Sunday, 17 November 2024

কাফ্‌কা আৰু এটি ভ্ৰমণকাৰী পুতলা

 


কাফ্‌কাই জীৱনৰ শেষ সময়চোৱা বাৰ্লিনত কটাইছিল। শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ প্ৰায়েই ঘৰৰ পৰা নোলাইছিল। তাৰ মাজতেই শাৰীৰিক বাধাক নেওচি তেওঁ কেতিয়াবা কেতিয়াবা ফুৰিবলৈ ওলাই গৈছিল। ১৯২৩ চনত, তেওঁৰ মৃত্যুৰ মাত্ৰ এবছৰ আগত, এদিন তেওঁ বাৰ্লিনৰ "ষ্টিগলিৎজ পার্ক" নামৰ বাগিছালৈ ফুৰিবলৈ যাওতে এজনী সৰু ছোৱালীক বাগিছাখনৰ ভিতৰত কান্দি থকা দেখি আগবাঢ়ি গৈ ছোৱালীজনীক আথে-বেথে সুধিলে, -
: তুমি কিয় কান্দি আছা?
: মোৰ মৰমৰ পুতলাটো হেৰাই গ'ল! - ছোৱালীজনে ফেকুৰি ফেকুৰি উত্তৰ দিলে।
কাফ্‌কাই ছোৱালীজনীক সান্ত্বনা দিয়াৰ বাবে চেষ্টা কৰি ক'লে, "তোমাৰ পুতলাটো হেৰোৱা নাই, পুতলাটো দূৰলৈ ফুৰিবলৈ হে গৈছে। কিছুদিন পিছত ঘূৰি আহিব। নাকান্দিবা।"
উচুপি থকা কণমাণি ছোৱালীজনীয়ে বিস্ময়ভৰা দুচকুৰে কাফ্কালৈ চালে আৰু তাৰপিছত উৎসাহ ভৰা মাতেৰে কাফ্কাক সুধিলে, "তুমি কেনেকৈ জানিলা?"
কাফ্‌কাই উত্তৰ দিলে, "কাৰণ পুতলাটিয়ে তোমালৈ এখন চিঠি লিখি মোৰ হাতত দিছিল। মই কালিলৈ সেই চিঠিখন লৈ আহিম।"
সেইদিনৰ পৰাই কাফ্‌কাই পুতলাৰ চৰিত্ৰত সোমাই সৰু ছোৱালীজনীলৈ চিঠি লিখিবলৈ আৰম্ভ কৰিছিল। পৰৱৰ্তী কেইবাদিনলৈ তেওঁ নিয়মিতভাৱে ছোৱালীজনীক পুতলাৰ চিঠি দিছিল। চিঠিত পুতলাটিৰ চৰিত্ৰই কোৱাৰ দৰে তেওঁ ছোৱালী জনীলৈ লিখিছিল যে পুতলাটোৱে পৃথিৱীৰ বিভিন্ন ঠাই ভ্ৰমণ কৰিছে আৰু কিমান যে মজাৰ কথা শিকিছে!
কেই সপ্তাহমান পিছত কাফ্‌কাই বজাৰৰ পৰা এটি নতুন পুতলা কিনি বাগিছাখনলৈ নিয়মিত ফুৰিবলৈ অহা ছোৱালীজনীৰ হাতত দি ক'লে, "তোমাৰ পুতলাটো কালি ভ্ৰমণ সামৰি ঘূৰি আহিছে। এইটো লোৱা।"
আকুলতাৰে হাত দুখন মেলি পুতলাটো লৈ তাই লিৰিকি বিদাৰি চাবলৈ ধৰিলে। তাইৰ মনৰ কোনোবাখিনিত যেন কিবা এটা খোকোজা লাগি ৰ'ল ! কাফ্কাই কথাটো মন কৰিছিল। সেয়ে তেওঁ ক'বলৈ ধৰিলে : "তুমি চাগে ভাবিছা পুতলাটো আগতকৈ কিয় বেলেগ যেন লগা হ'ল। নহয়নে?"
ছোৱালীজনীয়ে মুৰ দুপিয়ালে।
: এই পুতলাটো আগতকৈ অলপ সলনি হৈছে, কাৰণ দীৰ্ঘদিনীয়া ভ্ৰমণৰ সময়ত মানুহৰ দৰে পুতলাৰো চেহেৰা সলনি হয়। - কাফ্কাই ক'লে।
ছোৱালীজনীয়ে সেই পুতলাটো আনন্দেৰে গ্ৰহণ কৰিলে আৰু ঘৰলৈ গুছি গ'ল।
বহু বছৰ পিছত, ছোৱালীজনীয়ে পুতলাটোৰ ভিতৰত এখন চিঠি পালে। চিঠিৰ আখৰবোৰ তেওঁৰ পৰিচিত। ছোৱালীজনীয়ে কৌতুহলেৰে চিঠিখন খুলি লৈ পঢ়িবলৈ ধৰিলে। তাত লিখা আছিল, "হেৰাই যোৱা মানেই সকলো শেষ হোৱা নুবুজায়। সেয়া জীৱনৰ বাবে এক নতুন পথৰ আৰম্ভণিও হ'ব পাৰে। জীৱনত কিবা হেৰুওৱা মানে সদায় এটা নতুন সম্ভাৱনাৰ জন্ম। দুখ-দুৰ্দশাৰ মাজতো আশাবাদী হৈ নতুন সম্ভাৱনাক গ্ৰহণ কৰিব লাগে। পৰিৱৰ্তনক সাদৰেৰে স্বীকাৰ কৰি জীৱনৰ যিকোনো ক্ষতিৰ মাজতো আশা আৰু আনন্দ বিচাৰি ল'ব পাৰিলে জীৱন সফল হয়।

                        -------------------------------------------------------------

{কাৰ্ল কাফ্‌কা (১৮৮৩-১৯২৪) আছিল এক জন প্রখ্যাত চেক লেখক, যাক বিশ্বসাহিত্যত অন্যতম গুৰুত্বপূর্ণ ব্যক্তি হিচাপে গণ্য কৰা হয়। তেওঁৰ সৃষ্টিসমূহ মূলত জাৰ্মান ভাষাত লিখা হৈছিল। কাফ্‌কাৰ কাহিনীসমূহে সাধাৰণতে শূন্যতা, মানৱ জীৱনৰ সংকট, আৰু নিয়ন্ত্ৰণহীন সামাজিক ব্যৱস্থাৰ প্ৰতিফলন কৰে।
তেওঁৰ উল্লেখযোগ্য ৰচনাসমূহৰ ভিতৰত আছে "দ্য মেটামৰ্ফ'ছিছ" (The Metamorphosis), "দ্য ট্রায়েল" (The Trial), আৰু "দ্য কাষ্টল" (The Castle)। যদিও জীৱিত অৱস্থাত তেওঁ অপৰিচিত হৈ আছিল, মৃত্যুৰ পিছত তেওঁৰ সাহিত্য বিশ্বজুৰি প্ৰশংসিত। - Pranabjyoti Das}


No comments:

Post a Comment