বা যিটো মহাজাগতিক পদাৰ্থৰ পৰা পোহৰৰ সেই ৰশ্মিবোৰ আহিছে, সেই পদাৰ্থটো দেখা পোৱষটো সহজ হৈ পৰিব। যি মহাজাগতিক পদাৰ্থসমূহ দূৰত্বৰ বাধাৰ বাবে আমি কেতিয়াও দেখা পোৱা নাই, সেই মহাজাগতিক পদাৰ্থসমূহ স্পষ্ট তথা উজ্বল ভাবে দেখা পোৱাটো সহজ হৈ পৰিব। অসীম দূৰত্বৰ মহাজাগতিক কোনো পদাৰ্থ এটা এনেদৰে স্থান-কালৰ বক্ৰতাৰ সহায়ত সহজতে স্পষ্টকৈ চাব পৰা এই বিশেষ বৈজ্ঞানিক নীতিটোক গ্ৰেভিটেচনেল লেন্সিং বোলা হয়। একেদৰে সূৰ্যৰ মহাকৰ্ষণ ক্ষেত্ৰৰ সহায়ত মহাকাশ দৰ্শন কৰা বিষয়টোক "চোলাৰ গ্রেভিটেচনেল লেন্সিং" (এস.জি.এল) বা সৌৰমহাকৰ্ষণীয় লেন্সিং বোলা হয়। এই সৌৰমহাকৰ্ষণীয় লেন্সিং ব্যৱহাৰ কৰিয়েই বিজ্ঞানীসকলে ইতিমধ্যে "কেপলাৰ-৪৫২-বি" নামৰ সৌৰজগতৰ বাহিৰৰ ভিন্ন গ্ৰহটো আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে।

No comments:

Post a Comment