Thursday 21 January 2021

এৰিয়া-৫১ : এখন নিষিদ্ধ জগত


আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেভেডা প্ৰদেশৰ অন্তৰ্গত লাছ ভেগাছৰ দক্ষিণ প্ৰান্তত পাহাৰে ঘেৰি ৰখা এক বিশাল মৰুময় অঞ্চল হ'ল এৰিয়া-৫১। এই অঞ্চলটোৱেই পৃথিবীৰ ভিতৰতেই সবাতোকৈ গোপন আৰু ৰহস্যময় এলেকা বুলি পৰিগণিত হৈ আহিছে। 

এৰিয়া-৫১ নামৰ নিষিদ্ধ এলেকাটোলৈ সৰ্বসাধাৰণ কোনো ব্যক্তিৰেই যাবলৈ অনুমতি নাই। অঞ্চলটোৰ চৌদিশে হাতত M16 মাৰনাস্ত্ৰ লৈ পহৰা দি আছে হাজাৰৰো অধিক Camo Dude নামৰ অতি বিচক্ষণ পহৰাদাৰীয়ে। এৰিয়া-৫১ৰ আকাশ মাৰ্গেৰে কোনো উৰাজাহাজ উৰাৰো অনুমতি নাই। কোনো লোকে যদি এৰিয়া-৫১ৰ সমীপলৈ যোৱাৰ চেষ্টা কৰে আমেৰিকাৰ চৰকাৰে তেওঁক গুলীয়াই হত্যা কৰাৰ বাবে Camo Dude সকলক আদেশ জাৰি কৰি থৈছে। 

এৰিয়া-৫১ৰ মূল প্ৰৱেশ পথত আঁৰি থোৱা আছে এখন ফলক। তাত লিখা আছে "Use of deadly force Authorized" - অৰ্থাৎ বাৰণ কৰা সত্বেও ভিতৰলৈ প্ৰৱেশ কৰাৰ চেষ্টা কৰিলে মৃত্যু নিশ্চিত। কিন্তু, কিয়ই বা এই এৰিয়া-৫১ এক নিষিদ্ধ এলেকা?

সেই ৰহস্য উদ্ঘাটন কৰাৰ বাবে কেইবা দশক জুৰি কৌতুহলী সাংবাদিক আৰু জনসাধাৰণে চেষ্টা কৰি আহিছে। আনকি বিভিন্ন দেশৰ গুপ্তচৰ সকলেও এই ৰহস্যৰ ভেদ ভাঙিবলৈ চেষ্টা কৰি আহিছে যদিও সফল হ'ব পৰা নাই। এনেবোৰ কাৰণতেই এৰিয়া-৫১ পৃথিৱীৰ ভিতৰতেই এক ৰহস্যময় এলেকা বুলি পৰিগণিত হৈ আহিছে। এই ৰহস্যৰ গইনা লৈয়ে মানুহৰ মনত সৃষ্টি হৈ আহিছে বিভিন্ন conspiracy theory বা ‘'ষড়যন্ত্র-তত্ব"।

বিভিন্ন conspiracy theory বোৰৰ ভিতৰত কেইটামান তলত উল্ল্যেখ কৰা হ'ল :

ক) এৰিয়া-৫১ দৰাচলতে এলিয়েনৰ বসতিস্থল। এৰিয়া-৫ৰ প্ৰাক্তন পদার্থ বিজ্ঞানী বব লেজাৰৰ মতে, এই এলেকাত এনে কিছুমান আকাশীযান দেখা যায়, যিবোৰ কোনোমতেই পৃথিবীত তৈয়াৰ কৰা সম্ভব নহয়। এৰিয়া-৫১ৰ যি বিশেষ অঞ্চলত এই আকাশী যানবোৰ সঘনে দেখা যায়, তালৈ যোৱা পথটিৰ নাম "Extraterrestrial Highway"। এই পথেদিয়েই অন্য গ্ৰহৰ প্ৰাণীৰ সঘন আহযাহ চলে। তেওঁৰ মতে এই এৰিয়া-৫১ৰ ভিতৰতেই ভিন্ন গ্রহবাসী সকলৰ ধ্বংস হোৱা আকাশীযান এখনো আছে। তদুপৰি দুর্ঘটনাত মৃতু হোৱা এজন ভিন্ন গ্ৰহবাসীৰ মৃত শৰীৰো ইয়াত সংৰক্ষণ কৰা আছে। বব লেজাৰৰ মতে এই প্রাণীটো ৰেটিকুলাম-৪ নামৰ নক্ষত্ৰ এটিৰ চৌদিশে আৱৰ্তন কৰি থকা এটি গ্ৰহৰ পৰা পৃথিৱীলৈ আহিছিল। উচ্চতায় প্রাণীটোৰ উচ্চতা তিন ফুট ছয় ইঞ্চি, শৰীৰ নোমবিহীন আৰু শীর্ণ !!!

খ) "ষড়যন্ত্র-তত্ব’'ত বিশ্বাসী আমেৰিকান লেখক বিল কেছিং আৰু ৰাণ্ডি ৰেইডৰ ১৯৭৪ চনত প্ৰকাশ হোৱা এখন বিতৰ্কিত গ্ৰন্থ হ'ল - "We Never Went to the Moon"। এই গ্ৰন্থখনত তেওঁলোকে বিভিন্ন যুক্তিৰে প্রমাণ কৰিব বিচাৰিছে যে আমেৰিকাৰ কোনো মহাকাশচাৰী জোনবাইৰ বুকুত পদাৰ্পণ কৰা নাই !! ছোভিয়েট ৰাছিয়াৰ চন্দ্ৰ বিজয় অভিযানক ধূলিস্যাৎ কৰাৰ বাবে এয়া আছিল আমেৰিকান চৰকাৰ আৰু নাছাৰ যুটীয়া প্ৰচেষ্টাৰ এখন পৰিকল্পিত নাটক মাত্ৰ। তেওঁলোকৰ মতে ১৯৬৯ চনত নাছাৰ বিজ্ঞানী সকলে এইটো বুজিব পাৰিছিল যে মহাজাগতিক তেজস্ক্রিয়তাৰ বাবে জোনবাইৰ বুকুত খোজ দি কোনো মানুহেই পৃথিবীলৈ জীৱন্তে ঘূৰি আহিব নোৱাৰে। সেয়ে নাছাই আমেৰিকান চৰকাৰৰ সহযোগত এই এৰিয়া-৫১ৰ নিষিদ্ধ এলেকাৰ ভিতৰতেই জোনবাইত মানুহে পদাৰ্পণ কৰাৰ নাটক ৰচনা কৰি ভিডিও প্ৰস্তুত কৰি টেলিভিচনৰ পৰ্দাত প্ৰদৰ্শন কৰিছিল !!!

গ) আন এক conspiracy theory মতে এৰিয়া-৫১ৰ মাটিৰ তলত আমেৰিকাই ৪০ মহলীয়া বাঙ্কাৰ সাজি সামৰিক ঘাটি তৈয়াৰ কৰিছে আৰু বিভিন্ন পাৰমানৱিক পৰীক্ষা নিৰীক্ষা চলাই আহিছে। 

ইয়াৰ উপৰিও আৰু কেইবাটাও ষড়যন্ত্ৰ তত্ব মানুহৰ আলোচনাৰ বিষয়বস্তু হৈ পৰিছে। গুৰুত্বপূৰ্ণ বিষয় এই যে ইতিমধ্যে আমেৰিকাৰ চৰকাৰ আৰু নাছাই এই conspiracy theory বোৰ ভিত্তিহীন তথা মনেসজা বুলি যুক্তি দাঙি ধৰিছে। তথাপিও মানুহৰ মনত এটা প্রশ্ন - এৰিয়া-৫১ ৰ ভিতৰত এনে কি আছে যে তালৈ সৰ্বসাধাৰণ লোকৰ প্ৰৱেশত বাধা আৰোপ কৰি অহা হৈছে?  যেতিয়ালৈ মানুহৰ মনত এই প্ৰশ্নই দোলা দি থাকিব, তেতিয়ালৈ এৰিয়া-৫১ পৃথিৱীৰ সবাতোকৈ গোপন আৰু ৰহস্যময় এলেকা বুলিয়েই পৰিগণিত হৈ থাকিব। 


No comments:

Post a Comment