Tuesday 5 January 2021

হাতীপটিৰ কেন্দ্ৰত জীৱাশ্মৰ সন্ধান


আমাৰ হাতীপটি তাৰকাৰাজ্যৰ গভীৰতম কেন্দ্ৰত লুকাই আছে আন এখন মৃত তাৰকাৰাজ্য। শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ লিভাৰপুল জন মুৰছ বিশ্ববিদ্যালয়ৰ গৱেষক বিজ্ঞানী সকলৰ দ্বাৰা প্ৰকাশিত গৱেষণা গ্ৰন্থত এই অবিশ্বাস্য তথ্য প্ৰকাশ পাইছে। গৱেষক বিজ্ঞানীসকলৰ দলটিৰ অন্যতম সদস্য ৰিকার্ডো ছিয়াভনে প্ৰকাশ কৰা মতে হাতীপটিৰ বুকুত লুকাই থকা এই মৃত তাৰকা ৰাজ্যখনৰ নাম Heracles (হেৰাক্লেছ)। প্রাচীন গ্রীক আখ্যান মতে হেৰাক্লেছ এজন বীৰ যোদ্ধা যিজনে মিল্কিৱে' বা হাতীপটি তাৰকাৰাজ্য সৃষ্টি হোৱাৰ  সময়তেই ভগৱানৰ পৰা অমৰত্ব উপহাৰ স্বৰূপে পাইছিল। বিজ্ঞানী সকলে গ্রীক আখ্যানত উল্ল্যেখিত এই বীৰজনৰ নাম অনুসৰিয়েই এই মৃত জীৱাশ্ম তাৰকাৰাজ্য খনৰ নাম ৰাখিছে - "হেৰাক্লেছ জীৱাশ্ম গেলেক্সি"।

বিজ্ঞানী সকলৰ মতে প্ৰায় দশ হেজাৰ কৌটি বছৰ পূর্বে, অর্থাৎ আমাৰ হাতীপটি তাৰকাৰাজ্য সৃষ্টি হোৱাৰ চাৰি হেজাৰ কৌটি বছৰমান পিছত হেৰাক্লেছ তাৰকাৰাজ্যখন আমাৰ হাতীপটি তাৰকাৰাজ্যৰ লগত প্ৰচণ্ড মুখামুখি সংঘৰ্ষত পতিত হৈছিল। 

বৰ্তমান আমাৰ হাতীপটি তাৰকাৰাজ্যৰ গোলকাৰ হেল' (Halo) বা উজ্বল বলয়াকাৰ ক্ষেত্ৰখনৰ প্রায় এক তৃতীয়াংশই এই মৃত তাৰকাৰাজ্যখনৰ তাৰকা আৰু মহাজাগতিক গেছৰ অৱশিষ্ট অংশ মাথোন। হেৰাক্লেছ জীৱাশ্ম গেলেক্সিখন আমাৰ তাৰকাৰাজ্যৰ গভীৰতম অংশত অৱস্থিত হোৱা বাবে আন্তঃনাক্ষত্ৰিক মেঘৰ ধূলিকণাৰ দ্বাৰা এই মৃত তাৰকাৰাজ্যখন পৃথিৱীবাসীৰ বাবে আচ্ছাদিত হৈ থাকে। সেইবাবে এই জীৱাশ্ম তাৰকাৰাজ্যখন বিজ্ঞানীসকলৰ চকুত ধৰা নপৰাকৈ আছিল।

কিন্তু বৰ্তমান Sloan Digital Sky Surveyৰ "এপোজি" বা Apache Point Observatory Galactic Evolution Experiment (APOGEE)ৰ পৰা আহৰণ কৰা তথ্যই সেই ধূলিকণা সমুহ ভেদ কৰি হাতীপটিৰ কেন্দ্ৰভাগৰ পৰা আনি দিছেহি এই অবিশ্বাস্য তথ্য। ইয়াৰ আগতে হাতীপটিৰ কেন্দ্ৰভাগৰ ইমান বিতং তথ্য বিজ্ঞানীসকলে কেতিয়াও আহৰণ কৰিব পৰা নাছিল। 

বিগত ২০১০ চনৰ পৰা এপোজিৰ (APOGEE) পৰা আহৰণ কৰা দৃশ্যমান বৰ্ণালীৰ বিশ্লেষণত নিকটৱর্তী কোনো তৰাৰ পৰা বিচ্ছুৰিত হৈ অহা ইনফ্রাৰেড তৰংগই আন্তঃনাক্ষত্ৰিক মেঘৰ ধূলিকণাৰ দ্বাৰা বেষ্টিত হেৰাক্লেছ জীৱাশ্ম গেলেক্সিৰ বতৰা আনি পৃথিৱীৰ বিজ্ঞানীসকলক যোগান ধৰিছে।

মূলত হেৰাক্লেছৰ অন্তর্গত নক্ষত্রবোৰে আজি সমগ্র হাতীপটি তাৰকাৰাজ্যৰ আলোকময় বলয়ৰ প্রায় এক তৃতীয়াংশ অধিকাৰ কৰি থকাৰ অর্থ এইটোৱেই যে সদ্য আৱিষ্কৃত এই প্রাচীন সংঘর্ষটো অৱশ্যেই আমাৰ হাতীপটিৰ ইতিহাসত এটি গুৰুত্বপূৰ্ণ ঘটনা।

 

No comments:

Post a Comment