Tuesday 12 January 2021

মহাকৰ্ষণ আৰু কিছু চিন্তা


মহান বিজ্ঞানী আইজাক নিউটনে মহাকর্ষণ সূত্র আৱিষ্কাৰ কৰিছিল বুলি সমগ্ৰ পৃথিৱীয়েই জানে। কিন্তু মহাকৰ্ষণৰ প্ৰাথমিক ধাৰণাটোৰ লগত বিজ্ঞানী নিউটনতকৈ বহু আগৰ প্ৰাচীন ভাৰতীয় গণিতজ্ঞ তথা জ্যোতির্বিজ্ঞানী দ্বিতীয় ব্রহ্মগুপ্ত, বিজ্ঞানী ভাস্কৰাচাৰ্যৰ লগতে গ্ৰীক দাৰ্শনিক এৰিষ্ট'টলৰ নামো সাঙোৰ খাই থকা বুলি তথ্য পোৱা যায়। 

আইজাক নিউটনৰ জন্মৰ প্ৰায় এহেজাৰ বছৰ আগতেই ভাৰতীয় বিজ্ঞানী দ্বিতীয় ব্রহ্মগুপ্তই মহাকর্ষণ সম্বন্ধে ধাৰণা দিছিল। দ্বিতীয় ব্রহ্মগুপ্তই ৬২৮ চনত লিখা তেখেতৰ "ব্রহ্মস্পুত সিদ্ধান্ত" নামৰ গ্ৰন্থখনত উল্ল্যেখ কৰিছে যে, "আমাৰ শৰীৰ পৃথিৱীৰ দিশলৈ হালি পৰে। ইয়াৰ কাৰণ পৃথিৱীৰ ধাৰণ ক্ষমতা। ঠিক যেনেদৰে পানী বৈ যাব পাৰে, তেনকৈয়ে পৃথিৱীয়ে সকলোকেই ধাৰণ কৰি পাৰে।"

আন এজন ভাৰতীয় বিজ্ঞানী ভাস্কৰাচাৰ্যই জ্যোৰ্তিবিজ্ঞানলৈ যথেষ্ঠ অৱদান দি গৈছে। তেওঁ পঞ্চম শতিকাতেই সূৰ্যৰ চৌদিশে ঘূৰিবলৈ পৃথিৱীক প্ৰয়োজন হোৱা সময় গাণিতিক ভাবে হিচাব কৰি উলিয়াইছিল। তেখেতে "সিদ্ধান্ত শিৰোমণি" নামৰ গ্ৰন্থখনত আকাশত গ্ৰহ নক্ষত্ৰবোৰৰ অৱস্থান, সূৰ্য গ্ৰহন, চন্দ্ৰ গ্ৰহন আদিৰ বিষয়ে বিশদ বিৱৰণ দাঙি ধৰাৰ উপৰিও "সূৰ্য সিদ্ধান্ত" নামৰ গ্ৰন্থখনত মহাকৰ্ষণ সম্বন্ধেও উল্ল্যখ কৰি গৈছে। 

আনহাতে গ্ৰীক দাৰ্শনিক এৰিষ্ট'টলৰ মতে, "সকলোবোৰ বস্তুৱেই মহাজগতৰ কেন্দ্ৰ অভিমুখে যাব বিচাৰে। যিহেতু পৃথিৱীয়েই মহাবিশ্বৰ কেন্দ্ৰ, সেয়ে সকলোবোৰ বস্তুৱেই পৃথিৱীৰ দিশে আহিব খোজে।" পিছলৈ এৰিষ্ট'টলৰ এই যুক্তি খণ্ডন কৰা হয়।

বিজ্ঞানী গেলিলিও গেলিলিয়ে আৱিষ্কাৰ কৰিছিল যে মুক্ত ভাবে তললৈ সৰি পৰা সকলোবোৰ বস্তুৰ ত্বৰণৰ মান একে। অৰ্থাৎ আওপকীয়াকৈ গেলিলিওৱে মহাকৰ্ষণীয় ত্বৰণৰ কথাই উল্ল্যেখ কৰিছিল। গেলিলিওৰ আৱিষ্কাৰক বাদ দি আধুনিক বিজ্ঞানে প্ৰাচীন ভাৰতীয় বিজ্ঞানী দুজনৰ অৱদানক অৱজ্ঞা কৰা যেন অনুভৱ হয়। আধুনিক বিজ্ঞানে উপযুক্ত তথ্যৰ অভাৱত যদিওবা তেখেতসকলৰ অৱদানক অৱজ্ঞা কৰি আহিছে, মহাকৰ্ষণ সম্বন্ধে তেওঁলোকে আগবঢ়োৱা প্ৰাথমিক ধাৰণা সম্বন্ধে অধিক গৱেষণাৰ প্ৰয়োজনীয়তা নিশ্চয় আছে।

No comments:

Post a Comment