Tuesday, 5 August 2025

ঘোঁৰাটো কোনদিশে গৈ আছে বাৰু?


ঘোঁৰাটো কোনদিশে গৈ আছে বাৰু? আগলৈ নে পিছলৈ? আচলতে এইটো এটা দৃষ্টি বিভ্ৰান্তি (visual illusion), য’ত ঘোঁৰাটো কোনদিশে গৈ আছে, সেইটো স্পষ্ট নহয়। কোনো এক মুহূৰ্তত যদি ঘোঁৰাটো পিছলৈ গৈ থকা যেন লাগে, আন এক মুহূৰ্তত আকৌ ঘোঁৰাটো আগলৈ গৈ থকা যেন লাগে। 


এনে ধৰণৰ দৃষ্টি বিভ্ৰান্তিত ঘোঁৰাটোৰ দেহবয়ব, খোজকঢ়াৰ ধৰণ আৰু পৃষ্ঠভূমিৰ পুনৰাবৃত্তিয়ে আমাৰ চকু আৰু মগজুলৈ ভুল সংকেত প্ৰেৰণ কৰে। ইয়াৰ পৰা এইটো বুজা যায় যে আপুনি ঘোৰাটো অথবা ইয়াৰ পৃষ্ঠভূমিৰ য’ত মনোযোগ কেন্দ্ৰ কৰে, সেই অনুসাৰে আপোনাৰ মগজুৱে ঘোঁৰাটোৰ গতিৰ দিশ নিৰ্ধাৰণ কৰে। 

বহুতেই এই বিভ্ৰান্তিটো আমাৰ মগজুৰ সোঁ অথবা বাওঁ অংশৰ কাৰ্যকাৰিতাৰ বাবে হয় বুলি ক'ব খোজে। তেওঁলোকৰ মতে যিসকল ব্যক্তিয়ে মগজুৰ বাওঁ অংশ ব্যৱহাৰ কৰে, তেওঁলোকে ঘোঁৰাটো আগলৈ যোৱা যেন দেখে আনহাতে মগজুৰ সোঁ অংশ ব্যৱহাৰ কৰা সকলে ঘোঁৰাটো পিছলৈ যোৱা যেন দেখে। কিন্তু, সেয়া সঠিক বৈজ্ঞানিক ব্যাখ্যা নহয়। বৰং, আমাৰ মগজুৱে অভ্যাস আৰু অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰিয়েই এনে ধৰণৰ গতিৰ দিশ অনুমান কৰে।

🔹বাস্তৱ কথা হ'ল আমাৰ মগজুৰ দুয়োটা অংশই একেলগে কাম কৰে। কেতবোৰ কাৰকে আমাৰ মনত সৃষ্টি হোৱা ধাৰণাক প্ৰভাৱিত কৰে। সেইবোৰ হ'ল --➤ পৰ্যবেক্ষণত আমি কিদৰে মনোযোগ দিছো, কোন দিশৰ পৰা আমি পৰ্যবেক্ষণ কৰিছো, এনে পৰ্যবেক্ষণৰ পৰা আহৰণ কৰা আমাৰ পূৰ্বৰ অভিজ্ঞতা ইত্যাদি।

🔹আমোদজনক কথাটো হ'ল -- আপুনি আপোনাৰ  ইচ্ছানুসৰি এই ঘোঁৰাটোৰ গতিৰ দিশটো সলাব পাৰে। যদি আপুনি, আপোনাৰ মনোযোগ বা পৰ্যবেক্ষণৰ দিশ সলনি কৰে, তেতিয়াই আপোনাৰ ধাৰণাৰ ভিত্তিত আপোনাৰ মগজুৱে তাৎক্ষণিক ভবে কিছু তথ্য সৃষ্টি কৰি আপোনাৰ ধাৰণাৰেই এটা দৃশ্যপট তৈয়াৰ কৰি দিব। যাৰ বাবে আপোনাৰ পৰ্যবেক্ষণ বা পূৰ্বৰ কিছুমান চাক্ষুষ অভিজ্ঞতাৰ পৰা আহৰণ কৰা ধাৰণৰ ভিত্তিত আপোনাৰ বাবে এই ঘোৰাটো হয়তো আগলৈ বা পিছলৈ যোৱা যেন লাগিব। 

এটা কথা মনত ৰখা উচিত যে সংলগ্ন ভিডিঅ’ত আপুনি আৰু মই দেখা ঘোঁৰাটো যদিওঁ একেটাই, আমি দেখা পোৱা ঘোঁৰাটোৰ গতিৰ দিশ একে নহ'বও পাৰে। এনে ধৰণৰ পৰিঘটনাবোৰক দৃষ্টি বিভ্ৰান্তি বুলি কোৱা হয়।

Saturday, 26 July 2025

The one with reverence attains knowledge.


श्रद्धावान् लभते ज्ञानं

When we were students, teachers were not merely individuals who imparted education. They were our guides in life, our moral compasses, and respected figures in society. Even today, when I think about the amount of respect and honour given to teachers in those days, my heart fills with emotion.

The moment a teacher entered the classroom, all of us would stand up and greet him with a respectful "Namaskar." This wasn't just a routine—it was an expression of the deep respect and admiration we held in our hearts for our teachers. That simple utterance, “Namaskar, Sir,” came from the deepest corners of our soul. For us, the school was like a temple, and the teacher was akin to a priest.

That respect wasn't confined to the classroom alone. Even outside the school—whether in markets, on the streets, or in a bus—if we saw a teacher, we would respectfully fold our hands in greeting. If we were riding a bicycle and saw a teacher, we would get off the bicycle and show our respect. These were values we had learned from our parents at home. We learned many such lessons from our family, culture, and the environment around us.

In our time, we also feared our teachers. Fear, not in a negative sense, but in one, born of deep respect. Corporal punishment was still prevalent in schools in our time. Often, a mere glance from the teacher was enough to make us feel remorseful. That remorse taught us to seek forgiveness, because gradually we came to realize the deep truth of a verse from the Bhagavad Gita (Chapter 4): - "Śraddhāvān labhate jñānam"—He who has faith and reverence attains knowledge.

"Śraddhāvān labhate jñānam tat-paraḥ saṁyatendriyaḥ"— this verse means, one who shows respect and reverence towards their guru (teacher), and has control over their five senses (eyes, ears, nose, skin, tongue), is truly capable of attaining knowledge. It is essential that parents at home teach their children a culture of respect and honour for elders and teachers. If we truly wish to prepare students to be worthy of receiving knowledge, then parents must guide them with moral values from the very beginning at home.

Sadly, in today’s times, I often find myself engulfed in sorrow, witnessing the fading bond between teacher and student. In our time, we didn’t have smartphones, but our education system was rich in sincerity and warmth. Teachers were regarded as second parents. But now, that deep sense of reverence seems to be waning. This shift appears to stem from social media, evolving family perspectives, and various societal influences.

Limitations in discipline, excessive parental interference, and, in some cases, irresponsible behavior by teachers have all contributed to the decline in this sacred relationship. This is a matter of grave concern because the essence of education lies in the deep, mutual connection between teacher and student. Society, education policy-makers, parents, and teachers must come together to reflect and rebuild this bond.

If a teacher truly wishes to earn the respect of students, they must first open the door of unconditional affection. When intelligence, integrity, and dedication are combined with warmth and measured discipline, only then will a student begin to genuinely honour and respect their teachers.

Friday, 25 July 2025

শ্ৰদ্ধাৱান্ লভতে জ্ঞানম্

 


আমি যেতিয়া ছাত্ৰ আছিলোঁ, আমাৰ বাবে শিক্ষকসকল কেৱল পাঠদান কৰা একোজন ব্যক্তি নাছিল, তেওঁলোক আছিল আমাৰ জীৱনৰ পথপ্ৰদৰ্শক, নৈতিকতাৰ দিশ-নির্দেশক আৰু সমাজৰ একোজন বিশিষ্ট ব্যক্তি। এজন শিক্ষকক কিমান মান-সন্মান দিয়া হৈছিল, সেয়া ভাবিলে এতিয়াও হৃদয় উজাৰি উঠে।

শ্ৰেণীকোঠাত শিক্ষক প্ৰৱেশ কৰাৰ লগে লগে আমি সকলো ছাত্র-ছাত্ৰী থিয় হৈ নমস্কাৰ জনাইছিলো। এইটো কেৱল এটা নিয়ম নাছিল, এয়া আছিল শিক্ষকৰ প্ৰতি আমাৰ অন্তৰত ভৰি থকা ভক্তি আৰু সন্মানৰ এক অনুভৱ। “নমস্কাৰ ছাৰ” বুলি কোৱা মাতটো হৃদয়ৰ কোনোবা এক গভীৰতম স্থানৰ পৰা ওলাইছিল। আমাৰ বাবে বিদ্যালয়খন মন্দিৰ সদৃশ আছিল, আৰু শিক্ষকজন যেন এজন পূজাৰী! 

বিদ্যালয়ৰ বাহিৰতো সেই সন্মান কমি যোৱা নাছিল। যিকোনো ঠাইত - বজাৰত, বাটে-পথে অথবা বাছত শিক্ষকক দেখিলে আমি হাত যোৰ কৰি নমস্কাৰ জনাইছিলোঁ। ছাইকেল চলাই যাওঁতে শিক্ষাগুৰুক দেখিলে ছাইকেলৰ পৰা নামি সন্মান প্ৰদৰ্শন কৰিছিলোঁ। এনেবোৰ সংস্কাৰ আমি আমাৰ মা-দেউতাৰ পৰাই শিকিছিলোঁ। সেইসময়ৰ সমাজৰ পৰিৱেশৰ পৰা, আমাৰ সংস্কৃতিৰ পৰা আমি বহুতো কথাই শিকিছিলোঁ। 

আমাৰ দিনবোৰত আমি শিক্ষকক ভয়ো কৰিছিলোঁ। তেতিয়াৰ দিনত বিদ্যালয়বোৰত শাস্তিৰ ব্যৱস্থা আছিল। চেকনিৰ আগৰ বিদ্যাই আমাক জীৱনৰ পাঠবোৰো শিকাইছিল। বহুসময়ত শিক্ষকজনৰ মুখভঙ্গী দেখিও আমি আত্ম-অনুশোচনাত দগ্ধ হ'বলৈ শিকিছিলোঁ। অনুশোচনাই আমাক শিক্ষকৰ ওচৰত ক্ষমা খুজিবলৈ শিকাইছিল কাৰণ আমি উপলব্ধি কৰিবলৈ আৰম্ভ কৰিছিলোঁ শ্রীমদ্ভগবদ গীতাৰ চতুৰ্থ অধ্যায়ৰ শ্লোকটো - "শ্ৰদ্ধাৱান্ লভতে জ্ঞানম্" (श्रद्धावान् लभते ज्ञानं)।  

"শ্ৰদ্ধাৱান্ লভতে জ্ঞানম্ তৎপৰ্ সংযতেন্দ্ৰিয়" - এই কথাষাৰৰ অৰ্থ হৈছে এই যে যিজনে নিজৰ গুৰুজনলৈ শ্ৰদ্ধা আৰু সন্মান প্ৰদৰ্শন কৰে, লগতে নিজৰ পঞ্চ-ইন্দ্ৰিয়ক সংযত ৰাখিব পাৰে, তেওঁহে প্ৰকৃত অৰ্থত জ্ঞান লাভ কৰিবলৈ সক্ষম হয়। সন্তানসকলক অভিভাৱকে ঘৰৰ পৰাই গুৰুজনৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা জনোৱাৰ শিক্ষা প্ৰদান কৰাটো একান্ত প্ৰয়োজনীয়। যদি আমি প্ৰকৃত অৰ্থত ছাত্ৰ-ছাত্ৰীসকলক জ্ঞান অৰ্জনৰ উপযোগী ৰূপত গঢ়ি তুলিবলৈ বিচাৰো, তেন্তে তেওঁলোকক পিতৃ-মাতৃসকলে জীৱনৰ বাটত খোজ দিবলৈ উপযোগী হোৱাকৈ ঘৰুৱা নীতিশিক্ষাৰে শিক্ষিত কৰি তুলিবই লাগিব। 

আজিৰ এই সময়চোৱাত মনতো প্ৰায়ে এটা বিষাদে গ্ৰাস কৰি থাকে - সেই নিষ্কলুষ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ সম্পৰ্কটো আজি যেন বিবৰ্ণ হৈ পৰিছে। আমাৰ সময়ত আজিৰ দৰে স্মাৰ্টফোন নাছিল, কিন্তু আমাৰ সময়ৰ শিক্ষা দান আৰু শিক্ষা গ্ৰহণৰ ব্যৱস্থাটোত আন্তৰিকতা আছিল। আগতে শিক্ষকসকলক দ্বিতীয় অভিভাৱকৰ দৰে গণ্য কৰা হৈছিল। কিন্তু বৰ্তমান সময়ত সেই শ্ৰদ্ধাৰ অনুভৱ হ্ৰাস পাইছে। এই বিষয়টো সামাজিক মাধ্যম, পৰিয়ালৰ পৰা অহা দৃষ্টিভংগী আৰু বিভিন্ন সামাজিক কাৰণত এনে হোৱা যেন পৰিলক্ষিত হয়। শাস্তি আৰু অনুশাসনৰ ক্ষেত্ৰত সীমাবদ্ধতা, অভিভাৱকৰ হস্তক্ষেপ আৰু কিছু ক্ষেত্ৰত শিক্ষকৰ আচৰণ বা দায়িত্বহীনতাইও এই সম্পৰ্কৰ অৱনতি ঘটাইছে। এই অৱস্থা উদ্বেগজনক। শিক্ষাৰ মূল উদ্দেশ্য ছাত্ৰ-শিক্ষকৰ মাজৰ আন্তৰিক সম্পৰ্কৰ ওপৰতে নিৰ্ভৰ কৰে। সমাজ, শিক্ষানীতি, অভিভাৱক, শিক্ষক, সকলোৱেই একেলগে চিন্তা চৰ্চা কৰি এই সম্পৰ্কৰ পুনঃগঠন কৰিব লাগিব। 

এজন শিক্ষকেও যদি শিক্ষাৰ্থীৰ পৰা শ্ৰদ্ধা লাভ কৰিব বিচাৰে, তেন্তে প্ৰথমতে তেওঁ অকৃপণ ভাৱে স্নেহৰ দুৱাৰখন খুলিবই লাগিব। যেতিয়াই মেধা, সততা আৰু নিষ্ঠা - এই সকলোবোৰৰ সৈতে স্নেহ আৰু পৰিমিত শাসনৰ সংমিশ্ৰণ ঘটিব, তেতিয়াই ছাত্ৰ বা ছাত্ৰী এগৰাকীয়ে শিক্ষকক শ্ৰদ্ধা আৰু সন্মান কৰিবলৈ আৰম্ভ কৰিব।

Tuesday, 22 July 2025

জোনবাইৰ বুকুত অক্সিজেনৰ সন্ধান



 
জোনবাইৰ মাটিত যি ধূলি আৰু খনিজ পদাৰ্থ আছে, সেইবোৰক Regolith বোলা হয়। এই regolith-ত প্ৰচুৰ পৰিমাণে অক্সিজেনযুক্ত যৌগ থাকে, বিশেষকৈ silicon dioxide (SiO₂), iron oxide (FeO), আৰু aluminum oxide (Al₂O₃) আদিবোৰ প্ৰধান। এই অক্সাইড সমূহত অক্সিজেন থাকে যদিও এই অক্সিজেন মুক্ত ভাবে নাথাকে।

NASA আৰু ESA (European Space Agency)ৰ বিজ্ঞানীসকলে Regolith-ৰ পৰা অক্সিজেন আহৰণ কৰিবলৈ Carbothermal Reduction বুলি এক বিশেষ প্ৰযুক্তি ব্যৱহাৰ কৰিছে। এই প্ৰযুক্তিৰ প্ৰথম ধাপত জোনবাইৰ মাটিৰ পৰা ধূলি আৰু খনিজ পদাৰ্থ (Regolith) সংগ্ৰহ কৰা হয়। এই Regolith-টো কাৰ্বনৰ উপস্থিতিত উত্তপ্ত কৰি ইয়াৰ অক্সাইডসমূহ ভাঙি পেলোৱা হয়। সেয়ে এই পদ্ধতিক Carbothermal Reaction বোলা হয়। উদাহৰণস্বৰূপে তলৰ বিক্ৰিয়া বোৰ ল'ব পৰা যায় --

FeO + C → Fe + CO

SiO₂ + 2C → Si + 2CO

এই বিক্ৰিয়াৰ দ্বাৰা অক্সাইডৰ পৰা ধাতু (metal) পৃথক হয় আৰু Carbon monoxide (CO) বা Carbon dioxide (CO₂) গঠিত হয়। পৰৱৰ্তী পৰ্যায়ত electrochemical অথবা chemical separation পদ্ধতিৰে CO আৰু CO₂-ৰ পৰা অক্সিজেন গেছ মুক্ত কৰা হয়।

সংগ্ৰহিত O₂ গেছ tank বা chamber-ত সঞ্চয় কৰা হয় আৰু ইয়াক life support system হিচাপে ব্যৱহাৰ কৰিব পাৰি। এই প্ৰযুক্তিক বৰ্তমান মংগল গ্ৰহৰ বুকুত পৰীক্ষিত MOXIE instrument-ৰ উন্নত ৰূপ হিচাপে বিবেচনা কৰা হৈছে। সম্প্ৰতি ESA-ৰ বিজ্ঞানীসকলে জোনবাইৰ বুকুত “In-Situ Resource Utilization (ISRU)” নামৰ অক্সিজেন উৎপাদনৰ বাবে এখন পাইলট প্ৰজেক্ট স্থাপন কৰাৰ পৰিকল্পনা কৰিছে। এই প্ৰজেক্টৰ ফলত জোনবাইৰ বুকুত শ্বাস লোৱা সম্ভৱ হৈ পৰিব। তদুপৰি ইয়াক Rocket fuel (LOX – Liquid Oxygen) হিচাপেও ব্যৱহাৰ কৰিব পাৰিব। জোনবাইৰ চৌদিশৰ Space Base-ত অক্সিজেন যুক্ত এক বায়ুমণ্ডল গঠনত এই প্ৰকল্প সহায়ক হৈ পৰিব। তদুপৰি এই প্ৰযুক্তিয়ে মানুহক জোনবাইৰ বুকুত  long-term base স্থাপন কৰাৰ দিশে আগবাঢ়িবলৈ সহায় কৰিব। এয়া নিসন্দেহে space colonization-ৰ দিশে সফলতাৰ প্ৰথমটো খোজ।

Sunday, 8 June 2025

ভাৰতৰ গৌৰৱ, গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লা

 


অহা ১০ জুন, ২০২৫ তাৰিখে ইতিহাসৰ এটা পৃষ্ঠা নতুনকৈ সংযোজন হ'ব আৰু এইবাৰৰ বিশেষ পৃষ্ঠাটোত উজ্বল হৈ উঠিব ভাৰতৰ গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাৰ নাম, যিজন ৰাকেশ শৰ্মাৰ পিছত মহাকাশলৈ যোৱা ভাৰতৰ দ্বিতীয়জন আৰু আন্তর্জাতিক মহাকাশ কেন্দ্ৰলৈ (ISS) যাত্ৰা কৰা প্ৰথমজন ভাৰতীয় নাগৰিক হ'ব।

১৯৮৫ চনৰ ১০ অক্টোবৰত উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত জন্মগ্ৰহণ কৰা শুভাংশু শুক্লা শৈশৱৰ পৰাই এক প্ৰখৰ বুদ্ধিসম্পন্ন ছাত্ৰ আছিল। তেওঁ City Montessori School, Aliganj-ত অধ্যয়ন কৰিছিল, য’ত তেওঁৰ শিক্ষকসকলে তেওঁৰ অধ্যৱসায় আৰু নম্ৰতাৰ কথা আজিও স্মৰণ কৰে। শৈশৱৰ পৰাই ভাৰতীয় সেনাৰ সাহসী সৈনিক, বিমানচালক আৰু মহাকাশচাৰীসকল তেওঁৰ অনুপ্ৰেৰণা আছিল।

বিদ্যালয়ৰ শিক্ষা শেষ কৰি তেওঁ National Defence Academy (NDA), Pune-ত যোগদান কৰে। ২০০৬ চনত, তেওঁ ভাৰতীয় বায়ুসেনাৰ যুদ্ধবিমান শাখাত নিযুক্ত হয় আৰু ভাৰতীয় বায়ুসেনাৰ Su-30 MKI, MiG-21, MiG-29, Jaguar, Dornier আদি বিমানবোৰ ২০০০ ঘণ্টাতকৈ অধিক সময় আকাশত উৰুৱায়।ভাৰতীয় বায়ুসেনাৰ তেওঁ এজন প্ৰশংসনীয় টেষ্ট পাইলট হিচাপে পৰিচিত।

২০১৯ চনত, ISRO-এ তেওঁক ভাৰতৰ মানৱ মহাকাশ যাত্ৰাৰ বাবে সাজু হোৱা প্ৰকল্প "গগনযান অভিযান"ৰ বাবে মহাকাশচাৰী প্ৰশিক্ষণার্থী হিচাপে নিৰ্বাচন কৰে। তাৰ পাছত তেওঁ ৰাছিয়াৰ Yuri Gagarin Cosmonaut Training Center-ত কঠোৰ শাৰীৰিক আৰু মানসিক প্ৰশিক্ষণ গ্ৰহণ কৰে।

২০২৫ চনৰ জুন মাহত, শুভাংশু শুক্লাই Axiom Mission 4 (Ax-4) অভিযানৰ পাইলট হিচাপে SpaceX Crew Dragonত উঠি ISS-লৈ উৰা মাৰিব। এই অভিযানত তেওঁ ISRO-ৰ ৭টা বৈজ্ঞানিক পৰীক্ষাৰ লগতে ৩১ খন আন আন দেশৰ ৬০টা অতিৰিক্ত বৈজ্ঞানিক পৰীক্ষা সম্পন্ন কৰিব।

ব্যক্তিগত জীৱনত শুভাংশু শুক্লা এজন আদৰ্শ পতি আৰু দায়িত্বশীল পিতৃ। তেওঁৰ পত্নী কমনা শোভা শুকা এগৰাকী দন্ত চিকিৎসক, আৰু তেওঁলোকৰ এটি ৪ বছৰীয়া পুত্ৰ আছে।

শুভাংশু শুক্লাৰ এই অনন্য যাত্ৰাই প্ৰমাণ কৰে যে কঠোৰ পৰিশ্ৰম, আত্মবিশ্বাস আৰু দেশপ্ৰেমেৰে কেৱল আকাশেই নহয়, মহাকাশো জয় কৰিব পাৰি। ১০ জুনৰ দিনা, তেওঁ যেতিয়া মহাশূন্যৰ মাজেৰে আন্তর্জাতিক মহাকাশ কেন্দ্ৰলৈ (ISS) গতি কৰিব, সমগ্ৰ ভাৰতবৰ্ষই গর্বৰে মহাকাশৰ গভীৰতাৰ মাজৰ কোনোবাখিনিত তেওঁৰ পিনেই চাই ৰ'ব, কেৱল এজন পাইলট অথবা এজন মহাকাশচাৰী হিচাবে নহয়, বৰং ভাৰত মাতাৰ আন এগৰাকী সূপুত্ৰই ভাৰত তথা সমগ্ৰ ভাৰতীয়ৰ গৌৰৱ কঢ়িয়াই লৈ যোৱা অগণন আশা, আকাংক্ষা আৰু ভাৰতীয় মহাকাশ জয়যাত্ৰাৰ প্ৰতীক হিচাপে।

জয় হিন্দ 🇮🇳


Monday, 26 May 2025

দাৰ্শনিকৰ শিল আৰু ৰসায়ন বিজ্ঞান



এমুখ দীঘল দাড়ি আৰু মূৰত অবিন্যস্ত আউল বাউল চুলিখিনিৰে নিকোলাছ ফ্লেমেল পৰীক্ষগাৰত বহি আছে। হতাশাত যেন তেওঁ ভাঙি পৰিছে। বাৰে বাৰে তেওঁ পৰীক্ষাটো কৰি গৈছে। ইটোৰ লগত সিটোকৈ বিভিন্ন পদাৰ্থৰ সংমিশ্ৰণ তৈয়াৰ কৰি গৈছে। কিন্তু প্ৰতিবাৰেই ক'ৰবাত কিবা এটা যেন গণ্ডগোল হৈ আছে ! সহজে হাৰ নমনা নিকোলাচে পুনৰ এটা বটলৰ পৰা বিশেষ পানীয় এবিধ লৈ আন এটা কাচৰ পাত্ৰত থকা অজ্ঞাত কোনো পদাৰ্থৰ লগত ধীৰে ধীৰে মিহলাই দি একান্ত মনে পৰ্যবেক্ষণ কৰিবলৈ ধৰিলে। তেওঁৰ চকু মুখত উৎকণ্ঠতাৰ চিন। কাচৰ পাত্ৰটো হাতেৰে চকুৰ সন্মুখত ৰাখি ঘূৰাই পকাই চাই তেওঁ কাষৰ চকীখনত বহি অস্ফুট স্বৰেৰে কৈ উঠিল: ছিঃ, এইবাৰো নহ'ল ! কিমান যে কঠোৰ পৰিশ্ৰম অথলে গ'ল…! 

নিকোলাচ ফ্লেমেলৰ উদ্দেশ্য আছিল "পৰশ পাথৰ" তৈয়াৰ কৰা। পৰশ পাথৰক "Elixir of Life" বুলিও কোৱা হয়। প্ৰাচীন ভাৰতত ইয়াক পৰশ পাথৰ নামেৰেই জনা গৈছিল। এই পৰশ পাথৰৰ মহিমা অপাৰ। ইয়াৰ পৰশত যিকোনো সাধাৰণ পদাৰ্থক সোণলৈ পৰিণত কৰিব পাৰি। তদুপৰি ই মানুহক দিয়ে অমৰত্ব। অতি আচৰিত গুণ সম্পন্ন এই বিশেষ পৰশ পাথৰ বা Philosopher's Stone (দাৰ্শনিকৰ শিল)টো তৈয়াৰ কৰাৰ উদ্দেশ্যৰে নিকোলাচ ফ্লেমেলে পাৰ কৰিছে কিমান যে বিনিদ্ৰ ৰজনী ! 

কিবদন্তী অনুসৰি ১৩৩০ চনত জন্মগ্ৰহন কৰা নিকোলাচ ফ্লেমেলে নেৰানেপেৰা চেষ্টাৰে তেওঁৰ জীৱিত কালত মাত্ৰ এটুকুৰা পৰশ পাথৰ তৈয়াৰ কৰি এই অসাধ্যটো সাধন কৰিছিল। বৈজ্ঞানিক দিশৰ পৰা অসমৰ্থিত এই বিশেষ "পৰশ পাথৰ"টো তেওঁ কেৱল নিজৰ লগতে তেওঁৰ পত্নীৰ অমৰত্বৰ বাবে ব্যৱহাৰ কৰিছিল। বিভিন্ন গ্ৰন্থত উল্ল্যখ কৰা অনুযায়ী এই পৰশ পাথৰটোৰ ৰং ৰঙচুৱা আছিল। মানুহৰ মুখে মুখে প্ৰচলিত যে নিকোলাচ ফ্লেমেলে তেওঁৰ টোকা বহীত এই পৰশ পাথৰ বনোৱা পদ্ধতিটো লিপিবদ্ধ কৰি ৰাখিছিল। তেওঁৰ মৃত্যুৰ পিছত আন বহুলোকে সেই পদ্ধতিৰে পৰশ পাথৰ বনাবলৈ চেষ্টাও কৰিছিল। কিন্তু কোনেও সফলতা লাভ কৰিব নোৱাৰিলে। তেওঁলোকৰ মতে নিকোলাচৰ মৃত্যুৰ পিছত যাতে আন কোনেও পৰশ পাথৰ বনাব নোৱাৰে, তাৰবাবে নিকোলাচে ইচ্ছাকৃত ভাবেই টোকাবহীত পদ্ধতিটো ভুলকৈ লিপিবদ্ধ কৰিছিল। আধুনিক বিজ্ঞানে অৱশ্যে এই পৰশ পাথৰ বা "Elixir of Life" নামৰ সেই বিশেষ বস্তুটোৰ কথা পোনচাটেই নাকচ কৰিছে। 

কিন্তু এইটো সঁচা যে এনে বহু লোক আছিল যিসকলে পদাৰ্থক সোণলৈ ৰূপান্তৰিত কৰিবলৈ বা অমৰত্ব লাভ কৰিবলৈ চেষ্টা চলাই গৈছিল অহৰহ। তেওঁলোকৰ Elixir of Life তৈয়াৰ কৰাৰ এনে প্ৰচেষ্টাই জন্ম দিছিল "এলকেমি" বা অপৰসায়ন নামৰ এক বিষয়ৰ। এলকেমিৰ লগত জড়িত ব্যক্তিবোৰক "এলকেমিষ্ট" বুলি জনা যায়। যদিও আধুনিক বিজ্ঞানে এলকেমিক অপবিজ্ঞান বুলি আখ্যা দিয়ে, এই অপবিজ্ঞানৰ আধাৰতেই ১৭শ শতিকাত গঢ় লৈ উঠে আধুনিক ৰসায়নৰ ভেটি। অলৌকিকতা আৰু ৰহস্যবাদৰ ওপৰত গুৰুত্ব নিদি কেইবাগৰাকী মহান বিজ্ঞানীৰ যুক্তিবাদী চিন্তা আৰু পৰীক্ষা নিৰীক্ষাৰ সহায়ত ১৭শ শতিকাত ঠণ ধৰি উঠে আধুনিক ৰসায়ন বিজ্ঞানৰ ভেটি।

Sunday, 25 May 2025

খিৰিকী

 


চিকিৎসালয়ৰ এটি কোঠাত দুজন মানুহ, দুয়ো অসুস্থ। তেওঁলোকৰ এজনক প্ৰতিদিন আবেলি প্ৰায় এঘণ্টাৰ বাবে নাৰ্ছ এগৰাকীয়ে বিচনাত বহিবলৈ সুবিধা কৰি দিছিল যাতে তেওঁৰ হাওঁফাওঁত জমা হোৱা পানী ওলাই যাব পাৰে। তেওঁৰ বিচনাখন চিকিৎসালয়খনৰ কোঠাটোৰ একমাত্ৰ খিৰিকীখনৰ কাষতেই আছিল। বিচনাত বহি তেওঁ একান্ত মনে খোলা খিৰিকীখনেৰে বাহিৰলৈ চাই থাকে। আনজন ৰোগী আকৌ সদায় শুইয়ে থাকিব লগা হৈছিল। উঠি বহিব পৰাকৈ তেওঁৰ গাত শক্তিয়েই নাই।
চিকিৎসালয়ৰ বিচনাত শুই তেওঁলোক ঘণ্টাৰ পিছত ঘণ্টা কথা পাতে। তেওঁলোকে নিজৰ পৰিয়াল, পত্নী-সন্তান, ঘৰ, চাকৰি, সেনাবাহিনীত অংশগ্ৰহণ কৰা দিনবোৰৰ লগতে আৰু কিমান যে কথা !
প্ৰতিদিন আবেলি, খিৰিকীৰ কাষৰ ৰুগীয়া মানুহজনে বিচনাত বহি থকা সময়ত, তেওঁৰ কাষৰ আনখন বিচনাত শুই থকা ৰোগীজনক খোলা খিৰিকীৰে দেখা পোৱা বাহিৰৰ দৃশ্যবোৰৰ বৰ্ণনা দিয়ে। আনজন ৰোগীয়ে সেই এঘণ্টা সময়ৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থাকে, কাৰণ খিৰিকীৰ কাষৰ ৰোগীজনে বৰ্ণনা কৰা বহিঃজগতখনৰ প্ৰতিটো মুহূৰ্ত তেওঁৰ দুচকুত এখন পৰিষ্কাৰ ছৱি হৈ তেওঁৰ মনোজগতত প্ৰৱেশ কৰে আৰু তেওঁ বৰ আনন্দ অনুভৱ কৰে।
কোঠাটোৰ খিৰিকীখন খুলিলেই এখন উদ্যান দেখা পোৱা যায়। উদ্যানখনৰ মাজৰ এটা সুন্দৰ হ্ৰদত ৰাজহাঁহবোৰে সাতুৰি থাকে। কণ কণ শিশুবোৰে হ্ৰদৰ পানী যুৱলিত কাগজৰ নাওবোৰ এৰি দিছে। প্ৰেমিক-প্ৰেমিকাই ফুলেৰে ভৰা বাগিচাৰ মাজেৰে ইজনে সিজনৰ হাতত ধৰি খোজ কাঢ়িছে…! খিৰিকীৰ কাষৰ ৰোগীজনে এই দৃশ্যবোৰ সুন্দৰভাৱে বৰ্ণনা কৰি যায় আৰু আনজন ৰোগীয়ে চকুদুটা বন্ধ কৰি সেই দৃশ্যপটবোৰ মনতে অঙ্কন কৰি যায়।
গৰমৰ এটা আবেলি। খিৰিকীৰ কাষৰ মানুহজনে উদ্যানখনৰ কাষৰ পথটোৱেদি এটা পেৰেড গৈ থকাৰ কথা বৰ্ণনা কৰিলে। আনজন ৰোগীয়ে পেৰেডৰ বাজনাটো শুনিবলৈ কান খন থিয় কৰি ৰ'ল। নাই, পেৰেডৰ বাজনা তেওঁ নুশুনিলে। হয়তো পেৰেডটো চিকিৎসালয়ৰ কোঠাটোৰ পৰা বহু আঁতৰত। নিজকে সান্ত্বনা দি তেওঁ নিজৰ মনত দৃশ্যটো কল্পনা কৰিবলৈ আৰম্ভ কৰিলে। তেওঁৰ মনত পৰি গ'ল সৌ তাহানিৰ সেনাবাহিনীত অংশগ্ৰহণ কৰা নৈমিত্তিক পেৰেডবোৰৰ কথা।
দিন, সপ্তাহ, মাহ পাৰ হৈ গ’ল। এদিন ৰাতিপুৱা, কৰ্তব্যৰত নাৰ্ছ এগৰাকীয়ে কোঠাটোলৈ সোমাই আহি দেখিলে যে খিৰিকীৰ কাষৰ ৰোগীজনৰ সাৰসুৰ নাই। ভালদৰে চাই তেওঁ নিশ্চিত হ'ল যে ইতিমধ্যে ৰোগীজনৰ মৃত্যু হৈছে। ক্ষন্তেক পিছতেই কোঠাটোলৈ চিকিৎসক আৰু আন কেইবাগৰাকী লোক সোমাই আহি যাৱতীয় নিৰ্দশনা প্ৰদান কৰি ৰোগীজনৰ মৃতদেহটো লৈ যোৱাৰ ব্যৱস্থা কৰিবলৈ দিলে। কোঠাটোত থকা আনজন ৰোগীৰ মনত বৰ দুখ লাগিছিল। দুচকুৰে বৈ আহিছিল অশ্ৰুধাৰ।
কিছুপৰ পিছতেই ৰোগীজনৰ মৃতদেহটো কোঠাটোৰ পৰা উলিয়াই নিয়া হ'ল। নাৰ্ছে খালী হোৱা বিচনাখনৰ কাপোৰবোৰ সলনি কৰি নতুন ৰোগীৰ বাবে বিচনাখন প্ৰস্তুত কৰি তুলিলে। কিছু অনুচ্চ কণ্ঠেৰে আনজন ৰোগীয়ে নাৰ্ছ গৰাকীক অনুৰোধ কৰিলে যে তেওঁক যেন খিৰিকীৰ কাষৰ খালী হোৱা বিচনাখনলৈ স্থানান্তৰ কৰে। নাৰ্ছ গৰাকীয়ে আনন্দেৰে তেওঁৰ প্ৰস্তাৱটো গ্ৰহণ কৰি বিচনাখন সলনি কৰিলে, আৰু তেওঁক আৰাম কৰিবলৈ দি বাহিৰলৈ ওলাই গ’ল।
সাৱধানে, অতি কষ্টেৰে আনজন ৰোগীয়ে নিজৰ কিলাকুটি আৰু কঁকালত ভৰ দি বিচনাখনত বহি খিৰিকীৰে বাহিৰে চাবলৈ চেষ্টা কৰিলে। খোলা খিৰিকীখনৰ সন্মুখত, ওচৰৰ আন এটা অট্টালিকাৰ প্ৰকাণ্ড বেৰ এখন হে আছে!
তেওঁ নাৰ্ছগৰাকীক চিঞৰি মাতিলে। নাৰ্ছগৰাকী কোঠাটোলৈ সোমাই অহাৰ লগে লগে তেওঁ সুধিলে : ক্ষন্তেক আগতে মৃত্যু বৰণ কৰা ৰোগীজনে সদায়ে এই খিৰিকীখনেৰে বাহিৰলৈ চাই, তেওঁ দেখা পোৱা সুন্দৰ দৃশ্যবোৰৰ বৰ্ণনা কৰিছিল, তেওঁ কেনেকৈ সেইবোৰ দেখা পাইছিল?
নাৰ্ছগৰাকীয়ে উত্তৰ দিলে : সেয়া সম্ভৱ নহয়। তেখেত অন্ধ আছিল। সম্ভৱতঃ তেওঁ আপোনাক মানসিক ভাবে উৎসাহিত কৰিবলৈ সেই কথাবোৰ কৈছিল। আনক সুখী কৰাৰ বাবে, নিজৰ অসুবিধাৰ মাজতো আনৰ বাবে নিজকে উৎসৰ্গা কৰিব পাৰিলে অনন্য সুখ অনুভৱ কৰা যায়। খিৰিকীৰ পৰ্দাখন কাষলৈ চপাই বাহিৰৰ বতাহজাক কোঠাটোলৈ সোমাই অহাৰ সুবিধা কৰি দি নাৰ্ছগৰাকী যাবলৈ ওলাল। যাওঁতে তেওঁ কৈ গ'ল : দুখবোৰ ভগাই ল'লে পাতল হয়। আনহাতে সুখবোৰ ভগাই ল'লে দুগুণ হয়।
বাহিৰৰ শীতল বতাহ জাকে তেওঁৰ শৰীৰতো স্পৰ্শ কৰিলেহি। খোলা খিৰিকীখনেৰে পলক নেপেলোৱাকৈ তেওঁ বাহিৰলৈ চাই ৰ'ল।

(মূল ইংৰাজী লিখনি : অজ্ঞাত)
অনুবাদ : প্ৰণৱজ্যোতি দাস

Sunday, 11 May 2025

চৰাইৰ এচিড স্নান বা এন্টিং


পৰুৱাই নিজৰ শৰীৰৰ বিষ গ্ৰন্থিৰ পৰা ফৰ্মিক এচিড (HCOOH) নিঃসৰণ কৰে। এই ফৰ্মিক এচিড পৰুৱাবোৰে আত্মৰক্ষা অথবা চিকাৰ কৰাৰ সময়ত ব্যৱহাৰ কৰে। তাৰবাবে, পৰুৱাবোৰে পেটৰ শেষ অংশ (gaster)ত এই ফৰ্মিক এচিডবোৰ জমা কৰি ৰাখে। প্ৰয়োজনৰ সময়ত পৰুৱাবোৰে এই এচিডৰ কিছু অংশ চিকাৰ অথবা শত্ৰুৰ দেহলৈ ছটিয়ায় দিয়ে। কিছুমান পৰুৱাই চিকাৰ অথবা শত্ৰুৰ দেহত কামুৰিও ফৰ্মিক এচিডবোৰ চিকাৰৰ ক্ষতস্থানত ছটিয়াই দিয়ে। এই ফৰ্মিক এচিডে চিকাৰৰ দেহত তীব্ৰ জ্বলন সৃষ্টি কৰে।
কিন্তু এটা আচৰিত কথা এই যে, কিছুমান চৰায়ে নিজৰ ঠোঁটেৰে পৰুৱা বা আন তেনেধৰণৰ ফৰ্মিক এচিড সৃষ্টিকাৰী পোক পতংগবোৰ মাটিৰ পৰা উঠাই আনি নিজে নিজৰ পাখি আৰু শৰীৰত ঘঁহি লয়। আনহাতে কেতিয়াবা আকৌ চৰাইবোৰে মাটিত, সাধাৰণতে পৰুৱাৰে ভৰা অঞ্চলত নিজৰ ডিঙি আৰু পাখি মেলি বহুপৰ পৰি থাকে। চৰাইবোৰ তেতিয়ালৈকে মাটিত পৰি থাকে, যেতিয়ালৈ পৰ্যাপ্ত পৰিমাণৰ পৰুৱাই সিঁহতৰ শৰীৰত বগাবলৈ আৰম্ভ নকৰে। চৰাইৰ এই অদ্ভুত আচৰণক "এচিড স্নান" বা "এন্টিং" বুলি কোৱা হয়।
এন্টিং হৈছে কিছুমান বিশেষ প্ৰজাতিৰ চৰাইৰ এক আচৰণগত বৈশিষ্ট্য, যিটো বিশ্বৰ প্ৰায় ২০০ৰো অধিক প্ৰজাতিৰ চৰাইৰ মাজত দেখা যায়। কাউৰী, বুলবুলি, মইনা, শালিকা, ঘৰচিৰিকা আদি চৰাইবোৰৰ ক্ষেত্ৰত এই আচৰণ অতি সাধাৰণ। পক্ষী বিশেষজ্ঞসকলৰ মতে, এন্টিং হৈছে চৰাইবোৰৰৰ শৰীৰৰ পৰিচৰ্যাৰ এক বিশেষ উপযোগী পন্থা।
চৰাইৰ দেহত বগাই উঠা পৰুৱাবোৰে চৰাইটোক শত্ৰু জ্ঞান কৰে আৰু আত্মৰক্ষাৰ বাবে পৰুৱাবোৰে নিজৰ শৰীৰৰ বিষগ্ৰন্থিৰ পৰা নিঃসৰণ কৰা ফৰ্মিক এচিড চৰাইটোৰ দেহলৈ ছটিয়াই দিয়ে। পৰুৱাৰ শৰীৰৰ পৰা নিৰ্গত হোৱা এই ফৰ্মিক এচিড চৰাইটোৰ শৰীৰৰ ওপৰেদি বিয়পি পৰে। নিসন্দেহে এই ফৰ্মিক এচিডে চৰাইটোৰ দেহত তীব্ৰ জ্বলন সৃষ্টি কৰে। তথাপিও বাৰু চৰাইবোৰে কিয় এনেদৰে এচিডেৰে গা ধোৱে?
বিজ্ঞানীসকলৰ মতে এন্টিং বা এচিড স্নানে চৰাইৰ পাখিত থকা সৰু সৰু পৰজীৱী যেনে টিক, মাইট, ওকনি আদি ধ্বংস কৰিবলৈ সহায় কৰে। পৰুৱাই উৎপন্ন কৰা ফৰ্মিক এচিডে এই পৰজীৱীবোৰৰ ওপৰত প্ৰাকৃতিক কীটনাশক হিচাপে কাম কৰে। তদুপৰি গৱেষক সকলৰ মতে "মল্টিং" বা চৰাইৰ পাখি সলনি কৰা সময়ছোৱাত চৰাইৰ ছালখন খুবেই অনুভূতি প্ৰৱণ হয়। চৰাইৰ দেহত নতুন পাখি গজা এই সময়চোৱাত ছালত সৃষ্টি হোৱা অস্বস্তি কমাবলৈও চৰাইবোৰে এন্টিঙৰ সহায় লয়।
সকলো প্ৰজাতিৰ চৰায়ে এন্টিং নকৰে। বিশেষকৈ মাটিত বিচৰণ কৰা চৰাইবোৰৰ কিছুমানেহে অধিক পৰিসৰত এন্টিং কৰে। এন্টিং আচৰণ প্ৰায়বোৰ চৰাইৰ এক বংশগত আচৰণ। কিছুমান চৰায়ে অৱশ্যে বিশেষ পৰিস্থিতিত এন্টিং কৰিবলৈ শিকে। বতৰ অনুসৰি চৰাইৰ এন্টিংঙৰ মাত্রাও সলনি হয়। সাধাৰণতে গ্ৰীষ্মকাল আৰু মল্টিঙৰ সময়তেই এন্টিং বেছি পৰিমানে দেখা যায়।

https://youtu.be/GJflt61Y5Us?si=WjnGvFSemi0vpzfO

Sunday, 4 May 2025

The Healing Touch


 This year, on the day of Holi, while people around us were celebrating with colours, our world turned upside down. My wife, who had been experiencing complications for the past few months, suddenly became completely bedridden with unbearable pain caused by bulging of the L3 and L4 vertebrae. We had already been consulting orthopedic and neuro specialists, underwent MRI scans and also visited Physiotherapist. Doctors advised her complete bed rest along with medication. The doctors also warned us that if there was no improvement, surgery might be the only option. We were left deeply worried and uncertain about what to do next.

Then, on the advice of many well-wishers, we visited Assam Ayurvedic Medical College Hospital at Guwahati. There we met a wonderful doctor – Dr. Jayanta Sarmah, who is also an Assistant Professor of that Medical College. He patiently listened to us, checked all her reports, and confidently asked us to admit her, assuring recovery through Ayurvedic treatment "Panchakarma".

To our surprise, within 2–3 days, her pain started reducing. She could slowly sit up within a week, and with time, she could stand on her feet. That was almost like a miracle for us. Now, she has started walking slowly again. This treatment felt nothing short of a blessing from heaven.

Dr. Jayanta Sarmah, who was awarded as "The Best Doctor" in 2024, is not only a skilled doctor but also a truly kind human being. His humble nature, polite behaviour, and dedication to each patient touched our hearts deeply. We are forever grateful to him. To anyone suffering from similar pain or spinal problems, I strongly recommend visiting Assam Ayurvedic Medical College Hospital at Guwahati.

However, I would also like to share one honest opinion. Though the treatment and care given by the doctors here are excellent, the hospital infrastructure really needs improvement. We were admitted to a cabin room, but it was not up to the expected standard. The same goes for the general wards. The rooms need better maintenance and cleanliness. Basic facilities should be improved for the comfort of the patients and their attendants.

I have seen many people from different corners of Assam coming here with hope and going back home with a healing touch. This shows how trusted and effective the treatment here is. The doctors are doing a wonderful job with dedication and compassion. But to support their noble work, the environment around them also needs to be better.

I sincerely appeal to the Government of Assam to take initiative to upgrade the infrastructure of Assam Ayurvedic Medical College Hospital at Jalukabari, Guwahati. With better facilities, the doctors can serve even more efficiently, and patients will feel more safe and comfortable during their stay. This hospital has great potential to become a top healing center with a blend of tradition and care. It just needs some support to shine brighter. Thank you doctors. 
🙏

Thursday, 13 March 2025

বিশ্বব্ৰহ্মাণ্ডৰ বিশালতাত মানৱতাৰ বীজ

 


ৰাতিৰ আকাশৰ অসংখ্য তৰাৰ মাজত নিজকে বিলীন কৰি দিলে এটা গভীৰ অনুভূতিয়ে মোক জোকাৰি যায় - আমি দৰাচলতে এই বিশাল ব্ৰহ্মাণ্ডৰেই এটা অংশ। আমাৰ শৰীৰ গঠনকাৰী অনু-পৰমাণুবোৰ হাজাৰ হাজাৰ বছৰ আগতে কোনোবা মৃত্যুমূখী নক্ষত্রৰ জ্বলন্ত কেন্দ্ৰস্থলতেই সৃষ্টি হৈছিল। প্ৰায়েই মোৰ মনোজগতত কিছুমান অনুভূতিয়ে দোলা দি যায়হি - এই বিশাল ব্ৰহ্মাণ্ডৰ তুলনাত আমি বাৰু কিমান ক্ষূদ্ৰ!

বিজ্ঞানৰ মাধ্যমেৰে আমি ব্ৰহ্মাণ্ডৰ গভীৰ ৰহস্যসমূহ সামান্য পৰিমানে বুজিবলৈ সক্ষম হৈছো। আমি মহাবিশ্বৰ বুকুত গেলাক্সিৰ নৃত্য, কৃষ্ণগহ্বৰৰ অদ্ভুত শক্তিৰ বিষয়ে অথবা কোৱান্টাম জগতৰ কৌশলসমূহৰ বিষয়ে তথা মহাবিশ্বৰ সংগঠনৰ বিষয়ে অ আ ক খ কেইটামান জানিব পাৰিছো। কিন্তু, এই তথ্যসমূহ আহৰণ কৰিবলৈ সততে ব্যৱহাৰ কৰা জটিল গণনা, পৰীক্ষা-নিৰীক্ষাবোৰৰ বাহিৰেও আছে আন এক অনুভূতি - অবাক, আচৰিত হোৱাৰ এক অনুভূতি। এই ‘অবাক হোৱাৰ’ অনুভূতিয়েই আমাক আধ্যাত্মিকতাৰ দিশলৈ আগবঢ়াই নিয়ে। আমি যেতিয়া ব্ৰহ্মাণ্ডৰ অপাৰ বিশালতা আৰু জীৱন সৃষ্টিৰ বিস্ময়ক অনুভৱ কৰোঁ, তেতিয়াই যেন এক গভীৰ শক্তিৰ অস্তিত্ব অনুভৱ কৰোঁ, যি শক্তিৰ বিশ্লেষণ আমাৰ চিন্তাশক্তিৰ পৰিধিৰ বাহিৰত।

মোৰ দৃষ্টিত আধ্যাত্মিকতা মূলত সংযোগ আৰু অৰ্থ অনুসন্ধানৰ এটা মাধ্যম। যিমানেই বিশ্বব্ৰহ্মাণ্ডৰ লগত একাত্ম হ'বলৈ চেষ্টা কৰোঁ, সিমানেই মোৰ অনুভৱ হয় যে আমাৰ চেতনা, জীৱনৰ গুৰুত্ব অনুভৱ কৰাৰ ক্ষমতা, সত্য সন্ধানৰ মনোবৃত্তি —এইবোৰ সকলো ব্ৰহ্মাণ্ডৰেই অংশস্বৰূপ। উপনিষদৰ বিখ্যাত উক্তি "তৎ ত্বম্ অসি" (তুমি নিজেই সেই বিশ্বব্ৰহ্মাণ্ড) - এই গভীৰ সত্যটোকেই প্ৰকাশ কৰে।

আধুনিক যুগত, য’ত বস্তুবাদ আৰু স্বাৰ্থই বহু সময়তে আমাৰ জীৱনক যন্ত্ৰণময় কৰি তোলে, সেই সময়ত আমি যদি বিশ্বব্ৰহ্মাণ্ডৰ বিশালতাৰ সৈতে আমাৰ অন্তৰাত্মাক সংযোগ কৰিব পাৰো, তেন্তে আমি নতুনকৈ জীৱনৰ সৌন্দৰ্য্য অনুভৱ কৰিব পাৰিম। এই উপলব্ধিয়ে আমি কিমান ক্ষণস্থায়ী, অথচ মূল্যৱান সেই কথাটো সোঁৱৰাই দিয়ে। ই আমাক এক উদ্দীপনা দিয়ে, যাক লৈ আমি এটা উত্তম জীৱন-যাপন কৰাৰ লহতে দয়া আৰু সহানুভূতিৰ সমন্বয়ত আনৰ জীৱনবোৰো সুন্দৰ কৰাত সহায়ক হ'ব পাৰো। 

Wednesday, 22 January 2025

মহাকাশত ভাৰতৰ নতুন জয়গান


ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই, আজি অৰ্থাৎ ২০২৫ চনৰ ১৬ জানুৱাৰীৰ ৰাতিপুৱা ৯ বজাত মহাকাশত সফলতাৰে উপগ্ৰহ ডকিং প্ৰক্ৰিয়া সম্পন্ন কৰি ভাৰতক এই কৃতিত্ব অৰ্জন কৰা বিশ্বৰ চতুৰ্থখন দেশ হিচাপে পৰিগণিত কৰিছে। ইছৰোৰ স্পেচ ডকিং এক্সপেৰিমেণ্ট (SpaDeX) মিছনৰ অধীনত, মহাকাশৰ বুকুত Target আৰু Chaser নামৰ দুটা উপগ্ৰহৰ পৰস্পৰৰ লগত ডকিং সফলতাৰে সম্পন্ন কৰে। এই সফলতাই ভাৰতক আমেৰিকা, ৰাছিয়া আৰু চীনৰ পিছতেই মহাকাশত ডকিং প্ৰযুক্তি সফলভাৱে প্ৰদৰ্শন কৰা বিশ্বৰ চতুৰ্থখন দেশ হিচাপে পৰিগণিত কৰিছে।

মহাকাশত ডকিং প্ৰযুক্তি মহাকালৈ মানৱযুক্ত যান প্ৰেৰণ, উপগ্ৰহৰ ৰক্ষণাবেক্ষণ, মহাকাশ কেন্দ্ৰৰ কাৰ্যকলাপ আৰু আন্তঃগ্ৰহীয় অভিযানৰ বাবে অত্যন্ত প্ৰয়োজনীয়। এই প্ৰযুক্তিৰ সহায়ত মহাকাশত উপগ্ৰহৰ মেৰামতি, ইন্ধনৰ যোগান আৰু নতুন উপগ্ৰহৰ সংযোজন কৰোৱা হয়। ইয়াৰ উপৰিও, মহাকাশ কেন্দ্ৰত বিভিন্ন মডিউল সংযোজন আৰু মানৱ মহাকাশ অভিযানৰ ক্ষেত্ৰতো এই প্ৰযুক্তি বিশেষ ভূমিকা পালন কৰে।

ইছৰোৰ এই সফলতাই ভাৰতৰ আগন্তুক মহাকাশ অভিযানসমূহৰ বাবে এক মাইলৰ খুঁটি স্বৰূপ। এই সফলতা ভাৰতৰ আগন্তুক মহাকাশ অভিযানসমূহৰ বাবে এক গুৰুত্বপূর্ণ পদক্ষেপ। ইছৰোৰ স্পাডেক্স অভিযানৰ সফলতাৰে মহাকাশত ডকিং প্ৰযুক্তি অৰ্জনে ভাৰতৰ মহাকাশ গৱেষণাৰ ক্ষেত্ৰত এক নতুন দিশ মুকলি কৰিছে। এই সফলতাই ভাৰতক মহাকাশ গৱেষণাৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশসমূহৰ মাজত সুদৃঢ় স্থান প্ৰদান কৰিছে। ইছোৰৰ সফলতাক আজি সমগ্ৰ বিশ্বই শলাগিছে। ইছৰোৱে প্ৰতিজন ভাৰতীয়ৰ বাবে গৌৰব কঢ়িয়াই আনিছে।

 

Wednesday, 1 January 2025


কম্পাছ এসময়ত পৃথিৱীৰ মানুহৰ বাবে এক অপৰিহাৰ্য আহিলা আছিল। ৮০০ বছৰতকৈও অধিক সময় ধৰি মানুহে কম্পাছ ব্যৱহাৰেৰে দিশ নিৰ্ণয় কৰি নতুন নতুন পথ বিচাৰি আহিছে। এই যন্ত্ৰৰ সহায়তেই এসময়ত আমাৰ পূৰ্বপুৰুষ সকলে পৃথিৱীৰ বিভিন্ন প্ৰান্তত উপনীত হ’বলৈ সক্ষম হৈছিল। এতিয়া প্ৰযুক্তিৰ উন্নতি হৈছে, সকলোৰে স্মাৰ্টফোনত গুগল মেপ আছে। ফলত কম্পাছৰ ব্যৱহাৰ প্ৰায় শেষ হৈ গৈছে। প্ৰযুক্তিৰ উন্নতিৰ লগে লগে আমি পৃথিৱীৰ পৃষ্ঠৰ পৰা বহু দূৰৰ বিশ্বব্ৰহ্মাণ্ডত বিচৰণ কৰিবলৈ আৰম্ভ কৰিছোঁ। গতিকে প্ৰশ্ন উত্থাপন হয়, মহাকাশতো কম্পাছৰ গুৰুত্ব পৃথিৱীৰ সমান হয়নে? মহাকাশত কম্পাছ ব্যৱহাৰ কৰি কোনো নিৰ্দিষ্ট গন্তব্যস্থানলৈ যাব পাৰিনে?