Saturday 16 January 2021

কেম্ব্ৰিজে যি দিয়ে, তাকে ল'বলৈ আহিছোঁ

  

১৬৬১ চনত কেম্ব্ৰিজৰ ত্ৰিনিটি কলেজত পঢ়িবলৈ এজন ১৯ বছৰীয়া চফল ডেকা আহিল। লগত লৈ আহিছিল এটা তলা, এটা নোটবুক, এপেকেট মমবাতি, এবটল চিয়াঁহী, এটা পাখি কলম আৰু পিন্ধিবলৈ দুসাজ কাপোৰ। কৌতুহলী সকলে তেওঁক সীমিত বয়বস্তু লৈ অহাৰ কাৰণ সোধাত তেওঁ কৈছিল: কেম্ব্ৰিজে যি দিয়ে, তাকে ল'বলৈ হে মই ইয়ালৈ আহিছোঁ.....!

কেম্ব্ৰিজৰ ত্ৰিনিটি কলেজত তেওঁ খোৱা-বোৱা ৰেহাই পোৱা এজন ছাত্ৰ (subsizer) হিচাপে হে নামভৰ্তি কৰাৰ সুযোগ পাইছিল। এনে ছাত্ৰ সকলে ত্ৰিনিটি কলেজৰ নিয়ম অনুসৰি ছাত্ৰাবাসত দৈনিক কিছু কাম কৰি দি কৰ্তৃপক্ষক সহায় কৰি দিব লাগিছিল। ভাগ্যৰ পৰিহাস আছিল এয়ে যে, তেওঁ এজন জমিদাৰৰ পুত্ৰ আছিল অথচ পৰিস্থিতিৰ পাকচক্ৰত পৰি তেওঁ পখিলা খেদি ফুৰা বয়সৰ পৰাই কিছু কষ্টকৰ সময় অতিবাহিত কৰিবলগীয়া হৈছিল। ত্ৰিনিটি কলেজৰ এই বিশেষ ছাত্ৰজনেই আছিল মহান বিজ্ঞানী চাৰ আইজাক নিউটন।

নিউটনৰ পিতৃ এজন ধনী জমিদাৰ অথচ অশিক্ষিত ব্যক্তি আছিল। নিউটনৰ জন্মৰ কেইমাহমান আগতেই তেওঁৰ মৃত্যু হৈছিল। নিউটনৰ মাতৃয়ে পিছত Barnabas Smith আন এজন লোকৰ সতে বিবাহ পাশত আৱদ্ধ হোৱাত শিশু নিউটন আইতাকৰ তত্বাৱধানতেই  ডাঙৰ দীঘল হৈছিল।

শৈশৱৰ সময়চোৱাত নিউটনে বিনামূলীয়া শিক্ষাগ্ৰহনৰ সুবিধা থকা "Grammar school"ত নাম ভৰ্তি কৰে যদিও বিশেষ পাৰদৰ্শিতা দেখুৱাব পৰা নাছিল। স্কুলীয়া শিক্ষা সাং কৰাৰ পিছত নিউটনে কেম্ব্ৰিজৰ বিখ্যাত ত্ৰিনিটি কলেজত আইন (law) পঢ়াৰ বাবে নাম ভৰ্তিৰ সুযোগ পাইছিল। কিন্তু পৰিতাপৰ কথা যে তেওঁৰ মাতৃয়ে পঢ়াৰ বাবে প্ৰয়োজনীয় টকা পইচা যোগান ধৰাৰ বাবে অস্বীকাৰ কৰে। ফলস্বৰূপে ত্ৰিনিটি কলেজৰ নিয়ম অনুসৰি নিউটনে ত্ৰিনিটি কলেজৰ ছাত্ৰাবাসত দৈনিক কিছু কাম কৰি দি কৰ্তৃপক্ষক সহায় কৰাৰ প্ৰতিশ্ৰুতিৰে আইন (law) পঢ়াৰ বাবে নামভৰ্তি কৰে।

আইন পঢ়ি থকাৰ সময়তেই তেওঁ কিছু পৰিমানে পদাৰ্থ বিজ্ঞান আৰু গণিতো অধ্যয়ন কৰিছিল। এদিন তেওঁ  দোকানৰ পৰা অংকৰ কিতাপ এখন কিনি আনি অভ্যাস কৰিবলৈ চেষ্টা কৰিছিল যদিও তেওঁ সফল নহ'ল। বিদ্যালয় পৰ্যায়ত তেওঁ অংকত বৰ সাধাৰণ পৰ্যায়ৰ ছাত্ৰ হিচাবেই পৰিগণিত আছিল। অৱশ্যে ১৬৬৫ চনত নিউটনে ত্ৰিনিটি কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ ঠিক পিছতেই ইংলেণ্ডত আৱিৰ্ভাৱ হোৱা প্লেগ নামৰ মহামাৰীৰ সংহাৰৰ বাবে ত্ৰিনিটি কলেজ বন্ধ হৈ পৰে।

নিউটন পুনৰ ঘৰলৈ ঘূৰি আহিল। ঘৰলৈ আহি এইবাৰ তেওঁ আৰম্ভ কৰিলে নিজাববীয়াকৈ পদাৰ্থ বিজ্ঞান, গণিত আৰু জ্যোৰ্তিবিজ্ঞানৰ অধ্যয়ন। বিশেষকৈ গেলিলিও গেলিলিৰ "বস্তুৰ গতি" সম্বন্ধে পৰীক্ষালানিয়ে তেওঁক অনুপ্ৰাণিত কৰিছিল। তেওঁ নিজেও বস্তুৰ গতিৰ ওপৰত বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰিবলৈ আৰম্ভ কৰে। ইতিমধ্যে ত্ৰিনিটি কলেজ পুনৰ খুলিল আৰু ততাতৈয়াকৈ নিউটনে "masters degree"ৰ বাবে পুনৰ ত্ৰিনিটি কলেজত নামভৰ্তি কৰে আৰু ১৬৬৮ চনত তেওঁ সন্মানীয় স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

কেইবছৰ মানৰ ভিতৰতেই নিউটনে পোহৰৰ বিচ্ছুৰণ, অপকেন্দ্ৰিক বল, অভিকেন্দ্ৰিক বল, গতিৰ সূত্ৰ, মহাকৰ্ষণ, প্ৰতিফলন টেলিস্কোপ আদিকে ধৰি বহুতো তথ্য আৱিষ্কাৰ কৰি বিজ্ঞান জগতত আলোড়ন সৃষ্টি কৰে। ১৬৭০ চনৰ ২৯ অক্টোবৰত নিউটনে ত্ৰিনিটি কলেজত অংকশাস্ত্ৰ, অপ্টিক্স, জ্যামিতি আৰু জ্যোৰ্তিবিজ্ঞান পঢ়ুৱালৈ লুকাচিয়ান প্ৰফেচৰ হিচাবে নিযুক্তি লাভ কৰে। পিছলৈ নিউটনে ছাত্ৰ ছাত্ৰীক অপ্টিক্স বিষয়টো পঢ়োৱাতেই মনোনিবেশ কৰিছিল।

১৬৭১ চনৰ ২১ ডিচেম্বৰৰ দিনা বিচপ  Dr. Seth Wardয়ে নিউটনৰ নামটো সন্মানীয় ৰয়েল চছাইটিৰ সদস্য হিচাবে প্ৰস্তাৱ আগবঢ়ায় আৰু যোগ্য ব্যক্তি হিচাবেই ১৬৭২ চনৰ ১১জানুৱাৰীৰ দিনা নিউটনক ৰয়েল চছাইটিৰ সদস্য হিচাবে মনোনীত কৰা হয়।

১৬৭৯ চনত স্নায়বিক ৰোগত আক্ৰান্ত হোৱাত নিউটনৰ গৱেষণা মূলক কামত ব্যাঘাত জন্মে। কিন্তু কেইমাহ মানৰ পিছত শাৰীৰিক ভাবে সুস্থ অনুভৱ কৰাত পুনৰ গৱেষণাত মগ্ন হয়। কিন্তু ১৬৯৩ চনত পুনৰ স্নায়বিক সমস্যাই জটিল ৰূপ লোৱাত তেওঁ গৱেষণামূলক কাম কাজৰ পৰা অব্যাহতি লয়।

তেওঁৰ বয়স ইতিমধ্যে ৮০ বছৰৰ ওচৰ পায়হি। সেই সময়চোৱাত তেওঁৰ পাচন তন্ত্ৰৰ সংক্ৰমণ আৰম্ভ হয়। ১৭২৭ চনৰ মাৰ্চ মাহৰ ৩০ তাৰিখে তেওঁ তলপেটত প্ৰচণ্ড বিষ অনুভৱ কৰে আৰু বেদনাত সংজ্ঞাহীন হৈ পৰে। তাৰ পিছদিনা অৰ্থাৎ ১৭২৭ চনৰ ৩১ মাৰ্চৰ দিনা ৮৪ বছৰ বয়সত বিশ্ববিখ্যাত বিজ্ঞানীজনে ইহলীলা সম্বৰণ কৰে।

No comments:

Post a Comment