Friday, 15 November 2024

ষ্টাৰলিংক : ইন্টাৰনেটৰ নতুন দিগন্ত


এলন মাক্সৰ ষ্টাৰলিংক হৈছে এক উপগ্ৰহ নেটৱৰ্কৰ নাম, যাক ব্যক্তিগত মহাকাশ সংস্থা স্পেছএক্সৰ দ্বাৰা বিকাশ কৰা হৈছে। সম্প্ৰতি ষ্টাৰলিংক নেটৱৰ্ক, ইন্টাৰনেট সেৱাৰ এটি বৈপ্লৱিক পৰিসৰ, যাৰ লক্ষ্য বিশ্বৰ সকলো স্থানতেই অতি উচ্চ-গতিৰ ইন্টাৰনেট সেৱা প্ৰদান কৰা। স্পেছএক্স কোম্পানীৰ এই প্ৰকল্পৰ মাধ্যমেৰে দ্ৰুত আৰু বিশ্বস্ত ইন্টাৰনেটৰ সুবিধা উপলব্ধ কৰিবলৈ শতাধিক কৃত্ৰিম উপগ্ৰহ ব্যৱহাৰ কৰা হৈছে।


ইতিমধ্যে ষ্টাৰলিংক নেটৱৰ্কে পৃথিৱীৰ কক্ষপথত শতাধিক সৰু সৰু উপগ্ৰহ স্থাপন কৰিছে, যিবোৰে এখন জালৰ দৰে মহাকাশৰ পৰা পৃথিৱীক আৱৰি ৰাখিছে। ষ্টাৰলিংকৰ মহাকাশবিজ্ঞানী জনাথন মেকড’ৱেলৰ মতে ছেপ্টেম্বৰ ২০২৪ লৈকে ইতিমধ্যে মহাকাশত মুঠ ৬,৪২৬টা ষ্টাৰলিংক উপগ্ৰহ স্থাপন কৰা হৈছে, আৰু ইয়াৰ ভিতৰত ৬,৩৭১টা উপগ্ৰহই ইতিমধ্যে কাম কৰিবলৈ আৰম্ভ কৰিছে। এই স্টাৰলিংক উপগ্ৰহসমূহ পৃথিৱীৰ প্ৰায় ৫৫০ কিলোমিটাৰ ওপৰৰ "লো আৰ্থ অৰবিট"ত পৰিক্ৰমা কৰি আছে। এলন মাক্সৰ এই উপগ্ৰহসমূহে লো আৰ্থ অৰবিটত যেতিয়া যাত্ৰা কৰে, তেতিয়া পৃথিৱীৰ পৰা দৃশ্যমান এক অতুলনীয় দৃশ্য সৃষ্টি কৰে।

এই উপগ্ৰহবোৰে অতি কম সময়ৰ ভিতৰত ইণ্টাৰনেটৰ সংকেত স্থানান্তৰ কৰিবলৈ সক্ষম হয়। সেয়েহে গ্ৰাহকে অতি উচ্চ গতিত ইন্টাৰনেট লাভ কৰে, আৰু লেটেঞ্চি (signal delay) কম হোৱাৰ বাবে সাধাৰণ টেলিফোনিক কলৰ উপৰিও অনলাইন মিটিং, ভিডিও কনফাৰেন্স, ভিডিও কলিং আদিত সামান্যতমো অসুবিধা নাপায়।ষ্টাৰলিংকে তেওঁলোকৰ উচ্চ গতিৰ ইন্টাৰনেট সেৱা নিম্নতম ১৫০ এমবিপিএছৰ (Mbps) পৰা ১ জিবিপিএছৰ (Gbps) ভিতৰত আগবঢ়ায়।ষ্টাৰলিংকৰ নেটৱৰ্ক ব্যৱস্থাটোত এখন সৰু ডিছ আৰু এটা মডেমৰ ব্যৱহাৰ কৰিয়েই এই সুবিধাখিনি পাব পাৰি।

ভাৰতলৈ ষ্টাৰলিংক নেটৱৰ্কৰ আগমনে গ্ৰামাঞ্চলত ইন্টাৰনেটৰ সুবিধা বৃদ্ধি কৰাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহন কৰিব। বিশেষকৈ ষ্টাৰলিংকে দেশৰ সকলো অঞ্চলত সুলভ আৰু দ্ৰুত ইন্টাৰনেটৰ সুবিধা প্ৰদান কৰি ভাৰতৰ ডিজিটেল উন্নয়নৰ গতি বৃদ্ধি কৰিব।

ভাৰতলৈ ষ্টাৰলিংক নেটৱৰ্কৰ আগমনে স্থানীয় টেলিকম সেৱা প্ৰদানকাৰী সংস্থাসমূহ, যেনে ভাৰতী এয়াৰটেল, ভোদাফোন আইডিয়া লিমিটেড, মহানগৰ টেলিফোন নিগম, ৰিলায়েঞ্চ জিঅ' লিমিটেড আৰু বি.এছ.এন.এলৰ বাবে এক বিশাল প্ৰত্যাহ্বান যে সৃষ্টি কৰিব, সেয়া নিশ্চিত। উচ্চ গতিৰ ইন্টাৰনেট আৰু গ্ৰামাঞ্চলৰ সৰল অভিগম্যতাৰ দিশত স্থানীয় টেলিক'ম সংস্থাসমূহৰ পৰিসেৱাৰ তুলনাত ষ্টাৰলিংকে কম মূল্যত বেছি সুবিধা প্ৰদান কৰিবলৈ ওলোৱা বাবে স্থানীয় পৰিসেৱা সংস্থাসমূহ যেনে ভাৰতী এয়াৰটেল, ভোদাফোন আইডিয়া লিমিটেড, মহানগৰ টেলিফোন নিগম, ৰিলায়েঞ্চ জিঅ' লিমিটেড আৰু বি.এছ.এন.এলৰ বাবে গ্ৰাহকৰ মনত নিজৰ পৰিসেৱা সমূহৰ প্ৰতি আকৰ্ষণ বজাই ৰখা কঠিন হ’ব পাৰে।

No comments:

Post a Comment