Tuesday 11 April 2017

পালেং শাকৰ পাতত মানুহৰ হৃদয়ৰ স্পন্দন


শাকনিত লহপহকৈ গজি উঠা পালেং শাকবোৰ খাদ্য হিচাবে কিমান উপকাৰী সেয়া আমি সকলোৱেই জানো। কিন্তু যদিহে কোৱা হয় যে পালেং শাকৰ পাতবোৰ হৃদযন্ত্ৰৰ দৰেই ৰক্ত সংবহন কাৰ্যত ব্যৱহাৰযোগ্য কৰি তোলাৰ বাবে প্ৰস্তুতি আৰম্ভ হৈছে, তেন্তে আমি আচৰিত হোৱাৰেই কথা। পিছে আচৰিত হ'লেও এই অসম্ভৱ যেন লগা কথাটোকেই বিজ্ঞানীসকলে পৰীক্ষাগাৰত প্ৰায় সম্ভব কৰি তুলিছে। সম্প্ৰতি Massachusettsত অৱস্থিত Worcester Polytechnic Instituteৰ এদল বিজ্ঞানীয়ে পৰীক্ষাগাৰত পালেং শাকৰ পাতত মানুহৰ হৃদয়ৰ স্পন্দন সৃষ্টি কৰি সমগ্ৰ বিশ্বক আচৰিত কৰি তোলাৰ লগতে হৃদযন্ত্ৰৰ অসুখত ভোগা অগণন ৰোগীৰ বাবে কঢ়িয়াই আনিছে আশাৰ বতৰা। বিজ্ঞানীসকলৰ এই সাফল্যই মানুহৰ দেহত কৃত্ৰিম অংগ সংস্থাপণৰ বাট মুকলি কৰিলে। গৱেষক বিজ্ঞানীৰ দলটোৰ মুৰব্বী প্রফেচাৰ গ্লেন গডেট। তেওঁৰ অধীনত আছে গৱেষক ছাত্ৰ জোচোৱা গেৰস্লাক। 

এই গুৰুত্বপূৰ্ণ পৰীক্ষাটোৰ বাবে বিজ্ঞানীসকলে প্ৰথমে কিছু পালেং শাকৰ পাত লৈ সেই পাতবোৰ ক্ষাৰকীয় মাধ্যমত ডুবাই ৰাখে যাতে পালেং শাকৰ পাতত থকা বিভিন্ন কোষ আৰু পত্ৰহৰিতবোৰ ক্ৰমে পাতবোৰৰ পৰা আঁতৰি যায়। কিছুদিনৰ ভিতৰতেই পালেং শাকৰ পাতবোৰৰ পৰা বিভিন্ন কোষ আৰু পত্ৰহৰিৎ সমূহ নোহোৱা হৈ কেবল চেলুলোজৰ পাতল তৰপটোহে ৰ'লগৈ। এই পাতল তৰপটোত অৱশ্যে সিৰা উপসিৰাৰে গঠিত পালেং শাকৰ পাতৰ সিৰা বিন্যাসটো অক্ষত হৈ ৰৈছিল। উল্ল্যেখনীয় কথাটো হ'ল যে এই সিৰা বিন্যাসৰ জৰিয়তে গছৰ পাতলৈ শিপাই শোষণ কৰা পানী সৰবৰাহ হয়। এইবাৰ বিজ্ঞানীসকলে পালেঙৰ পাতৰ পাতল চেলুলোজৰ তৰপটোত গ্ৰাফ্টিং পদ্ধতিৰ সহায়ত মানুহৰ হৃদযন্ত্ৰৰ কোষ সংস্থাপণ কৰি কলাকৰ্ষণ বা টিচু কালচাৰৰ সহায়ত পালেঙৰ পাতত ৰৈ যোৱা চেলুলোজৰ তৰপটোত হৃদযন্ত্ৰৰ কোষবোৰৰ বিভাজন কৰাবলৈ সক্ষম হয়। বিভাজনৰ ফলত সৃষ্টি হোৱা হৃদযন্ত্ৰৰ অপত্য কোষবোৰে পালেঙৰ পাতৰ চেলুলোজৰ তৰপটোত ক্ৰমান্বয়ে হৃদপিণ্ডৰ কলাতন্ত্ৰ সৃষ্টি কৰি পেলায়। 

এই সাফল্যই বিজ্ঞানী সকলক দুগুণে উৎসাহী কৰি তোলে। তেওঁলোকে মন কৰিলে যে চেলুলোজৰ তৰপটোত সৃষ্টি হোৱা হৃদযন্ত্ৰৰ কলা সমূহে এক ছন্দময় গতিত সংকোচন প্ৰসাৰণো আৰম্ভ কৰিছে, সাইলাখ মানুহৰ হৃদযন্ৰৰ দৰেই ! এই সংকোচন প্ৰসাৰণে চেলুলোজৰ তৰপটোত থকা পালেঙৰ পাতৰ সিৰা বিন্যাসকো প্ৰভাবিত কৰিছে যাৰ ফলত এই সিৰা উপসিৰা সমূহে মানুহৰ দেহত তেজ সৰবৰাহ কৰা সিৰা আৰু ধমনীসমূহৰ দৰেই প্ৰতিক্ৰিয়া দেখুৱাইছে। এইবাৰ বিজ্ঞানীৰ দলটোৱে চেলুলোজৰ তৰপটোত থকা পালেঙৰ সিৰা বিন্যাসটোত ৰঙীন তৰল এবিধ ৰাখিলে। আৰু কি আচৰিত, সাইলাখ হৃদপিণ্ডৰ মাজেৰে তেজ সৰবৰাহ হোৱাৰ দৰেই পালেঙৰ পাতটোৰ সংকোচন প্ৰসাৰণৰ জৰিয়তে ৰঙীন তৰল বিধ পালেঙৰ পাতটোৰ মাজেদি প্ৰবাহিত হ'বলৈ ধৰিলে !

জোচোৱা গেৰস্লাক আৰু তেওঁৰ গাইড গডেটৰ মতে এই গৱেষণাই মানুহৰ দেহত কৃত্ৰিম হৃদপিণ্ড সংস্থাপণৰ বাট মুকলি কৰিলে। অদূৰ ভৱিষ্যতে মানুহৰ দেহত কৃত্ৰিম হৃদপিণ্ড সংস্থাপণৰ সম্ভাৱনাৰ এই বিষয়টো লৈ প্ৰখ্যাত ভাৰতীয় হৃদৰোগ বিশেষজ্ঞ ড° ৰবীন চক্রবর্তীয়ে কয় যে :
"গাছ এবং মানুষের সংবহনতন্ত্রের কাজের ধরন আলাদা হলেও কর্মপদ্ধতির অনেকটাই মিল আছে। এই দুই ক্ষেত্রে বায়োলজিক্যাল সাদৃশ্য রয়েছে। যে ভাবে হার্টের টিস্যুর মধ্যে দিয়ে রক্ত, অক্সিজেন এবং নিউট্রিয়েন্ট্স প্রবাহিত হয়, পালং পাতার জালিকাতেও সেই পদ্ধতিতেই রক্ত প্রবাহিত হতে পারে।”


No comments:

Post a Comment