Thursday 20 April 2017

পিয়াহ নিবাৰণৰ বাবে সাজু পানীৰ টোপোলাবোৰ


আপুনি হয়তো প্লাষ্টিক প্ৰদূষণ সম্বন্ধে সকলোখিনি জনাৰ পিছতো একান্ত প্রয়োজনৰ তাগিদাত দোকানৰ পৰা প্লাষ্টিকৰ বটলত পানী কিনি খাইছে। বিভিন্ন সংস্থা সমূহৰ সমীক্ষা অনুসৰি এনেদৰে পানীৰ ব্যৱসায়ত প্ৰয়োজনীয় প্লাষ্টিকৰ বটল যোগান ধৰাৰ বাবে প্ৰতি বছৰে বিশ্বজুৰি প্ৰায় ৩০ কোটি টন প্লাস্টিকৰ বটল তৈয়াৰ কৰা হয়। ইয়াৰ ৯০ লাখ টন প্লাস্টিক আৱৰ্জনা হিচাবে সাগৰৰ পানীলৈ উটি যায় আৰু ই সামুদ্রিক প্রাণীৰ বাবে মাৰাত্মক ভাবে ক্ষতিকাৰৰক বুলি বিবেচিত হৈছে। প্লাষ্টিক প্ৰদূষণে পানীৰ উপৰিও মাটি আৰু সামগ্ৰিক ভাবে গোটেই পৰিবেশ তন্ত্ৰটোকেই ক্ষতিগ্ৰস্ত কৰি আহিছে।

এই সমস্যাৰ পৰা হাত সৰাৰ উপায় বিচাৰি লণ্ডণৰ ইম্পেৰিয়েল কলেজেৰ ৰদ্ৰিগো গাৰ্চিয়া, পিয়েৰী পাস্লিয়োৰ আৰু গৈলামী কোচ নামৰ বিজ্ঞানীসকলে তৈয়াৰ কৰি পেলালে পানীৰ কেতবোৰ টোপোলা যিবোৰ কোনো পাত্ৰ বা বটল অবিহনে সৰবৰাহ কৰিব পৰা যায়। তেওঁলোকে এই পানীৰ টোপোলাবোৰৰ নাম ৰাখিলে : "ওহো" (OOHO) !

পিছে কি এই "ওহো" ? হাতত ল'লে থিক জেলীৰ দৰেই নৰম যেন লগা সৰু সৰু দুতৰপীয়া আৱৰণেৰে আবৃত একোটা গোলাকাৰ টোপোলাৰ মাজত ৰখা বিশুদ্ধ পানীখিনিয়েই হ'ল "ওহো"। এই ওহোত আছে "ছোডিয়াম এলজিনেট" নামৰ এবিধ পদাৰ্থৰে তৈয়াৰী দুখন পাতল স্বচ্ছ পর্দা। সামুদ্রিক "ব্রাউন এলগী" আৰু কেলচিয়াম লেক্টেট নামৰ পদাৰ্থৰ সহায়ত তৈয়াৰ কৰা হয় এই চোডিয়াম এলজিনেট নামৰ পদাৰ্থটো। কেলচিয়াম লেক্টেট নামৰ পদাৰ্থটো বেকিং পাউদাৰ আৰু "এণ্টাচিদ" বনাবলৈও ব্যৱহাৰ কৰা হয়। এই ছোডিয়াম এলজিনেট নামৰ স্বচ্ছ পদাৰ্থটোৰে তৈয়াৰী আৱৰণৰ মাজত ৰখা পানীখিনিত "জেলীফিকেচন" নামৰ পদ্ধতিৰে মানুহে খাব পৰা "জেলিং এজেন্ট" মিশ্ৰিত কৰা হয়। প্ৰয়োজন অনুসৰি মানুহৰ স্বাস্থ্যৰ বাবে লাগতীয়াল খনিজ লৱণ সমূহো মিহলি কৰা হয়। এনেদৰে তৈয়াৰ কৰা ওহো আমি সচৰাচৰ ব্যৱহাৰ কৰি অহা পানীৰ দৰেই আৰু তুলনামূলক ভাবে কম দামতেই উপলব্ধ হোৱাৰ উপৰিও অধিক স্বাস্থ্য সন্মত। অৱশ্যে বজাৰত বিভিন্ন ফ্লেভাৰযুক্ত ওহো মুকলি কৰাৰো পৰিকল্পনা কৰি থকা হৈছে।

ওহো প্ৰস্তুত কৰাৰ বাবে বৃটিছ বিজ্ঞানীসকলে "spherification" নামৰ এটা পদ্ধতি প্ৰয়োগ কৰিছে। এই পদ্ধতিত প্ৰথমে ছডিয়াম এলজিনেট আৰু এটা বিশেষ জেলিং এজেণ্ট একেলগে মিহলি কৰি এটা সমসত্ব মিশ্ৰণ তৈয়াৰ কৰি মিশ্ৰণটো কেলচিয়াম ক্ল'ৰাইডৰ দ্ৰৱত ৰখা হয়। ইয়াৰ ফলত কেলচিয়ামযুক্ত জেলৰ এখন অতি পাতল আৱৰণ সৃষ্টি হয়। এই জেল আৱৰণখনৰ এটি বৈশিষ্ট হৈছে যে জেলখিনি লৰাই থাকিলে আৱৰণখন গোলাকাৰ বা spherical হৈ পৰে। এতিয়া বিশুদ্ধ পানীখিনিত প্ৰয়োজনীয় সকলো উপাদান যোগ কৰি সদ্য প্ৰস্তুত কেলচিয়ামযুক্ত জেলৰ লগত একেলগে ৰাখি লৰাই থাকিলে spherification ধৰ্মৰ বাবে জেলখিনিয়ে পানীখিনি সামৰি লৈ একোটা গোলাকাৰ পানীৰ টোপোলা সৃষ্টি কৰিব। এই জেল আৱৰণখন স্বাস্থ্যৰ বাবে মুঠেও অপকাৰী নহয়, বৰং আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় কেলচিয়ামৰ যোগান ধৰা আৰু সহজে মানুহৰ পাকস্থলীত জীণ যাব পৰা এবিধ প্ৰয়োজনীয় যৌগহে। সেয়ে তৃষ্ণাতুৰ ব্যক্তি এজনে ওহোৰ টোপোলাটো পোনে পোনে মুখত লৈ গিলি দিলেই হ'ল। 

No comments:

Post a Comment